< Yobu 1 >

1 Mʼdziko la Uzi munali munthu wina, dzina lake Yobu. Munthu ameneyu anali wosalakwa ndi wolungama mtima, ankaopa Mulungu ndi kupewa zoyipa.
উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল।
2 Anali ndi ana aamuna asanu ndi awiri ndi ana aakazi atatu,
তেওঁৰ সাত জন পুতেক আৰু তিনি জনী জীয়েক আছিল।
3 ndipo anali ndi nkhosa 7,000, ngamira 3,000, ngʼombe zantchito 1,000 ndi abulu aakazi 500, ndiponso anali ndi antchito ambiri. Iye anali munthu wotchuka kwambiri pakati pa anthu onse a mʼmayiko a kummawa.
তেওঁৰ সাত হাজাৰ মেৰ-ছাগ আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল।
4 Ana ake aamuna ankachita phwando mosinthanasinthana mʼnyumba zawo, ndipo ankayitana alongo awo atatu aja kudzadya ndi kumwa nawo.
তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি জনী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে।
5 Masiku aphwandowo atatha, Yobu ankawayitana kuti adzawayeretse. Mmamawa iye ankapereka nsembe yopsereza kuperekera mwana aliyense, poganiza kuti, “Mwina ana anga achimwa ndi kutukwana Mulungu mʼmitima yawo.” Umu ndi mmene Yobu ankachitira nthawi zonse.
পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।
6 Ana a Mulungu atabwera kudzadzionetsa pamaso pa Yehova, nayenso Satana anafika nawo limodzi.
এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল।
7 Yehova anati kwa Satanayo, “Kodi iwe ukuchokera kuti?” Satana anayankha Yehova kuti, “Ndakhala ndikungoyendayenda ndi kumangozungulira mʼdzikoli.”
তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰিলোঁ, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।”
8 Pamenepo Yehova anati kwa Satana, “Kodi unalingalirapo za mtumiki wanga Yobu? Palibe wina pa dziko lapansi wofanana naye; ndi munthu wosalakwa ndi wolungama mtima, munthu amene amaopa Mulungu ndi kupewa zoyipa.”
তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।”
9 Satana anayankha kuti, “Kodi Yobu amaopa Mulungu popanda chifukwa?”
তেতিয়া চয়তানে উত্তৰ দি যিহোৱাক ক’লে, “ইয়োবে জানো লাভ নোপোৱাকৈ ঈশ্বৰলৈ ভয় ৰাখিছে?
10 “Kodi Inu simumamuteteza iyeyo, nyumba yake ndi zonse zimene ali nazo? Mwadalitsa ntchito ya manja ake, kotero kuti nkhosa ndi ngʼombe zake zili ponseponse mʼdzikomo.
১০আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে।
11 Koma tatambasulani dzanja lanu ndi kukantha zonse ali nazo ndipo iyeyo adzakutukwanani ndithu pamaso panu.”
১১কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।”
12 Yehova anati kwa Satana, “Chabwino, tsono zonse zimene ali nazo ndaziyika mʼmanja mwako, koma iye yekhayo usamukhudze.” Pamenepo Satana anachoka pamaso pa Yehova.
১২তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল।
13 Tsiku lina pamene ana aamuna ndi ana aakazi a Yobu ankachita phwando ndi kumwa vinyo mʼnyumba mwa mkulu wawo,
১৩এদিন ইয়োবৰ পুতেক-জীয়েকসকলে বৰককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল।
14 wamthenga anabwera kwa Yobu ndipo anati, “Ngʼombe zanu zotipula ndipo abulu anu amadya chapafupi pomwepo,
১৪তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, “গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল;
15 tsono panabwera Aseba kudzatithira nkhondo ndi kutenga zonse. Apha antchito ndi lupanga, ndipo ine ndekha ndiye ndapulumuka kuti ndidzakuwuzeni!”
১৫এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।”
16 Iyeyo akuyankhulabe, wamthenga wina anabwera nati, “Kunagwa mphenzi ndipo yapsereza nkhosa ndi antchito anu onse, ndipo ine ndekha ndiye ndapulumuka kuti ndidzakuwuzeni!”
১৬এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, “আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰ-ছাগৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।”
17 Iyeyo akuyankhulabe, wamthenga wina anabwera nati, “Akasidi anadzigawa mʼmagulu atatu ankhondo ndipo anafika pa ngamira zanu ndi kuzitenga. Apha antchito anu onse ndi lupanga, ndipo ine ndekha ndiye ndapulumuka kuti ndidzakuwuzeni!”
১৭সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, “কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।
18 Iyeyo akuyankhulabe, panafikanso wamthenga wina nati, “Ana anu aamuna ndi aakazi amachita phwando ndi kumwa vinyo mʼnyumba ya mkulu wawo,
১৮এইদৰে সি কৈ থাকোতেই আকৌ আন এজনে আহি ক’লে, “আপোনাৰ পুতেক-জীয়েক সকলে আপোনাৰ ডাঙৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল;
19 mwadzidzidzi chinayamba chimphepo champhamvu chochokera ku chipululu, nʼkudzawomba nyumba mbali zonse zinayi. Nyumbayo yawagwera ndipo afa, ndipo ine ndekha ndiye ndapulumuka kuti ndidzakuwuzeni!”
১৯এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।
20 Atamva zimenezi, Yobu anayimirira nangʼamba mkanjo wake, ndi kumeta tsitsi lake. Kenaka anadzigwetsa pansi napembedza Mulungu,
২০তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে,
21 nati, “Ndinatuluka maliseche mʼmimba mwa amayi anga, namonso mʼmanda ndidzalowa wamaliseche. Yehova ndiye anapereka ndipo Yehova watenga; litamandike dzina la Yehova.”
২১“মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”
22 Mu zonsezi, Yobu sanachimwe kapena kunena kuti, “Mulungu walakwa.”
২২এইদৰে এই সকলো ঘটিল, কিন্তু ইয়োবে পাপ নকৰিলে, আৰু মূৰ্খতাপূৰ্ণভাবে ঈশ্বৰক দোষাৰোপ নকৰিলে।

< Yobu 1 >