< Yobu 7 >

1 “Kodi munthu sakhala ndi ntchito yowawa pa dziko lapansi? Kodi masiku ake sali ngati munthu waganyu?
পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়? তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?
2 Monga ngati kapolo wolakalaka mthunzi wa nthawi yamadzulo, kapena ngati munthu waganyu woyembekezera malipiro ake,
সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ, আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ,
3 choncho ine ndapatsidwa nthawi yongovutika pachabe, ndiponso usiku wamasautso wapatsidwa kwa ine.
অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোঁৱা হৈছে, আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে।
4 Ndikamagona ndimaganiza kuti, ‘Kodi kucha liti?’ Usikuwo umatalika ndipo sindigona tulo mpaka mmawa.
শোওঁতে মই কওঁ, মই কেতিয়া উঠিম? ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি আমনি পাওঁ।
5 Thupi langa ladzala mphutsi ndi zipsera, khungu langa langʼambika ndipo likutuluka mafinya.
পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ; মোৰ গাৰ ঘাঁবোৰ শুকনিমুৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়।
6 “Masiku anga ndi othamanga kupambana makina wolukira nsalu, ndipo amatha wopanda chiyembekezo.
মোৰ আয়ুস তাঁতীৰ হাতৰ মাকোতকৈয়ো বেগী, আৰু বিনা আশাৰে ঢুকায় যায়।
7 Inu Mulungu kumbukirani kuti moyo wanga uli ngati mpweya; sindidzaonanso masiku achisangalalo.
তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ; মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব।
8 Amene akundiona tsopano akundiona; mudzandifunafuna koma sindidzapezekanso.
মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক পুনৰ নেদেখিব। তুমি নিজ চকুৰে মোক চাবা, কিন্তু মই নাইকিয়া হম।
9 Monga mtambo umazimirira ndi kukanganuka, momwemonso munthu amene walowa mʼmanda sabwerera. (Sheol h7585)
মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়, সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব। (Sheol h7585)
10 Iye sadzabweranso ku nyumba kwake ndipo onse omudziwa adzamuyiwala.
১০তেওঁ নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব, আৰু তাৰ নিবাসৰ ঠায়ে তাক পুনৰ চিনি নাপাব।
11 “Nʼchifukwa chake ine sindidzakhala chete; ndidzayankhula mopsinjika mtima, ndidzadandaula mowawidwa mtima.
১১এই হেতুকে মই মুখ জপাই নাথাকিম; মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;
12 Kodi ine ndine nyanja kapena chirombo chamʼnyanja kuti inu mundiyikire alonda?
১২তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা, মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু?
13 Pamene ndikuganiza kuti ndidzapeza chitonthozo pa bedi panga ndipo pogona panga padzachepetsa madandawulo anga,
১৩মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব, মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’,
14 ngakhale nthawi imeneyo mumandiopseza ndi maloto ndi kundichititsa mantha ndi masomphenya,
১৪তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা, আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা;
15 kotero kuti ndimalakalaka kudzikhweza kapena kufa, kupambana kupirira zowawa zimene ndikuzimva mʼthupi mwanga.
১৫তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে, আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে।
16 Ine ndatopa nawo moyo wanga; sindingakonde kukhala moyo nthawi zonse. Ndisiyeni ndekha pakuti moyo wanga ulibe tanthauzo.
১৬জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ; জীৱনৰ অৰ্থহীন দিনকেইটা মোক অকলশৰে থাকিবলৈ দিয়া।
17 “Kodi munthu nʼchiyani kuti muzimuganizira chotere, kuti muzisamala zochita zake,
১৭মানুহনো কি, তুমি যে তালৈ লক্ষ্য কৰা, আৰু তাত যে তুমি মন দিয়া,
18 kuti muzimusanthula mmawa uliwonse ndi kumamuyesa nthawi yonse?
১৮তুমি যে প্ৰতিটো ৰাতিপুৱা তাৰ বুজ-বিচাৰ লোৱা, আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি?
19 Kodi simudzaleka kumandizonda kuti ndipezeko mpata wopumula?
১৯তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা? বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে?
20 Ngati ine ndachimwa, ndachita chiyani kwa Inu, Inu wopenyetsetsa anthu? Chifukwa chiyani mwachititsa kuti ndikhale ngati choponyera chandamale chanu? Kodi ndasanduka katundu wolemera kwa Inu?
২০হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ, তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল? কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ?
21 Chifukwa chiyani simukundikhululukira zolakwa zanga ndi kundichotsera machimo anga? Pakuti posachedwa ndilowa mʼmanda; mudzandifunafuna ine koma simudzandionanso.”
২১তুমি মোৰ পাপ কিয় ক্ষমা নকৰা? আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা? কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।”

< Yobu 7 >