< Yeremiya 51 >
1 Yehova akuti, “Taonani, ndidzadzutsa mphepo yowononga kuti iwononge Babuloni pamodzi ndi anthu a ku Lebi Kamai.
১যিহোৱাই এই কথা কৈছে, চোৱা, মই বাবিলৰ আৰু লেব-কাময়-নিবাসী-বিলাকৰ বিৰুদ্ধে এক বিনাশক বতাহ বলোৱাম।
2 Ndidzatuma alendo ku Babuloni kudzamupeta ndi kuwononga dziko lake kotheratu. Iwo adzalimbana naye ku mbali zonse pa tsiku la masautso ake.
২আৰু বাবিললৈ বিদেশীবোৰক পঠাম, সিহঁতে তাক জানিব আৰু তাৰ দেশ শূণ্য কৰিব; কিয়নো সঙ্কটৰ দিনা সিহঁত চাৰিওফালে তাৰ বিৰুদ্ধী হ’ব।
3 Okoka uta musawalekerere kapena wonyadira chovala chawo chankhondo. Musawasiye anyamata ake kuti akhale ndi moyo; koma muwononge ankhondo ake kotheratu.
৩ধনুৰ্দ্ধৰে নিজ ধনু নিভিৰাওক আৰু কৱচ পিন্ধি অহংকাৰ নকৰক; তোমালোকে তাৰ ডেকা মানুহবিলাকক দয়া নকৰিবা, তাৰ সকলো সৈন্যক নিঃশেষে বিনষ্ট কৰা।
4 Adzavulazidwa ndi kufera mʼdziko la Babuloni lomwelo ndi mʼmisewu yawo yomwe.
৪সিহঁত কলদীয়াবিলাকৰ দেশত হত হৈ আৰু তাৰ আলিত খোঁচ খাই পৰি থাকিব।
5 Pakuti Yuda ndi Israeli sanasiyidwe ngati amasiye ndi Mulungu wawo, Yehova Wamphamvuzonse, koma ngakhale dziko la Babuloni ndi lodzaza ndi machimo pamaso pa Woyerayo wa Israeli.
৫কিয়নো, যদিও ইস্ৰায়েল কি যিহূদা দেশ ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধে দোষেৰে ভৰা, তথাপি বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই সি পৰিত্যক্ত হোৱা নাই।
6 “Thawaniko ku Babuloni! Aliyense apulumutse moyo wake! Musawonongeke naye pamodzi chifukwa cha machimo ake. Imeneyi ndi nthawi yoti Yehova amulange; Yehova adzamulipsira.
৬তোমালোকে বাবিলৰ মাজৰ পৰা পলোৱা, আৰু প্ৰতিজনে নিজ নিজ প্ৰাণ ৰক্ষা কৰা, তাৰ দোষত বিনষ্ট নহ’বা; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰৰ সময়, তেওঁ তাক প্ৰতিফল দিব।
7 Babuloni anali ngati chikho cha golide mʼdzanja la Yehova; kuti aledzeretse dziko lonse lapansi. Mitundu yambiri ya anthu inamwa vinyo wake; nʼchifukwa chake tsopano inachita misala.
৭বাবিল, সমস্ত পৃথিৱীক মতলীয়া কৰা যিহোৱাৰ হাতত থকা সোণৰ এক পান-পাত্ৰ; জাতিবিলাকে তাৰ দ্ৰাক্ষাৰস পান কৰিলে, সেই নিমিত্তে জাতিবিলাক পগলা হ’ল।
8 Babuloni wagwa mwadzidzidzi ndi kusweka. Mulireni! Mfunireni mankhwala opha ululu wake; mwina iye nʼkuchira.”
৮বাবিল অকস্মাৎ পতিত হৈ বিনষ্ট হ’ল; তোমালোকে তাৰ নিমিত্তে হাহাকাৰ কৰা, তাৰ বেদনাৰ নিমিত্তে সুস্থজনক গছৰ ৰস লোৱা, কিজানি সি সুস্থ হ’ব পাৰে।
9 Ena anati, “‘Ife tinayesa kumupatsa mankhwala Babuloni, koma sanachire; tiyeni timusiye ndipo aliyense apite ku dziko la kwawo, pakuti mlandu wake wafika mpaka mlengalenga, wafika mpaka kumwamba.’
৯আমি বাবিলক সুস্থ কৰিবলৈ যত্ন কৰিছিলোঁ, কিন্তু সি সুস্থ নহ’ল, তোমালোকে তাক ত্যাগ কৰা, আহাঁ আমি প্ৰতিজনে নিজ নিজ দেশলৈ যাওঁহঁক; কিয়নো তাৰ দোষে আকাশ স্পৰ্শ কৰিছে, আৰু গগন মণ্ডললৈকে উঠিছে।
10 “‘Yehova waonetsa poyera kuti ndife osalakwa; tiyeni tilengeze mu Ziyoni zimene Yehova Mulungu wathu wachita.’
১০যিহোৱাই আমাৰ ধাৰ্মিকতা প্ৰকাশ কৰিলে; আহাঁ আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কৰ্ম চিয়োনত প্ৰচাৰ কৰোঁগৈ।
11 “Yehova wadzutsa mitima ya mafumu a Amedi, popeza cholinga chake ndi kuwononga Babuloni. Motero adzalipsira Ababuloni chifukwa chowononga Nyumba yake. Ndiye Yehova akuti, ‘Nolani mivi, tengani zishango.’
১১তোমালোকে কাঁড়বোৰ ধাৰ দিয়া, ঢাল শকতকৈ ধৰা; যিহোৱাই মাদিয়া ৰজাবিলাকৰ মন উচটাইছে, কিয়নো বাবিলক নষ্ট কৰিবৰ নিমিত্তে তেওঁৰ কল্পনা তাৰ বিৰুদ্ধী; কাৰণ এয়ে যিহোৱাই সধা প্ৰতিকাৰ।
12 Kwezani mbendera yankhondo kuti muwononge malinga a Babuloni! Limbitsani oteteza, ikani alonda pa malo awo, konzekerani kulalira. Pakuti Yehova watsimikiza ndipo adzachitadi zomwe ananena za anthu a ku Babuloni.
১২তোমালোকে বাবিলৰ গড়ৰ অহিতে ধ্বজা তোলা, পৰীয়াবোৰক সাহিয়াল কৰোঁৱা, প্ৰহৰী নিযুক্ত কৰা, আৰু গুপুত ঠাইত সৈন্য ৰাখা; কিয়নো যিহোৱাই বাবিল-নিবাসীবিলাকৰ বিষয়ে কোৱা কথা কল্পনা কৰিলে আৰু সিদ্ধও কৰিলে।
13 Inu muli ndi mitsinje yambiri ndi chuma chambiri. Koma chimaliziro chanu chafika, moyo wanu watha.
১৩হে বহুজল-নিবাসিনী, বহুমূল্য বস্তুৰে পৰিপূৰ্ণা, তোমাৰ অন্তিম কাল উপস্থিত, তোমাৰ লোভৰ পৰিমাণ পূৰ হ’ল।
14 Yehova Wamphamvuzonse analumbira pali Iye mwini kuti: Ndidzakutumizira adani ochuluka ngati dzombe, kuti adzakuthire nkhondo ndipo adzafuwula kuonetsa kuti apambana.
১৪বাহিনীসকলৰ যিহোৱাই নিজ নাম লৈ শপত খাই ক’লে, মই অৱশ্যে ফৰিঙৰ নিচিনাকৈ মানুহেৰে তোমাক পৰিপূৰ্ণ কৰিম, আৰু সিহঁতে তোমাৰ বিৰুদ্ধে জয়-ধ্বনি কৰিব।
15 “Yehova analenga dziko lapansi ndi mphamvu zake; Iye anapanga dziko lonse ndi nzeru zake ndipo anayala thambo mwaluso lake.
১৫তেওঁ নিজ শক্তিৰে পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
16 Iye akayankhula, kumamveka mkokomo wamadzi akumwamba. Iyeyo amabweretsa mitambo kuchokera ku malekezero a dziko lapansi. Amabweretsa mphenzi pamodzi ndi mvula ndi kutulutsa mphepo yamkuntho kumalo kumene amasungira.
১৬তেওঁ মাত লগালে আকাশ-মণ্ডলত জল সমূহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্তভাগৰ পৰা ভাপবোৰ তোলে; তেওঁ বৃষ্টিৰ নিমিত্তে বিজুলী স্ৰজে, আৰু নিজ ভঁড়ালৰ পৰা বতাহ বাহিৰ কৰি আনে।
17 “Anthu onse ndi opusa ndiponso opanda nzeru; mmisiri aliyense wosula golide akuchita manyazi ndi mafano ake. Mafano akewo ndi abodza; alibe moyo mʼkati mwawo.
১৭প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞানশূন্য প্ৰতিজন সোণাৰী তাৰ কটা প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়; কাৰণ তাৰ সাঁচত ঢলা মুৰ্ত্তি মিছা, সেইবোৰৰ ভিতৰত নিশ্বাস-প্ৰশ্বাস নাই।
18 Mafanowo ndi achabechabe, zinthu zosekedwa nazo. Pamene anthuwo azidzaweruzidwa mafanowo adzawonongedwa.
১৮সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য মাথোন; দণ্ড দিয়া কালত সেইবোৰ বিনষ্ট হ’ব।
19 Koma Yehova amene ndi Cholowa cha Yakobo sali ngati mafanowo. Iyeyu ndi Mlengi wa zinthu zonse, kuphatikizapo mtundu umene anawusankha kuti ukhale anthu ake. Dzina lake ndi Yehova Wamphamvuzonse.
১৯যাকোবৰ অংশ সেইবোৰৰ নিচিনা নহয়; কিয়নো তেওঁ সকলোৰে নিৰ্ম্মাণকৰ্ত্তা আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম।
20 “Iwe Babuloni ndi ndodo yanga, chida changa chankhondo. Ndi iwe ndimaphwanya mitundu ya anthu, ndi iwe ndimawononga maufumu,
২০তুমি মোৰ গদা আৰু যুদ্ধৰ অস্ত্ৰ; তোমাৰ দ্বাৰাই মই নানা জাতিক খণ্ড খণ্ড কৰিম আৰু তোমাৰ দ্বাৰাই নানা ৰাজ্য সংহাৰ কৰিম;
21 ndi iwe ndimaphwanya kavalo ndi wokwerapo, ndi iwe ndimaphwanya galeta ndi woyendetsa wake.
২১মই তোমাৰ দ্বাৰাই ঘোঁৰা আৰু তাত উঠাজনক ডোখৰ ডোখৰ কৰিম, তোমাৰ দ্বাৰাই ৰথ আৰু তাত উঠা জনক ডোখৰ ডোখৰ কৰিম।
22 Ndi iwe ndimaphwanya mwamuna ndi mkazi, ndi iwe ndimaphwanya nkhalamba ndi wachinyamata, ndi iwe ndimaphwanya mnyamata ndi namwali.
২২মই তোমাৰ দ্বাৰাই মতা আৰু তিৰোতাক ডোখৰ ডোখৰ কৰিম আৰু তোমাৰ দ্বাৰাই বুঢ়া আৰু ডেকাক ডোখৰ ডোখৰ কৰিম আৰু তোমাৰ দ্বাৰাই যুৱা আৰু যুৱতীক ডোখৰ ডোখৰ কৰিম;
23 Ndi iwe ndimaphwanya mʼbusa ndi ziweto, ndi iwe ndimaphwanya mlimi ndi ngʼombe, ndi iwe ndimaphwanya abwanamkubwa ndi atsogoleri a ankhondo.
২৩মই তোমাৰ দ্বাৰাই জাকৰ ৰখীয়াক আৰু তাৰ জাকক ডোখৰ ডোখৰ কৰিম তোমাৰ দ্বাৰাই খেতিয়কক আৰু তাৰ বলধহালক ডোখৰ ডোখৰ কৰিম, তোমাৰ দ্বাৰাই শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক ডোখৰ ডোখৰ কৰিম।
24 “Inu mukuona ndidzalanga Babuloni ndi onse amene amakhala mʼdziko la Babuloni chifukwa cha zolakwa zonse anachita ku Ziyoni,” akutero Yehova.
২৪আৰু যিহোৱাই কৈছে, মই বাবিলক আৰু কলদীয়ানিবাসী আটাইবোৰক তোমালোকৰ দৃষ্টিত সিহঁতে চিয়োনত কৰা সকলো কুকৰ্মৰ প্ৰতিফল দিম।
25 “Taonani, ndikukuzenga mlandu, iwe phiri lowononga, amene umawononga dziko lonse lapansi,” akutero Yehova. “Ndidzatambalitsa dzanja langa pofuna kukulanga, kukugubuduzira pansi kuchokera pa matanthwe ako, ndi kukusandutsa kukhala phiri lopserera.
২৫যিহোৱাই কৈছে, হে সমস্ত পৃথিৱী বিনষ্ট কৰোঁতা বিনাশক পৰ্ব্বত, মই তোমাৰ বিপক্ষ, মই তোমাৰ ওপৰলৈ মোৰ হাত মেলি শিলবোৰৰ পৰা তোমাক বগৰাম, আৰু তোমাক জ্বলি যোৱা পৰ্ব্বত কৰিম।
26 Palibe ngakhale ndi mwala wako umodzi umene anthu adzawutenga kuti awugwiritse ntchito kumangira nyumba, chifukwa iwe udzakhala chipululu mpaka muyaya,” akutero Yehova.
২৬চুকৰ পৰা ভিত্তিমূলৰ নিমিত্তে কোনো মানুহে তোমাৰ পৰা এটি শিলো নল’ব; কিন্তু যিহোৱাই কৈছে, তুমি চিৰকলীয়া ধ্বংসস্থান হ’বা।
27 “Kwezani mbendera ya nkhondo mʼdziko! Lizani lipenga pakati pa mitundu ya anthu! Konzekeretsani mitundu ya anthu kuti ikamuthire nkhondo; itanani maufumu awa: Ararati, Mini ndi Asikenazi kuti adzamuthire nkhondo. Ikani mtsogoleri wankhondo kuti amenyane naye; tumizani akavalo ochuluka ngati magulu a dzombe.
২৭তোমালোকে দেশত নিচান তোলা, জাতিবিলাকৰ মাজত শিঙা বজোৱা, তাৰ অহিতে জাতিবিলাকক যুগুত কৰা, অৰাৰট, মিন্নী, আৰু অস্কিনজ ৰাজ্যবোৰক তাৰ অহিতে মাতা, তাৰ অহিতে প্ৰধান সেনাপতি নিযুক্ত কৰা, শুং থকা ফৰিঙৰ নিচিনাকৈ ঘোঁৰাবোৰ পঠোৱা।
28 Konzekeretsani mitundu ya anthu. Amenewa ndiwo mafumu a Amedi, abwanamkubwa awo, atsogoleri a ankhondo, ndiponso ankhondo a mayiko amene amawalamulira, kuti idzathire nkhondo Babuloni.
২৮তোমালোকে তাৰ অহিতে জাতিবিলাকক, মাদিয়া দেশৰ ৰজাবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু সকলো দেশাধ্যক্ষবিলাকক আৰু তেওঁবিলাকৰ ৰাজ্যৰ সমস্ত দেশৰ লোকক যুগুত কৰা।
29 Dziko likunjenjemera ndi kunthunthumira, chifukwa zidzachitikadi zimene Yehova wakonzera Babuloni; kusakaza dziko la Babuloni kuti musapezeke wokhalamo.
২৯দেশ কঁপিছে আৰু বেদনা পাইছে; কিয়নো বাবিল দেশক ধ্বংস আৰু নিবাসী- শূণ্য কৰিবলৈ বাবিলৰ অহিতে যিহোৱাৰ সঙ্কল্প সিদ্ধ হৈছে।
30 Ankhondo a ku Babuloni aleka kuchita nkhondo; iwo angokhala mʼmalinga awo. Mphamvu zawo zatheratu; ndipo akhala ngati akazi. Malo ake wokhala atenthedwa; mipiringidzo ya zipata zake yathyoka.
৩০বাবিলৰ বীৰবিলাকে যুদ্ধ কৰিবলৈ এৰিছে, তেওঁবিলাকৰ দৃঢ় কোঁঠবোৰত থাকিছে; তেওঁবিলাকৰ শক্তি নাইকিয়া হ’ল; তেওঁবিলাক তিৰোতাৰ নিচিনা হ’ল, বাবিলৰ বাসস্থানবোৰত জুই লাগিল, তাৰ ডাংবোৰ ভাগিল।
31 Othamanga akungopezanapezana, amithenga akungotsatanatsatana kudzawuza mfumu ya ku Babuloni kuti alande mzinda wake wonse.
৩১বাবিলৰ ৰজাৰ নগৰ যে চাৰিওপিনে শত্ৰুৰ হাতত পৰিল, ইয়াকে তেওঁক জনাবৰ নিমিত্তে এটা ডাকৱালা লৰি গৈ আন ডাকৱালাৰ,
32 Madooko onse alandidwa, malo onse obisalamo alonda atenthedwa ndi moto, ndipo ankhondo onse asokonezeka.”
৩২আৰু এজন দূতে আন দূতৰ লগ পাইছে; আৰু পাৰ ঘাটবোৰ লৰোৱা হ’ল, নলবোৰ জুই লগাই পুৰিলে, আৰু যুদ্ধাৰুবিলাক বিহ্বল হ’ল।
33 Yehova Wamphamvuzonse, Mulungu wa Israeli akuti, “Babuloni wokongola uja wakhala ngati malo opunthirapo tirigu pa nthawi yake yopuntha tirigu; A ku Yerusalemu akuti, Posachedwapa nthawi yake yomukolola ifika.”
৩৩কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “বাবিল- জীয়াৰী শস্য মৰণা মৰা কালৰ খলাস্বৰূপ, আৰু অলপতে শস্য কাটিবৰ সময় তাইলৈ আহিব”।
34 A ku Yerusalemu akuti, “Nebukadinezara mfumu ya ku Babuloni watiwononga, watiphwanya, ndi kutitaya ngati mbiya yopanda kanthu. Watimeza ngati ngʼona, wakhuta ndi zakudya zathu zokoma, kenaka nʼkutilavula.”
৩৪বাবিলৰ ৰজা নবূখদনেচৰে মোক গ্ৰাস কৰিলে, মোক গুৰি কৰিলে, মোক শূণ্যপাত্ৰ কৰিলে, মোক নাগৰ দৰে গিলি পেলালে, মোৰ সু-স্বাদু বস্তুৰে উদৰ পূৰ কৰিলে, আৰু মোক বাহিৰলৈ পেলালে।
35 Anthu a ku Ziyoni anene kuti, “Zankhanza zimene anatichitira ife ziwabwerere Ababuloni.” Anthu okhala mu Yerusalemu anene kuti, “Magazi athu amene anakhetsedwa akhale pa amene akukhala ku Babuloni.”
৩৫মোলৈ আৰু মোৰ মাংসলৈ কৰা অত্যাচাৰৰ ফল বাবিললৈ হওক, এই বুলি চিয়োন-নিবাসিনীয়ে ক’ব; আৰু মোৰ ৰক্তপাতৰ ফল কলদীয়া নিবাসীবিলাকলৈ ঘটক, এই বুলি যিৰূচালেমে ক’ব।
36 Nʼchifukwa chake Yehova akuti, “Taona, ndidzakumenyera nkhondo ndi kukulipsirira; ndidzawumitsa nyanja yake ndipo akasupe ake adzaphwa.
৩৬এই হেতুকে যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অভিযোগ প্ৰতিবাদ কৰিম, আৰু তোমাৰ নিমিত্তে প্ৰতিকাৰ সাধিম; মই তাৰ সমুদ্ৰ, জলশূন্য কৰিম আৰু তাৰ ভূমূক শুকুৱাম।
37 Motero Babuloni adzasanduka mulu wa nyumba zogumuka, malo okhala nkhandwe, malo ochititsa mantha ndi onyozedwa, malo wopanda aliyense wokhalamo.
৩৭আৰু বাবিল ভগ্নৰাশি, শিয়ালৰ বাসস্থান, আচৰিত আৰু ইচ ইচৰ বিষয় আৰু নিবাসীশূণ্য হ’ব।
38 Anthu ake onse adzabangula ngati mkango, adzadzuma ngati ana amkango.
৩৮সিহঁতে ডেকা সিংহৰ নিচিনাকৈ একেলগে গৰ্জ্জন কৰিব; সিহঁতে সিংহৰ পোৱালিৰ নিচিনাকৈ গোঁজৰিব।
39 Ngati achita dyera ndiye ndidzawakonzera madyerero ndi kuwaledzeretsa, kotero kuti adzasangalala, kenaka nʼkugona tulo mpaka muyaya ndipo sadzadzukanso,” akutero Yehova.
৩৯যিহোৱাই কৈছে, সিহঁতৰ ৰাগী ধৰা সময়ত মই সিহঁতলৈ ভোজ পাতিম আৰু সিহঁতে ৰং-ধেমালি কৰিবৰ নিমিত্তে আৰু অনন্ত নিদ্ৰা গৈ সাৰ নাপাবৰ নিমিত্তে সিহঁতক মতলীয়া কৰিম।
40 “Ine ndidzawatenga kuti akaphedwe ngati ana ankhosa onenepa, ngati nkhosa zazimuna ndi mbuzi.
৪০মই সিহঁতক মেৰ পোৱালিৰ নিচিনাকৈ মতা ছাগেৰে সৈতে মতা মেৰৰ নিচিনাকৈ বধৰ ঠাইলৈ নমাই আনিম।
41 “Ndithu Babuloni walandidwa, mzinda umene dziko lonse lapansi limanyadira wagwidwa! Taonani, mmene Babuloni wasandukira chinthu chochititsa mantha pakati pa mitundu ya anthu!
৪১চেচকক কেনেৰূপে হাত কৰি লোৱা হ’ল! গোটেই পৃথিৱীৰ প্ৰশংসাৰ স্থল কেনে অকস্মাৎ ধৰা পৰিল! জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ’ল!
42 Nyanja yakwera ndi kumiza Babuloni; mafunde ake okokoma aphimba Babuloni.
৪২বাবিলৰ ওপৰত সমুদ্ৰ উঠিল, তাৰ ঢৌসমুহেৰে তাক ঢকা হ’ল।
43 Mizinda yake yasanduka bwinja, dziko lowuma ndi lachipululu, dziko losakhalamo wina aliyense, dziko losayendamo munthu aliyense.
৪৩তাৰ নগৰবোৰ ধ্বংসস্থান, শুকান ভূমি, মৰুভূমি, মানুহে বাস নকৰা বা তাৰ মাজেদি মনুষ্য সন্তান নোযোৱা ঠাই হ’ল।
44 Ndidzalanga Beli mulungu wa Ababuloni, ndidzamusanzitsa zimene anameza. Mitundu ya anthu sidzapitanso kwa iye. Malinga a Babuloni agwa.
৪৪মই বাবিলত বেল দেৱতাক দণ্ড দিম আৰু সি গিলি পেলোৱা বস্তু তাৰ মুখৰ পৰা উলিয়াম; জাতিবিলাকে তাৰ ওচৰলৈ একেলগে সোঁত বোৱাদি আৰু নবব; এনে কি বাবিলৰ গড়ো পতিত হ’ব।
45 “Tulukani mʼBabuloni anthu anga! Pulumutsani miyoyo yanu! Thawani mkwiyo woopsa wa Yehova.
৪৫হে মোৰ প্ৰজাবিলাক, তোমালোক তাৰ মাজৰ পৰা ওলোৱা; আৰু প্ৰতিজনে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰ পৰা নিজকে ৰক্ষা কৰা।
46 Musataye mtima kapena kuchita mantha pamene mphekesera zikumveka mʼdziko mwanu. Chaka ndi chaka pamabuka mphekesera za ziwawa mʼdziko lapansi, ndiponso yakuti mfumu yakuti ikuthira nkhondo mfumu ina.
৪৬তোমালোকৰ হৃদয় সাহ নাইকিয়া নহওক, বা দেশত শুনা জনৰবৰ নিমিত্তে তোমালোকে ভয় নকৰিবা; কিয়নো এবছৰত এটি জনৰব হ’ব, আৰু দেশত অত্যাচাৰ, শাসনকৰ্ত্তাৰ অহিতে শাসনকৰ্ত্তা হ’ব।
47 Pakuti taonani, nthawi ikubwera ndithu pamene ndidzalanga mafano a ku Babuloni; dziko lake lonse lidzachita manyazi ndi ophedwa ake onse adzakhala ngundangunda pakati pake.
৪৭এই হেতুকে চোৱা, যি দিনা মই বাবিলৰ কটা প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ গোটেই দেশে লাজ পাব, এনে দিন আহিছে; আৰু তাৰ সমস্ত হত লোক তাৰ মাজত পতিত হ’ব।
48 Pamenepo kumwamba ndi dziko lapansi ndi zonse zili mʼmenemo zidzayimba mokondwa chifukwa cha kugwa kwa Babuloni. Anthu owononga ochokera kumpoto adzamuthira nkhondo,” akutero Yehova.
৪৮তেতিয়া আকাশ-মণ্ডল আৰু পৃথিৱী, আৰু সেইবোৰত থকা সকলোৱে বাবিলৰ ওপৰত আনন্দ গান কৰিব; কিয়নো যিহোৱাই কৈছে, বিনাশকবোৰ উত্তৰৰ পৰা তাৰ গুৰিলৈ আহিব।
49 “Babuloni anapha anthu ambiri pa dziko lapansi. Tsono, nawo anthu a ku Babuloni ayenera kuphedwa chifukwa anapha anthu a ku Yerusalemu.
৪৯বাবিলে যেনেকৈ ইস্ৰায়েলৰ হত লোকবিলাকক পতিত কৰিলে, সেইদৰে সমস্ত দেশৰ হত লোকবিলাক বাবিলত পতিত হ’ব।
50 Inu amene munapulumuka ku nkhondo ya Babuloni, chokani pano ndipo musazengereze! Kumbukirani Yehova ngakhale muli ku mayiko akutali, ganizirani za Yerusalemu.”
৫০হে তৰোৱালৰ পৰা ৰক্ষা পোৱা লোকবিলাক, তোমালোকে যোৱা, ৰৈ নাথাকিবা, দূৰৈৰ পৰা যিহোৱাক সোঁৱৰণ কৰা, আৰু যিৰূচালেম তোমালোকৰ মনত উদয় হওক।
51 Inu mukuti, “Tikuchita manyazi, chifukwa tanyozedwa ndipo nkhope zathu zili ndi manyazi, chifukwa anthu achilendo alowa malo opatulika a Nyumba ya Yehova.”
৫১আমি ধিক্কাৰৰ কথা শুনি লাজ পাইছোঁ, আমাৰ মুখ অপমানে ঢাকিছে; কিয়নো বিদেশীবিলাক যিহোৱাৰ গৃহৰ পবিত্ৰ-স্থানবোৰত সোমাল।
52 Nʼchifukwa chake Yehova akuti, “Masiku akubwera pamene ndidzalanga mafano ake, ndipo mʼdziko lake lonse anthu ovulala adzabuwula.
৫২এই হেতুকে, যিহোৱাই কৈছে, চোৱা, যি দিনা মই তাৰ কটা-প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ দেশৰ সকলোফালে খুন হোৱা লোকে কেঁকাব, এনে দিন আহিছে।
53 Ngakhale Babuloni atadzikweza mpaka mlengalenga ndi kulimbitsa nsanja zake, ndidzatuma anthu owononga kudzamenyana naye,” akutero Yehova.
৫৩যিহোৱাই কৈছে, বাবিল যদিও আকাশলৈকে উন্নত হয়, আৰু তাৰ ওখ কোঁঠবোৰ দৃঢ় কৰে, তথাপি মোৰ পৰা তাৰ ওপৰলৈ বিনাশকবিলাক যাব।
54 “Imvani mfuwu wolira kuchokera ku Babuloni. Imvani phokoso lachiwonongeko chachikulu kuchokera mʼdziko la Babuloni.
৫৪বাবিলৰ পৰা চিঞৰৰ আৰু কলদীয়াবিলাকৰ দেশৰ পৰা মহাসংহাৰৰ শব্দ উঠিছে।
55 Pakuti Yehova akuwononga Babuloni, ndipo akuthetsa phokoso lake lalikulu. Mfuwu wa adani ukumveka ngati mkokomo wa madzi ambiri. Phokoso lawo likunka likwererakwerera.
৫৫কিয়নো যিহোৱাই বাবিলক উন্নত কৰিছে আৰু তাৰ মাজত হোৱা মহাশব্দ নাইকিয়া কৰিছে; সিহঁতৰ ঢৌবোৰে জল সমূহৰ নিচিনাকৈ গৰ্জ্জন কৰিছে, সিহঁতৰ কোলাহলৰ শব্দ শুনা গৈছে।
56 Pakuti wowononga wafika kudzamenyana ndi Babuloni, ankhondo ake agwidwa, ndipo mauta awo athyoka. Paja Yehova ndi Mulungu wobwezera chilango; adzabwezera kwathunthu.
৫৬কাৰণ তাৰ ওপৰলৈ, বাবিলৰ ওপৰলৈকে বিনাশক আহিল, আৰু তাৰ বীৰবিলাক ধৰা পৰিল, তেওঁবিলাকৰ ধনু ডোখৰ ডোখৰকৈ ভঙা হ’ল; কিয়নো যিহোৱা প্ৰতিফল দিওঁতা ঈশ্বৰ, তেওঁ অৱশ্যে প্ৰতিফল দিব।
57 Ndidzaledzeretsa akuluakulu ake pamodzi ndi anzeru ake, abwanamkubwa ake, atsogoleri a ankhondo pamodzinso ndi ankhondo; adzagona kwamuyaya osadzukanso,” akutero Mfumu, amene dzina lake ndi Yehova Wamphamvuzonse.
৫৭আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক, আৰু তাৰ বাৰবিলাকক, মতলীয়া কৰিম; আৰু বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ সাৰ নাপাব।
58 Yehova Wamphamvuzonse akuti, “Malinga aakulu a Babuloni adzasalazidwa ndipo zipata zake zazitali zidzatenthedwa; mitundu ya anthu inangogwira ntchito pachabe. Anthu anatopa ndi kumanga zimene tsopano zikupsa ndi moto.”
৫৮বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ বহল গড়বোৰ, নিঃশেষে বিনষ্ট হ’ব, আৰু তাৰ ওখ দুৱাৰবোৰ অগ্নিৰে পোৰা হ’ব আৰু লোকবিলাকে অসাৰৰ নিমিত্তে, আৰু জাতিবিলাকে অগ্নিৰ নিমিত্তে পৰিশ্ৰম কৰিব, আৰু সিহঁত ক্লান্ত হ’ব।
59 Zedekiya mfumu ya Yuda inali ndi phungu wake wamkulu amene dzina lake linali Seraya mwana wa Neriya chidzukulu cha Maseya. Mʼchaka chachinayi cha ulamuliro wake, Zedekiya anapita ndi Seraya ku Babuloni. Tsono mneneri Yeremiya anamupatsirako uthenga Serayayo.
৫৯মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ চৰায়া যিহূদাৰ ৰজা চিদিকিয়াই সৈতে বাবিললৈ যোৱা সময়ত, তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিৰিমিয়া ভাববাদীয়ে তেওঁক দিয়া আজ্ঞাৰ কথা। সেই চৰায়া ৰাজগৃহৰ প্ৰধান অধ্যক্ষ আছিল।
60 Yeremiya anali atalemba mʼbuku za masautso onse amene adzafike pa Babuloni ndi zina zonse zokhudza Babuloni.
৬০আৰু বাবিললৈ ঘটিব লগা সকলো অমঙ্গলৰ কথা, অৰ্থাৎ বাবিলৰ বিষয়ে লিখা এই আটাইবোৰ বাক্য যিৰিমিয়াই এখন পুথিত লিখিলে।
61 Yeremiya anawuza Seraya kuti, “Ukakafika ku Babuloni, ukaonetsetse kuti wawawerengera anthu onse mawu onsewa.
৬১আৰু যিৰিমিয়াই চৰায়াক ক’লে, সাৱধান, তুমি বাবিল পালে এই সকলো কথা পাঠ কৰিবা,
62 Ndipo ukanene kuti, ‘Inu Yehova, mwanena kuti mudzawononga malo ano, kotero kuti simudzatsala munthu kapena nyama mʼdziko muno; lidzakhala chipululu mpaka muyaya.’
৬২আৰু ক’বা, হে যিহোৱা, পশু কি মানুহ কোনেও ইয়াত বাস নকৰিবৰ নিমিত্তে, কিন্তু চিৰকাললৈকে ধ্বংসস্থান হ’বৰ নিমিত্তে উচ্ছন্ন কৰিবৰ কথা তুমি এই ঠাইৰ বিষয়ে কৈছা।
63 Ukakatha kuwerenga bukuli, ukalimangirire ku mwala ndipo ukaliponye pakati pa mtsinje wa Yufurate.
৬৩পাছে তুমি এই পুথিখন পঢ়ি এঁটোৱা হ’লে, ইয়াত এটা শিল বান্ধি ফৰাৎ নদীৰ মাজ ঠাইত পেলাই দিবা,
64 Ndipo ukanene kuti, ‘Umu ndi mmene adzamirire Babuloni ndipo sadzadzukanso chifukwa cha masautso amene adzamugwere.’” Mawu a Yeremiya athera pamenepa.
৬৪আৰু তুমি ক’বা, মই বাবিললৈ যি অমঙ্গল ঘটাম, তাৰ কাৰণে বাবিল এইদৰে মগ্ন থাকিব, কেতিয়াও আৰু নুঠিব; “আৰু সিহঁত ক্লান্ত হ’ব”। যিৰিমিয়াৰ বাক্য ইমানলৈকে।