< Yeremiya 4 >

1 “Ngati mukufuna kubwerera, inu Aisraeli, bwererani kwa Ine,” akutero Yehova. “Chotsani mafano anu onyansa pamaso panga ndipo musasocherenso.
যিহোৱাই কৈছে: হে ইস্ৰায়েল লোকসকল, এই আন আন দেৱ-দেৱীবোৰক এৰা আৰু মোলৈ উলটি আহাঁ! তুমি যদি এই জঘন্য দেৱ-দেৱীবোৰৰ পৰা আঁতৰি আহিব খোজা, তেন্তে তোমাক অগ্রাহ্য কৰা নহ’ব।
2 Muzilumbira mokhulupirika ndiponso mwa chilungamo kuti, ‘Pali Yehova wamoyo.’ Mukatero anthu a mitundu ina yonse adzandipempha kuti ndiwadalitse ndipo adzanditamanda.”
আৰু যদি তুমি ঘোষণা কৰা, যে ‘নিশ্চয়কৈ যিহোৱা জীৱিত, তেওঁ যিটো কয়, সেয়ে সত্য, ন্যায় আৰু ধাৰ্মিকতাৰ জীৱনৰ কথা কয়’, যিহোৱাৰ জীৱনৰ শপত কৰিবা আৰু জাতিবোৰে তেওঁতেই নিজক আশীৰ্ব্বাদপ্ৰাপ্ত বুলি জ্ঞাত কৰিব, আৰু তেওঁতেই তেওঁলোকে গৌৰৱ কৰিব।
3 Zimene Yehova akunena kwa anthu a ku Yuda ndi a ku Yerusalemu ndi izi: “Limani masala anu musadzale pakati pa minga.
সেই বাবেই যিহোৱাই যিহূদা আৰু যিৰূচালেমৰ লোকসকলক এই কথা কৈছে, “খেতিয়কে নিজৰ কঠিন মাটি চহাই গুটি ৰুবলৈ প্রস্তুত কৰাৰ দৰে মোৰ বাক্য তোমালোকৰ গুপ্ত স্থানত গ্রহণ কৰিবলৈ যুগুত থাকিবা। কিন্তু যিহেতু খেতিয়কে কাঁইটীয়া বন থকা মাটিত নষ্ট হ’বলৈ ভাল গুটি নিসিঁচে, তেনেকৈ তোমালোকৰ কঠিন মনত সেই বাক্য দি, নষ্ট কৰিবলৈ মই নোখোজো।
4 Dziperekeni nokha kwa Ine kuti munditumikire ndi mtima wanu wonse, inu anthu a ku Yuda ndi ku Yerusalemu. Muzichita zimenezi kuopa kuti mkwiyo wanga ungabuke ngati moto ndi kukutenthani, chifukwa cha ntchito zanu zoyipazo popanda wina wowuzimitsa.
হে যিহূদাৰ লোক, হে যিৰূচালেম নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
5 “Lengeza ku Yuda ndi kulalikira mu Yerusalemu kuti, ‘Lizani lipenga mʼdziko lonse!’ Ndipo fuwulani kuti, ‘Sonkhanani! Tiyeni tithawire ku mizinda yotetezedwa!’
যিহূদাত বাকি ঠাইবোৰত প্ৰচাৰ কৰা আৰু যিৰূচালেমৰ সকলো লোকসকলৰ আগত ঘোষণা কৰা। আৰু চোৱা, “দেশত তোমালোকে শিঙা বজোৱা;” আৰু ৰিঙিয়াই কোৱা, “গোট খোৱা, আহাঁ, আমি গড়েৰে আবৃত হোৱা নগৰবোৰত সোমাওঁগৈ।”
6 Kwezani mbendera kuyangʼana ku Ziyoni! Musachedwe, thawani kuti mupulumuke! Pakuti Ine ndikubweretsa chilango kuchokera kumpoto, kudzakhala chiwonongeko choopsa.”
যিৰূচালেমৰ লোকসকলক চিঞঁৰি কোৱা, ‘ৰক্ষা পাবলৈ পলোৱা! পলম নকৰিবা, কিয়নো মই উত্তৰ দিশৰ পৰা তোমালোকৰ ওপৰত ভয়ানক অমঙ্গল আৰু মহাসংহাৰ আনি আছোঁ।’
7 Monga mkango umatulukira mʼngaka yake momwemonso wowononga mayiko wanyamuka ndi kutuluka ku mbuto yake. Watero kuti awononge dziko lanu. Mizinda yanu idzakhala mabwinja popanda wokhalamo.
এটা সিংহই নিজ গাতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
8 Choncho valani ziguduli, lirani ndi kubuwula, pakuti mkwiyo waukulu wa Yehova sunatichokere.
এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাঁকাৰ কৰি ক্রন্দন কৰা আৰু দেখুউৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখিত কিয়নো যিহোৱাৰ জলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই।
9 “Pa tsiku limenelo, mfumu ndi nduna zake adzataya mtima, ansembe adzachita mantha kwambiri, ndipo aneneri adzathedwa nzeru,” akutero Yehova.
যিহোৱাই ঘোষণা কৰিছে যে, যেতিয়া তেওঁ শাস্তি দিয়ে, সেই কালত ৰজাৰ মন আৰু অধ্যক্ষসকলৰ মন ব্যাকুল হব, পুৰোহিতসকলে বিস্ময় মানিব, আৰু ভাববাদীসকল আতংকিত হ’ব।
10 Ndipo ine ndinati, “Haa, Ambuye Yehova, ndithu munawanyenga anthu awa pamodzi ndi Yerusalemu pamene munanena kuti, ‘Mudzakhala pa mtendere,’ chonsecho lupanga lili pakhosi pathu.”
১০তেতিয়া মই উত্তৰ দি ক’লোঁ, “হায় হায়, হে মোৰ প্ৰভু যিহোৱা, স্বৰূপেই তুমি এই জাতিক আৰু যিৰূচালেমক অত্যন্ত প্ৰবঞ্চনা কৰিলা, কাৰণ তুমি কৈছিলা, ‘তোমালোকৰ শান্তি হব’ অথচ তৰোৱালে মৰ্ম ভেদিছে!”
11 Nthawi imeneyo anthu awa ndi Yerusalemu adzawawuza kuti, “Mphepo yotentha yochokera ku magomo a mʼchipululu ikuwomba pa anthu anga, osati mphepo yopeta kapena yoyeretsa;
১১সেই কালত এই জাতিক আৰু যিৰূচালেমক এই কথা কোৱা যাব, “ঘেহুঁৰ পৰা তুঁহ আঁতৰোৱা কোমল বতাহৰ দৰে নহয়, কিন্তু অৰণ্যত থকা গছ-শূন্য পৰ্ব্বতবোৰৰ পৰা গৰম বতাহৰ দৰে এক বৃহৎ সৈন্যৰ দলে তোমালোকক আক্রমণ কৰিব।
12 koma mphepo yamphamvu kwambiri yochokera kwa Ine. Tsono ndi Ineyo amene ndikuwaweruza.”
১২সেয়ে এক প্ৰবল বা-মাৰলি মোৰ আজ্ঞাত আহিব। গতিকে এতিয়া মইও তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা প্ৰচাৰ কৰিম।”
13 Taonani, adani akubwera ngati mitambo, magaleta awo akubwera ngati kamvuluvulu, akavalo awo ndi aliwiro kupambana chiwombankhanga. Tsoka ilo! Tawonongeka!
১৩চোৱা, আমাৰ শত্রুবোৰ আমালৈ বেগেৰে আহি আছে; সি মেঘবোৰৰ দৰে উঠি আহিব; তাৰ ৰথবোৰ বা-মাৰলী বতাহস্বৰূপ; তাৰ ঘোঁৰাবোৰ কুৰৰ পক্ষীতকৈয়ো বেগী। হায় হায়, আমাৰ সৰ্ব্বনাশ! কিয়নো আমি নষ্ট হলোঁ।
14 Iwe Yerusalemu, tsuka mtima wako kuchotsa zoyipa kuti upulumuke. Kodi maganizo ako oyipawo udzakhala nawo mpaka liti?
১৪হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
15 Pakuti amithenga akulalika mawu mʼdziko la Dani; akulengeza za masautso kuchokera ku mapiri a Efereimu.
১৫কিয়নো দানৰ নগৰৰ পৰা ইফ্ৰয়িম পৰ্ব্বতৰ উত্তৰ ফালে অতি দুৰৈত কোনো প্ৰচাৰ কৰোঁতাৰ দ্বাৰাই অমঙ্গলৰ বাৰ্ত্তা শব্দ শুনা গৈছে।
16 Iwo akuti, “Fotokozani zimenezi kwa anthu a mitundu ina, lengezani zimenezi mu Yerusalemu kuti, ‘Ankhondo akubwera kuchokera ku dziko lakutali, akufuwula ndi kudzazinga mizinda ya Yuda.
১৬ইয়াক তোমালোকে আন আন জাতিবোৰৰ আগত কোৱাগৈ আৰু যিৰূচালেমতো ঘোষণা কৰা: যিহোৱাই কৈছে, চোৱা, অৱৰোধকাৰীবোৰ যে দূৰ দেশৰ পৰা আহিব লাগিছে, আৰু যিহূদাৰ নগৰবোৰৰ বিৰুদ্ধে যে তেওঁলোকে ৰণ-ধ্বনি কৰিব।
17 Azinga Yerusalemu ngati anthu olondera munda, chifukwa Yerusalemu wandiwukira,’” akutero Yehova.
১৭খেতিৰ সময়ত খেতি-ৰখীয়াবোৰৰ দৰে তেওঁলোকে যিৰূচালেমৰ চাৰিওফালে অস্থায়ীভাৱে ছাউনি পাতি থাকিব। যিহোৱাই কৈছে, এইদৰেই ঘটিব, কিয়নো তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ-আচৰণ কৰিলে।
18 “Makhalidwe anu ndi zochita zanu zakubweretserani zimenezi. Chimenechi ndiye chilango chanu. Nʼchowawa kwambiri! Nʼcholasa mpaka mu mtima!”
১৮তোমালোকলৈ সেই শাস্তি অতি কঠোৰ হ’ব; তোমালোকৰ কলিজাবোৰত তৰোৱালে খোচ মাৰি আঘাত কৰাৰ দৰে হ’ব। তোমালোকৰ নিজ আচৰণ আৰু কাৰ্যবোৰেই তোমালোকলৈ ইয়াক ঘটাইছে; সেয়ে তোমালোকৰ দুষ্টতাৰ ফল।
19 Mayo, mayo, ndikumva kupweteka! Aa, mtima wanga ukupweteka, ukugunda kuti thi, thi, thi. Sindingathe kukhala chete. Pakuti ndamva kulira kwa lipenga; ndamva mfuwu wankhondo.
১৯হায় হায় মোৰ নাড়ী! মোৰ নাড়ী! মই অতিশয় শোক-পীড়িত হৈছোঁ; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!
20 Tsoka limatsata tsoka linzake; dziko lonse lasanduka bwinja. Mwadzidzidzi matenti athu awonongedwa, mwa kanthawi kochepa nsalu zake zotchinga zagwetsedwa.
২০গোটেই দেশ উচ্ছন্ন নোহোৱালৈকে বিনাশৰ উপৰি বিনাশ হ’ব। অকস্মাতে আমাৰ তম্বুবোৰ, মুহূৰ্ত্ততে ধ্বংশ হ’ব; আনকি মোৰ তম্বুৰ কাপোৰবোৰ ফালি চিৰাচিৰ হ’ব।
21 Kodi ndikhale ndikuona mbendera ya nkhondo, ndi kumva kulira kwa lipenga mpaka liti?
২১কিমান কাল এই যুদ্ধ চলিব? কিমান কালনো শত্রুৰ এই যুদ্ধৰ নিচান দেখিম আৰু তেওঁলোকৰ ৰণশিঙাৰ শব্দ শুনিম?
22 Yehova akuti, “Anthu anga ndi zitsiru; iwo sandidziwa. Iwo ndi ana opanda nzeru; samvetsa chilichonse. Ali ndi luso lochita zoyipa, koma sadziwa kuchita zabwino.”
২২যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
23 Ndinayangʼana dziko lapansi, ndipo linali lopanda anthu ndi lopanda kanthu; ndinayangʼana thambo, koma linalibe kuwala kulikonse.
২৩ঈশ্বৰে মোক এক দৰ্শন দিলে য’ত মই পৃথীৱীলৈ চাই দেখিলোঁ, চোৱা, সেয়ে ধ্বংস হ’ল আৰু উদং; আৰু আকাশ-মণ্ডললৈ চালোঁ, তাত কোনো দীপ্তি নাছিল।
24 Ndinayangʼana mapiri, ndipo ankagwedezeka; magomo onse ankangosunthira uku ndi uku.
২৪মই পৰ্ব্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ এফালৰ পৰা আনফাললৈ কঁপিছে, আৰু আটাই গিৰিবোৰ লৰিছে।
25 Ndinayangʼana, ndipo sindinaone anthu; mbalame iliyonse ya mlengalenga inali itathawa.
২৫মই চাই দেখিলোঁ, কোনো মানুহ যেন নাই আৰু আকাশৰ পক্ষীবোৰো পলাই গ’ল।
26 Ndinayangʼana, dziko lachonde linali litasanduka chipululu; mizinda yake yonse inali itasanduka bwinja pamaso pa Yehova, chifukwa cha mkwiyo wake.
২৬মই চাই দেখিলোঁ, ফলৱতী পথাৰবোৰ মৰুভূমি হৈ পৰিল যিবোৰ আগতে ফলৱতী বাৰী আছিল। আটাই নগৰ ভগ্ন হ’ল; সেই সকলো যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অতি জ্বলন্ত ক্ৰোধৰ প্ৰভাৱত ধ্বংশ কৰা হ’ল।
27 Yehova akuti, “Dziko lonse lidzasanduka chipululu komabe sindidzaliwononga kotheratu.
২৭কিয়নো যিহোৱাই এই কথাই কৈছে: গোটেই যিহূদাৰ দেশ ধ্বংসৰ ঠাই হ’ব, তথাপি মই নিঃশেষে সংহাৰ নকৰিম।
28 Chifukwa chake dziko lapansi lidzalira ndipo thambo lidzachita mdima, pakuti ndayankhula ndipo sindidzafewa mtima, ndatsimikiza ndipo sindidzabwerera mʼmbuyo.”
২৮এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”
29 Pakumva phokoso la okwera pa akavalo ndi la anthu oponya mivi, anthu a mʼmizinda adzathawa. Ena adzabisala ku nkhalango; ena adzakwera mʼmatanthwe mizinda yonse nʼkuyisiya; popanda munthu wokhalamo.
২৯অশ্বাৰোহী আৰু ধনুৰ্দ্ধসকলৰ শব্দত নগৰখনেই পলাব। কোনো কোনোৱে ডাঠ হাবিত সোমাব, আৰু কোনো কোনোৱে শত্রুৰ হাতত নিহত হোৱাৰ পৰা ৰক্ষা পাবলৈ শিলত উঠিব। যিহূদাৰ গোটেই নগৰ ত্যাগ কৰা হ’ব; তাৰ মাজত বাস কৰোঁতা মানুহ কোনো নাথাকিব।
30 Iwe Yerusalemu, ndiwe bwinja! Ukutanthauza chiyani kuvala zovala zofiira ndi kuvalanso zokometsera zagolide? Ngakhale udzikonze maso ako powapaka zokometsera, ukungodzivuta chabe. Zibwenzi zako zikukunyoza; zikufuna kuchotsa moyo wako.
৩০এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
31 Ndikumva kulira ngati kwa mayi pa nthawi yake yobereka, kubuwula ngati kwa mayi amene akubereka mwana wake woyamba. Kuliraku ndi kwa anthu a mu Ziyoni, wefuwefu. Atambalitsa manja awo nʼkumati, “Kalanga ife! Tikukomoka. Moyo wathu waperekedwa kwa anthu otipha.”
৩১কিয়নো মই ইতিমধ্যেই যিৰূচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালোঁ যেন এগৰাকি প্ৰসৱকাৰিণী স্ত্রীৰ কান্দোন, প্ৰথম লৰা ওপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ; কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাতৰোক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, “মোৰ সৰ্ব্বনাশ! কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে,” এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা; হাত বিস্তাৰ কৰা চিয়োন জীয়াৰীৰ শব্দ শুনিছোঁ!”

< Yeremiya 4 >