< Yesaya 40 >

1 Atonthozeni, atonthozeni anthu anga, akutero Mulungu wanu.
তোমালোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ শান্ত্বনা হওক।
2 Ayankhuleni moleza mtima anthu a ku Yerusalemu ndipo muwawuzitse kuti nthawi ya ukapolo wawo yatha, tchimo lawo lakhululukidwa. Ndawalanga mokwanira chifukwa cha machimo awo onse.
যিৰূচালেমক নম্রতাৰে কোৱা, আৰু তেওঁলৈ ঘোষনা কৰা, যে তেওঁৰ সংগ্রাম শেষ হ’ল, তেওঁৰ অপৰাধ ক্ষমা কৰা হ’ল, তেওঁৰ সকলো পাপৰ সলনি যিহোৱাৰ হাতৰ পৰা তেওঁ দুগুণ মঙ্গল পালে।
3 Mawu a wofuwula mʼchipululu akuti, “Konzani njira ya Yehova mʼchipululu; wongolani njira zake; msewu owongoka wa Mulungu wathu mʼdziko lopanda kanthu.
এটা মাতে চিঞৰিছে, মৰুপ্রান্তৰত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা।”
4 Chigwa chilichonse achidzaze. Phiri lililonse ndi chitunda chilichonse azitsitse; Dziko lokumbikakumbika alisalaze, malo azitundazitunda awasandutse zidikha.
প্ৰত্যেক উপত্যকা ওখ কৰা হ’ব; আৰু প্ৰত্যেক পৰ্ব্বত আৰু পাহাৰ সমান কৰা হ’ব; অসমতল ঠাই সমান কৰা হ’ব, খলাবমা মাটি সমান কৰা হ’ব;
5 Ndipo ulemerero wa Yehova udzaonekera, ndipo mitundu yonse ya anthu idzawuona, pakuti wanena zimenezi ndi Yehova.”
আৰু যিহোৱাৰ মহিমা প্ৰকাশ কৰা হ’ব, আৰু সকলো মৰ্ত্ত্যই একে সময়তে তাক দেখিব; কাৰণ যিহোৱাই নিজৰ মুখেৰে ইয়াকে ক’লে।
6 Wina ananena kuti, “Lengeza.” Ndipo ine ndinati, “Kodi ndifuwule chiyani? “Pakuti anthu onse ali ngati udzu ndipo kukongola kwawo kuli ngati maluwa akuthengo.
এজনে কৈছে, “কান্দা।” আন এজনে উত্তৰ দিছে, “মই কিয় কান্দিম?” সকলো মাংসই তৃণ হ’য়, আৰু তেওঁৰ সকলো বিশ্ৱাসযোগ্য চুক্তি পথাৰৰ ফুলৰ দৰে।
7 Udzu umanyala ndipo maluwa amafota chifukwa cha kuwomba kwa mpweya wa Yehova.” Mawu aja anatinso, “Ndithudi anthu sasiyana ndi udzu.
যেতিয়া যিহোৱাৰ প্ৰশ্বাস-বায়ু তাৰ ওপৰত বলায় তেতিয়া ঘাঁহ শুকাই যায়, ফুল জঁয় পৰে; আৰু লোকসকল নিশ্চয় ঘাঁহ।
8 Udzu umanyala ndipo maluwa amafota, koma mawu a Mulungu wathu adzakhalapo mpaka muyaya.”
ঘাঁহ শুকাই যায়, ফুল জয় পৰে, কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে।
9 Iwe amene ukulengeza nkhani yabwino ku Ziyoni, kwera pa phiri lalitali. Iwe amene ukulengeza nkhani yabwino ku Yerusalemu, fuwula kwambiri, kweza mawu, usachite mantha; uza mizinda ya ku Yuda kuti, “Mulungu wanu akubwera!”
হে চিয়োনৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা লোক, ওখ পৰ্ব্বতলৈ উঠি যোৱা; যিৰূচালেমলৈ শুভবাৰ্ত্তা ঘোষণা কৰা, শক্তিৰে সৈতে জোৰেৰে ৰিঙিওৱা। চিঞৰি কান্দা, ভয় নকৰিবা। যিহূদাৰ নগৰবোৰক কোৱা, “এইয়া তোমালোকৰ ঈশ্বৰ।”
10 Taonani, Ambuye Yehova akubwera mwamphamvu, ndipo dzanja lake likulamulira, taonani akubwera ndi mphotho yake watsogoza zofunkha zako za ku nkhondo.
১০চোৱা, প্ৰভু যিহোৱা জয়যুক্ত বীৰস্বৰূপে আহিছে, আৰু তেওঁ নিজ বাহুবলেৰে শাসন কৰিব। চোৱা তেওঁৰ পুৰস্কাৰ তেওঁৰ লগত আছে, তেওঁৰ প্রতিদান তেওঁৰ আগে আগে যায়।
11 Iye adzasamalira nkhosa zake ngati mʼbusa: Iye adzasonkhanitsa ana ankhosa aakazi mʼmanja mwake ndipo Iye akuwanyamula pachifuwa chake ndi kutsogolera bwinobwino nkhosa zoyamwitsa.
১১তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
12 Kodi ndani akhoza kuyeza kuchuluka kwa madzi a mʼnyanja ndi chikhatho chake, kapena kuyeza kutalika kwa mlengalenga ndi dzanja lake? Ndani akhoza kuyeza dothi lonse la dziko lapansi mʼdengu, kapena kuyeza kulemera kwa mapiri ndi zitunda ndi pasikelo?
১২কোনে নিজৰ হাতৰ তলুৱাত জলৰাশি জুখিছিল? আৰু কোনে আকাশ-মণ্ডল জুখিছিল? কোনে পৃথিবীৰ সমূদায় ধূলি দোনত ভৰাই জুখিছিল? কোনে পৰ্ব্বতবোৰক পাল্লাত বা পাহাৰবোৰক তুলাঁচনীত জুখিছিল?
13 Ndani anapereka malangizo kwa Mzimu wa Yehova kapena kumuphunzitsa Iye monga phungu wake?
১৩কোনে যিহোৱাৰ আত্মাৰ তত্ত্ব নিৰূপণ কৰিছিল? বা কোনে তেওঁৰ পৰামৰ্শদাতা হৈ তেওঁক শিক্ষা দিছিল?
14 Kodi Yehova anapemphapo nzeru kwa yani kuti akhale wopenya, kapena kuti aphunzire njira yoyenera ndi nzeru? Iye anapempha nzeru kwa yani ndi njira ya kumvetsa zinthu?
১৪তেওঁ কাৰ পৰা পৰামৰ্শ পাইছিল? কোনে তেওঁক ন্যায় কার্য কৰিবলৈ শিকাইছিল? আৰু কোনে তেওঁক জ্ঞানৰ শিক্ষা দিছিল, আৰু তেওঁক বিবেচনাৰ পথ দেখুৱাইছিল?
15 Ndithudi mitundu ya anthu ili ngati dontho la madzi ochoka mu mtsuko. Iwo akungoyesedwa ngati fumbi chabe pa sikelo; mʼmanja mwa Yehova zilumba nʼzopepuka ngati fumbi.
১৫চোৱা, দেশবাসীসকল কলহৰ গাত লাগি থকা পানীৰ কণিকাৰ দৰে আৰু তুলাচনীত লাগি থকা ধুলিৰ কণিকাৰ দৰে গণিত হয়; চোৱা, তেওঁ অতি ক্ষুদ্র বস্তুৰ দৰে দ্বীপবোৰক তোলে।
16 Nkhalango ya ku Lebanoni singakwanire nkhuni zosonkhera moto pa guwa lansembe, ngakhale nyama zake sizingakwanire kupereka nsembe zopsereza.
১৬ইন্ধনৰ বাবে লিবানোন, নাইবা হোম বলিৰ বাবে অৰণ্যৰ জন্তুবোৰ যথেষ্ট নহয়।
17 Pamaso pa Yehova mitundu yonse ya anthu ili ngati chinthu chopandapake; Iye amayiwerengera ngati chinthu chopanda phindu ndi cha chabechabe.
১৭তেওঁৰ দৃষ্টিত সকলো দেশবাসী অপৰ্যাপ্ত; তেওঁৰ আগত তেওঁলোক একোৱে নহয় দৰে গণিত হয়।
18 Kodi tsono Mulungu mungamuyerekeze ndi yani? Kodi mungamufanizire ndi chiyani?
১৮তেন্তে তোমালোকে কাৰ সৈতে ঈশ্বৰক তুলনা কৰিবা? বা তেওঁৰ লগত কোন মুৰ্ত্তিৰ উপমা দিবা?
19 Likakhala fano, mʼmisiri ndiye analipanga ndipo mʼmisiri wa golide amalikuta ndi golide naliveka mkanda wasiliva.
১৯এটা কটা মুৰ্ত্তি! এজন কৰ্মকাৰে নিজে তৈয়াৰ কৰে; সোণাৰীয়ে তাৰ ওপৰত সোণৰ পতা মাৰে, আৰু তাৰ বাবে ৰূপৰ শিকলি যুগুত কৰে।
20 Mʼmphawi amene sangathe kupeza ngakhale chopereka nsembe chotere amasankha mtengo umene sudzawola, nafunafuna mʼmisiri waluso woti amupangire fano limene silingasunthike.
২০মানুহে উপহাৰ দিবলৈ নপচা কাঠ বাচি লৈ; পৰিব নোৱাৰা প্ৰতিমা নিজৰ বাবে যুগুত কৰিবলৈ নিপুণ শিল্পকাৰ বিচাৰে।
21 Kodi simukudziwa? Kodi simunamve? Kodi sanakuwuzeni kuyambira pachiyambi pomwe? Kodi simunamvetsetse chiyambire cha dziko lapansi?
২১তোমালোকে নাজানা নে? তোমালোকে শুনা নাই নে? আদিৰে পৰা তোমালোকক সম্বাদ দিয়া নাই নে? পৃথিবীৰ মূল স্থাপন কৰাৰে পৰা তোমালোকে বুজা নাই নে?
22 Yehova amene amakhala pa mpando wake waufumu kumwamba ndiye analenga dziko lapansi, Iye amaona anthu a dziko lapansi ngati ziwala. Ndipo anafunyulula mlengalenga ngati nsalu yotchinga, nayikunga ngati tenti yokhalamo.
২২যি জনা পৃথিৱীৰ আকাশ মণ্ডলৰ ওপৰত বহি আছে, আৰু তেওঁৰ আগত তাৰ নিবাসীসকল ফৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশ মণ্ডল বিস্তাৰ কৰে, আৰু বাস কৰা তম্বুৰ দৰে তাক প্রসাৰিত কৰে।
23 Amatsitsa pansi mafumu amphamvu nasandutsa olamula a dziko kukhala achabechabe.
২৩তেওঁ শাসনকৰ্ত্তাসকলক নথকাৰ দৰে লুপ্ত কৰে; আৰু পৃথিবীৰ শাসনকৰ্ত্তাসকলক অৰ্থহীনৰ দৰে কৰে;
24 Inde, iwo ali ngati mbewu zimene zangodzalidwa kumene kapena kufesedwa chapompano, ndi kungoyamba kuzika mizu kumene ndi pamene mphepo imawombapo nʼkuziwumitsa ndipo kamvuluvulu amaziwulutsa ngati mankhusu.
২৪চোৱা, তেওঁলোকে কেৱল ৰোৱে আৰু বয়, এনে কি, তেওঁলোকৰ মুঢ়ায়ো মাটিত কেৱল শিপা ধৰিছে, তেওঁ তেওঁলোকৰ ওপৰত ফু দিয়াৰ আগতে তেওঁলোক শুকাই যায়, আৰু তেওঁলোকক বা’মৰলী বতাহে মৰাৰ দৰে উৰুৱাই নিয়ে।
25 Woyera uja akuti, “Kodi mudzandiyerekeza Ine ndi yani? Kapena kodi alipo wofanana nane?”
২৫পবিত্ৰ জনাই কৈছে, “তেনেহ’লে তোমালোকে মোক কাৰ সৈতে উপমা দিলে মই তাৰ সদৃশ হ’ম?
26 Tayangʼanani mlengalenga ndipo onani. Kodi ndani analenga zonsezi mukuzionazi? Yehova ndiye amene amazitsogolera ngati gulu la ankhondo, nayitana iliyonse ndi dzina lake. Ndipo popeza Iye ali ndi nyonga zambiri, palibe ndi imodzi yomwe imene inasowapo.
২৬আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
27 Iwe Yakobo, chifukwa chiyani umanena ndi kumadandaula iwe Israeli, kuti, “Yehova sakudziwa mavuto anga, Mulungu wanga sakusamala zomwe zikundichitikira ine?”
২৭মোৰ পথ যিহোৱাৰ পৰা গুপ্ত হৈ আছে, আৰু মোৰ গোচৰলৈ তেওঁ মন নিদিয়ে, হে যাকোব আৰু হে ইস্ৰায়েল, তুমি কিয় এনে কথা কৈছা?
28 Kodi simukudziwa? Kodi simunamve? Yehova ndiye Mulungu wamuyaya, ndiyenso Mlengi wa dziko lonse lapansi. Iye sadzatopa kapena kufowoka ndipo palibe amene angadziwe maganizo ake.
২৮তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
29 Iye amalimbitsa ofowoka ndipo otopa amawawonjezera mphamvu.
২৯তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে।
30 Ngakhale achinyamata amalefuka ndi kufowoka, ndipo achinyamata amapunthwa ndi kugwa;
৩০এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে।
31 koma iwo amene amakhulupirira Yehova adzalandira mphamvu zatsopano. Adzawuluka ngati chiwombankhanga; adzathamanga koma sadzalefuka, adzayenda koma sadzatopa konse.
৩১কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।

< Yesaya 40 >