< Yesaya 3 >

1 Taonani tsopano, Ambuye Yehova Wamphamvuzonse, ali pafupi kuchotsa mu Yerusalemu ndi mu Yuda zinthu pamodzi ndi thandizo; adzachotsa chakudya chonse ndi madzi onse,
কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা লাখুটি আৰু সাহায্য, আহাৰৰ সকলো যোগান, আৰু পানীৰ সকলো যোগান গুচাব।
2 anthu amphamvu ndi asilikali ankhondo, oweruza ndi aneneri, anthu olosera ndi akuluakulu,
পৰাক্রমী লোক, যুদ্ধাৰু, বিচাৰকৰ্ত্তা, ভাববাদী, মঙ্গল চোৱা লোক আৰু প্রধানলোক,
3 atsogoleri a ankhondo makumi asanu ndi anthu olemekezeka, aphungu ndi anthu amatsenga ndi akatswiri pa za kulosera.
পঞ্চাশপতি সন্মানীয় নাগৰিক, পৰামর্শদাতা, দক্ষ শিল্পকাৰ, আৰু নিপুণ মায়াবী, এই সকলো দূৰ কৰিব।
4 Ndidzawayikira anyamata kuti akhale mafumu awo; ana akhanda ndiwo adzawalamulire.
“মই কেৱল যুৱকসকলক তেওঁলোকৰ অধিপতি নিযুক্ত কৰিম, আৰু যুৱকসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব।
5 Anthu adzazunzana, munthu ndi munthu mnzake, mnansi ndi mnansi wake. Anthu wamba adzanyoza akuluakulu.
প্ৰতিজন লোকে ইজনে সিজনৰ পৰা, আৰু নিজৰ চুবুৰীয়াৰ পৰা উপদ্ৰৱ পাব; সন্তানে অহংকাৰেৰে ডাঙৰক অমান্য কৰিব, আৰু নীহ লোকে সন্মানীয় লোকক প্রত্যাহ্বান দিব।
6 Munthu adzagwira mʼbale wake mʼnyumba ya abambo awo, ndipo adzati, “Iwe uli nawo mwinjiro, ndiye ukhale mtsogoleri wathu; lamulira malo opasuka ano!”
এনে কি, এজন মানুহে নিজৰ ভায়েকক নিজৰ পিতৃৰ ঘৰত ধৰি ক’ব, “তোমাৰ এটা বস্ত্ৰ আছে, আমাৰ শাসনকৰ্ত্তা হোৱা, আৰু এই ধ্বংস তোমাৰ অধীনত হওঁক।”
7 Koma tsiku limenelo mʼbale wakeyo adzafuwula kuti, “Ayi, mavuto oterewa ndilibe mankhwala ake. Ndilibe chakudya kapena chovala mʼnyumba mwanga; musasankhe ine kukhala mtsogoleri wa anthu.”
সেই দিনা তেওঁ চিঞৰী ক’ব, “মই সুস্থকাৰী হ’ব নোৱাৰো; মোৰ আহাৰ অথবা বস্ত্ৰ নাই; তোমালোকে মোক লোকসকলৰ শাসনকৰ্ত্তা নিযুক্ত কৰিব নোৱাৰা।”
8 Yerusalemu akudzandira, Yuda akugwa; zokamba zawo ndi ntchito zawo nʼzotsutsana ndi Yehova, sakulabadira ulemerero wa Mulungu.
কাৰণ যিৰূচালেম ধ্বংস হৈছে, আৰু যিহূদা পতিত হৈছে; কিয়নো তেওঁলোকৰ কথা আৰু কাৰ্যবোৰ যিহোৱাৰ বিৰুদ্ধে, এনে কি, তেওঁৰ ৰাজকীয় ক্ষমতাও অমান্য কৰা হৈছে।
9 Maonekedwe a nkhope zawo amawatsutsa; amaonetsera poyera tchimo lawo ngati Sodomu; salibisa tchimo lawolo. Tsoka kwa iwo odziputira okha mavuto.
তেওঁলোকৰ মুখ-চোৱা কাৰ্যই তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, আৰু তেওঁলোকৰ নিজৰ পাপ গোপন নকৰি চদোমৰ দৰে প্ৰকাশ কৰে। তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোকে নিজৰ ওপৰত আকস্মিক দুৰ্ঘটনা আনে।
10 Nena kwa olungama kuti zonse zidzawayendera bwino, pakuti adzakondwera ndi phindu la ntchito zawo.
১০তোমালোকে ধাৰ্মিক লোকৰ বিষয়ে কোৱা যে, তেওঁলোকৰ মঙ্গল হ’ব, কাৰণ তেওঁলোকে নিজৰ কাৰ্যৰ ফল ভোগ কৰিব।
11 Tsoka kwa anthu oyipa! Mavuto ali pa iwo! Adzalandira malipiro a zimene manja awo anachita.
১১দুষ্ট লোকৰ সন্তাপ হ’ব; তেওঁৰ অমঙ্গল হ’ব; কাৰণ তেওঁৰ হাতৰ কাৰ্যৰ ফল তেওঁ পাব।
12 Achinyamata akupondereza anthu anga, ndipo amene akuwalamulira ndi akazi. Aa, anthu anga, atsogoleri anu akukusocheretsani; akukuchotsani pa njira yanu.
১২মোৰ লোকসকল! সন্তান সকল তেওঁলোকৰ উপদ্ৰৱকাৰী, আৰু মহিলাসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব। মোৰ লোকসকল, তোমালোকৰ পৰিচালকসকলে তোমালোকক বিপথে নিব, আৰু তোমালোকৰ পথৰ লক্ষ্য বিভ্রান্ত কৰিব।
13 Yehova wakhala pamalo pake mʼbwalo la milandu; wakonzeka kuti aweruze anthu ake.
১৩যিহোৱাই ন্যায়ালয়ত থিয় হৈছে; তেওঁ তেওঁৰ লোকসকলৰ বিচাৰ কৰিবলৈ থিয় হৈছে।
14 Yehova akuwazenga milandu akuluakulu ndi atsogoleri a anthu ake: “Ndinu amene mwawononga munda wanga wa mpesa; nyumba zanu zadzaza ndi zolanda kwa amphawi.
১৪যিহোৱাই পৰিচাৰকসকল আৰু লোকসকলৰ অধ্যক্ষসকলৰ বিচাৰত কৈছে, “তোমালোকে দ্ৰাক্ষাবাৰীখন খাই পেলাইছিলা, আৰু দৰিদ্ৰসকলৰ পৰা কাঢ়া বস্তু তোমালোকৰ ঘৰতেই আছে।
15 Nʼchifukwa chiyani inu mukupsinja anthu anga, nʼkudyera masuku pamutu amphawi?” Akutero Ambuye Yehova Wamphamvuzonse.
১৫বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লোকসকলক চূৰ্ণ কৰিলা, আৰু দৰিদ্রসকলৰ মুখ পিহিলা?
16 Yehova akunena kuti, “Akazi a ku Ziyoni ngodzikuza kwambiri, akuyenda atakweza makosi awo, akukopa amuna ndi maso awo akuyenda monyangʼama akuliza zigwinjiri za mʼmiyendo yawo
১৬যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহংকাৰী, আৰু নিজৰ মুৰ দাঙি অহঙ্কাৰেৰে খোজ কাঢ়ে, আৰু তেওঁলোকে চকুৰে প্রেমৰ অভিনয় কৰে, তেওঁলোকে কৃত্রিম ভংগীত খোজ দিয়ে, আৰু ভৰিৰে মৃদু শব্দ কৰে।
17 Nʼchifukwa chake Ambuye, adzatulutsa zipere pa mitu ya akazi a ku Ziyoniwo; Yehova adzachititsa dazi mitu yawo.”
১৭সেই কাৰণে যিহোৱাই চিয়োনৰ জীয়াৰীসকলৰ মুৰত খজুৱতি ৰোগ দিব, আৰু যিহোৱাই তেওঁলোকক টকলা কৰাব।
18 Tsiku limenelo Ambuye adzawachotsera zodzikongoletsera zawo: za mʼmiyendo, za ku mutu za mʼkhosi,
১৮সেই দিনা প্ৰভুৱে তেওঁলোকৰ ধুনীয়া নেপুৰ, মুৰৰ ফিটা, অৰ্ধচন্দ্রকাৰ অলঙ্কাৰ,
19 ndolo ndi zibangiri, nsalu zophimba pa nkhope,
১৯কাণফুলি, খাৰু, ওৰণি,
20 maduku, zigwinjiri za mʼmiyendo ndi malamba, mabotolo a zonunkhira ndi zithumwa,
২০কপালি, ভৰিৰ শিকলি, টঙালি, সুগন্ধি দ্ৰব্যৰ টেমা, অমঙ্গল নিবাৰণ কৰা তাবীজ।
21 mphete ndi zipini,
২১তেওঁ আঙঠি, আৰু নথ সকলো সোলোকাব;
22 zovala za pa mphwando, zipewa ndi mwinjiro, zikwama,
২২উৎসৱৰ সাজ, আৱৰণ, ওৰণি, আৰু হাতত লোৱা বেগ,
23 magalasi oyangʼanira, zovala zosalala, nduwira ndiponso nsalu za mʼmapewa.
২৩হাতত লোৱা দাপোণ, মিহি শন সূতাৰ বস্ত্ৰ, পাগুৰি, আৰু গা ঢকা কাপোৰ, এই সকলো শোভাৰ বস্ত্ৰ কাঢ়ি ল’ব।
24 Mʼmalo mwa kununkhira azidzanunkha, mʼmalo mwa lamba, adzavala chingwe; mʼmalo mwa tsitsi lopesa bwino, adzakhala ndi dazi; mʼmalo mwa zovala zabwino, adzavala chiguduli; mʼmalo mwa kunyadira kukongola adzachita manyazi.
২৪সুগন্ধি দ্রব্যৰ সলনি দুৰ্গন্ধ, আৰু টঙালিৰ সলনি ৰচি, পৰিপাটিকৈ ৰখা চুলিৰ সলনি টকলা মূৰ, আৰু দীঘল পৰিধান বস্ত্ৰৰ সলনি চট কাপোৰ, আৰু সৌন্দৰ্যৰ সলনি পোৰা দাগ দিব।
25 Iwe Yerusalemu anthu ako aamuna adzaphedwa ndi lupanga, asilikali ako adzafera ku nkhondo.
২৫তোমালোকৰ পুৰুষসকল তৰোৱালৰ দ্বাৰাই পৰাজিত হ’ব, আৰু তোমালোকৰ পৰাক্রমী লোকসকল ৰণত পৰাজয় হ’ব।
26 Pa zipata za Ziyoni padzakhala kubuma ndi kulira; Iweyo udzasakazidwa nʼkukhala pansi, ukugubuduzika pa fumbi.
২৬যিৰূচালেমৰ ৰাজ-দুৱাৰবোৰে ক্ৰন্দন আৰু বিলাপ কৰিব, আৰু তেওঁ অকলশৰে মাটিত বহিব।

< Yesaya 3 >