< Genesis 9 >

1 Ndipo Mulungu anadalitsa Nowa ndi ana ake aamuna nati kwa iwo, “Berekanani ndipo muchulukane ndi kudzaza dziko lapansi.
ঈশ্বৰে নোহ আৰু তেওঁৰ পুত্ৰসকলক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা।
2 Nyama zonse za dziko lapansi, ndi mbalame zonse za mlengalenga, ndi chamoyo chilichonse chokwawa, ndiponso nsomba zonse za ku nyanja; zidzakuopani ndipo ndazipereka kuti muzilamulire.
পৃথিৱীৰ সকলো জীৱ-জন্তু, আকাশৰ চৰাই, মাটিত বগাই ফুৰা সকলোবোৰ প্রাণী আৰু সমুদ্ৰৰ সকলো মাছে তোমালোকক ভয় কৰিব; সেইবোৰ তোমালোকৰ হাতত শোধাই দিয়া হৈছে।
3 Tsopano chamoyo chilichonse chidzakhala chakudya chanu. Monga momwe ndinakupatsirani ndiwo zamasamba, tsopano ndikupatsaninso nyama iliyonse.
সকলো চলা-ফুৰা কৰা প্রাণীয়েই তোমালোকৰ আহাৰ হ’ব; যি দৰে তোমালোকক সকলো সেউজীয়া শস্য আদি আহাৰ হিচাবে দিলোঁ, তেনেদৰে এতিয়া মই এই সকলোবোৰ তোমালোকক দিছোঁ।
4 “Koma musamadye nyama imene ikanali ndi magazi oyenda.
কিন্তু প্রাণে সৈতে অৰ্থাৎ তেজেৰে সৈতে তোমালোকে মঙহ নাখাবা।
5 Aliyense wopha munthu adzaphedwa, nyama iliyonse yopha munthu idzaphedwa, munthu aliyense wopha munthu mnzake, adzaphedwa.
কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম।
6 “Aliyense wopha munthu, adzaphedwanso ndi munthu; pakuti Mulungu analenga munthu mʼchifanizo chake.
ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;
7 Inu muberekane ndi kuchulukana kuti mudzaze dziko lonse lapansi ndi kuligonjetsa.”
তোমালোক বহুবংশ হৈ বৃদ্ধি হোৱা; পৃথিবীৰ চৌদিশে বিয়পি পৰা আৰু প্ৰচুৰ পৰিমাণে সংখ্যাত বৃদ্ধি পাই যোৱা।”
8 Mulungu anawuza Nowa ndi ana ake kuti,
তাৰ পাছত ঈশ্বৰে নোহক আৰু তেওঁৰ লগত থকা তেওঁৰ পুত্ৰসকলক ক’লে,
9 “Tsopano Ine ndapangana ndi iwe ndi zidzukulu zako zamʼtsogolomo,
“চোৱা! মই তোমালোকৰ আৰু তোমালোকৰ বংশধৰসকলৰ সৈতে আৰু
10 pamodzi ndi zamoyo zonse, mbalame, ziweto ndi nyama zonse za kuthengo, ndi zonse zimene zinatuluka mʼchombo pamodzi ndi iwe.
১০যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ।
11 Pangano langa ndi ili: Ine ndilonjeza kuti sindidzawononganso zamoyo ndi madzi a chigumula. Chigumula sichidzawononganso dziko lapansi.”
১১মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।”
12 Ndipo Mulungu anati, “Ine ndikupereka chizindikiro ichi cha pangano langa la pakati pa Ine ndi iwe, ana ako, zamoyo zonse, pamodzi ndi mibado ya mʼtsogolo.
১২ঈশ্বৰে আৰু ক’লে, “মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে সৈতে ভৱিষ্যতৰ সকলো বংশৰ কাৰণে যি নিয়ম স্থাপন কৰিলোঁ, তাৰ চিন এই:
13 Ndayika utawaleza wanga mʼmitambo, ndipo chidzakhala chizindikiro cha pangano langa ndi dziko lapansi.
১৩মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন।
14 Nthawi zonse pakakhala mitambo mu mlengalenga ndipo utawaleza uwoneka,
১৪যেতিয়া মই পৃথিৱীৰ ওপৰলৈ মেঘ আনিম, তেতিয়া তোমালোকে সেই মেঘৰ মাজত মেঘধনু দেখা পাবা;
15 ndizikumbukira pangano langa pakati pa Ine ndi inu ndi zolengedwa zonse. Madzi sadzakhalanso chigumula chowononga dziko lapansi.
১৫তেতিয়া মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে বাবে কৰা মোৰ নিয়মৰ কথা মই সুঁৱৰিম; তাতে পানীয়ে সকলো প্ৰাণী ধ্বংস কৰাকৈ কেতিয়াও আৰু জলপ্লাৱন নহ’ব।
16 Utawaleza ukamadzaoneka mʼmitambo, ndidzawuona ndi kukumbukira pangano losatha pakati pa Mulungu ndi zamoyo zonse pa dziko lapansi.”
১৬মেঘত যেতিয়া মেঘধনু ওলাব, তেতিয়া মই তাক দেখি পৃথিৱীৰ সকলো প্ৰাণীৰ কাৰণে মোৰ এই চিৰস্থায়ী নিয়মৰ কথা মই সোঁৱৰণ কৰিম।”
17 Choncho Mulungu anati kwa Nowa, “Ichi ndiye chizindikiro cha pangano limene ndalichita pakati pa Ine ndi zamoyo zonse pa dziko lapansi.”
১৭ঈশ্বৰে নোহক ক’লে, “মোৰ আৰু পৃথিবীত থকা সকলো প্ৰাণীৰে মাজত মই যি নিয়ম স্থাপন কৰিছোঁ, ইয়েই হৈছে তাৰ চিন।
18 Ana aamuna a Nowa amene anatuluka mʼchombo muja anali Semu, Hamu ndi Yafeti. Hamu anali abambo ake a Kanaani.
১৮জাহাজৰ পৰা নোহৰ পুত্ৰ চেম, হাম আৰু যেফৎ বাহিৰলৈ ওলাই আহিল। পাছত কনান নামেৰে হামৰ এটি পুত্র জন্মিল।
19 Ana aamuna a Nowa amenewa ndiwo anali makolo a anthu onse pa dziko lapansi.
১৯গোটেই পৃথিৱীতে নোহৰ এই তিনি জন পুত্ৰৰ বংশধৰসকল বিয়পি পৰিল।
20 Nowa anali munthu woyamba kulima munda wamphesa.
২০নোহ এজন কৃষক হ’ল আৰু তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে।
21 Tsiku lina pamene Nowa anamwako vinyo wa zipatso za mʼmundawo analedzera ndipo anavula zovala zake zonse ndi kugona mu tenti yake ali maliseche.
২১তেওঁ এদিন দ্রাক্ষাৰস খাই মতলীয়া হ’ল আৰু নিজৰ তম্বুৰ ভিতৰত বিবস্ত্ৰ হৈ পৰি আছিল।
22 Hamu, abambo ake a Kanaani ataona kuti abambo ake ali maliseche anakawuza abale ake awiri aja omwe anali panja.
২২তেতিয়া কনানৰ পিতৃ হামে নিজৰ দেউতাকক বিবস্ত্ৰ অৱস্থাত দেখিলে আৰু বাহিৰলৈ আহি সেই কথা তেওঁৰ দুজন ভাই-ককাইক ক’লে।
23 Koma Semu ndi Yafeti anatenga chofunda nachiyika pa mapewa awo; ndipo anayenda chamʼmbuyo naphimba umaliseche wa abambo awo. Anafulatira kuti asaone umaliseche wa abambo awo.
২৩তাতে চেম আৰু যেফতে এখন কাপোৰ তেওঁলোকৰ কান্ধত তুলি ল’লে আৰু পাছ হুঁহকি হুঁহকি গৈ বাপেকৰ বিবস্ত্ৰতা ঢাকিলে। তেওঁলোকৰ মুখ বিপৰীত দিশত আছিল বাবে বাপেকৰ নগ্নতা তেওঁলোকে দেখা নাপালে।
24 Nowa atadzuka, kuledzera kutatha, ndikudziwa zimene mwana wake wamngʼono wamwamuna uja anamuchitira,
২৪পাছত নোহৰ চেতনা অহাত তেওঁৰ সৰু পুতেকে তেওঁলৈ যি কৰিলে, তাক জানিবলৈ পালে।
25 anati, “Atembereredwe Kanaani! Adzakhala kapolo wa pansi kwenikweni kwa abale ake.”
২৫তেতিয়া তেওঁ ক’লে, “কনানৰ ওপৰত অভিশাপ আহঁক; সি তাৰ ভাতৃসকলৰ দাসবোৰৰো দাস হওক।”
26 Anatinso, “Atamandike Yehova, Mulungu wa Semu! Kanaani akhale kapolo wa Semu.
২৬তেওঁ পুনৰ ক’লে, “চেমৰ ঈশ্বৰ যিহোৱা ধন্য; কনান চেমৰ দাস হওক।
27 Mulungu akulitse dziko la Yafeti; Yafeti alandire madalitso pamodzi ndi Semu, ndipo Kanaani akhale kapolo wawo.”
২৭ঈশ্বৰে যেফতক যেন বিস্তাৰিত কৰে, সি চেমৰ তম্বুত বসতি কৰক, আৰু কনান তাৰ দাস হওঁক।”
28 Chitatha chigumula, Nowa anakhala ndi moyo zaka 350.
২৮জল-প্লাৱনৰ পাছত নোহ পুনৰ তিনিশ পঞ্চাশ বছৰ জীয়াই থাকিল।
29 Anamwalira ali ndi zaka 950.
২৯পাছত নোহৰ সৰ্ব্বমুঠ ন শ পঞ্চাশ বছৰ বয়সত তেওঁৰ মৃত্যু হ’ল।

< Genesis 9 >