< Genesis 49 >

1 Pambuyo pake Yakobo anayitanitsa ana ake aamuna nati: Sonkhanani pamodzi kuti ndikuwuzeni zimene zidzakuchitikireni mʼmasiku a mʼtsogolo.
পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।
2 “Bwerani ndipo imvani mawu anga, inu ana a Yakobo; mverani abambo anu Israeli.
হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা; তোমালোকৰ পিতৃ ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা।
3 “Rubeni, ndiwe woyamba kubadwa; mphamvu yanga ndiponso chizindikiro choyamba cha mphamvu zanga, wopambana pa ulemerero ndi mphamvu.
হে ৰূবেণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল; তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।
4 Wokokoma ngati madzi a chigumula, koma sudzakhalanso wopambana, iwe unagona pa bedi la abambo ako, ndithu unayipitsa bedi la mdzakazi wake.
তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল।
5 “Simeoni ndi Levi ndi pachibale pawo, anachitira nkhanza anthu amene anachita nawo pangano.
চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ।
6 Iwe moyo wanga, usakhale nawo pa misonkhano yawo ya mseri, kapena kugwirizana nawo mʼmabwalo awo, pakuti anapha anthu mu mkwiyo wawo ndipo anapundula ngʼombe zamphongo monga kunawakomera.
মই নিজে সিহঁতৰ সভালৈ নাহিম; মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহঁতৰ সমাজত যোগ নহম। কিয়নো সিহঁতে ক্ৰোধত নৰ-হত্যা কৰে, আৰু আনন্দ কৰি ষাঁড় গৰুবোৰ বধ কৰে।
7 Matemberero awagwere chifukwa cha mkwiyo wawo woopsa chonchi ndi ukali wawo wankhanza choterewu! Ine ndidzawabalalitsa mʼdziko la Yakobo ndi kuwamwaza iwo mʼdziko la Israeli.
সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।
8 “Yuda, ndiwe amene abale ako adzatamanda; dzanja lako lidzagwira pa khosi pa adani ako; abale ako adzakugwadira iwe.
হে যিহূদা, তোমাক হ’লে, নিজৰ ভাইসকলে প্ৰশংসা কৰিব; তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙিত ধৰিব; তোমাৰ পিতৃৰ সন্তান সকলে তোমাৰ আগত প্ৰণিপাত কৰিব।
9 Yuda ali ngati mwana wa mkango; umabwerera ku malo ako ndi zofunkha, mwana wanga. Monga mkango, amadziwongola ndi kugona pansi, ndipo ngati mkango waukazi, ndani angalimbe mtima kumudzutsa?
যিহূদা যুবা সিংহ; হে মোৰ বোপা, তুমি পশু ছিৰি পেলোৱাৰ পৰা উঠি আহিলা। সি সিংহৰ দৰে পৰি শুইছে, এনে কি, শক্তিশালী সিংহৰ দৰে শুইছে; কোনে তাক জগাব?
10 Ndodo yaufumu sidzachoka mwa Yuda, udzawupanirira ulamuliro motero kuti palibe amene adzawuchotse, mpaka mwini wake weniweni atabwera ndipo mitundu yonse ya anthu idzamumvera.
১০চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
11 Ndiye amene amamangirira bulu wake wamkazi kumtengo wa mpesa, ndi mwana wa bulu ku nthambi ya mpesa wabwino. Ndi iye amene amachapa zovala zake mu vinyo; ndi mkanjo wake mu vinyo wofiira ngati magazi.
১১সি দ্ৰাক্ষালতাত নিজৰ ডেকা গাধ, আৰু উত্তম দ্ৰাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধি, নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত, নিজ কাপোৰ দ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে।
12 Maso ake adzakhala akuda chifukwa cha vinyo, mano ake woyera chifukwa cha mkaka.
১২তাৰ চকু দ্ৰাক্ষাৰসেৰে ৰঙা, তাৰ দাঁত গাখীৰেৰে বগা।
13 “Zebuloni adzakhala mʼmphepete mwa nyanja; adzakhala pa dooko la sitima zapamadzi; malire ake adzafika ku Sidoni.
১৩জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।
14 “Isakara ali ngati bulu wamphamvu wogona pansi pakati pa makola.
১৪ইচাখৰ বলৱান গাধ; সি দুটা গঁৰালৰ মাজত শোৱে।
15 Ataona ubwino wake wa pamalo pake popumira ndi kukongola kwa dziko lake, iye anaweramutsa msana kuti anyamule katundu wake ndipo anasanduka wogwira ntchito ya ukapolo.
১৫সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
16 “Dani adzaweruza mwachilungamo anthu ake monga limodzi mwa mafuko a anthu a mu Israeli.
১৬দান ইস্ৰায়েলৰ এক ফৈদ হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব।
17 Dani adzakhala ngati njoka ya mʼmphepete mwa msewu, songo yokhala mʼnjira imene imaluma chidendene cha kavalo kuti wokwerapoyo agwe chagada.
১৭দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব।
18 “Ndikuyembekeza chipulumutso chanu Yehova.
১৮হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ।
19 “Gadi adzachitidwa chiwembu ndi gulu la amaliwongo, koma iye adzawathamangitsa.
১৯গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।
20 “Dziko la Aseri lidzabereka chakudya chokoma, ndipo iye adzapereka chakudya kwa mafumu.
২০আচেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব।
21 “Nafutali ali ngati mbawala yayikazi yokhala ndi ana okongola kwambiri.
২১নপ্তালী মুকলি হোৱা হৰিণ; সি মনোহৰ কথা কয়।
22 “Yosefe ali ngati mtengo wobereka zipatso, mtengo wobereka zipatso pafupi ndi kasupe, nthambi zake zimayanga pa chipupa cha mwala.
২২যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়।
23 Alenje a uta anamuchita chiwembu mwankhanza; anamuthamangitsa ndi mauta awo.
২৩ধনুৰ্দ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে, আৰু তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে;
24 Koma uta wake sunagwedezeke, ndi manja ake amphamvu aja analimbika, chifukwa cha mphamvu za Mulungu Wamphamvu wa Yakobo, chifukwa ali Mʼbusa ndi Thanthwe la Israeli.
২৪কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া, ইস্ৰায়েলৰ শিলা।
25 Chifukwa cha Mulungu wa makolo ako amene amakuthandiza; chifukwa cha Mulungu Wamphamvu, amene amakudalitsa ndi mvula yochokera kumwamba, ndi madzi otumphuka pansi pa nthaka, ndipo amakudalitsa pokupatsa ana ambiri ndi ngʼombe zambiri.
২৫কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব, কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্ব্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে, তোমাক আশীৰ্ব্বাদ কৰিব।
26 Madalitso a kholo lako ndi amphamvu kuposa madalitso a mapiri akale oposa zabwino za ku zitunda zamgonagona. Zonse izi zikhale pamutu pa Yosefe, pa mphumi pa wopatulika uja amene anapatulidwa pakati pa abale ake.
২৬মোৰ পূর্বপুৰুষসকলৰ আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু চিৰকালীয়া পৰ্ব্বতৰ সীমালৈকে বিয়পি গ’ল। সেয়ে যোচেফৰ মূৰত থকিব; ভায়েক- ককায়েকসকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব।
27 “Benjamini ali ngati mʼmbulu wolusa; umene mmawa umapha ndi kudya zofunkha, ndipo madzulo umagawa zofunkhazo,”
২৭বিন্যামীন পশু ছিৰি পেলাব পৰা ৰাংকুকুৰ। ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।”
28 Onse awa ndi mafuko khumi ndi awiri a Israeli, ndipo zimenezi ndi zomwe abambo awo ananena pamene anawadalitsa, kuwapatsa aliyense madalitso ake womuyenera iye.
২৮এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।
29 Kenaka Yakobo analamula ana ake nati: “Ine ndatsala pangʼono kufa. Tsono mukandiyike pamodzi ndi makolo anga mʼphanga la mʼmunda wa Efroni Mhiti.
২৯পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।
30 Ili ndi phanga la mʼmunda wa Makipela, pafupi ndi Mamre mʼdziko la Kanaani. Abrahamu anagula phangalo pamodzi ndi munda womwe kwa Efroni Mhiti kuti pakhale manda.
৩০সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল।
31 Kumeneko kunayikidwa Abrahamu ndi mkazi wake Sara, Isake ndi mkazi wake Rebeka ndipo ndinayikakonso Leya.
৩১সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ।
32 Munda ndi manda amene ali mʼmenemo zinagulidwa kwa Ahiti.”
৩২সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।”
33 Yakobo atamaliza kupereka malangizo kwa ana ake, anabwezera miyendo yake pa bedi, namwalira ndipo anakakhala ndi anthu a mtundu wake.
৩৩এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।

< Genesis 49 >