< Genesis 43 >
1 Njala inakula kwambiri mʼdzikomo.
১কনান দেশত আকালে ভয়ানক ৰূপ লৈ উঠিল।
2 Tsono atatha kudya tirigu yense amene anakatenga ku Igupto, Yakobo anati kwa ana ake aja, “Pitani kuti mukatigulire chakudya china pangʼono.”
২মিচৰ দেশৰ পৰা কিনি অনা শস্য খাই শেষ হোৱাত, তেওঁলোকৰ বাপেকে ক’লে, “তোমালোকে আকৌ যোৱা আৰু আমাৰ বাবে কিছুমান শস্য কিনি আনাগৈ।”
3 Koma Yuda anati kwa iye, “Munthu uja anatichenjeza monenetsa kuti, ‘Simudzandionanso ine pokhapokha mutabwera ndi mngʼono wanu.’
৩যিহূদাই তেওঁক ক’লে, “সেই পুৰুষে আমাক দৃঢ়ভাৱে সতর্ক কৰি দি কৈছিল যে, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা।’
4 Mukalola kuti mngʼono wathuyu apite nafe, ndiye ife tidzapita kukakugulirani chakudya.
৪এতিয়া তুমি যদি আমাৰ ভাইক আমাৰ লগত পঠোৱা, তেতিয়াহে আমি নামি গৈ তোমাৰ কাৰণে শস্য কিনি আনিম।
5 Koma mukapanda kumulola, ife sitipita, chifukwa munthuyo anatiwuza kuti, ‘Simudzandionanso pokhapokha mutabwera ndi mngʼono wanuyo.’”
৫কিন্তু যদি নপঠোৱা, তেন্তে আমি নাযাওঁ; কিয়নো সেই লোকে আমাক কৈছিল, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা’।”
6 Tsono Israeli anafunsa kuti, “Bwanji inu munandiputira mavuto oterewa pomuwuza munthuyo kuti muli ndi mʼbale wanu wina?”
৬ইস্ৰায়েলে ক’লে, “তোমালোকে মোলৈ কিয় এনে দুর্ব্যৱহাৰ কৰিলা? তোমালোকৰ যে এজন ভাই আছে সেই কথানো লোকজনক কিয় ক’লা?”
7 Iwo anayankha, “Munthuyo ankangofunsafunsa za ife ndi za banja lathu. Iye anatifunsa kuti, ‘Kodi abambo anu akanali ndi moyo? Kodi muli ndi mʼbale wanu wina?’ Ife tinkangoyankha mafunso ake. Ife tikanadziwa bwanji kuti adzanena kuti, ‘Mubwere naye kuno mʼbale wanu’?”
৭তেওঁলোকে ক’লে, “সেই লোকজনে আমাৰ আৰু আমাৰ পৰিয়ালৰ সম্বন্ধে পুংখানুপুংখভাবে সুধিছিল; তেওঁ সুধিছিল, ‘তোমালোকৰ পিতা এতিয়াও জীয়াই আছে নে? তোমালোকৰ আৰু কোনো ভাই আছে নে?’ আমিও তেওঁৰ প্রশ্নবোৰৰ উত্তৰ সেইদৰেই দিছিলোঁ; পাছত তেওঁ যে আমাক ‘তোমালোকৰ ভাইক লৈ আনা’ বুলি ক’ব অামি কেনেকৈ জানিম?”
8 Ndipo Yuda anati kwa Israeli abambo ake, “Muloleni mnyamatayo apite ndi ine, ndipo tinyamuka nthawi yomweyo, kuti ife ndi inu pamodzi ndi ana athu tikhale ndi moyo.
৮তেতিয়া যিহূদাই পিতৃ ইস্ৰায়েলক ক’লে, “আপুনি বিন্যামীনক মোৰ লগত পঠাওঁক; আমি, আপুনি আৰু আমাৰ সন্তানবোৰেৰে সৈতে উভয়ে যেন নমৰি জীয়াই থাকিম, তাৰ বাবে আমি সোনকালে ওলাই যাওঁহক।
9 Ine ndidzipereka kuti ndikhale chikole cha moyo wa mnyamatayu. Ine ndidzamuteteza. Ngati sindibwera naye ndi kumupereka kwa inu, ndidzakhala wolakwa pamaso panu moyo wanga wonse.
৯মই বিন্যামীনৰ বাবে জামিন হৈছোঁ। বিন্যামীনৰ দায়িত্বক লৈ আপুনি মোকে জগৰীয়া কৰিব। মই যদি তাক ঘূৰাই আনি আপোনাৰ সন্মুখলৈ নানো, তেন্তে চিৰকাল মই আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
10 Mmene zililimu, tikanapanda kuchedwa, bwenzi titapita ndi kubwerako kawiri.”
১০আমি যদি ইমান পলম নকৰিলোঁ হয়, ইতিমধ্যে আমি দ্বিতীয়বাৰো ঘূৰি আহিব পাৰিলোহেঁতেন।”
11 Tsono abambo awo Israeli anawawuza kuti, “Ngati pafunika kutero, ndiye muchite izi: Ikanimo zipatso zabwino kwambiri za dziko lino mʼmatumba mwanu ndi kumutengera munthuyo ngati mphatso. Mumutengere mafuta wopaka pangʼono, uchi pangʼono, mafuta wonunkhiritsa chakudya, mule, mtedza ndi alimoni.
১১তেওঁলোকৰ পিতৃ ইস্ৰায়েলে তেতিয়া ক’লে, “যদি সেয়ে কৰিব লাগে, তেন্তে এতিয়া এটা কাম কৰা। সেই লোকৰ কাৰণে উপহাৰ হিচাবে তোমালোকৰ নিজৰ নিজৰ বস্তাত এই দেশৰ সকলোতকৈ উত্তম দ্ৰব্যবোৰৰ কিছু কিছু লৈ যোৱা; যেনে, কিছু বিষ নিৰাময়ৰ মলম, মৌজোল, মা-মচলা, গন্ধৰস, পেস্তা আৰু বাদাম।
12 Mutenge ndalama zokwanira. Ndalama zina nʼzokamubwezera zija anakuyikirani mʼmatumba anu zija. Mwina anangolakwitsa.
১২তোমালোকৰ হাতত দুগুণ ধন লোৱা; কাৰণ তোমালোকৰ বস্তাৰ মুখত যি ধন তেওঁলোকে উভটাই দিলে, তাকো ঘূৰাই দিবলৈ লৈ যোৱা। হয়তো ভুলতে সেয়া তোমালোকক দিছিল।
13 Mutengeninso mngʼono wanuyu ndi kubwerera kwa munthuyo msanga.
১৩তোমালোকৰ ভাইক লৈ সোনকালে সেই লোকৰ ওচৰলৈ আকৌ যোৱাহঁক।
14 Ndipo Mulungu Wamphamvuzonse akuchitireni chifundo pamaso pa munthuyo kuti akamulole mʼbale wanu wina uja ndi Benjamini kuti abwerere ndi inu. Kukakhala kulira, ndine wolira basi.”
১৪সেই লোক জনে তোমালোকক যেন দয়া কৰে, সৰ্ব্বশক্তিমান ঈশ্বৰে ইয়াকে কৰক আৰু তোমালোকৰ আনজন ভাই চিমিয়োন আৰু বিন্যামীনক তোমালোকলৈ এৰি দিয়ে। মই যদি পুত্রহীনৰ শোক ভুগিব লগাই হয়, তেন্তে তেনেকৈয়ে থাকিম।”
15 Choncho abale aja anatenga mphatso, ndalama zokwanira ndi Benjamininso. Iwo anafulumira kupita ku Igupto ndipo anakaonekera kwa Yosefe.
১৫তেতিয়া তেওঁলোকে সেই উপহাৰ, হাতত দুগুণ ধন আৰু বিন্যামীনক লগত লৈ মিচৰ দেশলৈ নামি গ’ল, আৰু তেওঁলোক যোচেফৰ সন্মুখত উপস্থিত হ’ল।
16 Yosefe ataona Benjamini ali pamodzi ndi abale ake, anati kwa wantchito wa mʼnyumba mwake, “Atengereni anthu awa ku nyumba kwanga, ndipo uphe nyama ndi kukonza bwino chakudya popeza amenewa adya ndi ine masana ano.”
১৬তাতে তেওঁলোকৰ লগত বিন্যামীনক দেখি, যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক ক’লে, “এই লোকসকলক ঘৰৰ ভিতৰলৈ লৈ আহা আৰু এটা পশু মাৰি আহাৰ যুগুত কৰা; এই লোকসকলে দুপৰীয়া মোৰ সৈতে ভোজন কৰিব।”
17 Wantchitoyo anachita monga momwe Yosefe ananenera, ndipo anawatengera abale aja ku nyumba kwa Yosefe.
১৭যোচেফে যিদৰে ক’লে, ঘৰগিৰীয়ে সেইদৰেই কৰিলে; তেওঁ তেওঁলোকক যোচেফৰ ঘৰলৈ লৈ আহিল।
18 Tsono anthu aja anachita mantha ataona kuti akuwatengera ku nyumba kwa Yosefe. Mʼmaganizo awo ankanena kuti, “Atibweretsa kuno chifukwa cha ndalama zija zinabwezeredwa mʼmatumba athu poyamba paja. Ameneyu akufuna kuti atipanikize ndi kutigwira ukapolo natilanda abulu athu.”
১৮যোচেফৰ ঘৰলৈ তেওঁলোকক লৈ যোৱাৰ বাবে তেওঁলোকে ভয়তে কোৱাকুই কৰি ক’লে, “আগৰ বাৰত যি ধন আমাৰ বস্তাৰ ভিতৰত উভটি গ’ল, তাৰ কাৰণেই আমাক তালৈ লৈ আনিছে নেকি; এইবাৰ হয়তো আমাৰ বিৰুদ্ধে দোষ বিচাৰি তেওঁ আমাক বন্দী কৰি থ’ব আৰু আমাৰ গাধবোৰকো লৈ আমাক তেওঁৰ দাস কৰি ৰাখিব।”
19 Choncho atafika pa khomo la nyumba ya Yosefe anamuyandikira wantchito wa Yosefe nayankhula naye kuti,
১৯সেয়ে তেওঁলোকে যোচেফৰ ঘৰৰ দুৱাৰ মুখত ঘৰগিৰীজনৰ কাষলৈ গ’ল।
20 “Pepani mbuye wathu, ife tinabweranso ulendo woyamba kudzagula chakudya
২০তেওঁলোকে ক’লে, “মালিক, আমি ইয়াৰ আগেয়েও প্রথমবাৰ শস্য কিনিবলৈ আহিছিলোঁ;
21 koma titafika pa malo ena kuti tigone, tinatsekula matumba athu ndipo aliyense wa ife anapeza ndalama zake momwe zinalili zili pakamwa pa thumba lake. Ndiye tabwerera nazo.
২১কিন্তু উলটি যোৱাৰ পথত বিশ্রামৰ ঠাই পোৱাত আমি আমাৰ বস্তা মেলোতেই দেখিলোঁ যে, আমাৰ সম্পূর্ণ ধন প্ৰতিজনৰ বস্তাৰ মুখত আছিল; আমি এতিয়া সেই ধন উভটাই আনিছোঁ।
22 Tabweretsanso ndalama zina kuti tigule chakudya. Sitikudziwa kuti kaya ndani anayika ndalamazo mʼmatumba athu.”
২২ইয়াৰ উপৰিও আমি শস্য কিনিবলৈ লগত ধন আনিছোঁ। আমাৰ সেই ধন আমাৰ বস্তাৰ ভিতৰত কোনে যে সুমুৱাই দিছিল, তাক আমি নাজানো।”
23 Koma iye anati, “Mitima yanu ikhale pansi ndipo musachite mantha. Mulungu wanu, Mulungu wa abambo anu, anakuyikirani chumacho mʼmatumba anu. Ine ndinalandira ndalama zanu.” Ndipo anakawatulutsira Simeoni.
২৩সেই ঘৰগিৰীয়ে তেতিয়া কলে, “আপোনালোকে ভয় কৰিব নালাগে, শান্তি মনেৰে থাকক। আপোনালোকৰ আৰু আপোনালোকৰ পিতৃৰ ঈশ্বৰেই নিশ্চয়কৈ সেই ধন আপোনালোকৰ বস্তাত ৰাখিছিল। মই কিন্তু আপোনালোকৰ ধন পালোঁ।” পাছত ঘৰগিৰীজনে চিমিয়োনক বাহিৰ কৰি তেওঁলোকৰ ওচৰলৈ আনিলে।
24 Wantchito uja anawalowetsa anthuwo mʼnyumba ya Yosefe, nawapatsa madzi kuti asambe mapazi awo. Anadyetsanso abulu awo.
২৪তাৰ পাছত ঘৰগিৰীয়ে সেই সকলো লোকক যোচেফৰ ঘৰৰ ভিতৰলৈ লৈ গৈ পানী দিলে আৰু তেওঁলোকে নিজৰ ভৰি ধুলে; তেওঁ তেওঁলোকৰ গাধবোৰকো খাবলৈ দিলে।
25 Abale aja anakonzeratu mphatso zawo zija kuti adzapereke kwa Yosefe, popeza anamva kuti Yosefe adzadya komweko masana.
২৫যোচেফ দুপৰীয়া আহিব বুলি তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ যুগুত কৰি ৰাখিলে। কিয়নো তেওঁলোকে শুনিছিল যে তেওঁলোকৰ খোৱা-বোৱা তাতেই হ’ব।
26 Yosefe atafika ku nyumbako, iwo anapereka mphatso zija namuweramira pansi.
২৬যোচেফ যেতিয়া ঘৰলৈ আহিল, তেতিয়া তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ ঘৰৰ ভিতৰলৈ আনি তেওঁক দিলে আৰু মাটিত উবুৰি হৈ পৰি তেওঁক প্ৰণিপাত কৰিলে।
27 Yosefe anawafunsa za moyo wawo kenaka anati, “Kodi abambo anu wokalamba amene munkandiwuza aja ali bwanji? Ali ndi moyobe?”
২৭তেওঁলোকৰ কুশল মঙ্গল জনাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ বৃদ্ধ পিতাৰ কথা যে তোমালোকে কৈছিলা, তেওঁ ভালে আছে নে? তেওঁ এতিয়ালৈকে জীয়াই আছে নে?”
28 Iwo anayankha kuti, “Mtumiki wanu abambo athu akanali ndi moyo ndipo ali bwino.” Ndipo anamugwadira namuweramira pansi.
২৮তেওঁলোকে ক’লে, “আপোনাৰ দাস আমাৰ পিতৃ এতিয়াও জীয়াই আছে আৰু তেওঁ ভালে আছে।” এই বুলি তেওঁলোকে উবুৰি হৈ প্ৰণিপাত কৰিলে।
29 Pomwazamwaza maso Yosefe anaona Benjamini, mʼbale wake weniweni wa bere limodzi, ndipo anafunsa, “Kodi uyu ndiye mʼbale wanu wamngʼono kwambiri amene munkandiwuza uja?” Kenaka anati, “Ambuye akukomere mtima mwana wanga.”
২৯তেতিয়া তেওঁ চকু তুলি নিজ মাকৰ পুতেক ভায়েক বিন্যামীনক দেখি ক’লে, “এওঁৱেই নেকি তোমালোকৰ সেই সৰু ভাই, যি জনৰ কথা তোমালোকে মোক কৈছিলা?” তেওঁ তাক ক’লে, “বোপা, ঈশ্বৰে তোমাক আশীর্বাদ কৰক।”
30 Kenaka Yosefe anafulumira kutuluka chifukwa mtima wake unadzaza ndi chifundo cha mngʼono wake ndipo anafuna kulira. Tsono anakalowa mʼchipinda chakechake nakalira kumeneko.
৩০নিজ ভায়েকক দেখি মৰমতে যোচেফৰ অন্তৰ শোকত ভাগি পৰিল। তেওঁ কান্দিবলৈ ঠাই বিচাৰি বেগাবেগিকৈ সেই ঠাইৰ পৰা ওলাই গ’ল আৰু নিজৰ কোঁঠালিত সোমাই কান্দিবলৈ ধৰিলে।
31 Atatha kupukuta misozi mʼmaso mwake anatuluka, ndipo modzilimbitsa analamula kuti chakudya chibwere.
৩১পাছত তেওঁ নিজৰ চকু-মুখ ধুই বাহিৰলৈ আহিল আৰু নিজকে নিয়ন্ত্রণ কৰি আহাৰ পৰিবেশন কৰিবলৈ ক’লে।
32 Anamupatsira Yosefe chakudya payekha, abale ake aja pawokha, ndiponso Aigupto amene ankadya pamodzi ndi iye nawonso pawokha. Izi zinali choncho chifukwa Aigupto ankanyansidwa kudya pamodzi ndi Ahebri.
৩২তেতিয়া দাসবোৰে যোচেফক, তেওঁৰ ভায়েক-ককায়েকসকলক আৰু যি মিচৰীয়সকলে যোচেফৰ লগত ভোজন কৰে, তেওঁলোকক বেলেগ বেলেগকৈ খাবলৈ দিলে; কিয়নো মিচৰীয়সকলে ইব্ৰীয়াসকলৰ সৈতে খোৱা-বোৱা নকৰে; কাৰণ সেয়া মিচৰীয়সকলৰ কাৰণে এক ঘৃণনীয় কাৰ্য।
33 Abale aja anawakhazika patsogolo pa Yosefe. Iwo anawakhazika monga mwa mabadwidwe awo kuyambira woyamba kubadwa mpaka wotsirizira; ndipo ankangoyangʼanitsitsana modabwa.
৩৩ভায়েক-ককায়েকসকল যোচেফৰ সন্মুখত বয়স অনুসাৰে জ্যেষ্ঠৰ পৰা কনিষ্ঠজন বহিল। তাতে তেওঁলোক সকলোৱে একেলগে আচৰিত মানিলে।
34 Tsono ankawagawira chakudya kuchokera pa tebulo la Yosefe. Koma chakudya cha Benjamini chinkaposa cha ena onsewa kasanu. Motero anadya ndi kumwa mpaka kukhuta, ndipo anasangalala pamodzi ndi Yosefe.
৩৪তাৰ পাছত যোচেফে তেওঁৰ নিজৰ সন্মুখৰ আহাৰৰ পৰা কিছু ভাগ ভায়েক-ককায়েকসকলক দিবলৈ দিলে। কিন্তু আন সকলো ভায়েক-ককায়েকসকলৰ ভাগতকৈ বিন্যামীনক পাঁচ গুণ অধিক দিয়া হ’ল। এইদৰে তেওঁলোকে যোচেফৰ সৈতে ভোজন-পান কৰি আনন্দ কৰিলে।