< Genesis 42 >
1 Yakobo atamva kuti ku Igupto kuli tirigu, anati kwa ana ake, “Nʼchifukwa chiyani mukungoyangʼanana wina ndi mnzake?
১যেতিয়া যাকোবে মিচৰত শস্য আছে বুলি শুনা পালে, তেতিয়া তেওঁৰ পুত্ৰসকলক ক’লে, “তোমালোকে ইজনে সিজনৰ মুখলৈ কিয় চোৱাচুই কৰি আছা?”
2 Ine ndamva kuti ku Igupto kuli tirigu. Pitani kumeneko mukatigulireko kuti tisafe ndi njala.”
২তেওঁ পুনৰ ক’লে, “চোৱা, মিচৰত শস্য আছে বুলি মই শুনিছোঁ; তোমালোকে তালৈ নামি গৈ, তাৰ পৰা আমাৰ বাবে শস্য কিনি আনাগৈ; তেতিয়াহে আমি নমৰি জীয়াই থাকিব পাৰিম।”
3 Choncho abale ake khumi a Yosefe anapita kukagula tirigu ku Igupto.
৩যোচেফৰ ককায়েক দহ জনে মিচৰৰ পৰা শস্য কিনি আনিবলৈ নামি গ’ল।
4 Koma Yakobo sanamulole Benjamini mngʼono wake wa Yosefe kuti apite nawo chifukwa anaopa kuti choyipa chingamuchitikire.
৪কিন্তু যোচেফৰ ভায়েক বিন্যামীনক হ’লে, যাকোবে ককায়েকসকলৰ লগত নপঠালে; কিয়নো তেওঁ ক’লে, “কিজানি তাৰ কিবা বিপদ ঘটে।”
5 Choncho ana a Israeli aja anapita pamodzi ndi gulu la anzawo kukagula tirigu pakuti ku Kanaani kunalinso njala.
৫এইদৰে শস্য কিনিবলৈ যোৱা মানুহবোৰৰ লগত ইস্ৰায়েলৰ পুত্ৰসকল গ’ল; কিয়নো কনান দেশত আকাল হৈছিল।
6 Pakuti Yosefe anali nduna yayikulu yolamulira dziko la Igupto, ndiye kuti analinso amene ankagulitsa tirigu kwa anthu onse. Choncho abale ake a Yosefe nawonso anabwera, ndipo anamugwadira pansi.
৬সেই সময়ত যোচেফ মিচৰ দেশৰ অধ্যক্ষ আছিল। তেৱেঁই দেশৰ সকলো লোকক শস্য বেচিছিল। যেতিয়া যোচেফৰ ককায়েকসকলে গৈ তেওঁৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে,
7 Yosefe atangowaona abale ake anawazindikira, koma ananamizira kukhala ngati mlendo nawayankhula mwaukali kuwafunsa kuti, “Mwachokera kuti?” Iwo anayankha, “Ku dziko la Kanaani, tikudzagula chakudya.”
৭তেতিয়া যোচেফে তেওঁৰ ককায়েকসকলক দেখি চিনি পালে; কিন্তু তেওঁ অচিনাকিৰ দৰে ব্যৱহাৰ কৰিলে আৰু কঠোৰভাৱে তেওঁলোকৰ লগত কথা পাতিলে। তেওঁ তেওঁলোকক সুধিলে, “তোমালোক ক’ৰ পৰা আহিছা?” তেওঁলোকে ক’লে, “কনান দেশৰ পৰা শস্য কিনিবলৈ আহিছোঁ।”
8 Ngakhale Yosefe anawazindikira abale ake, koma iwo sanamuzindikire.
৮এইদৰে যোচেফে ককায়েকসকলক চিনি পালে, কিন্তু তেওঁলোকে হ’লে ভায়েকক চিনি নাপালে।
9 Pamenepo anakumbukira maloto aja amene analota za iwo ndipo anati, “Inu ndinu akazitape! Mwabwera kudzazonda dziko lathu kuti muone pamene palibe chitetezo.”
৯যোচেফে তেওঁলোকৰ সম্বন্ধে যি সপোন দেখিছিল, সেই কথা তেতিয়া তেওঁৰ মনত পৰিল। তেওঁ তেওঁলোকক ক’লে, “তোমালোক গুপ্তচৰ। আমাৰ দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে তোমালোক আহিছা।”
10 Iwo anayankha, “Ayi mbuye wathu, antchito anufe tabwera kudzagula chakudya.
১০তেওঁলোকে তেওঁক ক’লে, “নহয়, মোৰ প্ৰভু; আপোনাৰ এই দাস সকলে শস্য কিনিবলৈহে আহিছোঁ।
11 Tonse ndife ana a munthu mmodzi. Ndife antchito anu okhulupirika osati akazitape.”
১১আমি সকলো এজন লোকৰে পুত্র; আমি সৎ মানুহ। আপোনাৰ দাসবোৰ গুপ্তচৰ নহয়।”
12 Iye anawawuza kuti, “Ayi! Inu mwabwera kudzaona pamene palibe chitetezo mʼdziko muno.”
১২তেতিয়া যোচেফে তেওঁলোকক ক’লে, “নহয়, তোমালোকে দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে আহিছা।”
13 Koma iwo anayankha, “Tinalipo ana aamuna khumi ndi awiri. Abambo athu ndi mmodzi, ndipo kwathu ndi ku Kanaani. Panopo wotsiriza ali ndi abambo athu ndipo wina anamwalira.”
১৩কিন্তু তেওঁলোকে ক’লে, “আপোনাৰ দাস আমি ভাই ককাই বাৰজন; আমি কনান দেশৰ বাসিন্দা এজন লোকৰেই সন্তান; আমাৰ সকলোতকৈ সৰু ভাইটো বর্তমান পিতাৰ ওচৰত আছে আৰু আন এজন ভাই জীৱিত নাই।”
14 Yosefe anawawuza kuti, “Ndi momwe ndaneneramo: Inu ndinu akazitape.
১৪যোচেফে তেওঁলোকক ক’লে, “মই তোমালোকৰ বিষয়ে যি কৈছোঁ, সেয়াই ঠিক; তোমালোক গুপ্তচৰ।
15 Ndiye ndikuyesani motere: Ine ndikulumbira pali Farao ndithu, inuyo simudzachoka malo ano mpaka wotsirizayo atabwera kuno.
১৫ইয়াৰেই তোমালোকক পৰীক্ষা কৰা হ’ব - তোমালোকৰ সৰু ভাই যেতিয়ালৈকে ইয়ালৈ নাহে, তেতিয়ালৈকে তোমালোকে এই ঠাই এৰি যাব নোৱাৰিবা। এই কথা মই ফৰৌণৰ জীৱনৰে শপত খাই কৈছো।
16 Tumizani mmodzi wa inu akamutenge mʼbale wanuyo ndipo ena nonsenu musungidwa mʼndende, kuti titsimikize ngati zimene mukunenazi ndi zoona. Apo ayi, pali Farao ndithu, inu ndinu akazitape!”
১৬সৰু ভাইক আনিবলৈ তোমালোকৰ মাজৰ পৰা এজনক পঠাই দিয়া আৰু আন সকলো বন্দী হৈ থাকা। তাতে তোমালোকৰ কথা সত্য হয় নে নহয়, প্রমাণিত হ’ব। নহ’লে, ফৰৌণৰ জীৱনৰে শপত, তোমালোক যে গুপ্তচৰ, ই নিশ্চিত।”
17 Ndipo onse anawayika mʼndende kwa masiku atatu.
১৭এইবুলি কৈ যোচেফে তিনি দিনলৈকে তেওঁলোক সকলোকে কাৰাগাৰত বন্দী কৰি হ’ল।
18 Pa tsiku lachitatu Yosefe anawawuza kuti, “Popeza ine ndimaopa Mulungu, ndipo inuyo ngati mukufuna kukhala ndi moyo muchite izi:
১৮তৃতীয় দিনা যোচেফে তেওঁলোকক ক’লে, “তোমালোকে মই কোৱাৰ দৰে কৰি প্রাণ ৰক্ষা কৰা; কিয়নো মই ঈশ্বৰ ভয়কাৰী লোক হওঁ।
19 Ngati muli anthu achilungamo, mmodzi wa inu atsale mʼndende, pamene ena nonse mupite kwanu kuti muwatengere chakudya anthu akwanu kuli njalako.
১৯তোমালোক যদি সঁচাই সৎ লোক হোৱা, তেন্তে তোমালোকৰ ভাইসকলৰ মাজৰ পৰা এজন এই কাৰাগাৰত বন্দী হৈ থাকক; বাকী সকলোৱে তোমালোকৰ ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লৈ যাওক।
20 Mukabwere naye kuno mngʼono wanu wotsirizayo kuti titsimikizire zimene munanena kuti musafe.” Ndipo anachita zomwezo.
২০তোমালোকৰ কথা সত্য বুলি প্রমাণ হ’বৰ কাৰণে সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়াহে তোমালোকৰ প্রাণ ৰক্ষা পাব।” তাতে তেওঁলোকে সেইদৰে কৰিলে।
21 Iwo anati kwa wina ndi mnzake, “Ndithu ife tinalakwira mʼbale wathu uja popeza kuti ngakhale tinaona kuvutika kwake ndi kumva kulira kwake pamene ankatidandaulira kuti timuchitire chifundo, koma ife sitinamvere. Nʼchifukwa chake masautso awa atigwera.”
২১তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “বাস্তৱিকতে আমাৰ ভাইৰ বিষয়টোত আমি দোষী; সি যেতিয়া আমাৰ আগত কাকুতি-মিনতি কৰিছিল, তেতিয়া তাৰ মনোকষ্ট দেখিও, আমি কাণসাৰ নিদিলোঁ। সেইবাবেই আমাৰ ওপৰত এই সঙ্কট আহিছে।”
22 Rubeni anayankha, “Kodi sindinakuwuzeni kuti musamuchite kanthu mnyamata uja? Koma inu simunamvere! Tsopano tikulandira malipiro a magazi ake.”
২২তেতিয়া ৰূবেণে তেওঁলোকক উত্তৰ দি ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘ল’ৰাটোৰ প্রতি অন্যায় কৰি পাপ নকৰিবা,’ তথাপিও তোমালোকে নুশুনিলা; এতিয়া চোৱা, আমি তাৰ ৰক্তপাতৰ পৰিশোধ সাধিব লগা হৈছে।”
23 Koma sanadziwe kuti Yosefe ankawamva popeza kuti ankagwiritsa ntchito wotanthauzira poyankhula naye.
২৩যোচেফে যে তেওঁলোকৰ কথাবোৰ বুজি পাইছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে; কিয়নো দুভাষীৰ মাধ্যমেদিহে তেওঁ তেওঁলোকৰ সৈতে কথা-বতৰা হৈছিল।
24 Yosefe anapita pambali payekha kukalira. Kenaka anabweranso nadzayankhula nawo. Iye anatenga Simeoni namumanga iwo akuona.
২৪পাছত যোচেফে তেওঁলোকৰ ওচৰৰ পৰা গ’ল আৰু কান্দিবলৈ ধৰিলে। পুনৰ আহি তেওঁলোকৰ সৈতে কথাবার্তা হ’ল। তেওঁ তেওঁলোকৰ মাজৰ পৰা চিমিয়োনক বাচি ল’লে আৰু তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁক বান্ধিলে।
25 Yosefe analamula kuti awadzazire matumba awo ndi tirigu, awayikiremo ndalama zawo momwemo ndiponso awapatse chakudya cha panjira. Izi anawachitiradi.
২৫তাৰ পাছত যোচেফে নিজৰ দাসবোৰক আদেশ দিলে যেন তেওঁলোকৰ বস্তাবোৰত শস্য ভৰাই দিয়া হয় আৰু প্ৰতিজনে দিয়া ধন তাৰ বস্তাত ওভটাই দিয়া হয়; তাৰ উপৰিও যাত্রাৰ কাৰণে তেওঁলোকৰ প্রয়োজনীয় বস্তুবোৰো দিবলৈ আদেশ দিলে। তাতে তেওঁলোকৰ কাৰণে যোচেফে কোৱাৰ দৰেই সকলো কৰা হ’ল।
26 Abale a Yosefe aja anasenzetsa abulu awo tirigu amene anagula uja ndipo ananyamuka ulendo wawo.
২৬তাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গাধৰ পিঠিত শস্য বোজা তুলি লৈ তাৰ পৰা প্রস্থান কৰিলে।
27 Atafika pamalo pena poti agone, mmodzi mwa iwo anatsekula thumba lake kuti atapemo chakudya cha bulu wake. Atangomasula anaona kuti ndalama zake zili pakamwa pa thumba.
২৭পাছত বিশ্ৰামৰ ঠাই পাই তেওঁলোকৰ মাজৰ এজনে যেতিয়া নিজৰ গাধক দানা দিবলৈ বস্তা মেলিলে, তেতিয়া তেওঁ নিজৰ ধনখিনি দেখা পালে; ধনখিনি বস্তাৰ মুখতে আছিল।
28 Iye anati kwa abale akewo, “Ndalama zanga andibwezera, izi zili mʼthumba mwangamu.” Mitima yawo inachita ngati yachokamo ndipo anali ndi mantha ambiri, nati, “Ndi chiyani chimene Mulungu watichitira?”
২৮তাতে তেওঁ ভায়েক-ককায়েকসকলক ক’লে, “এই চোৱাহি, মোৰ ধনখিনি উভটাই দিছে। এয়া চোৱা, মোৰ বস্তাতেই সেই ধন আছে।” তেতিয়া তেওঁলোকৰ প্ৰাণ উড়ি গ’ল। তেওঁলোকে ভয়তে কঁপি কঁপি ইজনে সিজনৰ ফালে ঘূৰি ক’লে, “ঈশ্বৰে নো আমালৈ এইটো কি কৰিলে?”
29 Atafika kwa abambo awo Yakobo mʼdziko la Kanaani anafotokoza zonse zimene zinawachitikira nati,
২৯কনান দেশলৈ উলটি গৈ তেওঁলোকে তেওঁলোকৰ বাপেক যাকোবক তেওঁলোকলৈ যি যি ঘটিল সেই সকলোকে জনাই ক’লে,
30 “Nduna yayikulu ya mʼdzikomo inatiyankhula mwa ukali kwambiri ndipo inkatiyesa kuti ndife akazitape.
৩০“যি জন লোক সেই দেশৰ প্ৰভু, তেওঁ আমাৰ লগত অতি কর্কশভাৱে কথা পাতিছিল। তেওঁ ভাৱিছিল যে আমি সেই দেশত গুপ্তচৰ।
31 Koma tinamuwuza kuti, ‘Ndife anthu woona mtima osati akazitape.
৩১কিন্তু আমি তেওঁক কলোঁ, ‘আমি সৎ মানুহ, গুপ্তচৰ নহওঁ;
32 Ife tonse tinalipo ana aamuna khumi ndi awiri, abambo mmodzi. Mmodzi anamwalira, ndipo wamngʼono ali ndi abambo athu ku Kanaani.’”
৩২আমি ভাই-ককাই বাৰজন, একে পিতাৰে সন্তান; এজন জীৱিত নাই আৰু সকলোতকৈ সৰুটো এতিয়া পিতাৰ লগত কনান দেশত আছে।’
33 Ndipo nduna ija inati kwa ife, “Kuti ndidziwedi kuti ndinu anthu owona mtima muchite izi: Mmodzi mwa inu atsale ndi ine kuno, ndipo enanu mutenge chakudya ndi kubwerera kwanu kumene kuli njalako.
৩৩তেতিয়া সেই দেশৰ যি জন প্ৰভু, তেওঁ আমাক ক’লে, ‘‘বোলে, ইয়াৰ দ্বাৰায়েই মই জানিম যে তোমালোক সৎ মানুহ, সেয়ে তোমালোকৰ এজন ভাইক মোৰ লগত থৈ, ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লোৱা আৰু নিজ বাটে যোৱা।
34 Koma mundibweretsere wotsirizayo kuti ndidziwedi kuti sindinu akazitape koma anthu achilungamo. Kenaka ndidzakubwezerani mʼbale wanuyu ndipo mukhoza kuchita malonda mʼdzikoli.”
৩৪তোমালোকৰ সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়া মই জানিম যে, তোমালোক গুপ্তচৰ নোহোঁৱা, কিন্তু সৎ লোক। তেতিয়াহে মই তোমালোকৰ ভাইক তোমালোকলৈ মুকলি কৰি দিম আৰু তোমালোকে এই দেশত ব্যৱসায়-বাণিজ্য কৰিব পাৰিবা।”
35 Pamene amakhuthula matumba awo a tirigu aliyense anapeza kuti kathumba kake ka ndalama kali momwemo. Ataona zimenezi, iwo pamodzi ndi abambo awo anachita mantha kwambiri.
৩৫তাৰ পাছত তেওঁলোকে নিজৰ বস্তাবোৰ খালী কৰাৰ সময়ত দেখিলে যে, তেওঁলোক প্ৰত্যেকৰ ধনৰ টোপোলাও প্রত্যেকৰ বস্তাৰ ভিতৰত আছে; তাকে দেখি তেওঁলোক আৰু তেওঁলোকৰ পিতৃয়ে ভয় খালে।
36 Abambo awo Yakobo anawawuza kuti, “Mwandilanda ana anga ine. Yosefe anamwalira ndipo Simeoni palibenso, ndiye tsopano mukufuna mutengenso Benjamini. Zonsezi zandigwera ine!”
৩৬তেওঁলোকৰ পিতৃ যাকোবে তেওঁলোকক ক’লে, “তোমালোকে মোক সন্তানহাৰা কৰিছা। যোচেফ গ’ল, চিমিয়োনও নাই আৰু এতিয়া বিন্যামীনকো তোমালোকে লৈ যাব খুজিছা; এই সকলোবোৰ দুখ-কষ্ট মোৰ অহিতেই হৈছে।”
37 Koma Rubeni anati kwa abambo ake, “Ngati sindidzabwera naye kwa inu, mudzaphe ana anga aamuna awiri. Muperekeni mʼmanja mwangamu ndipo ndidzamusamala ndi kubwera naye kwa inu.”
৩৭ৰূবেণে তেওঁৰ পিতৃক ক’লে, “মই যদি বিন্যামীনক আপোনাৰ ওচৰলৈ উভটাই আনিব নোৱাৰো, তেন্তে আপুনি মোৰ দুই পুত্ৰকে বধ কৰিব। কেৱল বিন্যামীনক মোৰ হাতত শোধাই দিয়ক, মই পুনৰ তাক আপোনাৰ ওচৰলৈ ঘূৰাই আনিম।”
38 Koma Yakobo anati, “Mwana wanga sapita nanu kumeneko; mkulu wake anamwalira ndipo watsala yekha. Ngati choyipa chitamuchitikira pa ulendo mukupitawu, ndiye kuti ndi mmene ndakalambiramu inu mudzandipha ndi chisoni chotere.” (Sheol )
৩৮তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।” (Sheol )