< Eksodo 3 >

1 Tsono Mose amaweta ziweto za mpongozi wake Yetero, wansembe uja wa ku Midiyani. Tsiku lina iye anazitsogolera kupita ku chipululu ndipo anafika ku phiri la Mulungu lotchedwa Horebu.
মোচিৰ শহুৰ যিথ্ৰো মিদিয়নৰ পুৰোহিত আছিল, মোচিয়ে তেওঁৰ মেৰ-ছাগৰ জাক চৰাইছিল। তেতিয়া মোচিয়ে মৰুপ্রান্তৰ কাষদি মেৰ-ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল।
2 Kumeneko mngelo wa Yehova anaonekera kwa iye mʼmalawi amoto mʼchitsamba. Mose anaona kuti ngakhale chitsambacho chimayaka koma sichimanyeka.
সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
3 Tsono Mose anati mu mtima mwake, “Ine ndipita komweko ndikaone zodabwitsazi, chitsamba sichikunyeka chifukwa chiyani?”
তেতিয়া মোচিয়ে ক’লে, “মই এফলীয়া হৈ যাওঁ, আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই?”
4 Yehova ataona kuti Mose anapatuka kuti adzaonetsetse, Mulungu anamuyitana Mose kuchokera mʼchitsambamo nati, “Mose! Mose!” Ndipo anayankha, “Wawa.”
যেতিয়া যিহোৱাই দেখিলে যে, তেওঁক চাবলৈ মোচি এফলীয়া হৈ গৈছে, তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক’লে, “হে মোচি, হে মোচি।” তেওঁ ক’লে, “চাওঁক, মই ইয়াতে আছোঁ।”
5 Mulungu anati, “Usayandikire kuno. Vula nsapato zako, pakuti malo amene wayimapo ndi opatulika.”
যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।”
6 Mulungu anati, “Ine ndine Mulungu wa makolo ako, Mulungu wa Abrahamu, Mulungu wa Isake, ndi Mulungu wa Yakobo.” Atamva zimenezi, Mose anaphimba nkhope yake chifukwa anaopa kuona Mulungu.
তেওঁ পুনৰ ক’লে, “মই তোমাৰ পূর্বপুৰুসকলৰ ঈশ্বৰ; অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” তেতিয়া মোচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে।
7 Yehova anati, “Ine ndaona ndithu mazunzo a anthu anga amene ali ku Igupto. Ndamva kulira kwawo chifukwa cha anthu amene akuwapsinja, ndipo ndakhudzidwa ndi masautso awo.
যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
8 Choncho ndabwera kuti ndiwapulumutse mʼdzanja la Aigupto, kuwatulutsa mʼdzikolo ndi kukawalowetsa mʼdziko labwino ndi lalikulu, dziko loyenda mkaka ndi uchi, kwawo kwa Akanaani, Ahiti, Aamori, Aperezi, Ahivi ndi Ayebusi.
মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোলবৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
9 Ine ndamva ndithu kulira kwa Aisraeli, ndipo ndaona mmene Aigupto akuwazunzira.
এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।
10 Kotero tsopano, pita. Ine ndikukutuma kwa Farao kuti ukatulutse anthu anga, Aisraeli mʼdziko la Igupto.”
১০সেয়ে মোৰ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই এতিয়া তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।”
11 Koma Mose anafunsa Mulungu, “Ine ndine yani kuti ndipite kwa Farao ndi kukatulutsa Aisraeli mʼdziko la Igupto?”
১১কিন্তু মোচিয়ে ঈশ্বৰক ক’লে, “মইনো কোন যে, ফৰৌণৰ ওচৰলৈ গৈ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিম?”
12 Ndipo Mulungu anati, “Ine ndidzakhala nawe, ndipo ichi chidzakhala chizindikiro kwa iwe kuti ndine amene ndakutuma; Ukadzatulutsa anthu anga mʼdziko la Igupto, udzapembedza Mulungu pa phiri lino.”
১২ঈশ্বৰে উত্তৰ দি ক’লে, “অৱশ্যে মই তোমাৰ সঙ্গী হ’ম; আৰু মইয়ে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হ’ব যে, তুমি মিচৰৰ পৰা লোকসকলক উলিয়াই আনি, এই পৰ্ব্বততে তোমালোকে ঈশ্বৰৰ আৰধনা কৰিবা।”
13 Mose anati kwa Mulungu, “Ngati ndipita kwa Aisraeli ndi kukawawuza kuti, ‘Mulungu wa makolo anu wandituma kwa inu,’ ndipo iwo nʼkukandifunsa kuti ‘Dzina lake ndi ndani?’ Tsono ine ndikawawuze chiyani?”
১৩মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি?’ তেতিয়া মই কি উত্তৰ দিম?”
14 Mulungu anati kwa Mose, “NDINE AMENE NDILI. Izi ndi zimene ukanene kwa Aisraeli: ‘NDINE wandituma kwa inu.’”
১৪ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ তেৱেঁই মোক তোমালোকৰ ওচৰলৈ পঠালে।”
15 Mulungu anatinso kwa Mose, “Ukanene kwa Aisraeli kuti ‘Yehova, Mulungu wa makolo anu, Mulungu wa Abrahamu, Mulungu wa Isake, ndi Mulungu wa Yakobo, wandituma kwa inu.’ Ili ndilo dzina langa mpaka muyaya, ndipo mibado ya mʼtsogolomo izidzanditchula ndi dzina limeneli.
১৫ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
16 “Pita, ukawasonkhanitse akuluakulu a Israeli ndipo ukati kwa iwo, ‘Yehova, Mulungu wa makolo anu, Mulungu wa Abrahamu, Isake ndi Yakobo, anandionekera ndipo akuti Iye wadzakuyenderani ndipo waona mmene Aigupto akukuzunzirani.
১৬তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।
17 Choncho wanenetsa kuti adzakutulutsani mʼdziko la Igupto, dziko la masautsoli kupita ku dziko la Akanaani, Ahiti, Aamori Aperezi, Ahivi ndi Ayebusi, dziko loyenda mkaka ndi uchi.’
১৭মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।
18 “Akuluakulu a Israeli akakumvera. Kenaka iwe ndi akuluakuluwo mukapite kwa mfumu ya Igupto ndipo mukanene kuti, ‘Yehova, Mulungu wa Ahebri, wakumana nafe. Tsono tikukupemphani kuti mutilole tipite pa ulendo wa masiku atatu mʼchipululu kuti tikapereke nsembe kwa Yehova Mulungu wathu.’
১৮তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’
19 Koma Ine ndikudziwa kuti mfumu ya Igupto sikakulolani kuti mupite pokhapokha Ine nditayikakamiza.
১৯কিন্তু মই জানো, যেতিয়ালৈকে মিচৰৰ ৰজাক বাধ্য কৰোঁৱা নহয়, তেতিয়ালৈকে তেওঁ তোমালোকক যাব নিদিব।
20 Tsono Ine ndidzatambasula dzanja langa ndi kukantha Aigupto ndi zodabwitsa zanga zimene ndidzazichita pakati pawo. Zikadzatha izi, Iye adzakulolani kuti mupite.
২০মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।
21 “Ndipo ine ndidzafewetsa mtima wa Aigupto pa anthu anga, kotero kuti mukadzatuluka simudzapita wopanda kanthu.
২১মই মিচৰীয়াসকলৰ পৰা তোমালোকক অনুগ্ৰহপ্ৰাপ্ত কৰিম। সেয়ে তোমালোকে যোৱা সময়ত শুদা-হাতে যাব লগা নহ’ব।
22 Mkazi aliyense adzapemphe Mwigupto woyandikana naye ndiponso mkazi amene akukhala mʼnyumba yake, kuti amupatse ziwiya za siliva ndi golide ndiponso zovala zimene mudzaveka ana anu aamuna ndi aakazi. Ndipo potero mudzawalanda zonse Aiguptowo.”
২২প্ৰতি গৰাকী মহিলাই নিজৰ ওচৰ-চুবুৰীয়া, আৰু নিজৰ ঘৰৰ ওচৰত বাস কৰা মহিলা সকলৰ পৰা ৰূপ আৰু সোণৰ অলঙ্কাৰ আৰু বস্ত্ৰ খুজিবা; আৰু তোমালোকে সেইবোৰ নিজৰ লৰা-ছোৱালীক পিন্ধাবা; এই দৰে তোমালোকে মিচৰীয়া সকলক লুট কৰিবা।”

< Eksodo 3 >