< Danieli 5 >

1 Tsiku lina mfumu Belisazara anakonza phwando lalikulu la akalonga ake 1,000 ndipo anamwa vinyo pamodzi ndi iwo.
বহু বছৰৰ পাছত বেলচচৰ ৰজাই তেওঁৰ এক হাজাৰ প্ৰধান লোকৰ বাবে এটা বৰ ভোজ দিলে, আৰু সেই এক হাজাৰ লোকৰ সাক্ষাতে তেওঁ দ্ৰাক্ষাৰস পান কৰিলে।
2 Pamene Belisazara ankamwa vinyo, analamula kuti ziwiya zagolide ndi zasiliva zimene Nebukadinezara abambo ake anakatenga mʼNyumba ya Mulungu ku Yerusalemu zikatengedwe kuti mfumu ndi akalonga ake, akazi ake ndi azikazi amweremo.
বেলচচৰে দ্ৰাক্ষাৰস পান কৰি থাকোঁতে, যিৰূচালেম মন্দিৰৰ পৰা তেওঁৰ পিতৃ নবূখদনেচৰে অনা সোণৰ আৰু ৰূপৰ পাত্ৰবোৰত যাতে ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে পান কৰিব পাৰে, সেই বাবে সেই পাত্ৰবোৰ আনিবলৈ আজ্ঞা কৰিলে।
3 Choncho anabweretsa ziwiya zagolide zimene anazitenga mʼNyumba ya Mulungu; ndipo mfumu ndi akalonga ake, akazi ake ndi azikazi ake anamweramo.
যিৰূচালেমত থকা ঈশ্বৰৰ গৃহৰ মন্দিৰৰ পৰা অনা সেই সোণৰ পাত্ৰবোৰ দাস সকলে আনিলে। ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে সেই পাত্রবোৰত পান কৰিলে।
4 Akumwa vinyo, anatamanda milungu yagolide ndi siliva, yamkuwa, chitsulo, yamtengo ndi mwala.
তেওঁলোকে দ্ৰাক্ষাৰস পান কৰি তেওঁলোকৰ সোণ, ৰূপ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰৰ প্ৰশংসা কৰিলে।
5 Mwadzidzidzi zala za dzanja la munthu zinaonekera ndi kulemba pa khoma, pafupi ndi choyikapo nyale mʼnyumba yaufumu. Mfumu inapenyetsetsa dzanjalo pamene limalemba.
সেই মুহূৰ্ত্ততে মানুহৰ হাতৰ আঙুলি ওলাই দীপাধাৰৰ সন্মুখত দেখা দিলে, আৰু ৰাজ প্রাসাদৰ দেৱালত লিপা চূণৰ ওপৰত লিখিলে। লিখি থকাৰ সময়ত ৰজাই হাতৰ এটা অংশ দেখা পালে।
6 Nkhope yake inasandulika ndipo inachita mantha, nkhongono zii, mawondo gwedegwede.
তেতিয়া ৰজাৰ মুখ বিবৰ্ণ হ’ল, তেওঁ চিন্তাত ব্যাকুল হ’ল; তেওঁৰ অঙ্গ-প্রত্যঙ্গই ভাৰগ্রস্ত হ’ল, আৰু তেওঁৰ আঁঠু কঁপিবলৈ ধৰিলে।
7 Mfumu inafuwula kuyitana owombeza, alawuli ndi amawula kuti abwere. Ndipo anawawuza anthu anzeru a ku Babuloni kuti, “Aliyense amene awerenge malembawa ndi kundiwuza tanthauzo lake adzavekedwa chovala cha pepo ndi mkanda wa golide udzavekedwa mʼkhosi mwake, ndipo adzakhala wolamulira wachitatu mu ufumuwu.”
ৰজাই বৰকৈ চিঞৰী, মৃতলোকৰ লগত কথা পতা বুলি দাবী কৰা সকলক, জ্ঞানীলোকক, আৰু জ্যোতিষী সকলক আনিবলৈ আজ্ঞা দিলে। ৰজাই বাবিলত নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক ক’লে, “যি কোনোৱে ইয়াত লিখা কথা আৰু ইয়াৰ অৰ্থ মোক ব্যাখ্যা কৰি বুজাব, তেওঁক বেঙেনা বৰণীয়া বস্ত্র পিন্ধোৱা হ’ব, আৰু তেওঁৰ ডিঙিত সোণৰ হাৰ দিয়া হ’ব। তেওঁক ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ’ব।
8 Pamenepo anzeru onse a mfumu anabwera, koma sanakwanitse kuwerenga malembawo kapena kumutanthauzira mfumu.
তাৰ পাছত ৰজাৰ লোকসকল, যি নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত, তেওঁলোকে ভিতৰলৈ সোমাল; কিন্তু তেওঁলোকে সেই লিখা কথা পঢ়িব নোৱাৰিলে, বা ৰজাক তাৰ অৰ্থ ব্যাখ্যা কৰি বুজাবও নোৱাৰিলে।
9 Choncho mfumu Belisazara anachita mantha koposa ndipo nkhope yake inapitirira kusinthika. Akalonga ake anathedwa nzeru.
তেতিয়া ৰজা বেলচচৰ অতিশয় ব্যাকুল হ’ল, আৰু তেওঁৰ মুখ বিবৰ্ণ হ’ল। তাতে তেওঁৰ প্ৰধান লোকসকল বিহ্বল হ’ল।
10 Mfumukazi, pakumva mawu a mfumu ndi akalonga ake, analowa mʼchipinda cha phwando ndipo anati, “Mfumu mukhale ndi moyo wautali! Musavutike! Nkhope yanu isasinthike!
১০তেতিয়া ৰজা আৰু তেওঁৰ প্ৰধান লোকসকলৰ কথা শুনি, ৰাজমাতা ভোজৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল, ৰাজমাতাই ক’লে, “মহাৰাজ চিৰজীৱি হওক! আপোনাৰ চিন্তাই আপোনাক অশান্তি নকৰক, আৰু আপোনাৰ মুখ বিবৰ্ণ নহওক।
11 Pali munthu wina mu ufumu wanu uno amene mwa iye muli mzimu wa milungu yoyera. Pa nthawi ya ulamuliro wa abambo anu iye anapezeka kuti ali ndi chidziwitso, luntha ndi nzeru zonga za milungu. Mfumu Nebukadinezara, abambo anu, Ine ndikukuwuzani anamusankha iye kukhala mkulu wa amatsenga, owombeza, alawuli ndi amawula.
১১পবিত্ৰ দেৱতাবোৰৰ আত্মা থকা এজন মানুহ আপোনাৰ ৰাজ্যত আছে। আপোনাৰ পিতৃ থকা সময়ত জ্ঞান, বিবেচনা, আৰু দেৱতাবোৰৰ প্রজ্ঞাৰ দৰে প্রজ্ঞা তেওঁত বিচাৰি পোৱা গৈছিল। আপোনাৰ পিতৃ, ৰজা নবূখদনেচৰে, তেওঁক শাস্ত্রজ্ঞ, মৃতলোকৰ লগত কথা পতাসকল, জ্ঞানীলোক, আৰু জ্যোতিষী সকলৰ ওপৰত অধ্যক্ষ নিযুক্ত কৰিছিল।
12 Munthu ameneyu dzina lake ndi Danieli, koma mfumu inamutcha Belitesezara ndipo ali ndi nzeru zapadera, ndi wodziwa ndi kuzindikira zinthu, ndiponso luso lakutanthauzira maloto, kufotokozera miyambi ndi kuthetsa mavuto osautsa. Muyitaneni Danieli, ndipo adzakuwuzani chomwe mawuwa akutanthauza.”
১২তেওঁৰ অন্তৰত উত্তম আত্মা, বিবেচনা শক্তি, সপোনৰ ফলিতা ক’ব পৰা, নিগূঢ় বাক্য ব্যাখ্যা কৰিব পৰা, আৰু সমস্যা সামাধান কৰিব পৰা গুণ পোৱা গৈছিল; তেওঁৰ নাম দানিয়েল, ৰজাই তেওঁক বেলটচচৰ নাম দিছিল। এতিয়া সেই দানিয়েলক মতা হওক, আৰু তেৱেঁ আপোনাক ইয়াত কি লিখা আছে তাৰ অৰ্থ ক’ব।”
13 Choncho anabwera naye Danieli pamaso pa mfumu ndipo inati kwa iye, “Kodi ndiwe Danieli, mmodzi mwa akapolo omwe abambo anga mfumu anabwera nawo kuchoka ku Yuda?
১৩তাৰ পাছত দানিয়েলক ৰজাৰ ওচৰলৈ অনা হ’ল, ৰজাই দানিয়েলক ক’লে, “মোৰ পিতৃ মহাৰাজে যিহূদা দেশৰ পৰা অনা দেশান্তৰিত যিহূদী লোকসকলৰ মাজত যি দানিয়েল আছিল, সেই দানিয়েল আপুনিয়ে নে?
14 Ndamva kuti mzimu wa milungu uli mwa iwe ndi kuti uli ndi chidziwitso, luntha ndi nzeru zapadera.
১৪মই আপোনাৰ বিষয়ে শুনিছোঁ যে, আপোনাত দেৱতাবোৰৰ আত্মা আছে, আৰু জ্ঞান, বিবেচনা, আৰু উত্তম প্রজ্ঞা আপোনাত পোৱা যায়।
15 Anzeru ndi owombeza anabwera pamaso panga kuti awerenge zolembedwazi ndi kundiwuza tanthauzo lake koma sanakwanitse kundifotokozera.
১৫জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোক, আৰু মৃতলোকৰ সৈতে কথা পতা বুলি দাবী কৰা লোকসকলক ইয়াত কি লিখা আছে পঢ়ি ইয়াৰ অৰ্থ মোক বুজাবলৈ, মোৰ ওচৰলৈ অনা হৈছিল; কিন্তু তেওঁলোকে এই কথাখিনিৰ অৰ্থ বুজাব নোৱাৰিলে।
16 Tsopano ndamva kuti iwe ukhoza kupereka matanthauzo ndi kuthetsa mavuto. Ngati ungawerenge zolembedwazi ndi kundiwuza tanthauzo lake, udzavekedwa chovala cha pepo ndi kuyikidwa mkanda wa golide mʼkhosi mwako, ndipo udzakhala wolamulira wachitatu mu ufumu uno.”
১৬মই শুনিছোঁ যে, আপুনি অৰ্থ বুজাব পাৰে, আৰু সমস্যা সামাধান কৰিব পাৰে। সেয়ে এতিয়া যদি আপুনি এই লিখা কথাখিনি পঢ়িব পাৰিব, আৰু ইয়াৰ অৰ্থ মোক বুজাব পাৰিব, তেনেহ’লে আপোনাক বেঙেনা বৰণীয়া বস্ত্র পৰিধান কৰোঁৱা হ’ব, আপোনাৰ ডিঙিত সোণৰ হাৰ পিন্ধোৱা হ’ব, আৰু আপোনাক ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা দিয়া হ’ব।
17 Pamenepo Danieli anayankha mfumu kuti, “Inu musunge mphatso zanuzo kwa inu nokha ndipo mupereke mphothoyo kwa wina aliyense. Komabe ine ndi kuwerengerani malembawa mfumu; ndikukuwuzani tanthauzo lake.
১৭তেতিয়া দানিয়েলে ৰজাৰ সন্মুখত উত্তৰ দি ক’লে, “আপোনাৰ উপহাৰবোৰ নিজৰ বাবে ৰাখক, আৰু আপোনাৰ পুৰস্কাৰ আন লোকক দিয়ক। তথাপি মই মহাৰাজৰ আগত এই লিখা কথাখিনি পঢ়িম, আৰু ইয়াৰ অৰ্থ মহাৰাজক বুজাম।
18 “Inu mfumu, Mulungu Wammwambamwamba anapatsa abambo anu Nebukadinezara mphamvu ndi ukulu ndi ulemerero ndi ufumu.
১৮হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবূখদনেচৰক ৰাজ্য, মহিমা, মৰ্যদা, আৰু ঐশ্বৰ্য দিছিল।
19 Chifukwa cha udindo waukulu umene anapatsidwanso, anthu onse ndi mitundu ndi anthu aziyankhulo zosiyanasiyana ankanjenjemera ndikumuopa iye. Amene mfumu inafuna anawaphadi; amene inafuna kuwasunga, inawasunga; amene inafuna kuwakweza, inawakweza; ndipo amene inafuna kuwatsitsa, inawatsitsa.
১৯ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে, সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ সাক্ষাতে কঁপিছিল আৰু ভয় কৰিছিল। তেওঁ যিসকলক বধ কৰিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক বধ কৰিছিল, আৰু যিসকলক জীয়াই ৰাখিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক জীয়াই ৰাখিছিল। তেওঁ ইচ্ছা কৰা সকলক উন্নত কৰিছিল, আৰু যি সকলক ইচ্ছা কৰিছিল তেওঁলোকক নত কৰিছিল।
20 Koma pamene inayamba kudzitama ndi kuwumitsa mtima wake ndi kuyamba kunyada, inachotsedwa pa mpando wake waufumu ndi kulandidwa ulemerero wake.
২০যেতিয়া তেওঁৰ হৃদয় অহংকাৰী আৰু তেওঁৰ মন কঠিন হৈছিল, আৰু তেওঁ গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া তেওঁক ৰাজ সিংহাসনৰ পৰা নমোৱা হৈছিল, আৰু তেওঁলোকে তেওঁৰ পৰা তেওঁৰ ঐশ্বৰ্য কাঢ়ি লৈছিল।
21 Iyo inachotsedwa pakati pa anthu ndi kupatsidwa mtima ngati wa nyama; inakhala pamodzi ndi abulu akutchire ndi kudya udzu ngati ngʼombe; ndipo thupi lake linanyowa ndi mame akumwamba, mpaka pamene anavomereza kuti Mulungu Wammwambamwamba ndiye wolamulira maufumu a anthu ndipo amawupereka kwa aliyense amene Iye wafuna.
২১তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হৈছিল, তেওঁৰ হৃদয় জন্তুৰ সদৃশ হৈছিল, আৰু তেওঁ বনৰীয়া গাধৰ লগত বাস কৰিছিল, তেওঁ গৰুৰ দৰে ঘাঁহ খাইছিল, আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিছিল; মানুহৰ ৰাজ্যত যে, সৰ্ব্বোপৰি ঈশ্বৰে শাসন কৰে, আৰু যিজনক তেওঁ ইচ্ছা কৰে, সেই জনকে তাৰ ওপৰত নিযুক্ত কৰে, এই বিষয়ে তেওঁ নজনালৈকে সেই অৱস্থাত আছিল।
22 “Koma inu mwana wake, Belisazara, simunadzichepetse, ngakhale kuti mumadziwa zonsezi.
২২হে বেলচচৰ, আপুনি তেওঁৰেই পুত্ৰ, আপুনি এই সকলো জানিও, আপোনাৰ হৃদয় নম্ৰ কৰা নাই।
23 Mʼmalo mwake, mwadzikweza nokha kutsutsana ndi Ambuye wakumwamba. Inu mwatenga ziwiya za mʼNyumba mwake, ndipo inu ndi akalonga anu, akazi anu ndi azikazi anu mwamwera vinyo mu zimenezi. Inu munatamanda milungu yasiliva ndi golide, yamkuwa, chitsulo, mtengo ndi mwala, imene singaone kapena kumva kapena kuzindikira. Koma simunamupatse ulemu Mulungu amene asunga mʼmanja mwake moyo wanu ndi njira zanu zonse.
২৩স্বৰ্গৰ প্ৰভুৰ বিৰুদ্ধে আপুনি নিজকে উচ্চ কৰিলে, আৰু তেওঁৰ গৃহৰ পৰা পাত্রবোৰ তেওঁলোকে আপোনাৰ আগত আনিলে, আৰু আপুনি আৰু আপোনাৰ প্ৰধান লোকসকল, আপোনাৰ পত্নী আৰু উপপত্নীসকলে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে। যিবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, তেনে ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰক আপুনি প্ৰশংসা কৰিলে। আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনে জানে, সেই ঈশ্বৰক আপুনি সমাদৰ নকৰিলে।
24 Choncho Iye watumiza dzanja limene lalemba mawu amenewa.
২৪সেই বাবে ঈশ্বৰৰ সন্মুখৰ পৰা এখন হাত পঠালে, আৰু এই কথাখিনি লিখা হ’ল।
25 “Mawu amene analembedwa ndi awa: MENE, MENE, TEKELI, PARASINI.
২৫লিখা কথা খিনি এই, “মিনে, মিনে, তিকেল, উফৰ্চীন।”
26 “Zimene mawuwa akutanthauza ndi izi:
২৬কথাখিনিৰ অৰ্থ এই: মিনে, ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰি, তাৰ অন্ত কৰিলে;
27 Tekeli: Inu mwayesedwa pa sikelo ndipo mwapezeka kuti mukuperewera.
২৭তিকেল, আপোনাক তুলাচনীত জোখা হ’ল, আৰু কম পোৱা গ’ল;
28 Parasini: Ufumu wanu wagawidwa ndi kupatsidwa kwa Amedi ndi Aperezi.”
২৮পিৰেচ, আপোনাৰ ৰাজ্য ভাঙি মাদীয়া আৰু পাৰসীসকলক দিয়া হৈছে।”
29 Mwa lamulo la Belisazara, Danieli anavekedwa chovala cha pepo, mkanda wagolide unayikidwa mʼkhosi mwake, ndipo analengeza kuti anali wachitatu mu ulamuliro mu ufumuwo.
২৯তাৰ পাছত বেলচচৰে আজ্ঞা দিলে, আৰু তেওঁলোকে দানিয়েলক বেঙেনা বৰণীয়া বস্ত্ৰ, তেওঁৰ ডিঙিত সোণৰ হাৰ পিন্ধালে; আৰু ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ শাসকৰ ক্ষমতা তেওঁৰ থাকিব বুলি ৰজাই ঘোষণা কৰিলে।
30 Usiku womwewo Belisazara, mfumu ya anthu a ku Babuloni, inaphedwa,
৩০সেই ৰাতিয়েই কলদীয়াৰ ৰজা বেলচচৰক হত্যা কৰা হৈছিল।
31 ndipo Dariyo Mmedi analanda ufumuwo ali ndi zaka 62.
৩১তাৰ পাছত মাদীয়াৰ দাৰিয়াবচৰ প্ৰায় বাষষ্টি বছৰ বয়সত তেওঁ সেই ৰাজ্য পাইছিল।

< Danieli 5 >