< Machitidwe a Atumwi 27 >

1 Zitatsimikizika kuti tiyenera kupita ku Italiya pa sitima ya pa madzi, anamupereka Paulo pamodzi ndi a mʼndende ena kwa msilikali wolamulira asilikali 100, dzina lake Yuliyo, amene anali wa gulu la asilikali lotchedwa, Gulu la Mfumu.
পাছত যেতিয়া আমাৰ ইটালী দেশলৈ জাহাজেৰে যোৱাৰ কথা নিশ্চিত হ’ল, তেওঁলোকে পৌল আৰু অন্য কিছুমান কাৰাবন্দীক ৰাজাধিৰাজৰ সৈন্য দলৰ যুলিয় নামৰ এজন এশৰ সেনাপতিৰ হাতত শোধাই দিলে৷
2 Tinakwera sitima ya pamadzi yochokera ku Adramutiyo imene inali yokonzeka kale kupita ku madooko a ku Asiya, ndipo tinanyamuka. Aristariko, wa ku Makedoniya wa ku mzinda wa Tesalonika, anali nafe.
আদ্ৰামুত্তিয়ৰ পৰা আহি থকা এখন জাহাজত আমি উঠিলো৷ এই জাহাজ খন এচিয়া দেশৰ সমুদ্ৰ-পথৰ উপকূলৰ কাষে কাষে যাত্ৰা কৰাৰ কথা আছিল৷ তাতে আমাৰ লগত থিচলনীকী নগৰৰ মাকিদনিয়াৰ আৰিষ্টাৰ্খ আছিল৷
3 Mmawa mwake tinafika ku Sidoni; ndipo Yuliyo, mokomera mtima Paulo, anamulola kupita kwa abwenzi ake kuti akamupatse zosowa zake.
পাছদিনা আমি চীদোন নগৰৰ পাৰত নামিলো৷
4 Kuchokera kumeneko tinayambanso ulendo pa nyanja ndipo tinadutsa kumpoto kwa chilumba cha Kupro chifukwa mphepo imawomba kuchokera kumene ife timapita.
তাতে যুলিয়ই পৌলক দয়াৰে গণ্য কৰি বন্ধু-বান্ধৱ সকলৰ ওচৰলৈ গৈ প্ৰাণ জুৰাই আহিবলৈ দিলে৷ সেই ঠাইৰ পৰা আমি জলযাত্ৰা কৰি যাওঁতে সন্মুখত বতাহ পালোঁ, সেই বাবে কুপ্ৰ দ্ৱীপৰ কাষেদি যাবলৈ ললোঁ৷
5 Titawoloka nyanja mbali ya gombe la Kilikiya ndi Pamfiliya, tinakafika ku Mura, mzinda wa ku Lukia.
পাছত কিলিকিয়াৰ আৰু পাম্ফুলিয়াৰ সন্মুখত থকা সাগৰ পাৰ হৈ, লুকিয়া দেশৰ ‘মুৰা নগৰ’ পালোঁ৷
6 Kumeneko wolamulira asilikali 100 uja anapeza sitima ya pamadzi ya ku Alekisandriya imene imapita ku Italiya, ndipo anatikweza mʼmenemo.
সেই ঠাইতে এশৰ সেনাপতিয়ে, ইটালী দেশলৈ যোৱা আলেকজেন্দ্ৰিয়া নগৰৰ এখন জাহাজ লগ পোৱাত, আমাক তাতে তুলি দিলে৷
7 Tinayenda pangʼonopangʼono kwa masiku ambiri ndipo tinakafika kufupi ndi Knido movutikira. Pamene mphepo sinatilole kupitirira ulendo wathu molunjika, tinadzera kummwera kwa chilumba cha Krete, moyangʼanana ndi Salimoni.
এনেদৰে বহু দিন লাহে লাহে গৈ, কোনো প্ৰকাৰে ক্লীদৰ ওচৰ পালোঁ, তাতে বতাহে আমাক বাধা দিয়াত আগুৱাই যাব নোৱাৰি, ক্ৰীতী দ্ৱীপৰ সুৰক্ষিত এলেকাৰ কাষে কাষে চল্‌মোনীৰ সন্মুখেদি আহি,
8 Timayenda movutikira mʼmbali mwa chilumbacho ndipo tinafika pa malo wotchedwa Madooko Okoma, pafupi ndi mzinda wa Laseya.
কোনো প্ৰকাৰে সুন্দৰ ঘুলি নামেৰে এখন ঠাই পালোঁ; এই ঠাইৰ ওচৰত লাচেয়া নগৰ আছিল৷
9 Tinataya nthawi yayitali, ndipo kuyenda pa nyanja kunali koopsa chifukwa nʼkuti tsopano nthawi yosala kudya itapita kale. Choncho Paulo anawachenjeza kuti,
এইদৰে বহু সময় নষ্ট হ’ল আৰু আমাৰ সমুদ্ৰ-যাত্ৰাও অতি বিপদজ্জনক হৈ উঠিছিল; ইয়াৰ উপৰি আমাৰ উপবাস পর্বৰ দিনো পাৰ হৈ গ’ল, সেয়েহে পৌলে তেওঁলোকক পৰামর্শ দিব ধৰিলে;
10 “Anthu inu, ine ndikuona kuti ulendo wathuwu ukhala woopsa ndipo katundu ndi sitima ziwonongeka, ngakhalenso miyoyo yathu.”
১০তেওঁ ক’লে যে, “হে লোকসকল, মই দেখিছোঁ যে এই যাত্ৰাত আমাৰ বিপদ আৰু বহু ক্ষতি হব; ইয়াত আমাৰ অকল সামগ্ৰী আৰু জাহাজৰে নহয়; আনকি আমাৰ প্ৰাণো সংকটত পৰিব৷”
11 Koma wolamulira asilikali 100 uja, mʼmalo momvera zimene Paulo amanena, anatsatira malangizo a woyendetsa sitimayo ndiponso mwini wa sitimayo.
১১কিন্তু এশৰ সেনাপতিয়ে পৌলে কোৱা কথাতকৈ জাহাজৰ পথ নির্মাণ কৰা লোক জনৰ আৰু জাহাজৰ গৰাকীৰ কথাতহে বেছি গুৰুত্ৱ দিলে৷
12 Popeza kuti dookolo silinali labwino kukhalako nthawi yozizira anthu ambiri anaganiza kuti tichoke. Ife tinkayembekeza kukafika ku Foinikisi ndi kukhala kumeneko nthawi yachisanu. Ili linali dooko la ku Krete, limene limaloza kummwera cha kumadzulo ndiponso kumpoto cha kumadzulo.
১২সেই বন্দৰটো শীতকালত থাকিবৰ বাবে বেছি সুবিধাজনক নোহোৱাত, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম দিশে থকা ক্ৰীতীৰ ফৈনীক বন্দৰ যদি কোনো প্ৰকাৰে পাব পাৰে, তাতে শীত কালৰ সময়খিনি থাকিবৰ আশাৰে বেছি ভাগ নাবিকে তালৈ যাবলৈ ওলোৱা বিষয়টোত মত দিলে৷
13 Mphepo yochokera kummwera itayamba kuwomba pangʼonopangʼono, anthuwo anaganiza kuti apeza chimene amafuna; kotero analowetsa nangula ndipo anayamba kuyenda mʼmbali mwa chilumba cha Krete.
১৩পাছত দক্ষিণৰ বতাহ অলপ বলিবলৈ ধৰাত, তেওঁলোকৰ অভিপ্ৰায় সিদ্ধ হোৱা বুলি ভাবি, জাহাজ মেলি ক্ৰীতীৰ ওচৰেদি যাবলৈ ধৰিলে৷
14 Pasanathe nthawi yayitali, mphepo yamkuntho yotchedwa Eurokulo, inayamba kuwomba kuchokera ku chilumbacho.
১৪কিন্তু অলপ সময়ৰ পাছতে উৰাকুলো নামৰ বৰ ধুমুহা বতাহ দ্ৱীপটোৰ ইমূৰৰ পৰা সিমূৰলৈ বলিব ধৰিলে;
15 Mphepo yamkunthoyo inawomba sitima ija ndipo sinathe kulimbana nayo, kotero ife tinayigonjera ndi kuyamba kutengedwa nayo.
১৫তেতিয়া আমাৰ জাহাজ খন সেই ধুমুহাৰ মাজত সোমাই পৰিল৷ বাধা নেউচি আগবাঢ়িব নোৱাৰাত বতাহৰ গতিত চলি যাবৰ বাবে জাহাজ খনত পাল তৰি দিয়া হ’ল; তেতিয়া বতাহৰ বলতে জাহাজ খন চলি যাব ধৰিলে৷
16 Tikudutsa mʼmbali mwa kachilumba kakangʼono kotchedwa Kawuda, tinavutika kuti tisunge bwato lopulumukiramo.
১৬এনেদৰে আমি কৌদা নামেৰে এটা সৰু দ্ৱীপৰ আঁৰে আঁৰে গৈ থাকিলো; তাতে কোনো প্ৰকাৰে জাহাজৰ লগত থকা সৰু নাও খন তুলি লবলৈ সক্ষম হ’ল৷
17 Anthuwo atakweza bwatolo mʼsitima, anakulunga zingwe sitimayo kuti ayilimbitse. Poopa kuti angakagunde mchenga wa ku Surti, iwo anatsitsa nangula ndi kuyilola sitima kuti idzingoyenda ndi mphepo.
১৭তাৰ পাছত নাও খন তুলি লৈ, তাত থকা ৰছী ব্যৱহাৰ কৰি কোনো প্ৰকাৰেৰে জাহাজ খন তলেদি মেৰাই বান্ধিলে; কিন্তু চুর্ত্তি নামৰ বালিৰ বাধাটোত জাহাজ খন লাগিব বুলি ভাবি ভয় খালে আৰু পাল নমাই দি, আগবাঢ়ি যাব ধৰিলে৷
18 Ife tinavutika kwambiri ndi namondwe kotero kuti mmawa mwake tinayamba kuponya katundu mʼmadzi.
১৮তাতে ধুমুহাৰ প্ৰকোপ বাঢ়ি যোৱাত জাহাজ খন বেয়াকৈ ঢলং-পলং কৰিবলৈ ধৰাত, পাছদিনা তেওঁলোকে জাহাজ খনৰ পৰা কিছুমান সামগ্ৰী পেলাবলৈ ধৰিলে৷
19 Pa tsiku lachitatu anaponya mʼnyanja zipangizo za mʼsitima ndi manja awo.
১৯তিনি দিনৰ দিনা তেওঁলোকে নিজ হাতে জাহাজৰ সঁজুলিবোৰ পেলাই দিলে৷
20 Sitinaone dzuwa kapena nyenyezi kwa masiku ambiri ndipo namondwe anapitirira kuwomba kwambiri, pomaliza ife tonse tinalibenso chiyembekezo choti nʼkupulumuka.
২০ধুমুহাৰ প্ৰকোপ ক্ৰমে বাঢ়ি থকাত আৰু কেইবাদিনলৈ সূর্য, তৰাও নোলোৱাকৈ থকাত আমাৰ প্ৰাণৰক্ষাৰ সকলো আশা নোহোৱা হৈছিল৷
21 Anthu aja atakhala nthawi yayitali osadya, Paulo anayimirira pakati pawo ndipo anati, “Anthu inu, mukanamvera malangizo anga oti tisachoke ku Krete: zonsezi sizikanawonongeka ndi kutayika.
২১তাতে তেওঁলোকে কেইবাদিনো লঘোনে থকাত, পৌলে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “হে লোকসকল, আপোনালোকৰ এই বিপদ আৰু ক্ষতি নহলেহেতেন যদি মোৰ কথা শুনি ক্ৰীতীৰ পৰা জাহাজ এৰি নিদিলেহেঁতেন৷
22 Koma tsopano ndikuti limbani mtima, chifukwa palibe aliyense wa inu amene adzataya moyo wake; koma sitima yokhayi idzawonongeka.
২২কিন্তু এতিয়াও মই আপোনালোকক উৎসাহ দিওঁ, অাপোনালোকে সাহস কৰক; কিয়নো আপোনালোকৰ মাজৰ কোনো জীৱৰে প্ৰাণ হানি নহব, মাত্ৰ জাহাজ খনৰহে ক্ষতি হ’ব৷
23 Usiku wathawu mngelo wa Mulungu, Mulungu amene ine ndili wake ndipo ndimamutumikira, anayima pafupi ndi ine,
২৩কিয়নো মই যি জন ঈশ্ৱৰৰ লোক আৰু যি জনৰ মই আৰাধনা কৰোঁ; তেওঁৰ দূতে যোৱাৰাতি মোৰ ওচৰত দেখা দিলে;
24 ndipo iyeyu anati, ‘Usachite mantha, Paulo. Ukuyenera kukayima pamaso pa Kaisara; ndipo Mulungu mwa kukoma mtima kwake wakupatsa miyoyo ya anthu onse amene ukuyenda nawo.’
২৪আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’
25 Tsono limbani mtima, anthu inu, pakuti ine ndili ndi chikhulupiriro mwa Mulungu kuti zichitika monga momwe wandiwuzira.
২৫এই কাৰণে, হে মোৰ প্রিয় সকল, আপোনালোকে সাহস কৰক; কিয়নো মোক যেনেকৈ ক’লে, তেনেকৈ নিশ্চয় ঘটিব৷ ঈশ্ৱৰত মোৰ এনে বিশ্বাস আছে৷
26 Komabe tiyenera kukatsakamira pa chilumba china chake.”
২৬কিন্তু আমি কোনো এটা দ্ৱীপত উঠিব লাগিব৷”
27 Pakati pa usiku wa tsiku la khumi ndi chinayi tikukankhidwabe ndi mphepo mʼnyanja ya Adriya, oyendetsa sitimayo anazindikira kuti timayandikira ku mtunda.
২৭এনেদৰে ধুমুহাৰ মাজত ইফাল-সিফাল কৰি আন্দ্ৰিয়া সমুদ্ৰত প্ৰায় চৌদ্ধ ৰাতি পাৰ হৈ যোৱাত, মাজনিশা জাহাজৰ খালাচী সকলে বামৰ ওচৰ পালেহি বুলি ভাবিলে৷
28 Iwo anatenga choyezera kuzama kwa nyanja ndi kupeza kuti kuzama kwake kunali mamita 36. Atayendanso pangʼono anatenganso choyezera chija napeza kuti kuzama kwake kunali 27.
২৮তাতে তেওঁলোকে পানী জোখোতে প্ৰায় এক শ বিশ ফুট পালে আৰু অলপ সময়ৰ পাছত আকৌ জোখাত নব্বৈ ফুট পালে৷
29 Poopa kuti tingagunde miyala, iwo anatsitsira anangula anayi mʼmadzi kumbuyo kwa sitimayo ndipo tinapemphera kuti kuche.
২৯কোনো শিলাময় ঠাইত লাগিব বুলি ভয় কৰি, জাহাজৰ পাছফালে লঙ্গৰ পেলালে আৰু ৰাতিপুৱাবৰ বাবে প্ৰাৰ্থনাৰে বাট চাই থাকিল৷
30 Pofuna kuthawa mʼsitimayo, oyendetsa aja anatsitsira mʼnyanja bwato lopulumukiramo nʼkumachita ngati akufuna kutsitsira anangula mʼnyanjamo kutsogolo kwa sitimayo.
৩০নাৱৰীয়া সকলে জাহাজ খনৰ আগফালে লঙ্গৰ পেলোৱাৰ ছলেৰে সাগৰত নাও খন নমাই পলোৱাৰ উপায় কৰি থাকোতে,
31 Pamenepo Paulo anawuza wolamulira asilikali uja ndi asilikaliwo kuti, “Ngati anthu awa sakhala mʼsitima muno, inu simungapulumuke.”
৩১পৌলে এশৰ সেনাপতি আৰু সেনাবোৰক ক’লে, “যদিহে এইবোৰ মানুহ জাহাজত নাথাকে তেনেহলে আপোনালোকেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব৷”
32 Pamenepo asilikaliwo anadula zingwe za bwatolo ndipo linagwera mʼmadzi.
৩২তেতিয়া পলাবলৈ খোজা লোকসকলে নাৱৰ লেজু কাতি তাক পানীত উটি যাবলৈ দিলে৷
33 Kutatsala pangʼono kucha, Paulo anawawumiriza anthu onse kuti adye. Iye anati, “Kwa masiku khumi ndi anayi mwakhala mukuda nkhawa ndipo simumadya kanthu kalikonse.
৩৩পাছত ৰাতিপুৱাৰ সময়ত, পৌলে সকলোকে আহাৰ কৰিবলৈ অনুৰোধ কৰিলে৷ তেওঁ ক’লে, “আজি চৌদ্ধ দিন আপোনালোকে বাট চাই একো নোখোৱাকৈ অনাহাৰে আছে,
34 Tsopano ine ndikukupemphani kuti mudye. Muyenera kudya kuti mupulumuke. Palibe ndi mmodzi yemwe wa inu adzataye ngakhale tsitsi limodzi la pamutu pake.”
৩৪সেই বাবে আপোনালোকক মিনতি কৰিছোঁ, আপোনালোকে যেন অলপ আহাৰ গ্ৰহণ কৰে, কিয়নো সেয়ে আপোনালোকৰ জীয়াই থকাত উপকাৰ স্ৱৰূপ হব; কাৰণ আপোনালোকৰ কোনোজনৰে মূৰৰ এডাল চুলিও নষ্ট নহ’ব৷”
35 Paulo atanena zimenezi, anatenga buledi nayamika Mulungu pamaso pa onse. Ndipo ananyema bulediyo nayamba kudya.
৩৫ইয়াকে কৈ তেওঁ পিঠা লৈ, সকলোৰে আগত ঈশ্ৱৰৰ স্তুতি কৰি পিঠাটো ভাঙি ভোজন কৰিলে৷
36 Onse analimba mtima nayamba kudyanso.
৩৬তেতিয়া সকলোৱে উৎসাহিত হৈ নিজ নিজ আহাৰ গ্ৰহন কৰিলে৷
37 Tonse pamodzi mʼsitimamo tinalipo anthu 276.
৩৭জাহাজত আমি দুই শ ছয়সওৰ জন লোক আছিলোঁ৷
38 Onse atadya, nakhuta anapeputsa sitimayo potaya tirigu mʼnyanja.
৩৮সকলোৱে আহাৰ কৰি তৃপ্ত হোৱাত, তেওঁলোকে জাহাজ খনৰ ওজন কমাবলৈ ঘেহুঁবোৰ সাগৰত দলিয়াই দিলে৷
39 Kutacha, anthu sanazindikire dzikolo, koma anaona pomwe sitima zimayimapo pamodzi ndi mchenga wa pa gombe. Iwo anaganiza zokocheza sitimayo kumeneko ngati zikanatheka kutero.
৩৯পাছত যেতিয়া দিন হ’ল, তেতিয়াও তেওঁলোকে সেই অঞ্চল চিনি নাপালে, কিন্তু সমান তীৰেৰে এডোখৰ ঘুপীয়া ঠাই দেখি জাহাজ খন তাত সুমুৱাবলৈ চেষ্টা কৰিলে৷
40 Atadula anangula aja, nawasiya mʼnyanja, pa nthawi yomweyo anamasula zingwe zimene anamangira zowongolera sitimayo. Kenaka anayimika chinsalu chimene mphepo imakankha kuti sitima iyende, ndipo anayamba kupita ku gombe.
৪০সেইবাবে লঙ্গৰবোৰ কাতি সাগৰত পেলাই দিলে আৰু একে সময়তে হালিৰ বান্ধ খুলি দি, বতাহত পাল তৰি সেই তীৰলৈ আগবাঢ়ি গ’ল৷
41 Koma sitimayo inagunda mchenga wobisika ndipo inayima. Mbali ya kutsogolo ya sitimayo inakanirira ndipo sinathe kuyendanso, ndipo mbali yakumbuyo inasweka ndi kuwomba kwa mafunde.
৪১কিন্তু জাহাজ খন আহি আহি দুখন সাগৰৰ সঙ্গম স্থলৰ এক অশান্ত অঞ্চলত সোমাই পৰিল; তাতে জাহাজৰ আগ অংশটো বালিত খুন্দা খোৱাত, জাহাজ খন নলৰাকৈ লাগি ধৰিল আৰু পাছ অংশটো ভাঙি যাব ধৰিলে৷
42 Asilikali anaganiza za kupha amʼndende onse, kuti angasambire kupita pa mtunda ndi kuthawa.
৪২সেনা সকলে বন্দীবোৰ সাঁতুৰি পলায় বুলি ভাবি তেওঁলোকে সেই বন্দী সকলক বধ কৰাৰ আচনি কৰিছিল;
43 Koma wolamulira asilikali uja anafuna kupulumutsa Paulo ndipo anawaletsa kuchita zimene anakonza. Iye analamulira asilikali kuti amene amatha kusambira kuti adziponye mʼmadzi ndi kuyamba kukafika pa mtunda.
৪৩কিন্তু এশৰ সেনাপতিয়ে পৌলক ৰক্ষা কৰাৰ মনেৰে নিজে সেনা সকলৰ উদ্দেশ্যৰ পৰা তেওঁলোকক নিষেধ কৰি, এই আজ্ঞা দিলে যে, ‘যিবোৰে সাঁতুৰিব জানে, সেইবোৰে যেন আগেয়ে জাঁপ মাৰি সাঁতুৰি বামলৈ যাওক’;
44 Otsalawo anayenera kugwira matabwa kapena tizidutswa ta sitimayo. Motero onse anapulumuka nakafika pa mtunda.
৪৪আৰু বাকিবোৰে জাহাজৰ কাঠৰ পাট বা আন কোনো জাহাজৰ বস্তুৰ সহায় লৈ পাছে পাছে যাবলৈ কোৱাত, আমি সকলোৱে বামত উঠি ৰক্ষা পালোঁ৷

< Machitidwe a Atumwi 27 >