< 1 Samueli 14 >
1 Tsiku lina Yonatani mwana wa Sauli anawuza mnyamata wake womunyamulira zida zake za nkhondo kuti, “Tiye tiwoloke tipite ku kaboma ka Afilisti tsidya ilo.” Koma iye sanawuze abambo ake.
১এদিন চৌলৰ পুত্ৰ যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহাঁ আমি পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্য দলৰ আন দিশে যাওঁ।” কিন্তু তেওঁ এই কথা পিতৃক নক’লে।
2 Sauli ankakhala mʼmalire a Gibeya pa tsinde pa mtengo wamakangadza ku Migironi. Anthu amene anali naye analipo 600.
২সেই সময়ত চৌল গিবিয়াৰ বাহিৰ ভাগৰ মিগ্ৰোণত থকা এজোপা ডালিম গছৰ তলত আছিল। তেওঁৰ লগত প্ৰায় ছশ লোক আছিল,
3 Pakati pawo panalinso Ahiya amene ankavala efodi. Iye anali mwana wa Ahitubi, mʼbale wake wa Ikabodi mwana wa Finehasi, mwana wa Eli, wansembe wa Yehova wa ku Silo. Koma palibe amene anadziwa kuti Yonatani wachoka.
৩তেওঁলোকৰ সৈতে যিহোৱাৰ পুৰোহিত এলী চীলোত আছিল, তেওঁৰ পৰিনাতি পীনহচৰ নাতি ঈখাবোদৰ ককায়েক অহীটুবৰ পুত্ৰ যি অহিয়া তেওঁ এফোদ বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল; আৰু যোনাথন যে গ’ল, সেই কথা লোকসকলে জনা নাছিল।
4 Pa mpata pamene Yonatani ankafuna kudutsa kukafika ku kaboma ka nkhondo ka Afilisti kunali thanthwe lotsetsereka mbali ina ndi lina lotsetsereka mbali inayo. Thanthwe limodzi linkatchedwa Bozezi ndipo linalo linkatchedwa Seni.
৪যিবোৰ বাটেৰে যোনাথনে পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলৰ ওচৰলৈ যাব খুজিছিল, সেইবোৰ বাটৰ দুয়োকাষে ওখ শিলৰ পাহাৰ আছিল। এফালৰ শিলৰ পাহাৰটোৰ নাম বোচেচ আৰু আন ফালৰ পাহাৰটোৰ নাম চেনি।
5 Thanthwe limodzi linali chakumpoto kuyangʼanana ndi Mikimasi, ndipo thanthwe linalo linali chakummwera kuyangʼanana ndi Geba.
৫তাৰ মাজৰ এটা উত্তৰফালে মিকমচৰ সন্মুখত আৰু দ্বিতীয়টো দক্ষিণফালে গেবাৰ সন্মুখত জোঙা হৈ উঠিছিল।
6 Yonatani anawuza mnyamata wake womunyamulira zida uja kuti, “Tiye tiwoloke tipite ku kaboma ka anthu osachita mdulidwewo. Mwina Yehova adzatigwirira ntchito. Palibe chomuletsa Yehova kutipulumutsa, ngakhale tikhale ambiri kapena ochepa.”
৬যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”
7 Mnyamata uja anati, “Chitani chilichonse chimene mtima wanu ukhumba. Ine ndili nanu pamodzi. Chimene mtima wanu ukhumba ndi chomwenso ine ndikhumba.”
৭তেওঁৰ অস্ত্ৰবাহকে ক’লে, “আপুনি মনত যি ভাবিছে তাকেই কৰক; আপুনি আগুৱাই যাওক; মই আপোনাৰ লগত আছোঁ, আপুনি যি আদেশ দিয়ে মই পালন কৰিম।”
8 Yonatani anati, “Tiye tsono tiwoloke kupita kumene kuli anthuwo ndi kukadzionetsa kwa iwo.
৮তাৰ পাছত যোনাথনে ক’লে, “আমি সেই লোক সকলৰ ফালে আগুৱাই গৈ তেওঁলোকক দেখা দিওঁ।
9 Akatiwuza kuti, ‘Imani pomwepo mpaka tikupezeni,’ ife tikangoyima pomwepo osapita kumene kuli iwoko.
৯যদি তেওঁলোকে আমাক কয়, ‘আমি তোমালোকৰ ওচৰলৈ নোযোৱালৈকে অপেক্ষা কৰা, তেনেহ’লে আমি নিজ ঠাইতে থাকিম, তেওঁলোকৰ ওচৰলৈ নাযাওঁ।
10 Koma akadzati, ‘Bwerani kuno,’ ndiye ife tikapitedi, chifukwa ichi chidzakhala chizindikiro chakuti Yehova wapereka mʼmanja mwathu.”
১০কিন্তু তেওঁলোকে যদি কয়, ‘আমাৰ ওচৰলৈ আহাঁ’, তেনেহ’লে আমি যাম; কাৰণ যিহোৱাই যে, তেওঁলোকক আমাৰ হাতত শোধাই দিলে; এয়ে আমালৈ চিন হ’ব।”
11 Choncho awiriwa anadzionetsa ku kaboma ka nkhondo ka Afilisti. Tsono Afilistiwo anati, “Taonani! Aheberi akutuluka mʼmaenje mʼmene anabisala.”
১১তাৰ পাছত তেওঁলোক দুয়োজনে পলেষ্টীয়াসকলৰ সৈন্যদলৰ আগত নিজক দেখা দিওঁতে পলেষ্টীয়াসকলে ক’লে, “সৌৱা চোৱা, ইব্ৰীয়াসকল যি যি গাতত লুকাই আছিল সেইবোৰৰ এতিয়া ওলাই আহিছে।”
12 Anthu a ku kaboma kaja anafuwula kwa Yonatani ndi mnyamata wake uja kuti, “Bwerani kuno ndipo tikuphunzitsani phunziro.” Ndipo Yonatani anati kwa mnyamata wake. “Nditsate pakuti Yehova wapereka Afilistiwa mʼmanja mwa Aisraeli.”
১২পাছত সেই নগৰ ৰক্ষী সৈন্যদলৰ লোকসকলে যোনাথন আৰু অস্ত্ৰবাহকক মাতি ক’লে, “আমাৰ ওচৰলৈ উঠি আহাঁ, আমি তোমালোকক কিছুমান বস্তু দেখুৱাম।” যোনাথনে তেওঁৰ অস্ত্ৰবাহকক ক’লে, “মোৰ পাছে পাছে উঠি আহাঁ, কাৰণ যিহোৱাই তেওঁলোকক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিলে।”
13 Choncho Yonatani anakwera mokwawa, ndipo mnyamata wake uja ankamutsata. Tsono Yonatani anathira nkhondo Afilisti aja namawagwetsa, ndipo mnyamata wake uja ankawapha pambuyo pa iyeyo.
১৩যোনাথনে হাতে-ভৰিয়ে বগাই উঠি গ’ল আৰু তেওঁৰ অস্ত্ৰবাহক তেওঁৰ পাছত গ’ল; সেই সময়ত লোকসকল যোনাথনৰ সন্মুখত মৃত্যু মুখত পৰিল আৰু তেওঁৰ অস্ত্ৰবাহকে তাৰে কিছুমানক বধ কৰিলে।
14 Nthawi yoyambayo Yonatani ndi mnyamata wake uja anapha anthu makumi awiri ndipo anawaphera pa malo ochepa okwanira ngati theka la ekala.
১৪যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকে কৰা এই প্ৰথম আক্ৰমণত এক একৰ মাটিৰ প্ৰায় আধা সীৰলু দৈর্ঘ্যত প্ৰায় বিশ জন মান লোকক বধ কৰিলে।
15 Tsono gulu lonse la ankhondo, ndiye kuti iwo amene anali mʼmisasa ndi mʼminda ndiponso iwo amene anali ku kaboma ka ankhondo kaja, onse anagwidwa ndi mantha aakulu. Dzikonso linagwedezeka, choncho anthu anachita mantha koopsa.
১৫তাতে ছাউনিত, পথাৰত, আৰু লোকসকলৰ মাজত আতংক হ’ল, আনকি নগৰৰ প্ৰহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ’ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ’ল।
16 Alonda a Sauli a ku Gibeya dziko la Benjamini atangomwaza maso anangoona chigulu cha asilikali chikumwazikana uku ndi uku.
১৬তেতিয়া বিন্যামীনৰ গিবীয়াত থকা চৌলৰ প্ৰহৰীসকলে দেখিলে যে, লোক সমূহ ছিন্ন-ভিন্ন হৈ ইফালে-সিফালে গৈছে।
17 Kenaka Sauli anawawuza anthu amene anali naye kuti, “Awerengeni asilikali kuti muona amene wachoka.” Atawawerenga anapeza kuti Yonatani ndi mnyamata wake womunyamulira zida zake za nkhondo palibe.
১৭তাতে চৌলে তেওঁৰ লগত থকা লোকসকলক ক’লে, “গণি চোৱা আমাৰ মাজৰ কোন হেৰাল।” যেতিয়া তেওঁলোকে গণি চালে, তেতিয়া যোনাথন আৰু তেওঁৰ অস্ত্ৰবাহকক নাপালে।
18 Tsono Sauli anawuza Ahiya kuti, “Bwera nalo Bokosi la Mulungulo.” (Nthawi imeneyo nʼkuti efodiyo ili ndi Ahiya pamaso pa Aisraeli).
১৮চৌলে অহিয়াক ক’লে, “ঈশ্বৰৰ কার্যৰ বাবে ব্যৱহাৰিত হোৱা এফোদ বস্ত্ৰ ইয়ালৈ আনা।” কাৰণ সেই দিনা ইস্ৰায়েলৰ সৈন্যসকলৰ সৈতে অহিয়াই এফোদ বস্ত্ৰ পিন্ধি আছিল।
19 Pamene Sauli amayankhula ndi wansembe, phokoso limanka likulirakulira mu msasa wa Afilisti, Kotero Sauli anati kwa wansembe, “Leka kuwombeza.”
১৯যেতিয়া চৌলে পুৰোহিতৰ লগত কথা পাতি আছিল, তেতিয়া পলেষ্টীয়াসকলৰ ছাউনিত একেৰাহে উত্তেজনা বৃদ্ধি হৈ গৈছিল। তাতে চৌলে পুৰোহিতক ক’লে, “আপোনাৰ হাত গুচাওক।”
20 Ndipo Sauli ndi asilikali onse amene anali naye anasonkhana kupita kukamenya nkhondo, ndipo anangoona chisokonezo chachikulu kwambiri. Afilisti akuphana okhaokha.
২০তাৰ পাছত চৌল আৰু তেওঁৰ লগত থকা লোকসকল গোট খাই ৰণলৈ গ’ল। প্ৰত্যেক জন ফিলষ্টীয়ানৰ তৰোৱাল তেওঁৰ দেশৰ লোকসকলৰ বিৰুদ্ধে উঠিল আৰু তাত অধিক ভুল বুজা-বুজি হ’ল।
21 Aheberi ena amene kale anali ndi Afilisti mpaka kukakhala ku misasa yawo, iwonso anatembenuka nakhala pamodzi ndi Aisraeli amene ankatsata Sauli ndi Yonatani.
২১পূর্বৰে পৰা পলেষ্টীয়াসকলৰ লগত থকা ইব্ৰীয়াসকল, আৰু যি সকল তেওঁলোকৰ লগত ছাউনিলৈ গৈছিল, তেওঁলোকেও চৌল আৰু যোনাথনৰ লগত থকা ইস্ৰায়েলী লোক সকলৰ লগত যোগ দিছিল।
22 Ngakhale Aisraeli amene ankabisala ku dziko lamapiri la Efereimu atamva kuti Afilisti akuthawa, nawonso anawathamangitsa Afilistiwo nawathira nkhondo.
২২যেতিয়া ইস্ৰায়েল লোকসকল ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত লুকাই আছিল, তেতিয়া তেওঁলোকে পলেষ্টীয়াসকলৰ পলোৱাৰ বাতৰি শুনাৰ পাছতো তেওঁলোকৰ পাছে পাছে যুদ্ধ ক্ষেত্ৰলৈ খেদি গ’ল।
23 Nkhondo inapitirira mpaka kufika ku Beti-Aveni. Choncho Yehova anapulumutsa Aisraeli tsiku limenelo.
২৩সেয়ে যিহোৱাই সেইদিনাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে আৰু বৈৎ-আবন অতিক্ৰম কৰি যুদ্ধ কৰি গ’ল।
24 Koma asilikali a Israeli anavutika tsiku limenelo, chifukwa Sauli anawalumbirira Aisraeli kuti, “Wotembereredwa munthu aliyense amene adzadya kusanade, ine ndisanalipsire adani anga!” Kotero palibe wankhondo aliyense amene analawa chakudya.
২৪সেইদিনা ইস্ৰায়েল লোকসকল ক্লেশত পৰিলে কাৰণ চৌলে তেওঁলোকক শপত দি ক’লে, “মই শত্ৰুবোৰক প্ৰতিশোধ নোলোৱলৈকে সন্ধ্যাৰ আগেয়ে যি কোনোৱে আহাৰ কৰিব, সি অভিশপ্ত হ’ব।” এই কাৰণে কোনেও আহাৰ গ্ৰহণ নকৰিলে।
25 Gulu lonse la ankhondo linalowa mʼnkhalango mmene munali uchi.
২৫তাৰ পাছত সকলো লোক অৰণ্যলৈ সোমাই গ’ল আৰু তাত মাটিৰ ওপৰত মৌ আছিল।
26 Atalowa mʼnkhalango, anaona uchi ukukha, koma palibe amene anadya, pakuti ankaopa lumbiro lija.
২৬যেতিয়া তেওঁলোক অৰণ্যত সোমাই গৈছিল, তেতিয়া সেই মৌ বৈ থকা দেখিও কোনেও নাখালে কাৰণ লোকসকলে সেই শপতলৈ ভয় কৰিলে।
27 Koma Yonatani sanamve kuti abambo ake anawalumbirira anthu aja choncho anatenga ndodo yake imene inali mʼdzanja lake ndipo anayipisa mu chisa cha njuchi. Choncho iye anadya uchiwo ndipo mʼmaso mwake munayera.
২৭কিন্তু যোনাথনে তেওঁৰ পিতৃয়ে লোকসকলক দিয়া শপতৰ কথা শুনা নাছিল। সেই কাৰণে তেওঁ নিজৰ হাতত থকা লাখুটিৰ আগ মৌ-ছাকৰ মাজত সোমোৱাই দিলে আৰু হাতত লৈ মুখত দিলে; তাতে তেওঁৰ চকু উজ্জ্বল হ’ল।
28 Kenaka mmodzi mwa Asilikali anamuwuza kuti, “Abambo ako alumbirira anthu nati, ‘Wotembereredwa munthu aliyense amene adye chakudya lero.’ Nʼchifukwa chake anthu alefuka.”
২৮তেতিয়া লোকসকলৰ মাজৰ এজনে ক’লে, “আপোনাৰ পিতৃয়ে লোকসকলক শপত দি এই দৃঢ় আজ্ঞা কৰিছিল যে, যিজনে আজি আহাৰ কৰিব, সি অভিশপ্ত হব; যদিও লোকসকল ভোকত দুৰ্বল হ’য়।”
29 Yonatani anati, “Abambo anga achita chinthu choyipira dziko. Taonani mʼmaso mwanga mwayera chifukwa ndalawa uchiwu pangʼono.
২৯তেতিয়া যোনাথনে ক’লে, “মোৰ পিতৃয়ে ৰাজ্যক সঙ্কটত পেলাইছে। চোৱা, এই অকণমান মৌ চাকি চোৱাত মোৰ চকু কেনেদৰে উজ্জ্বল হৈ গ’ল!
30 Zikanakhala zabwino kwambiri anthuwa akanadya lero zofunkha za adani awo. Zikanatero tikanapha Afilisti ochuluka.”
৩০কিমান ভাল হ’লহেতেন! আজি যদি শত্ৰুবোৰৰ লুটদ্ৰব্যৰ পৰা পোৱা আহাৰ লোকসকলে ইচ্ছামতে ভোজন কৰিবলৈ পালেহেঁতেন? কিয়নো এতিয়াও পলেষ্টীয়াসকলৰ মাজত মহা-সংহাৰ হোৱা নাই।”
31 Tsiku limenelo Aisraeli anapha Afilisti kuchokera ku Mikimasi mpaka ku Ayaloni. Koma Aisraeliwo analefuka kwambiri ndi njala.
৩১সেইদিনা তেওঁলোকে মিকমচৰ পৰা অয়ালোনলৈকে পলেষ্টীয়াসকলক আক্ৰমণ কৰিলে। সেয়ে লোকসকল অতিশয় ক্লান্ত হ’ল।
32 Choncho iwo anathamangira pa zofunkha ndipo anatenga nkhosa, ngʼombe ndi ana angʼombe. Iwo anazipha zonsezi nazidya pamodzi ndi magazi omwe.
৩২তাতে লোকসকল লুভীয়া লোকৰ দৰে লুটদ্ৰব্যৰ ওচৰলৈ দৌৰি গৈ মেৰ, ছাগলী, গৰু, আৰু দামুৰি ধৰি মাটিত বধ কৰিলে আৰু তেজেৰে সৈতে মঙহ খাবলৈ ধৰিলে।
33 Koma anthu ena anawuza Sauli kuti, “Taona anthu akuchimwira Yehova pakudya nyama yomwe ili ndi magazi.” Ndipo Sauli anati, “Mwaonetsa kusakhulupirika. Tsopano gubuduzirani mwala waukulu pano.”
৩৩তেতিয়া তেওঁলোকে চৌলক ক’লে, “চাওক, লোক সকলে তেজেৰে সৈতে মঙহ ভোজন কৰি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছে।” চৌলে ক’লে, “তোমালোক অবিশ্বাসীৰ দৰে কাম কৰিছা, এতিয়া, মোৰ ওচৰলৈ এটা ডাঙৰ শিল আনা”;
34 Kenaka Sauli anati, “Mwazikanani pakati pa anthu ndi kukawawuza kuti aliyense abwere ndi ngʼombe yake kapena nkhosa yake, ndipo adzayiphe pomwe pano ndi kuyidya. Musachimwire Yehova pakudya nyama imene ili ndi magazi.” Kotero aliyense anabwera ndi ngʼombe yake usiku womwewo ndi kuyipha pomwepo.
৩৪চৌলে পুনৰ ক’লে, “তোমালোকে লোকসকলৰ মাজলৈ যোৱা আৰু এইদৰে তেওঁলোকক কোৱা, ‘তোমালোক প্ৰতিজনে নিজ নিজ গৰু, মেৰ আৰু ছাগলী মোৰ ওচৰলৈ আনি ইয়াতে বধ কৰি ভোজন কৰা; কিন্তু তেজেৰে সৈতে মঙহ খাই যিহোৱাৰ বিৰুদ্ধে পাপ নকৰিবা’।” সেয়ে প্ৰত্যেকজন লোকে নিজ নিজ গৰু লগত আনি সেই ৰাতি সেই ঠাইতে বধ কৰিলে।
35 Ndipo Sauli anamangira Yehova guwa. Ili linali guwa loyamba limene Sauli anamangira Yehova.
৩৫চৌলে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে; যিহোৱাৰ উদ্দেশ্যে তেওঁ নিৰ্মাণ কৰা সেয়ে প্ৰথম বেদি।
36 Sauli anati, “Tiyeni titsatire Afilisti usikuwu ndi kulanda zinthu zawo mpaka mmawa. Tisasiyepo wamoyo ndi mmodzi yemwe.” Ankhondowo anayankha kuti, “Chitani chilichonse chimene chikukomerani.” Koma wansembe anati, “Tipemphe uphungu kwa Mulungu poyamba.”
৩৬তাৰ পাছত চৌলে ক’লে, “আহা আমি এই ৰাতি পলেষ্টীয়াসকলৰ পাছত খেদি গৈ, ৰাতিপুৱা নোহোৱালৈকে তেওঁলোকৰ বস্তু লুট কৰোঁ আৰু তেওঁলোকৰ একো অৱশিষ্ট নাৰাখোহক;” তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ দৃষ্টিত যি ভাল দেখে, তাকেই কৰক।” তেতিয়া পুৰোহিতে ক’লে, “আহা, আমি ইয়াতে ঈশ্বৰৰ ওচৰ চাপোঁহক।”
37 Choncho Sauli anafunsa Mulungu kuti, “Kodi ndiwatsatire Afilisti? Kodi mukawapereka mʼmanja mwathu?” Koma Mulungu sanamuyankhe tsiku limenelo.
৩৭তাৰ পাছত চৌলে ঈশ্বৰ গুৰিত সুধিলে, “মই পলেষ্টীয়াসকলৰ পাছত যামনে? তুমি সিহঁতক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰিবানে?” কিন্তু সেইদিনা যিহোৱাই উত্তৰ নিদিলে।
38 Choncho Sauli anati, “Bwerani kuno nonse atsogoleri a anthu, ndipo tiyeni tione kuti kodi tchimo limeneli lachitika bwanji lero?
৩৮তেতিয়া চৌলে ক’লে, “হে লোকসকলৰ অধিপতি সকল, তোমালোক ওচৰ চাপি আহাঁ, আৰু আজিৰ এই পাপ কি দোষত হ’ল, তাৰ বুজ-বিচাৰ কৰি চোৱা।
39 Pali Yehova amene amapulumutsa Israeli, ngakhale tchimolo litapezeka ndi mwana wanga Yonatani, iye afe ndithu.” Koma palibe ndi mmodzi yemwe mwa anthuwo amene anamuyankha.
৩৯কিয়নো ইস্ৰায়েলৰ উদ্ধাৰকৰ্তা যিহোৱাৰ জীৱনৰ শপত, যদি মোৰ পুত্ৰ যোনাথনৰ দোষত এয়া হৈছে, তেনেহলে সিও নিশ্চয়কৈ মৰিব।” কিন্তু লোকসকলৰ মাজত কোনেও তেওঁক উত্তৰ নিদিলে।
40 Tsono Sauli anawuza Aisraeli onse kuti, “Inu mukhale mbali imodzi. Ine ndi mwana wanga Yonatani tikhala mbali inayo.” “Chitani chilichonse chimene chikukomerani.”
৪০পাছত তেওঁ গোটেই ইস্ৰায়েলক ক’লে, “তোমালোক এফালে থাকা, মই আৰু মোৰ পুত্ৰ যোনাথন আনফালে থাকিম।” তাতে লোকসকলে চৌলক ক’লে, “আপোনাৰ দৃ্ষ্টিত যি ভাল দেখে, তাকেই কৰক।”
41 Ndipo Sauli anapemphera kwa Yehova Mulungu wa Israeli kuti, “Chifukwa chiyani simunandiyankhe ine mtumiki wanu lero lino? Ngati tchimoli lipezeka ndi ine kapena ndi Yonatani mwana wanga, Inu Mulungu wa Israeli, aoneke ndi Urimu. Koma ngati wochimwa ndi anthu anu, Aisraeli aoneke Tamimu.” Maere anagwera Sauli ndi Yonatani ndipo anthu anapezeka osalakwa.
৪১তেতিয়া চৌলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক’লে, প্ৰকৃততে কি হয়, তাক দেখুৱাই দিয়া। তাতে চিঠি খেলৰ দ্বাৰাই যোনাথন আৰু চৌলক নিৰ্ণয় কৰা হ’ল, কিন্তু লোক সমূহ এৰা পৰিল।
42 Sauli anati, “Chitani maere pakati pa ine ndi Yonatani mwana wanga.” Ndipo maere anagwera Yonatani.
৪২তেতিয়া চৌলে ক’লে, “মোৰ আৰু মোৰ পুত্ৰ যোনাথনৰ মাজত চিঠি খেল কৰা।” তাতে যোনাথনক নিৰ্ণয় কৰা হ’ল।
43 Kenaka Sauli anati kwa Yonatani, “Ndiwuze chimene wachita.” Ndipo Yonatani anamuwuza kuti, “Ine ndinangolawa uchi pangʼono ndi ndodo yangayi. Ndiye ine ndili wokonzeka kufa.”
৪৩তেতিয়া চৌলে যোনাথনক ক’লে, “তুমি কি কৰিলা, সেই বিষয়ে মোক কোৱা;” তাতে যোনাথনে তেওঁক ক’লে, “মোৰ হাতত থকা লাখুটিৰ আগেৰে যৎকিঞ্চিৎ মৌৰস লৈ সঁচাকৈ চাকিছিলোঁ হয়; চাওঁক, মই মৰিব লগা হওঁ।”
44 Sauli anati, “Mulungu andilange ngakhale kufa kumene, ngati sufa iwe Yonatani.”
৪৪পাছত চৌলে ক’লে, “যদি তুমি নমৰা, তেনেহলে ঈশ্বৰে মোলৈকে অধিক কৰক, কাৰণ হে যোনাথন তুমি অৱশ্যে মৰিব লাগিব।”
45 Koma anthuwo anafunsa Saulo kuti, “Kodi Yonatani afe, iye amene wagwira ntchito iyi yayikulu yopulumutsa Aisraeli? Osatheka! Pali Yehova ngakhale tsitsi ndi limodzi lomwe lapamutu pake silidzathothoka, pakuti wachita zimenezi lero ndi thandizo la Mulungu.” Choncho anthuwo anamupulumutsa Yonatani, ndipo sanaphedwe.
৪৫তেতিয়া লোকসকলে চৌলক ক’লে, “যিজনে ইস্ৰায়েলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে, সেই যোনাথন মৰিব লাগিব নে? এনে নহওক; যিহোৱাৰ জীৱনৰ শপত, তেওঁ মুৰৰ এডালি চুলিও মাটিত নপৰিব; কিয়নো তেওঁ আজি ঈশ্বৰেৰে সৈতে কাৰ্য কৰিলে।” এইদৰে লোকসকলে যোনাথনক ৰক্ষা কৰা বাবে তেওঁৰ মৃত্যু নহ’ল।
46 Pambuyo pake Sauli analeka kulondola Afilisti, kenaka anabwerera ku dziko lawo.
৪৬পাছত চৌলে পলেষ্টীয়াসকলক খেদি যোৱাৰ পৰা উভটি আহিল; আৰু ফিলিষ্টীয়া সকলো নিজ নিজ ঠাইলৈ গুচি গ’ল।
47 Sauli ali mtsogoleri wa Israeli, anachita nkhondo ndi adani awa omuzungulira: Mowabu, Amoni, Edomu mafumu a ku Zoba ndi Afilisti. Kulikonse kumene ankapita ankawagonjetsa.
৪৭চৌলে ইস্ৰায়েলৰ সম্পূৰ্ণ ক্ষমতা নিজৰ হাতত ল’লে। তাৰ পাছত ইস্ৰায়েলৰ চৌদিশে যিমান শত্ৰু আছিল, সেই সকলোৰে বিৰুদ্ধে তেওঁ যুদ্ধ কৰিলে। তেওঁ মোৱাব, অম্মোনীয়া, চোবাৰ ৰজা ইদোম আৰু পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰিলে। তেওঁ যি দিশত গৈছিল, সেই দিশতে শত্ৰুৰ ওপৰত জয় লাভ কৰিছিল।
48 Anachita nkhondo mwamphamvu ndi kugonjetsa Aamaleki. Choncho anapulumutsa Aisraeli mʼmanja mwa anthu amene ankawalanda zinthu zawo.
৪৮চৌল অতি সাহিয়াল আছিল। তেওঁ অমালেকীয়াসকলকো পৰাজয় কৰিছিল। আনকি যিসকল শত্ৰুৱে ইস্ৰায়েলসকলক লুট কৰিব বিচাৰিছিল, সেই শত্ৰুবোৰৰ পৰা ইস্ৰায়েলক তেওঁ ৰক্ষা কৰিছিল।
49 Ana aamuna a Sauli anali Yonatani, Isivi ndi Maliki-Suwa. Analinso ndi ana aakazi awiri, dzina la mwana wake wamkulu wamkazi linali Merabi ndipo la mwana wake wamngʼono wamkazi linali Mikala.
৪৯চৌলৰ পুত্ৰসকলৰ নাম আছিল, যোনাথন, যিচবী, আৰু মল্কীচুৱা। তেওঁৰ দুজনী জীয়েক আছিল; ডাঙৰ জনীৰ নাম মেৰব, আৰু সৰুজনীৰ নাম মীখল।
50 Dzina la mkazi wake linali Ahinoamu. Iyeyu anali mwana wa Ahimaazi. Dzina la mkulu wa ankhondo a Sauli linali Abineri mwana wa Neri, mʼbale wa abambo a Sauli.
৫০চৌলৰ ভাৰ্য্যাৰ নাম আছিল অহীনোৱম, তেওঁ অহামাচৰ জীয়েক আছিল; আৰু তেওঁৰ সেনাপতিৰ নাম অবনেৰ, তেওঁ চৌলৰ দদায়েক নেৰৰ পুত্ৰ আছিল।
51 Kisi abambo a Sauli ndi Neri abambo a Abineri anali ana a Abieli.
৫১চৌলৰ পিতৃৰ নাম আছিল, কীচ। আৰু অবনেৰৰ পিতৃৰ নাম নেৰ, তেওঁ অবিয়েলৰ পুত্ৰ আছিল।
52 Pa moyo wake wonse, Sauli ankakhalira kuchita nkhondo pakati pa Israeli ndi Afilisti. Ndipo Sauli ankati akaona munthu aliyense wamphamvu kapena wolimba mtima ankamulemba ntchito mu gulu lake lankhondo.
৫২চৌলৰ জীৱনৰ সকলো সময়তে পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ হৈ আছিল; সেয়ে তেওঁ শক্তিশালী আৰু সাহসী বলৱান পুৰুষক দেখিলেই নিজৰ লগত ৰাখিছিল।