< 1 Akorinto 15 >

1 Tsono abale, ndikufuna ndikukumbutseni za Uthenga Wabwino umene ndinakulalikirani. Munawulandira ndipo munawukhulupirira kolimba.
হে প্ৰিয় ভাই আৰু ভনী সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে;
2 Inu munapulumutsidwa ndi Uthenga Wabwinowu, ngati mwasunga mawu amene ndinakulalikirani. Kupanda kutero, mwangokhulupirira pachabe.
আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।
3 Pakuti chimene ndinalandira ndinapereka kwa inu monga chofunika kuposa zonse, kuti Khristu anafera zoyipa zathu monga mwa Malemba,
কিয়নো মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে, ধৰ্মশাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল;
4 kuti anayikidwa mʼmanda, kuti anaukitsidwa tsiku lachitatu monga mwa Malemba;
আৰু তেওঁক মৈদাম দিয়া হ’ল; আৰু ধৰ্মশাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ’ল;
5 ndipo kuti anaonekera kwa Petro, ndipo kenaka kwa Atumwi khumi ndi awiriwo.
আৰু তেওঁ কৈফাক দেখা দিলে; পাছত সেই বাৰ জনক,
6 Pambuyo pake, Iye anaonekera kwa anthu oposa 500 mwa abale pa nthawi imodzi, ndipo ambiri mwa iwo akanali ndi moyo ngakhale kuti ena anagona tulo.
আৰু তাৰ পাছত পাঁচশতকৈ অধিক ভাই আৰু ভনি সকলক একে সময়তে দেখা দিলে; তেওঁলোকৰ অধিক ভাগ এতিয়ালৈকে আছে, কিন্তু কোনো কোনো নিদ্ৰিত হ’ল।
7 Kenaka anaonekeranso kwa Yakobo, kenaka kwa atumwi onse.
পাছত যাকোবক আৰু তাৰ পাছত পাঁচনি সকলৰ আগত তেওঁ দেখা দিলে।
8 Potsiriza pa onse anaonekeranso kwa ine, monga mwana wobadwa nthawi isanakwane.
সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে।
9 Pakuti ine ndine wamngʼono kwa atumwi ndipo sindiyenera nʼkomwe kutchedwa mtumwi chifukwa ndinazunza mpingo wa Mulungu.
কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।
10 Koma mwachisomo cha Mulungu, ndili mmene ndililimu, ndipo chisomo chake kwa ine sichinali chopanda ntchito. Ndinagwira ntchito kuposa ena onse a iwo. Choncho sindine koma chisomo cha Mulungu chimene chinali ndi ine.
১০তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
11 Tsono kaya ndi ineyo kapena iwowo, izi ndi zomwe timalalikira, ndipo izi ndi zimene munakhulupirira.
১১এতেকে মই বা তেওঁলোক যেয়ে হওক, আমি সেইদৰে ঘোষণা কৰিলোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে।
12 Koma ngati timalalikira kuti Khristu anaukitsidwa kwa akufa, zikutheka bwanji kuti ena mwa inu azinena kuti kulibe kuuka kwa akufa?
১২কিন্তু খ্ৰীষ্টক যে মৃতবোৰৰ মাজৰ পৰা তোলা হ’ল, ইয়াক যদি ঘোষণা কৰা হয়, তেনেহলে মৃতবোৰৰ পুনৰুত্থান নাই বুলি আপোনালোকৰ কোনো কোনো লোকে কেনেকৈ কয়?
13 Ngati kulibe kuuka kwa akufa, ndiye kuti ngakhale Khristu sanaukenso.
১৩যদি মৃতবোৰৰ পুনৰুত্থান নাই, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল;
14 Ndipo ngati Khristu sanaukitsidwe, ndiye kuti kulalikira kwathu nʼkopanda ntchito, ndipo chikhulupiriro chanu nʼchopandanso ntchito.
১৪আৰু খ্ৰীষ্টক যদি তোলা নহ’ল, তেনেহলে আমাৰ ঘোষণা বৃথা, আপোনালোকৰ বিশ্বাসো বৃথা।
15 Kuwonjezera pamenepa, ndiye kuti ndife mboni zabodza pa za Mulungu, pakuti tikuchita umboni kuti Mulungu anaukitsa Khristu kwa akufa. Ngati nʼzoona kuti akufa saukitsidwa, ndiye kuti Mulungu sanaukitsenso Khristu.
১৫আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছোঁ বুলি ওলাই পৰিম; কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলোঁ যে, তেওঁ খ্ৰীষ্টক তুলিলে;
16 Pakuti ngati akufa saukitsidwa, ndiye kuti nayenso Khristu sanaukitsidwe.
১৬কিয়নো, যদি মৃতবোৰক তোলা নহয়, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল;
17 Ndipo ngati Khristu sanaukitsidwe, chikhulupiriro chanu nʼchopanda ntchito; mukanali mu machimo anu.
১৭আৰু যদি খ্ৰীষ্টক তোলা নহ’ল, তেনেহলে অাপোনালোকৰ বিশ্বাস অসাৰ্থক; আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে।
18 Ndiye kuti nawonso amene agona tulo mwa Ambuye ndi otayika.
১৮তেনেহ’লে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলো বিনষ্ট হৈছে।
19 Ngati kukanakhala kuti tili ndi chiyembekezo mwa Khristu mʼmoyo uno wokha, tikanakhala omvetsa chisoni kuposa anthu ena onse.
১৯খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱনৰ আয়ুস কাললৈ হয়, তেনেহলে আমি সকলো মানুহতকৈ অধিক দয়া নপোৱাকৈ আছোঁ।
20 Koma nʼzoonadi kuti Khristu anaukitsidwa kwa kufa, chipatso choyamba cha onse ogona tulo.
২০কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃত লোক সকলৰ মাজত প্ৰথম ফল৷
21 Pakuti monga imfa inadza kudzera mwa munthu, kuuka kwa akufa kwabweranso kudzera mwa munthu.
২১কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ’ল।
22 Pakuti monga mwa Adamu onse amafa, chomwechonso mwa Khristu onse adzakhala ndi amoyo.
২২কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব।
23 Koma aliyense adzauka pa nthawi yake. Khristu ndiye woyambirira, pambuyo pake, pamene Khristu adzabwera, iwo amene ali ake adzauka.
২৩কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব; প্ৰথম ফল খ্ৰীষ্ট, খ্ৰীষ্টত যি সকল মোনোনীত, তেওঁৰ আগমণত সেই মৃত লোক সকলেই উঠিব।
24 Pamenepo chimaliziro chidzafika, pamene Iye adzapereka ufumu kwa Mulungu Atate, atathetsa ufumu wonse, ulamuliro wonse ndi mphamvu zonse.
২৪ইয়াৰ পাছত শেষ হ’ব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব।
25 Pakuti Iye ayenera kulamulira mpaka Mulungu atayika pansi pa mapazi ake adani ake onse.
২৫কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।
26 Mdani wotsiriza kuwonongedwa ndi imfa.
২৬শেষ শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হ’ব।
27 Pakuti Mulungu “wayika zinthu zonse pansi pa mapazi ake.” Ponena kuti wayika “zinthu zonse pansi pa mapazi ake,” nʼchodziwikiratu kuti sakuphatikizapo ndi Mulungu yemwe, amene anayika zinthu zonse pansi pa Khristu.
২৭কিয়নো ‘তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে’। কিন্তু ‘সকলোৱে বশীভূত হ’ব’ বুলি যেতিয়া তেওঁ কয়, তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়।
28 Pamene adzatsiriza kuchita zimenezi, Mwana weniweniyo adzakhala pansi pa ulamuliro wa Iye amene anayika zinthu zonse pansi pake, kuti Mulungu akhale zonse mu zonse.
২৮আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হ’লে, পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হব৷ যেন ঈশ্বৰ, যি জনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেৱেঁই সৰ্বেসৰ্বা হয়৷
29 Tsono ngati kulibe kuuka kwa akufa, kodi iwo amene akubatizidwa chifukwa cha akufa, adzatani? Ngati akufa saukitsidwa nʼkomwe, bwanji nanga anthu akubatizidwa mʼmalo mwawo?
২৯আৰু মৃতবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবোৰক সমুলি তোলা নহয়, তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?
30 Ndipo kwa ife, tikuyikiranji moyo wathu pachiswe nthawi ndi nthawi?
৩০আৰু আমিও বা কিয় প্ৰতি মূহুৰ্তত সঙ্কটত পৰো?
31 Abale, ndimafa tsiku ndi tsiku, ndikunenetsa zimenezi, mongotsimikizira monga ndimakunyadirani mwa Khristu Yesu Ambuye athu.
৩১হে প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছোঁ, প্ৰতি দিনেই মই মৃত্যু-মুখত আছোঁ।
32 Ngati ndinalimbana ndi zirombo za kuthengo ku Efeso pa zifukwa za umunthu chabe, ndapindulanji? Ngati akufa sadzaukitsidwa, “Tiyeni tidye ndi kumwa, pakuti mawa tifa.”
৩২মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”।
33 Musasocheretsedwe, “Kukhala mʼmagulu oyipa kumawononga makhalidwe abwino.”
৩৩আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে।
34 Ganizani bwino monga kuyenerera, ndiye lekani kuchimwa; pakuti pali ena amene sadziwa Mulungu. Ndikunena izi kuti muchite manyazi.
৩৪ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।
35 Koma wina akhoza kufunsa kuti, “Kodi akufa amaukitsidwa motani? Adzauka ndi thupi la mtundu wanji?”
৩৫কিন্তু কিছুমানে কয়, “মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব? আৰু কেনেকুৱা দেহৰ সৈতে তেওঁলোক আহিব?”
36 Wopusa iwe! Chimene mudzala sichikhala ndi moyo pokhapokha chitayamba chafa.
৩৬হে নিৰ্ব্বোধ, তুমি যি বীজ ৰোপণ কৰিছা, সি নমৰা পৰ্য্যন্ত নগজে;
37 Mukadzala, simudzala thupi limene lidzamere, koma mbewu chabe, mwina ya tirigu kapena ya china chake.
৩৭আৰু পাছত যি ডাল ওলাব, সেয়া তুমি ৰোৱা নাই৷ গোম হওক, বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা;
38 Koma Mulungu amayipatsa thupi monga Iye wafunira, ku mbewu ya mtundu uliwonse amapereka thupi lakelake.
৩৮কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে।
39 Mnofu siwofanana. Anthu ali ndi mnofu wa mtundu wina, nyama zili ndi wina, mbalame zili ndi wina, nsomba zili ndi winanso.
৩৯সকলো মঙহ একে ৰূপ মঙহ নহয়; কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে।
40 Palinso matupi akumwamba ndipo palinso matupi a dziko lapansi; koma ulemerero wa matupi akumwamba ndi wina, ndi wa matupi a dziko lapansi ndi winanso.
৪০স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিৱ শৰীৰো আছে; কিন্তু স্বৰ্গীয়বোৰৰ কান্তি এক প্ৰকাৰ আৰু পাৰ্থিৱবোৰৰ কান্তি এক প্ৰকাৰ।
41 Dzuwa lili ndi ulemerero wake, ndipo pali ulemerero wina wa mwezi, palinso ulemerero winanso wa nyenyezi. Ulemerero wa nyenyezi ndi wosiyanasiyana.
৪১সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ; আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয়।
42 Zidzaterenso pamene akufa adzauka. Thupi loyikidwa mʼnthaka ngati mbewu limavunda, koma likadzauka lidzakhala losavunda.
৪২সেইদৰে মৃতবোৰৰ পুনৰুত্থানো একে। যিহক ৰোৱা যায়, সেয়ে ক্ষয়ৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে অক্ষয়তাৰ পাত্ৰ;
43 Limayikidwa mʼmanda mopanda ulemu, koma likadzaukitsidwa lidzakhala ndi ulemerero. Limayikidwa mʼmanda lili lofowoka, koma likadzaukitsidwa lidzakhala ndi mphamvu.
৪৩যিহক ৰোৱা যায়, সেয়ে অনাদৰৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে গৌৰৱৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে দূৰ্বলতাৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে প্ৰভাৱৰ শক্তি;
44 Limayikidwa mʼmanda thupi la mnofu chabe, koma likadzaukitsidwa lidzakhala lauzimu. Ngati pali thupi la mnofu, palinso thupi lauzimu.
৪৪যিহক ৰোৱা যায়, সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয়, সেয়ে আত্মিক দেহ। যদি দৈহিক দেহ আছে, তেনেহলে আত্মিক দেহো আছে।
45 Kwalembedwa kuti, “Munthu woyamba Adamu anakhala wamoyo,” Adamu wotsiriza anakhala wopatsa moyo.
৪৫এইদৰে লিখাও আছে, “প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল”।
46 Zauzimu sizinabwere koyambirira, koma zachilengedwe, pambuyo pake zauzimu.
৪৬তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়; কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হ’ল।
47 Munthu woyamba anali wa dziko lapansi, wochokera mʼnthaka koma munthu wachiwiri anali wochokera kumwamba.
৪৭প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা, মৃন্ময়; কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা।
48 Monga analili munthu wa dziko lapansi, momwemonso anthu onse amene ndi a dziko lapansi. Ndipo monga alili munthu wakumwamba, momwemonso anthu onse amene ndi akumwamba.
৪৮সেই মৃন্ময় জন যেনে আছিল, মৃন্ময়বোৰো তেনে; আৰু সেই স্বৰ্গীয়লোক সকল, সেই স্বর্গীয় লোক খ্ৰীষ্টৰ দৰে৷
49 Ndipo monga momwe tinabadwa ofanana ndi munthu wa dziko lapansi uja, momwemonso tidzakhala ofanana ndi munthu wakumwamba.
৪৯আৰু আমি যেনেকৈ সেই মৃন্ময় জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয় জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম।
50 Ndikunenetsa, abale, kuti thupi ndi magazi sizingathe kulowa mu ufumu wa Mulungu, ndipo zimene zimavunda sizingathe kulowa kumene zinthu sizivunda.
৫০কিন্তু হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে।
51 Tamverani, ndikuwuzeni chinsinsi. Tonse sitidzagona tulo, koma tonse tidzasandulika.
৫১চাওক, মই আপোনালোকক এটি নিগূঢ়-তত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ’ম; কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হ’ম।
52 Zidzachitika mwadzidzidzi, mʼkamphindi kochepa, monga ngati kuphethira kwa diso, pa lipenga lotsiriza. Pakuti lipenga lidzalira, akufa adzaukitsidwa opanda chovunda, ndipo ife tidzasandulika.
৫২এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম।
53 Pakuti chovunda chiyenera kuvala chosavunda, ndi thupi ili lakufa liyenera kuvala losafa.
৫৩কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব।
54 Pamene thupi lovundali likadzasanduka losavunda, ndipo thupi lotha kufali likadzasanduka losatha kufa, pamenepo zidzakwaniritsidwa zimene zinalembedwa zakuti, “Imfa yogonjetsedwa kwathunthu.”
৫৪পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব”
55 “Iwe imfa, kupambana kwako kuli kuti? Iwe imfa, ululu wako uli kuti?” (Hadēs g86)
৫৫“হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?” (Hadēs g86)
56 Ululu wa imfa ndi tchimo, ndipo mphamvu ya tchimo ndi lamulo.
৫৬মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷
57 Koma tiyamike Mulungu amene amatipambanitsa mwa Ambuye athu Yesu Khristu.
৫৭কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
58 Choncho, abale anga okondedwa imani njii. Musasunthike ndi chilichonse. Nthawi zonse mudzipereke kwathunthu ku ntchito ya Ambuye, chifukwa mukudziwa kuti ntchito zanu mwa Ambuye sizili zopanda phindu.
৫৮এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।

< 1 Akorinto 15 >