< Ecclesiastes 11 >
1 Isalibay ang imong mga tinapay ngadto sa katubigan; kay kini hikaplagan ra nimo sa tapus ang daghang mga adlaw.
১তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া; কিয়নো অনেক দিনৰ পাছত তাক পুনৰ ঘূৰাই পাবা।
2 Hatagi ug usa ka bahin ang pito, oo, bisan pa ang walo; kay ikaw wala masayud kong unsa ang kadautan nga mahitabo sa ibabaw sa yuta.
২তোমাৰ কার্য সাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা; কিয়নো পৃথিবীত কি দুর্যোগ ঘটিব, তাক তুমি নাজানা।
3 Kong ang mga dag-um napuno sa ulan, kini nagabubo sa ilang kaugalingon sa ibabaw sa yuta; ug kong ang usa ka kahoy mapukan ngadto sa habagatan, kun ngadto sa amihanan, sa dapit diin ang kahoy mapukan didto atua man siya.
৩যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে, তেতিয়া তাৰ পৰা পৃথিবীত বৰষুণ পৰে; গছ উত্তৰ বা দক্ষিণ যি দিশতেই পৰক, কিন্তু যি ঠাইত পৰে, সেই ঠাইতেই পৰি থাকে।
4 Kadtong nagapaniid sa hangin dili makapugas; ug kadtong nagatimaan sa mga panganod dili makaani.
৪যি কোনোৱে বতাহক নিৰীক্ষণ কৰে, তেওঁ বীজ ৰোপন কৰিব নোৱাৰে, যি কোনোৱে বৰষুণক নিৰীক্ষণ কৰে, তেওঁ শস্য দাব নোৱাৰে।
5 Ingon nga ikaw wala masayud kong unsa ang dalan sa hangin, ni giunsa pagtubo sa mga bukog sa tagoangkan niadtong nagamabdos; ingon man usab ikaw wala masayud sa buhat sa Dios nga mao ang nagahimo sa tanan.
৫বতাহ কোন দিশৰ পৰা বলিব, তুমি নাজানা; তুমি নাজানা মাতৃগর্ভত এটি শিশুৰ হাড়বোৰ কেনেকৈ বৃদ্ধি হয়; সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তুমি বুজিব নোৱাৰা।
6 Sa buntag ipugas ang imong binhi, ug sa gabii ayaw pagpunggi ang imong kamot; kay ikaw wala masayud kong hain ang mouswag, kini ba kun kana ba, kun managsama ba sila nga duruha nga maayo.
৬ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা, আৰু গধূলি পৰত তোমাৰ হাতক কর্মহীন নকৰিবা; কিয়নো পুৱা বা গধূলি কৰা কোনটো কার্যত তুমি সফল হ’বা, তুমি নাজানা; এই কার্যত নে সেই কার্যত, অথবা দুয়োটাই একে সমানেই ভাল হ’ব, তাক নাজানা।
7 Sa pagkamatuod ang kahayag matam-is, ug makapahimuot nga butang alang sa mga mata ang pagtan-aw sa adlaw.
৭স্বৰূপেই পোহৰ সুন্দৰ আৰু চকুৰ বাবে সূৰ্যক দেখা পোৱা এক সন্তোষজনক বিষয়
8 Oo, kong ang tawo magapuyo sa daghanan nga mga tuig, tugoti nga magalipay siya diha kanilang tanan; apan papahinumduma siya sa mga adlaw sa kangitngitan, kay magadaghan man sila. Ang tanan nga moabut kakawangan man.
৮কোনো মানুহ যদি অনেক বছৰ জীয়াই থাকে, তেন্তে তেওঁ যেন নিজৰ সেই দিনবোৰত আনন্দ উপভোগ কৰে; কিন্তু অন্ধকাৰৰ আগন্তুক দিনবোৰৰ কথাও যেন তেওঁ মনত ৰাখে; কিয়নো সেই দিনবোৰ হ’ব অনেক। যি যি ঘটিব সেই সকলোৱেই অস্থায়ী, অসাৰ।
9 Paglipay, Oh batan-on nga lalake sa imong pagkabatan-on, ug tugoti nga ang imong kasingkasing magapadasig kanimo sa mga adlaw sa imong pagkabatan-on, ug lumakaw ka sa mga dalan sa imong kasingkasing, ug sa panan-aw sa imong mga mata; apan hibaloan mo nga tungod niining tanan nga mga butanga ang Dios magadala kanimo ngadto sa paghukom.
৯হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব।
10 Busa kuhaa ang kasubo gikan sa imong kasingkasing, ug ipahilayo ang kadautan gikan sa imong unod; kay ang kabatan-on ug ang banagbanag sa kinabuhi mga kakawangan man.
১০এই হেতুকে তোমাৰ হৃদয়ৰ পৰা ক্রোধ দূৰ কৰা; তোমাৰ শৰীৰৰ কষ্টলৈ মনোযোগ নিদিবা; কিয়নো যৌৱন আৰু যুবা কালৰ শক্তি ভাপ-স্বৰূপ।