< Mga Salmo 142 >
1 Pinaagi sa akong tingog nagpakitabang ako kang Yahweh; pinaagi sa akong tingog nagpakiluoy ako sa pagdapig ni Yahweh.
১মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ, মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ।
2 Gibubo nako ang akong pagbangotan sa iyang atubangan; gisultihan nako siya sa akong mga kalisdanan.
২মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো, তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ।
3 Sa dihang naluya ang akong espiritu, nasayod ka sa akong agianan. Nagtago (sila) ug lit-ag sa dalan nga akong ginalakwan.
৩মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, তেতিয়া তুমি মোৰ পথ জানা; মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে;
4 Nilingi ako sa akong tuo ug akong nasayran nga walay nagpakabana kanako. Wala koy kapaingnan; walay nahingawa sa akong kinabuhi.
৪মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, মোৰ খবৰ লওঁতা কোনো নাই; মোৰ বাবে আশ্রয় স্থান নাই, মোৰ বাবে কোনেও চিন্তা নকৰে।
5 Misangpit ako kanimo, Yahweh; miingon ako, “Ikaw ang akong dalangpanan, ang akong gikinahanglan dinhi sa yuta sa mga buhi.
৫হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, “তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।”
6 Paminawa ang akong pagtawag, kay gipaubos gayod ako pag-ayo. Luwasa ako gikan sa mga naglutos kanako, kay mas kusgan man (sila) kay kanako.
৬তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, কাৰণ তেওঁলোক মোতকৈ শক্তিশালী।
7 Pagawsa ang akong kalag sa bilanggoan aron makapasalamat ako sa imong ngalan. Moalirong kanako ang mga matarong tungod kay maayo ka man kanako.”
৭কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা, যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ; ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব; কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।