< Захария 12 >

1 Господното слово наложено на мене за Израиля: - Така казва Господ, Който простря небето, И основа земята, И образува в човека духа му:
ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বক্তব্য - এয়ে যিহোৱাৰ ঘোষণা, যি জন আকাশ মণ্ডল বিস্তাৰ কৰোঁতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা:
2 Ето, Аз правя Ерусалим омайна чаша На всичките околни племена; И това ще бъде и за Юда В обсадата против Ерусалим.
চোৱা! মই যিৰূচালেমক চাৰিওফালে থকা আটাই জাতিবোৰক ঢলংপলং হোৱা পান-পাত্ৰস্বৰূপ কৰিম আৰু যিৰূচালেমক অৱৰোধ কৰা সময়ত এয়ে যিহূদাৰ বিৰুদ্ধেও ঘটিব।
3 В оня ден ще направя Ерусалим Утегчителен камък на всичките племена; Всички, които се натоварят с него, ще се смажат; И против него ще се съберат всичките народи на света.
সেই দিনা মই যিৰূচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম; আৰু যিসকলে তাক তুলিব, তেওঁলোকে নিজকে বৰকৈ আঘাত কৰিব আৰু পৃথিৱীৰ আটাই জাতিয়ে তাইৰ অহিতে গোট খাব।
4 В оня ден, казва Господ, Ще поразя всеки кон с ужас, И ездача му с изумление; А като отворя очите Си над Юдовия дом, Ще поразя със слепота всеки кон на племената.
সেইদিনা যিহোৱাৰ ঘোষণা এই - “মই প্ৰত্যেক ঘোঁৰাক আঘাত কৰি ভয় লগাম আৰু তাত উঠা জনক বলীয়া কৰিম; মই যিহূদা বংশলৈ মোৰ চকু মুকলি কৰিম, কিন্তু সৈন্যসকলৰ প্ৰত্যেক ঘোঁৰাক আঘাত কৰি কণা কৰিম।
5 И Юдовите началници ще рекат в сърцето си: Ерусалимските жители са моя подпорка Чрез Господа на Силите, техния Бог.
তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে নিজ নিজ মনতে ক’ব, ‘যিৰূচালেম নিবাসীসকল আমাৰ বল, কাৰণ বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঈশ্বৰ’।
6 В оня ден ще направя Юдовите началници Като жарник с огън между дърва, И като запален факел всред снопове; Те ще погълнат всичките околни племена Отдясно и отляво, И Ерусалим пак ще се насели на своето си място, В Ерусалим.
সেই দিনা মই যিহূদাৰ পৰিচাৰকসকলক খৰিৰ মাজত থকা জুই ধৰা পাত্ৰৰদৰে আৰু ডাঙৰিবোৰৰ মাজত জ্বলাই থোৱা আৰিয়াৰ দৰে কৰিম; তেওঁলোকে সোঁ আৰু বাওঁ ফালে চাৰিওকাষে আটাই জাতিক গ্ৰাস কৰিব আৰু নিজ ঠাই যিৰূচালেমতেই পুনৰায় বাস কৰিব।
7 И Господ ще избави първо Юдовите шатри, За да не се възвеличи над Юда славата на Давидовия дом И славата на ерусалимските жители.
দায়ূদৰ বংশ আৰু যিৰূচালেম-নিবাসীসকল যিহূদাতকৈ বৰ বুলি বিবেচিত নহ’বৰ কাৰণে, যিহোৱাই যিহূদাৰ তম্বুবোৰ প্ৰথমে ৰক্ষা কৰিব।
8 В оня ден Господ ще защити ерусалимските жители, Слабите между тях в оня ден ще бъдат като Давида, И Давидовият дом като Бога, Като ангел Господен пред тях.
সেইদিনা যিহোৱা যিৰূচালেম-নিবাসীসকলৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকৰ মাজৰ দুৰ্ব্বল লোক সেইদিনা দায়ূদৰ সদৃশ হ’ব আৰু দায়ূদৰ বংশ ঈশ্বৰৰ সদৃশ, তেওঁলোকৰ আগে আগে যোৱা যিহোৱাৰ দূতৰেই সদৃশ হ’ব।
9 В оня ден Ще потърся да изтребя всичките народи, Които идат против Ерусалим;
আৰু সেইদিনা যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিক মই নষ্ট কৰিবলৈ থিৰ কৰিম।”
10 А на Давидовия дом И на ерусалимските жители Ще излея дух на благодат и на моление; И те ще погледнат на Мене, Когото прободоха; И ще плачат за Него Както плаче някой за едничкия си син, И ще скърбят горчиво за Него Както скърби някой за първородния си.
১০আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।
11 В оня ден ще има голямо жалеене в Ерусалим, Като жалеенето при Ададримон в полето Магедон.
১১মগিদ্দোন সমথলৰ হদদ-ৰিম্মোণত কৰা বিলাপৰ নিচিনাকৈ যিৰূচালেমত সেই দিনা মহা বিলাপ হ’ব।
12 Земята ще жалее, Всяко домочадие насаме: Домочадието на Давидовия дом насаме, И жените им насаме; Домочадието на Натановия дом насаме, И жените им насаме;
১২দেশৰ প্ৰত্যেক গোষ্ঠীয়ে বেলেগে বেলেগে বিলাপ কৰিব; দায়ূদ-বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; নাথন বংশৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে বিলাপ কৰিব।
13 Домочадието на Левиевия дом насаме, И жените им насаме; Домочадието на Семея насаме, И жените им насаме;
১৩লেবী-বংশৰ গোষ্ঠীয়ে বেলেগকৈ আৰু তেওঁলোকৰ পত্নীসকল বেলেগে; চিমিয়ীৰ গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকল বেলেগে;
14 Всичките останали домочадия, Всяко домочадие насаме, И жените им насаме.
১৪প্রত্যেক অৱশিষ্ট গোষ্ঠীৰ মাজত এক এক গোষ্ঠীয়ে বেলেগে আৰু তেওঁলোকৰ পত্নীসকলে বেলেগে বেলেগে বিলাপ কৰিব।

< Захария 12 >