< Исус Навиев 5 >
1 А когато всичките аморейски царе, които бяха оттатък Иордан на запад, и всичките ханаански царе, които бяха при морето, чуха, че Господ пресуши водата на Иордан пред израилтяните догде преминаха, сърцата им се стопиха, и душа не остана в тях поради израилтяните.
১পাছত যিহোৱাই যে ইস্ৰায়েলৰ সন্তানসকল পাৰ নোহোৱালৈকে যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিলে, এই কথা যৰ্দ্দনৰ পশ্চিম পাৰে থকা ইমোৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানীয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ গ’ল আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ’ল।
2 В това време Господ рече на Исуса: Направи си кремъчни ножове и обрежи пак израилтяните, втори път.
২সেই সময়ত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি শিলৰ কটাৰী তৈয়াৰ কৰি পুনৰ ইস্ৰায়েলৰ সন্তানসকলক দ্বিতীয় বাৰৰ বাবে চুন্নৎ কৰোওৱা।”
3 И тъй, Исус си направи кремъчни ножове и обряза израилтяните на мястото Хълм на краекожията.
৩তেতিয়া যিহোচূৱাই শিলৰ কটাৰী তৈয়াৰ কৰি, গিবেথ হাৰলোঠ নামেৰে পৰ্বতৰ ওচৰত ইস্ৰায়েলৰ সন্তানসকলৰ চুন্নৎ কৰোৱালে।
4 А ето причината, по която Исус извърши обрязването: всичките мъжки, които излязоха из Египет, всичките военни мъже, измряха в пустинята по пътя, след като бяха излезли из Египет;
৪যিহোচূৱাই তেওঁলোকক চুন্নৎ কৰোঁৱাৰ কাৰণ এই যে, মিচৰ দেশৰ পৰা ওলাই অহা লোকসকলৰ মাজত যিমান যুদ্ধ কৰিব পৰা পুৰুষ আছিল, সেই পুৰুষসকল মিচৰৰ পৰা যাত্রা কৰি আহি থাকোতে মৰুভূমিৰ বাটৰ মাজতে মৰিল।
5 и всичките люде, които излязоха, бяха обрязани; а всичките люде, които се родиха в пустинята по пътя, след като бяха излезли из Египет, не бяха обрязани.
৫যদিও মিচৰৰ পৰা ওলাই অহা সকলো লোকৰে চুন্নৎ কৰোঁৱা হৈছিল; কিন্তু ওলাই আহোঁতে মৰুভূমিৰ পথত জন্ম হোৱাসকলৰ কোনো এজনৰে চুন্নৎ কৰোঁৱা হোৱা নাছিল।
6 Защото израилтяните ходиха четиридесет години по пустинята, догде се изтребиха всичките люде, излезли из Египет военни мъже, които не послушаха Господния глас, на които Господ се кле, че не ще ги остави да видят земята, за която Господ беше се клел на бащите им, че ще ни я даде, земя гдето текат мляко и мед.
৬কাৰণ মিচৰৰ পৰা ওলাই অাহোতে ইস্ৰায়েলৰ সন্তান সকলে চল্লিশ বছৰ মৰুভূমিত ভ্ৰমণ কৰি আছিল; তাতে যিহোৱাৰ গোটেই জাতিৰ লোকসকল, বিশেষকৈ যুদ্ধ কৰিব পৰা পুৰুষসকলে যিহোৱাৰ কথা নুশুনাৰ বাবে বিনষ্ট হৈছিল৷ যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্বপুৰুষসকলৰ আগত প্ৰতিজ্ঞা কৰিছিল, সেই গাখীৰ আৰু মৌজোল বৈ থকা দেশ তেওঁলোকক দেখিবলৈ নিদিওঁ বুলি যিহোৱাই তেওঁলোকৰ আগত শপত খাইছিল।
7 А вместо тях Той издигна синовете им, които Исус обряза; защото бяха необрязани, понеже не бяха ги обрязали по пътя.
৭পাছত তেওঁলোকৰ সলনি তেওঁলোকে পোৱা সন্তান সকলেহে দেখিবলৈ পালে; যিহোচূৱাই তেওঁলোকৰেই চুন্নৎ কৰোৱালে; কিয়নো তেওঁলোক অচুন্নৎ আছিল। আহি থাকোতে বাটত তেওঁলোকৰ চুন্নৎ কৰা হোৱা নাছিল।
8 И като се обрязаха всичките люде, седяха на местата си в стана догде оздравяха.
৮এইদৰে গোটেই জাতিৰ চুন্নৎ কৰাৰ পাছত, তেওঁলোক সুস্থ নোহোৱালৈকে ছাউনিৰ মাজত নিজ নিজ ঠাইতেই থাকিল।
9 Тогава Господ рече на Исуса: Днес отнех от вас египетския позор. За това онова място се нарича Галгал, както се казва и до днес.
৯পাছত যিহোৱাই যিহোচূৱাক ক’লে, “আজি মই তোমালোকৰ পৰা মিচৰৰ দুৰ্নাম স্বৰূপ শিল বগৰাই পেলালোঁ।” এই হেতুকে সেই ঠাই গিলগল বুলি আজিলৈকে বিখ্যাত হৈ আছে।
10 А израилтяните разположиха стан в Галгал, и направиха пасхата на четиринадесетия ден от месеца, привечер, на ерихонските полета.
১০ইস্ৰায়েলৰ সন্তানসকলে গিলগলত ছাউনি পাতিলে আৰু মাহৰ চতুৰ্দ্দশ দিনৰ গধূলি বেলা যিৰীহোৰ সমথলত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে।
11 И на сутринта на пасхата, в същия ден, ядоха безквасни хлябове от житото на земята и изпържено жито.
১১সেই নিস্তাৰ-পৰ্ব্বৰ পাছদিনা তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰিলে; সেই দিনাই তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু ভজা শস্য ভোজন কৰিলে।
12 А на сутринта, като ядоха от житото на земята, манната престана; и израилтяните нямаха вече манна, но през тая година ядяха от рожбите на Ханаанската земя.
১২আৰু তাৰ পাছদিনা, তেওঁলোকে দেশত উৎপন্ন হোৱা শস্য ভোজন কৰাৰ পাছত তেওঁলোকৰ মাজৰ পৰা মান্না নাইকিয়া হ’ল৷ তেতিয়াৰে পৰা ইস্ৰায়েলৰ সন্তান সকলে পুনৰ মান্না নাপালে, কিন্তু সেই বছৰৰ পৰা তেওঁলোকে কনান দেশৰ শস্যহে ভোজন কৰিলে।
13 И когато беше Исус при Ерихон, подигна очи и видя, и, ето, насреща му стоеше човек с измъкнат нож в ръка; и Исус пристъпи при него и му рече: Наш ли си, или от неприятелите ни?
১৩যিৰীহোৰ ওচৰত থকা সময়ত যিহোচূৱাই চকু তুলি চাই দেখিলে যে, তেওঁৰ সন্মুখত এজন পুৰুষ থিয় হৈ আছে আৰু সেই পুৰুষৰ হাতত আছে এখন ফাঁকৰ পৰা উলিওৱা তৰোৱাল; তেতিয়া যিহোচূৱাই তেওঁৰ ওচৰলৈ গৈ সুধিলে, “তুমি আমাৰ পক্ষৰ, নে আমাৰ শত্ৰুবোৰৰ পক্ষৰ?”
14 А той рече: Не; но за Военачалник на Господното войнство сега дойдох аз. И Исус падна с лицето си на земята и се поклони; и рече му: Що заповяда Господарят ми на слугата си?
১৪তেতিয়া তেওঁ ক’লে, “মই কোনো পক্ষৰে নহও; মই যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতি৷ এতিয়া মই আহিলোঁ।” তেতিয়া যিহোচূৱাই মাটিলৈ মূৰ দোৱাই প্ৰণিপাত কৰি তেওঁক ক’লে, “মোৰ প্ৰভুৱে তেওঁৰ দাসক কি আজ্ঞা দিয়ে?”
15 А военачалникът на Господното войнство рече на Исуса: Изуй обущата си от нозете, защото мястото, на което стоиш, е свето. И Исус стори така.
১৫যিহোৱাৰ সৈন্য-বাহিনীৰ সেনাপতিয়ে যিহোচূৱাক ক’লে, “তোমাৰ ভৰিৰ পৰা তোমাৰ জোতা সোলোকোৱা; কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেই ঠাই পবিত্ৰ।” তেতিয়া যিহোচূৱাই সেইদৰেই কৰিলে৷