< Йов 30 >
1 Но сега ми се подсмиват по-младите от мене, Чиито бащи не бих приел да туря с кучетата на стадото си;
১কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ, মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে।
2 Защото в що можеше да ме ползува силата на ръцете им, Човеци, чиято жизненост бе изчезнала?
২যিবিলাকৰ শক্তি নষ্ট হল, এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব?
3 От немотия и глад те бяха измършавели; Гризяха изсушената земя, отдавна пуста и опустошена;
৩সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়; সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়।
4 Между храстите късаха слез, И корените на смрика им бяха за храна.
৪আৰু জোপোহাৰ কাষত সিহঁতে মল্লু শাক ছিঙে, আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু।
5 Бяха изпъдени измежду човеците, Които викаха подир тебе като подир крадци.
৫সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়; চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে।
6 Живееха в пукнатините на долините, В дупките на земята и на скалите.
৬সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়, মাটিৰ গাতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়।
7 Ревяха между храстите. Събираха се между тръните;
৭সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে, আৰু কাঁইট গছৰ তলত গোট খায়।
8 Безумни и безчестни, Те бидоха изгонени от земята.
৮সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি; সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।
9 А сега аз им станах песен, Още им съм и поговорка.
৯এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ, এনে কি সিহঁতৰ গল্পৰ বিষয়ো হৈছোঁ।
10 Гнусят се от мене, отдалечават се от мене, И не се свенят да плюят в лицето ми.
১০সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে, আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে।
11 Тъй като Бог е съсипал достолепието ми и ме е смирил. То и те се разюздаха пред мене.
১১কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দিলে আৰু মোক দুখ দিলে; সেই কাৰণে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে।
12 Отдясно въстават тия изроди, Тласкат нозете ми, И приготовляват против мене гибелните си намерения,
১২মোৰ সোঁফালে নীহ লোকবিলাক উঠে; সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে, আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে।
13 Развалят пътя ми, Увеличават нещастието ми, И то без да имат помощници.
১৩সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়; নি: সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে।
14 Идат като през широк пролом; Под краха нахвърлят се върху мене.
১৪গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে, সিহঁতেও তেনেকৈ আহে; সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে।
15 Ужаси се обърнаха върху мене; Като вятър гонят достолепието ми; И благополучието ми премина като облак.
১৫নানা ত্ৰাসে মোক ধৰিছে; বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে; আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।
16 И сега душата ми се излива в мене; Скръбни дни ме постигнаха.
১৬সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে, আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে।
17 През нощта костите ми се пронизват в мене, И жилите ми не си почиват.
১৭ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে, আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়।
18 Само с голямо усилие се променява дрехата ми; Тя ме стига както яката на хитона ми.
১৮ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে; সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে।
19 Бог ме е хвърлил в калта; И аз съм заприличал на пръст и на прах.
১৯ঈশ্বৰে মোক বোকাত পেলাই দিছে, মই ধুলি আৰু ছাঁই যেন হৈছোঁ।
20 Викам към Тебе, но не ми отговаряш; Стоя, и Ти просто ме поглеждаш.
২০মই তোমাৰ আগত কাতৰোক্তি কৰোঁ, কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ, কিন্তু তুমি মোলৈ চাই থাকা মাথোন।
21 Обърнал си се да се показваш жесток към мене; С мощната Си ръка ми враждуваш;
২১তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা, আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা,
22 Издигаш ме, възкачваш ме на вятъра, И стопяваш ме в бурята.
২২তুমি মোক বতাহত তুলি দি ফুৰাইছা, আৰু ধুমুহাত মোক লীন নিয়াইছা।
23 Зная наистина, че ще ме докараш до смърт, И до дома, който е определен за всичките живи.
২৩কিয়নো মই জানো, যে, তুমি মোক মৃত্যুলৈ নিছা, আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।
24 Обаче в падането си човек няма ли да простре ръка, Или да нададе вик в бедствието си?
২৪তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে? আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে?
25 Не плаках ли аз за онзи, който бе отруден? И не се ли оскърби душата ми за сиромаха?
২৫দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে? আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে?
26 Когато очаквах доброто, тогава дойде злото; И когато ожидах виделината, тогава дойде тъмнината.
২৬মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল, আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল।
27 Червата ми възвират, и не си почиват; Скръбни дни ме постигнаха.
২৭মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে; দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে।
28 Ходя почернял, но не от слънцето; Ставам в събранието и викам за помощ.
২৮মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো, আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ।
29 Станах брат на чакалите, И другар на камилоптиците.
২৯মই শিয়ালবোৰৰ ভাই, আৰু উট পক্ষীৰ বন্ধু হলোঁ।
30 Кожата ми почерня на мене, И костите ми изгоряха от огън.
৩০মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে, আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে।
31 Затова арфата ми се измени в ридание, И свирката ми в глас на плачещи.
৩১সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে, আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে।