< Исая 37 >
1 А когато цар Езекия чу думите му, раздра дрехите си, покри се с вретище и влезе в Господния дом.
১সেই কথা শুনা মাত্ৰে ৰজা হিষ্কিয়াই নিজৰ বস্ত্ৰ ফালি চট কাপোৰ পিন্ধিলে, আৰু যিহোৱাৰ গৃহলৈ গ’ল।
2 И прати управителя на двореца Елиаким, секретаря Шевна и старшите свещеници, покрити с вретища, при пророк Исаия Амосовия син.
২চট কাপোৰ পিন্ধা ৰজাৰ ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা, আৰু পুৰোহিতসকলৰ বৃদ্ধ লোকক আমোচৰ পুত্ৰ যিচয়া ভাববাদী ওচৰলৈ পঠাই দিলে।
3 И рекоха му: Така казва Езекия: Ден на скръб, на изобличение и на оскърбление е тоя ден; защото настана часът да се родят децата, но няма сила за раждане.
৩তেওঁলোকে তেওঁক ক’লে, ‘যিদৰে এটি সন্তানৰ প্ৰসৱৰ সময় হয়, কিন্তু মাতৃৰ সন্তান প্ৰসৱ কৰাৰ শক্তি নাথাকে সেইদৰেই আজি সঙ্কট, তাড়না, আৰু অপমানৰ দিন হয়।
4 Може би Господ твоят Бог ще чуе думите на Рапсака, когото господарят му асирийският цар прати да укорява живия Бог и ще изобличи думите, които Господ твоят Бог чу, затова възнеси молба за остатъка що е оцелял.
৪যি ৰবচাকিক নিজৰ প্ৰভু ৰজা অচুৰীয়াৰ জীৱন্ত ঈশ্বৰক ধিক্কাৰ দিবলৈ পঠাইছিল, আপোনাৰ ঈশ্বৰ যিহোৱাই সেই ৰবচাকিৰ কথা শুনিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাই নিজে শুনা কথাৰ বাবে হয়তু দণ্ড দিব; সেয়ে এতিয়া অৱশিষ্ট থকা ভাগৰ বাবে আপুনি প্রাৰ্থনা উৎসৰ্গ কৰক।
5 И тъй, слугите на цар Езекия отидоха при Исаия.
৫সেয়ে ৰজা হিষ্কিয়াৰ দাসবোৰ যিচয়াৰ ওচৰলৈ আহিল,
6 И Исаия им рече: Така да кажете на господаря си - така казва Господ: Не бой се от думите, които си чул, с които слугите на асирийския цар Ме похулиха.
৬যিচয়াই তেওঁলোকক ক’লে, “তোমালোকৰ গৰাকীক কোৱা, যিহোৱাই কৈছে, “তুমি যি বাক্য শুনিলা, আৰু যিহৰ দ্বাৰাই ৰজা অচূৰীয়াৰ দাসবোৰে মোক নিন্দা কৰিলে, এই সকলো কথালৈ ভয় নকৰিবা।
7 Ето, аз ще туря в него такъв дух, щото, като чуе слух, ще се върне в своята земя; и ще го направя да падне от нож в своята земя.
৭চোৱা, মই তেওঁৰ অন্তৰত এক আত্মা স্থাপন কৰিম, আৰু তেওঁ বিশেষ সম্বাদ শুনি নিজৰ দেশলৈ উভটি যাব; মই তেওঁৰ দেশত তেওঁক তৰোৱালে নিপাত কৰিম।
8 И така, Рапсак, като се върна, намери, че асирийският цар воюваше против Ливна; защото бе чул, че той заминал от Лахис.
৮তাৰ পাছত ৰবচাকিয়ে উভটি গৈ ৰজা অচূৰীয়াই লিব্নাৰ বিৰুদ্ধে যুদ্ধ কৰি থকা পালে; কাৰণ তেওঁ শুনিলে যে, ৰজা লাখীচৰ পৰা আঁতৰি গ’ল।
9 И царят чу да казват за асирийския цар Тирак: Излезе да воюва против тебе. И когато чу това, прати посланици до Езекия, казвайки:
৯তেতিয়া ৰজা অচৰীয়াই শুনিলে যে, কুচ আৰু মিচৰীয়া দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্য সমবেত কৰিছে; সেয়ে তেওঁ বাৰ্ত্তাৰে সৈতে বাৰ্ত্তাবাহকক হিষ্কিয়াৰ ওচৰলৈ পঠিয়ালে।
10 Така да говорите на Юдовия цар Езекия, да речете: Твоят Бог, на Когото уповаваш, да те не мами като казва: Ерусалим няма да бъде предаден в ръката на асирийския цар.
১০যিহূদাৰ ৰজা হিষ্কিয়াক কোৱা, যি ঈশ্বৰত তুমি ভাৰসা কৰিছা, “ৰজা অচূৰীয়াৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব বুলি” তোমাৰ সেই ঈশ্বৰে তোমাক নুভুলাওক।
11 Ето, ти чу какво направили всичките царе на всичките земи, как ги обрекли на изтребление: та ти ли ще се избавиш?
১১চোৱা, ৰজা অচূৰীয়াই সকলো দেশ সম্পূৰ্ণকৈ ধ্বংস কৰি কি কৰিছিল, সেই বিষয়ে তুমি শুনিবলৈ পালা, সেয়ে তুমি জানো ৰক্ষা পাবা?
12 Боговете на народите избавиха ли ония, които бащите ми изтребиха, Гозан, Харан, Ресеф, и еденяните, които бяха в Таласар?
১২মোৰ পূর্বপুৰুষসকলে ধ্বংস কৰা দেশবাসী গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ সন্তানসকলক তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছে’?”
13 Где е ематският цар, арфадският цар и царете на града Сефаруим, на Ена и на Ава?
১৩হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িম নগৰৰ ৰজা, হেনাৰ আৰু ইব্বাৰ ৰজা সকল ক’ত আছে?
14 А когато Езекия взе писмото от ръката на посланиците та го прочете, Езекия възлезе в Господния дом и го разгъна пред Господа.
১৪হিষ্কিয়াই বাৰ্ত্তাবাহকসকলৰ পৰা পত্ৰখন গ্রহণ কৰিলে আৰু পাঢ়িলে। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গৈ যিহোৱাৰ সন্মুখত পত্রখন মেলি দিলে।
15 И Езекия се помоли пред Господа, като каза:
১৫হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে,
16 Господи на Силите, Боже Израилев, Който седиш между херувимите, Ти и само Ти си Бог на всичките земни царства; Ти си направил небето и земята.
১৬“হে কৰূব দুটাৰ মাজত বাস কৰা ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, আপুনি ঈশ্বৰ, পৃথিবীৰ সকলো ৰাজ্যৰ মাজত কেৱল আপুনিয়েই ঈশ্বৰ, আপুনিয়েই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
17 Приклони, Господи, ухото Си и чуй; отвори, Господи, очите Си и виж; и чуй всичките думи на Сенахирима, който изпрати тогова да похули живия Бог.
১৭হে যিহোৱা কাণ পাতি শুনক; হে যিহোৱা আপোনাৰ চকু মেলি দৃষ্টি কৰক আৰু জীৱন্ত ঈশ্বৰক নিন্দা কৰিবলৈ চনহেৰীবে কৈ পঠোৱা সকলো কথা শুনক।
18 Наистина, Господи, асирийските царе запустиха всичките области и земите им;
১৮হে যিহোৱা এইটো সত্য যে, অচূৰীয়াৰ ৰজাসকলে সকলো দেশীবাসী আৰু তেওঁলোকৰ দেশ ধ্বংস কৰিলে।
19 и хвърлиха в огън боговете им, защото не бяха богове, но дело на човешки ръце, дървета и камъни; затова ги погубиха.
১৯তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নহয়, কিন্তু মনুষ্যৰ হাতৰ কাৰ্যহে, সেইবোৰ কাঠ আৰু শিল মাথোন, সেয়ে অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে।
20 Сега, прочее, Господи Боже наш, отърви ни от ръката му, за да познаят всичките земни царства, че Ти си Господ, единственият Бог.
২০এই হেতুকে হে আমাৰ ঈশ্বৰ যিহোৱা, অকল আপুনিয়েই যে যিহোৱা ইয়াক পৃথিবীৰ সকলো ৰাজ্যৰ লোকসকলে জানিবৰ বাবে আপুনি তেওঁৰ হাতৰ পৰা আমাক নিস্তাৰ কৰক।”
21 Тогава Исиая, Амосовият син, прати до Езекия да кажат: Така казва Господ Израилевият Бог: Чух това, за което си се помолил на Мене против асирийския цар Сенахирим.
২১তাৰ পাছত আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ বাৰ্ত্তা পঠিয়াই ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, কাৰণ তুমি অচূৰৰ ৰজা চনহেৰীবৰ বিষয়ে মোৰ আগত প্ৰাৰ্থনা কৰিলা;
22 Ето словото, което Господ изговори за него: Презря те, присмя ти се девицата, сионовата дъщеря: Зад гърба ти поклати глава Ерусалимската дъщеря.
২২তেওঁৰ বিষয়ে যিহোৱাই কোৱা কথা এই: কুমাৰী চিয়োন-জীয়াৰীয়ে তোমাক হেয়জ্ঞান কৰিছে, আৰু তোমাক হাঁহিছে; যিৰূচালেম জীয়াৰীয়ে তোমালৈ মুৰ জোকাৰিলা।
23 Кого си обидил и похулил ти? И против кого си говорил с висок глас И си надигнал нагоре очите си? Против светия Израилев.
২৩তুমি কাক উপেক্ষা আৰু অপমান কৰিলা? আৰু কাৰ বিৰুদ্ধে উচ্চ স্বৰেৰে কথা কৈছা, আৰু অহঙ্কাৰেৰে কাৰ ওপৰত দৃষ্টি কৰিলা? ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধেই কৰিলা।
24 Господа си обидил ти чрез слугите си, като си рекъл: С множеството на колесниците си възлязох аз Върху височината на планините, Върху уединенията на Ливан; И ще изсека високите му кедри, отбраните му елхи; И ще вляза в най-крайната му височина. В леса на неговия Кармил.
২৪তুমি তোমাৰ দাসবোৰৰ দ্বাৰাই প্ৰভুক উপেক্ষা কৰিলা, আৰু ক’লা, মোৰ অধিক ৰথে সৈতে ওখ পৰ্ব্বতবোৰৰ টিঙলৈকে, লিবানোনৰ ওখ স্থানলৈ উঠি গলোঁ। আৰু মই তাৰ ওখ ওখ দেৱদাৰু আৰু তাৰ উত্তম ডিমৰু গছবোৰ কাটি পেলাম, আৰু তাৰ অন্ত ভাগৰ ওখ ঠাইত তাৰ ফলৱতী উদ্যানত সোমাম।
25 Аз изкопах и пих вода: И със стъпалото на нозете си Ще пресуша всичките реки на Египет.
২৫মই কুঁৱা খানিলোঁ আৰু বিদেশী পানী খালোঁ, আৰু মই মোৰ ভৰিৰ তলুৱাৰে মিচৰৰ সকলো নদীবোৰ শুকুৱাম।
26 Не си ли чул, че Аз съм наредил това отдавна. И от древни времена съм начертал това? А сега го изпълних. Така щото ти да обръщаш укрепени градове в купове развалини.
২৬বহুকালৰে পৰা মই তাক কেনেকৈ স্থিৰ কৰিলোঁ, আৰু প্ৰাচীন কালত মই তাক কেনেকৈ কাৰ্যকাৰী কৰিলোঁ, সেই বিষয়ে তুমি শুনা নাই নে? মই এতিয়া তাক বৈ যাব দিম। আপুনি দুর্ভেদ্য নগৰবোৰ হ্রাস কৰি উচ্ছন্ন ভগ্ন ৰাশি কৰিবলৈ ইয়াত আছে।
27 Затова жителите им станаха безсилни, Уплашиха се и посрамиха се: Бяха като трева на полето, като зеленина, Като трева на къщния покрив. И жито препърлено преди да стане стъбло.
২৭তাৰ নিবাসীসকল দুৰ্বল আছিল; তেওঁলোক চূৰ্ণবিচূৰ্ণ হৈ লজ্জিত হৈছিল। তেওঁলোকে পথাৰত সেউজীয়া ঘাঁহ ৰুইছিল, পূবদিশৰ বতাহৰ আগত। ঘৰৰ চালত বা পথাৰত গজা ঘাঁহৰ দৰে।
28 Но Аз зная жилището ти, Излизането ти и влизането ти, И буйството ти против Мене.
২৮কিন্তু তুমি বহা, তুমি বাহিৰলৈ আৰু ভিতৰলৈ অহা যোৱা কৰা, আৰু মোৰ বিৰুদ্ধে তুমি কৰা ক্রোধ, এই সকলোকে মই জানিছোঁ।
29 Понеже буйството ти против Мене И надменността ти стигнаха до ушите Ми, Затова ще туря куката Си в ноздрите ти, И юздата Си в устата ти, Та ще те върна през пътя, по който си дошъл.
২৯তুমি মোৰ বিৰুদ্ধে কৰা ক্রোধৰ কাৰণে, আৰু তোমাৰ অহঙ্কাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণে মই তোমাৰ নাকত মোৰ হাঁকোটা, আৰু তোমাৰ মুখত মোৰ লাগাম লগাম, আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই তোমাক উভটাই পঠাম।
30 И това ще ти бъде знамението: Тая година ще ядете това, което е саморасло. Втората година това, което израства от същото, А третата година посейте и пожънете Насадете лозя и яжте плода им.
৩০তোমাৰ বাবে এইয়ে এক চিন হ’ব, যে, এই বছৰত নিজে উৎপন্ন হোৱা শস্য, আৰু দ্বিতীয় বছৰত তাৰ পৰা উৎপন্ন হোৱা শস্য তোমালোকে ভোজন কৰিবা; কিন্তু তৃতীয় বছৰত তোমালোকে নিশ্চয়কৈ কঠিয়া সিচিঁ শস্য দাবা, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা।
31 И оцелялото от Юдовия дом, Което е останало, пак ще пуска корени долу, И ще дава плод горе.
৩১যিহূদা বংশৰ ৰক্ষা পোৱা অবশিষ্ট লোকে পুনৰাই পুখা মেলিব, আৰু ফলৱান হ’ব।
32 Защото из Ерусалим ще излезе остатък, И из хълма Сион оцелялото. Ревността на Господа на Силите ще извърши това.
৩২কাৰণ যিৰূচালেমৰ পৰা অবশিষ্ট লোক আৰু চিয়োন পৰ্ব্বতৰ পৰা ৰক্ষা পোৱা লোক ওলাই আহিব; বাহিনীসকলৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব।
33 Затова, така казва Господ за асирийския цар - Няма да влезе в тоя град, Нито ще хвърли там стрела. Нито ще дойде пред него с щит, Нито ще издигне против него могила,
৩৩এই হেতুকে ৰজা অচূৰীয়াৰ বিষয়ে যিহোৱাই এই কথা কৈছে: তেওঁ এই নগৰলৈ নাহিব, ইয়ালৈ এপাত কাঁড়ো নামাৰিব, ইয়াৰ সন্মুখলৈ ঢাল লৈ নাহিব, আৰু ইয়াৰ বিৰুদ্ধে হাদাম নাবান্ধিব।
34 По пътя, през който е дошъл, по него ще се върне, И в тоя град няма да излезе, казва Господ;
৩৪যিহোৱাই কৈছে যে, তেওঁ যি বাটেদি আহিল, সেই বাটেদিয়েই উভটি যাব, তেওঁ এই নগৰত নোহোমাব।
35 Защото ще защитя тоя град за да го избавя, Заради Себе Си и заради слугата Ми Давида.
৩৫মই নিজৰ আৰু মোৰ দাস দায়ূদৰ কাৰণে এই নগৰ ৰক্ষা আৰু উদ্ধাৰ কৰিম।”
36 Тогава излезе ангел Господен та порази сто и осемдесет и пет хиляди души в асирийския стан; и когато станаха хора на сутринта, ето, всички ония бяха мъртви трупове.
৩৬তাৰ পাছত যিহোৱাৰ দূতবোৰে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঁচাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে।
37 И тъй асирийският цар Сенахирим си тръгна та отиде, върна се, и живееше в Ниневия.
৩৭সেই বাবে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েল ত্যাগ কৰি ঘৰলৈ উভটি গৈ নীনবিত বাস কৰিলে।
38 А когато се кланяше в капището на бога си Нисрох, неговите синове Адрамелех и Сарасар, го убиха с нож; и побягнаха в Араратската земя. А вместо него се възцари син му Есарадон.
৩৮তাৰ পাছত তেওঁ নিজৰ নিষ্ৰোক নামেৰে দেৱতাৰ গৃহত প্ৰণিপাত কৰোঁতে, অদ্ৰমেলক আৰু চৰেচ নামৰ তেওঁৰ পুত্র দুজনে তেওঁক তৰোৱালেৰে বধ কৰিলে। তাৰ পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ’ল। পাছত তেওঁৰ পুত্ৰ এচৰ-হদ্দোনে তেওঁৰ পাছত ৰাজত্ব কৰিলে।