< Естир 8 >
1 В същия ден цар Асуир даде на царица Естир дома на неприятеля на юдеите Аман. И Мардохей дойде пред царя, защото Естир бе явила що й беше той.
১সেই দিনা ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰক যিহুদী সকলৰ শত্ৰু হামনৰ সা-সম্পত্তি দিলে। যিহেতু ইষ্টেৰে মৰ্দখয়ৰ লগত তেওঁৰ সম্পৰ্ক কি, সেই বিষয়ে ৰজাক জনাইছিল। সেয়ে মৰ্দখয়ে ৰজাৰ পৰিচৰ্যা কৰিবলৈ আৰম্ভ কৰিলে।
2 И царят извади пръстена си, който бе взел от Амана, и го даде на Мардохея. А Естир постави Мардохея над Амановия дом.
২তেতিয়া ৰজাই হামনৰ পৰা ঘূৰাই লোৱা নিজৰ মোহৰ মৰা আঙঠি সোলোকাই মৰ্দখয়ক দিলে। ইষ্টেৰে হামনৰ আস্থাবৰ সম্পত্তিৰ দায়িত্বত মৰ্দখয়ক নিযুক্ত কৰিলে।
3 Тогава Естир говори пак пред царя, паднала в нозете му, и моли му се със сълзи да отстрани злото скроено от агагеца Аман и замисленото, което беше наредил с хитрост против юдеите.
৩পাছত ইষ্টেৰে পুনৰ ৰজাৰ লগত কথা পাতিলে। তেওঁ ৰজাৰ চৰণত পৰি ক্রন্দন কৰিলে; আৰু অগাগীয়া হামনে কৰিব খোজা অমঙ্গল, যিহুদী লোক সকলৰ বিৰুদ্ধে তেওঁ কৰা কল্পনা নিবাৰণ কৰিবৰ অৰ্থে তেওঁৰ আগত মিনতি কৰিলে।
4 И царят простря златния скиптър към Естир; и тъй, Естир се изправи, застана пред царя, и рече:
৪তাতে ৰজাই ইষ্টেৰৰ ফাললৈ সোণালী ৰাজদণ্ড ডাল মেলি দিলে, আৰু ইষ্টেৰে উঠি ৰজাৰ আগত থিয় হ’ল।
5 Ако е угодно на царя, и ако съм придобила неговото благоволение, и това се види право на царя, и ако съм му угодна, нека се пише да се отмени писаното в писмата придобити с хитрост от агегеца Аман, син на Амедата, който писа, за да се погубят юдеите по всичките области на царя;
৫ইষ্টেৰে ক’লে, “যদি ৰজাই ভাল দেখে; আৰু মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ। মই যদি ৰজাক সন্তুষ্ট কৰিব পাৰিছোঁ; আৰু এই কাৰ্য যদি ৰজাই উচিত বুলি ভাবে, তেনেহলে অগাগীয়া হম্মদাথাৰ পুত্র হামনে, ৰজাৰ আটাই প্ৰদেশত থকা যিহুদী লোক সকলক ধ্বংস কৰিবৰ অৰ্থে লিখা পত্ৰবোৰ বাতিল কৰিবলৈ ৰজাই লিখিত আজ্ঞা দিয়ক।
6 защото как бих могла да търпя да видя злото, което би сполетяло людете ми? или как бих могла да търпя да видя изтреблението на рода си?
৬কাৰণ মোৰ লোক সকলক দুৰ্যোগত পৰি থকা দেখি মই কেনেকৈ সহ্য কৰিম? নিজৰ সম্পৰ্কীয় লোকসকলৰ বিনাশ দেখি মই কেনেকৈ সহি থাকিম?”
7 Тогава цар Асуир каза на царица Естир и на юдеите Мардохей: Ето, дадох на Естир дома на Амана; и него обесих на бесилката, защото простря ръката си против юдеите.
৭তেতিয়া ৰজা অহচবেৰোচে ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ক ক’লে, “চোৱা, মই ইষ্টেৰক হামনৰ সা-সম্পত্তি দিলোঁ, আৰু হামনক ফাঁচি কাঠত ফাঁচিও দিয়া হ’ল, কাৰণ সি ইহুদী লোকসকলক বিনাশ কৰিবলৈ ইচ্ছা কৰিছিল।
8 Пишете, прочее, и вие на юдеите каквото обичате, в името на царя, и подпечатайте го с царския пръстен; защото писмо писано в името на царя и подпечатано с царския пръстен не се отменява.
৮এতিয়া যিহুদী লোকসকলৰ অৰ্থে ৰজাৰ নামেৰে আন এটা আজ্ঞা পত্র লিখা হওক; আৰু ৰজাৰ আঙঠিৰে তাত মোহৰ মৰা হওক। কাৰণ ৰজাৰ নামেৰে ইতিমধ্যে লিখা, আৰু ৰজাৰ আঙঠিৰে মোহৰ মৰা পত্ৰ কেতিয়াও বাতিল হ’ব নোৱাৰে।”
9 Тогава в третия месец, който е месец Сиван, на двадесет и третия му ден, царските секретари бяха повикани, та се писа точно според това, което заповяда Мардохей, на юдеите, и на сатрапите, и на управителите и първенците на областите, които бяха от Индия до Етиопия, сто и двадесет и седем области, във всяка област според азбуката й, и на всеки народ според езика му, и на юдеите според азбуката им и според езика им.
৯তাৰ পাছত তৃতীয় মাহৰ তেইশ দিনৰ দিনা ৰাজ লিখক সকলক মতা হৈছিল। মৰ্দখয়ে যিহুদী লোকসকলৰ বিষয়ে চিন্তা কৰি তেওঁ নিজৰ সকলো ক্ষমতাৰে আজ্ঞা পত্র লিখিবলৈ দিছিল। ভাৰতবৰ্ষৰ পৰা কুচ দেশলৈকে এশ সাতাইশ খন প্ৰদেশ, প্ৰত্যেক প্ৰদেশৰ আখৰ আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে প্রদেশৰ দেশাধ্যক্ষ আৰু কৰ্মচাৰী সকললৈ; আৰু প্রত্যেক প্রদেশ অনুসাৰে তেওঁলোকৰ নিজৰ আখৰ আৰু প্রত্যেক লোকৰ ভাষা অনুসাৰে তেওঁলোকৰ নিজৰ ভাষাৰে আজ্ঞা পত্ৰ লিখা হৈছিল। ইহুদী লোকসকললৈ তেওঁলোকৰ নিজৰ আখৰ আৰু ভাষাৰে লিখা হৈছিল।
10 И Мардохей писа от името на цар Асуира, и подпечати го с царския пръстен, и изпрати писмата с бързоходци, които яздеха на бързи коне, употребявани в царската служба, от отборни кобили,
১০মৰ্দখয়ে এই পত্র ৰজা অহচবেৰোচৰ নামেৰে লিখি তাত ৰজাৰ আঙঠিৰে মোহৰ মাৰিছিল। ৰাজ অশ্ৱপালনৰ প্রতিষ্ঠানৰ পৰা ৰাজ-কাৰ্য্যত ব্যৱহাৰ কৰা বেগী ঘোঁৰাত সংবাদবাহক সকলৰ দ্বাৰাই সেই কাগজ পত্ৰবোৰ পঠিয়াই দিয়া হ’ল।
11 чрез които писма царят разреши на юдеите, във всеки град, гдето се намираха, да се съберат да станат за живота си, да погубят, да избият и да изтребят всичката сила на ония люде и на оная област, които биха ги нападнали заедно с децата и жените им, и да разграбят имота им,
১১এই পত্রত প্রত্যেক নগৰত থকা যিহুদী লোক সকলক ৰজা অহচবেৰোচে একলগ হৈ সমবেত হবলৈ; আৰু নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে স্থিৰ হৈ থাকিবলৈ আদেশ দিছিল। যি কোনো লোক বা প্ৰদেশৰ পৰা অস্ত্রধাৰী দলে তেওঁলোকক আক্ৰমণ কৰিলে, ইহুদী লোকসকলে তেওঁলোকৰ ল’ৰা-ছোৱালী আৰু মহিলা সকলৰ সৈতে তেওঁলোকক ধ্বংস, বধ আৰু বিনষ্ট কৰিব পাৰিব; আৰু তেওঁলোকৰ সম্পত্তি লুট কৰিব পাৰিব। এই বুলি সেই পত্ৰত ৰজাই প্ৰত্যেক নগৰত থকা ইহুদী লোক সকলক অনুমতি দিছিল।
12 и това в един ден, по всичките области на цар Асуира, сиреч, в тринадесетия ден от дванадесетия месец, който е месец Адар.
১২ৰজা অহচবেৰোচৰ অধীনত থকা সকলো প্রদেশলৈ ইয়াক কাৰ্যকৰী কৰিবলৈ কোৱা হ’ল, সেয়া আছিল দ্বাদশ মাহৰ তেৰ তাৰিখ, অৰ্থাৎ অদৰ মাহৰ তেৰ তাৰিখ।
13 Препис от писаното, чрез който щеше да се разнесе тая заповед по всяка област, се обнародва между всичките племена, за да бъдат готови юдеите за оня ден да въздадат на неприятелите си.
১৩সকলো লোকলৈ এই আজ্ঞা, বিধান স্বৰূপে জাৰি কৰি জনসাধাৰণৰ মাজত প্রকাশ কৰিবলৈ সেই পত্ৰৰ নকল যুগুত কৰা হৈছিল; যাতে সেই দিনা যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুক প্রতিশোধ লবলৈ যুগুত হৈ থাকে।
14 И бързоходците, които яздеха на бързи коне, употребявани в царската служба, излязоха бърже, тикани от царската заповед. И указът се издаде в столицата Суса.
১৪তাতে ৰাজ-কাৰ্য্যত ব্যৱহাৰ হোৱা বেগী ঘোঁৰাত সংবাদবাহক সকলে উঠি বেগাই ৰজাৰ সেই পত্র বিলাবলৈ গৈছিল; আৰু সেই আজ্ঞা পত্র চুচন ৰাজপ্রসাদতো জাৰি কৰা হৈছিল।
15 А Мардохей излезе от присъствието на царя в царските дрехи, сини и бели, и с голяма златна корона, и с висонена и морава мантия; и град Суса се радваше и се веселеше.
১৫তাৰ পাছত মৰ্দখয়ে নীলা আৰু বগা ৰাজবস্ত্ৰ পিন্ধি সোণৰ ডাঙৰ কিৰীটি মুৰত লৈ, মিহি শণ সুতাৰে আৰু বেঙেনা বৰণীয়া সুতাৰে বনোৱা এটা চোলা পিন্ধি ৰজাৰ সন্মুখৰ পৰা আঁতৰি গ’ল। চুচন নগৰত লোক সকলে জয়-ধ্বনি কৰি আনন্দ কৰিলে।
16 И юдеите имаха светлина и веселие, радост и слава.
১৬যিহুদী লোকসকলে লঘু অনুভৱ কৰিলে; আৰু তেওঁলোকে আনন্দ, উল্লাস আৰু গৌৰৱ কৰিলে।
17 И във всяка област и във всеки град, гдето стигна царската заповед и указ, юдеите имаха радост и веселие, пируване и добър ден. И мнозина от людете на земята станаха юдеи; защото страх от юдеите ги обзе.
১৭প্ৰত্যেক প্ৰদেশত আৰু প্ৰত্যেক নগৰৰ যি যি ঠাইত ৰজাৰ সেই আজ্ঞা পত্র পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত আনন্দ, উল্লাস, ভোজ আৰু পবিত্র দিন হ’ল। সেই দেশৰ বিভিন্ন জাতিৰ লোক সকলৰ মাজৰ বহুতো লোক ইহুদী হ’ল; কাৰণ তেওঁলোকে ইহুদী লোকৰ প্রতি ভয় কৰিছিল।