< 4 Царе 8 >
1 А Елисей беше говорил на жената, чийто син беше съживил, като беше казал: Стани та иди, ти и домът ти, и поживей гдето можеш поживя; защото Господ повика глада, и ще дойде на земята и ще продължи седем години.
১যি গৰাকী মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, এদিন তেওঁ সেই মহিলাক ক’লে, “তুমি তোমাৰ পৰিয়ালেৰে সৈতে আন যি ঠাইতে পাৰা সেই ঠাইলৈকে গৈ কিছুকাল থাকা, কিয়নো যিহোৱাই এই দেশত আকাল পঠাই দিব আৰু সেয়ে সাত বছৰ ধৰি থাকিব।”
2 И жената беше станала и постъпила според думите на Божия човек, и беше отишла тя и домът й, и беше поживяла във филистомската земя седем години.
২মহিলাগৰাকীয়ে ঈশ্বৰৰ লোকৰ কথা অনুসাৰেই কার্য কৰিলে। তাই নিজৰ পৰিয়ালেৰে সৈতে গৈ সাত বছৰ পলেষ্টীয়াসকলৰ দেশত বাস কৰিলে।
3 А в края на седемте години жената се върна от филистимското зимя; и излезе да вика към царя за къщата си и за нивите си.
৩সাত বছৰৰ শেষত মহিলাগৰাকী পলেষ্টীয়াসকলৰ দেশৰ পৰা উভটি আহি নিজৰ ঘৰ আৰু মাটি ঘূৰাই পোৱাৰ কাৰণে ৰজাৰ ওচৰত নিবেদন কৰিবলৈ গ’ল।
4 А царят се разговаряше със слугата на Божия човек, Гиезий, и казваше: Ями разкажи всичките големи дела, които Елисай извърши.
৪ৰজাই সেই সময়ত ঈশ্বৰৰ লোকৰ দাস গেহজীৰ লগত কথা পাতি আছিল। তেওঁ গেহজীক সুধি আছিল, “ইলীচাই যি যি মহৎ কামবোৰ কৰিছে, সেই সকলোকে মোক কোৱাছোন।”
5 И като разказваше на царя как бе съживил мъртвия, ето, че жената, чиито син беше съживил, извика към царя за къщата си и за нивите си. И рече Гиезий: Господарю мой царю, тази е жената и този е синътй, когото Елисей съживи.
৫গেহজীয়ে যেতিয়া ৰজাক ইলীচাই কেনেকৈ মৃত শিশুটিক জীয়াই তুলিছিল, এই কথা কৈ আছিল, ঠিক সেই সময়তেই যি মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, সেই মহিলাগৰাকী ৰজাৰ ওচৰত নিজৰ ঘৰ আৰু মাটি ঘূৰাই পাবৰ কাৰণে নিবেদন কৰিবলৈ আহিল। গেহজীয়ে তেতিয়া ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, এৱেঁই সেই মহিলা আৰু এই জনেই তাইৰ ল’ৰা যাক ইলীচাই পুনৰ জীৱন দিলে।”
6 И царят запита жената, и тя му разказа работата. Тогава церят й определи един чиновник, комуто каза: Повърни всичко, което е било нейно, и всичките произведения от нивите й от деня, когато е напуснала страната до сега.
৬ৰজাই তেতিয়া মহিলাগৰাকীক তাইৰ ল’ৰাটিৰ বিষয়ে সুধিলত, তাই তেওঁৰ আগত সকলো কথা ক’লে। তাতে ৰজাই মহিলাগৰাকীৰ কাৰণে এজন কৰ্মচাৰীক আদেশ দি ক’লে, “তাইৰ যি যি আছিল সকলোবোৰ ঘূৰাই দিয়া আৰু তাই দেশ এৰি যোৱাৰে পৰা এতিয়ালৈকে তাইৰ মাটিত যি যি শস্য উৎপন্ন হৈছিল, সেইবোৰো উভটাই দিয়া।”
7 А Елисай отиде в Дамаск. А сирийският цар Венадад бе болен; и известиха му, казвайки: Божият човек дойде тук.
৭তাৰ পাছত ইলীচা দম্মেচকলৈ আহিল; সেই সময়ত অৰামৰ ৰজা বিন-হদদ অসুস্থ আছিল। কোনোৱে ৰজাক ক’লে, “ঈশ্বৰৰ লোক এই ঠাইলৈ আহিছে।”
8 И царят рече на Азаила: Вземи подарък в ръката си та иди да посрещнеш Божия човек и допитай се чрез него до Господа, като кажеш: Ще оздравея ли от тая болест?
৮ৰজাই তেতিয়া হজায়েলক ক’লে, “তুমি হাতত এটি উপহাৰ লৈ ঈশ্বৰৰ লোকৰ সাক্ষাৎ হ’বলৈ যোৱা আৰু তেওঁৰ যোগেদি যিহোৱাৰ পৰা জানি লোৱা যে, ‘মই এই অসুখৰ পৰা সুস্থ হৈ উঠিম নে নাই’?”
9 И тъй, Азаил отиде за да го посрещне, като взе със себе си подарък от всяко благо от Дамаск, четиридесет камилски товари; и дойде та застана пред него и рече: Син ти Венадад, сирийският цар, ме прати при тебе, и казва: Ще оздравея ли от тая болест?
৯হজায়েলে তেতিয়া উপহাৰ হিচাবে দম্মেচকৰ সকলো উত্তম উত্তম বস্তুৰে চল্লিশটা উটৰ পিঠিত বোজাই কৰি ইলীচাৰ সৈতে সাক্ষাৎ হ’বলৈ গ’ল; তেওঁ আহি ইলীচাৰ সন্মুখত থিয় হৈ ক’লে, “আপোনাৰ পুত্র অৰামৰ ৰজা বিন-হদদে এই কথা সুধিবলৈ মোক আপোনাৰ ওচৰলৈ পঠাইছে, ‘মই এই অসুখৰ পৰা সুস্থ হ’ম নে’?”
10 И Елисей му рече: Иди, кажи му: Непременно ще оздравееш от болестта. Обаче, Господ ми яви, че непременно ще умре друго-яче.
১০তেতিয়া ইলীচাই তেওঁক ক’লে, “তুমি গৈ ৰজা বিন-হদদক কোৱা যে ‘আপুনি অৱশ্যেই সুস্থ হৈ যাব;’ কিন্তু যিহোৱাই মোৰ ওচৰত প্রকাশ কৰিলে যে, তেওঁ নিশ্চয় মৰিব।”
11 И втренчи погледа си в Азаила без да мръдне, догде се засрами той; и Божият човек заплака.
১১ইয়াকে কৈ হজায়েলে লাজ নোপোৱা পর্যন্ত ইলীচাই তেওঁৰ ফালে একে-থৰে চাই থাকিল আৰু পাছত ঈশ্বৰৰ লোকে কান্দিবলৈ আৰম্ভ কৰিলে।
12 А азаил каза: Защо плачеш, господарю мой? А той отговори: Защото зная колко зло ще сториш на израилтяните: укрепленията им ще предадеш но огън, младежите им ще избиеш с меч, малките им даца ще ще смажеш и бременните им жени ще разпориш.
১২হজায়েলে সুধিলে, “হে মোৰ প্ৰভু, আপুনি কিয় কান্দিছে?” তেওঁ উত্তৰ দিলে, “কাৰণ, তুমি ইস্ৰায়েলৰ লোকসকললৈ কি ক্ষতি কৰিবা, তাক মই জানো। তুমি তেওঁলোকৰ দুৰ্গবোৰ জুই দি পুৰিবা, তৰোৱালেৰে তেওঁলোকৰ যুবকসকলক বধ কৰিবা, তেওঁলোকৰ শিশুসকলক মাটিত আচাৰি মাৰিবা আৰু তেওঁলোকৰ গৰ্ভৱতী মহিলাবোৰৰ পেট ফালিবা।”
13 И рече Азеил: Но ще е слугата ти, кучето, та да извърши това голямо нещо? И Елисей отговори: Господ ми яви, че ти ще царуваш над Сирия.
১৩তেতিয়া হজায়েলে ক’লে, “কেৱল এটা কুকুৰৰ তুল্য আপোনাৰ এই দাসনো কোন যে, এই ভয়ানক কৰ্ম কৰিব?” ইলীচাই ক’লে, “তুমি যে অৰামৰ ৰজা হ’বা, এই কথা যিহোৱাই মোক প্রকাশ কৰিলে।”
14 Тогава той тръгна от Елисея та дойде при господаря си и той му рече: Що ти каза Елисей? И отговори: Каза ми, че непременно ще оздравееш.
১৪তাৰ পাছত হজায়েল ইলীচাৰ ওচৰৰ পৰা নিজৰ প্ৰভুৰ ওচৰলৈ ঘূৰি গ’ল। তেতিয়া ৰজা বিন-হদদে তেওঁক সুধিলে, “ইলীচাই তোমাক কি ক’লে?” তেওঁ উত্তৰ দিলে, “তেওঁ মোক ক’লে যে আপুনি অৱশ্যেই সুস্থ হ’ব।”
15 А на другия ден взе завивката и като я натопи във вода, разпростня я на лицето му, така че той умря. А вместо него Азаил се възцари.
১৫কিন্তু ঠিক পাছ দিনাই হজায়েলে এখন কম্বল পানীত জুবুৰিয়াই লৈ শ্বাসৰুদ্ধ হোৱাকৈ ৰজা বিন-হদদৰ মুখৰ ওপৰত মেলি ধৰিলে আৰু তাতে ৰজাৰ মৃত্যু হ’ল। তাৰ পাছত হজায়েল বিন-হদদৰ পদত ৰজা হ’ল।
16 И в петата година на Израилевия цар Иорам, син на Ахаава, възцари се Иорам, син на Юдовия цар Иосафат.
১৬যিহোচাফটৰ পুত্র যিহোৰাম যিহূদাৰ ৰজা আছিল। ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ পঞ্চম বছৰত যিহোৰামে যিহূদাত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে।
17 Той бе тридесет и две години на възраст, когато се възцари, и царува осем години в Ерусалим.
১৭তেওঁ যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বত্ৰিশ বছৰ আৰু তেওঁ আঠ বছৰ ধৰি যিৰূচালেমত ৰাজত্ব কৰিছিল।
18 И ходи по пътя на Израилевите царе, както постъпваше Ахавовият дом, защото жена му беше Ахаавова дъщеря; и върши зло пред Господа.
১৮যিহোৰাম ইস্রায়েলৰ ৰজাসকলৰ পথত চলিছিল আৰু তেওঁ আহাবৰ জীয়েকক বিবাহ কৰাৰ কাৰণে আহাবৰ বংশৰ লোকসকলে কৰাৰ দৰেই তেওঁ কু-আচৰণ কৰিছিল। যিহোৱাৰ দৃষ্টিত যি বেয়া তেওঁ তাকে কৰিছিল।
19 При все това, Господ не иска да изтреби Юда, заради слугата Си Давида, както му бе обещал, че ще даде светилник нему и на потомците му до века.
১৯তথাপিও যিহোৱাই নিজৰ দাস দায়ুদৰ কথা মনত ৰাখি যিহূদা বিনষ্ট কৰিবলৈ ইচ্ছা নকৰিলে; কাৰণ তেওঁ দায়ুদক তেওঁৰ বংশধৰ দিব বুলি প্রতিজ্ঞা কৰিছিল।
20 В неговите дни Едом отстъпи озпод ръката на Юда, и си поставиха свой цар.
২০যিহোৰামৰ ৰাজত্বৰ সময়ত ইদোমীয়াসকলে যিহূদাৰ বশ্যতা অস্বীকাৰ কৰি বিদ্রোহ কৰিলে আৰু তেওঁলোকৰ নিজৰ কাৰণে এজন ৰজা পাতি ল’লে।
21 Затова, Иорам замина за Саир, и всичките колесници с него; и като стана през нощта, порази едомците, които го обкръжаваха, и началниците на колесниците; а людете побягнаха в шатрите си.
২১তেতিয়া যিহোৰামে তেওঁৰ সকলো সেনাপতিৰ সৈতে ৰথবোৰ লৈ চায়ীৰলৈ গ’ল। ইদোমীয়াসকলে তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক ঘেৰাও কৰিলে; কিন্তু তেওঁ ৰাতিয়েই উঠি তেওঁক আৰু ৰথবোৰৰ সেনাপতিসকলক বেৰি ৰখা ঘেৰাও ভাঙি ইদোমীয়াসকলক আক্রমণ কৰি ওলাই আহিল আৰু তেওঁৰ সৈন্যসকল পলাই গৈ নিজৰ ঘৰলৈ ঘূৰি গ’ল।
22 Обаче, Едом отстъпи изпод ръката на Юда, и остана независим до днес. Тогава, в същото време, отстъпи и Ливна.
২২ইদোম আজিও যিহূদাৰ বিৰুদ্ধে বিদ্রোহী হৈ আছে। সেই একে সময়তে লিব্নায়ো বিদ্ৰোহ কৰিছিল।
23 А останалите дела на Иорама, и всичко каквото извърши, не са ли написани в Книгата на летописите на Юдовите царе?
২৩যিহোৰামৰ অন্যান্য সকলো কার্যৰ বিৱৰণ জানো ‘যিহূদাৰ ৰজাসকলৰ ইতিহাস’ নামৰ পুস্তকখনত লিখা নাই?
24 И Иорам заспа с бащите си, и биде погребан с бащите си в Давидовия град; а вместо него се възцари син му Охозия.
২৪পাছত যিহোৰামৰ মৃত্যু হোৱাত তেওঁ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল আৰু তেওঁক দায়ুদৰ নগৰত পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল। তাৰ পাছত তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।
25 Охозия, син на Юдовия цар Иорам, се възцари в дванадесетата година на Израилевия цар Иорам, Ахаавовия син.
২৫ইস্ৰায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ দ্বাদশ বছৰত যিহোৰামৰ পুত্ৰ অহজিয়াই যিহূদাত ৰাজত্ব কৰিবলৈ ধৰিলে।
26 Охозия бе двадесет и две години на възраст, когато се възцари, и царува една година в Ерусалим. Името на майка му бе Готолия, внучка на Израилевия цар Амрий.
২৬অহজিয়াই যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ বয়স আছিল বাইশ বছৰ আৰু তেওঁ এবছৰ কাল যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল অথলিয়া; তেওঁ ইস্ৰায়েলৰ ৰজা অম্ৰীৰ নাতিনীয়েক।
27 Той ходи в пътя на Ахаавовитя дом, и извърши зло пред Господа, Ахаавовия дом; защото бе зет на Ахаавовия дом.
২৭অহজিয়াই আহাবৰ বংশৰ লোকসকলৰ পথত চলিলে আৰু তেওঁলোকৰ দৰেই কার্য কৰি যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে; কিয়নো অহজিয়া আহাবৰ বংশৰ জোঁৱায়েক আছিল।
28 И отиде на война с Иорама Ахаавовия син против сирийския цар Азаил за Рамот-галаад; а сирийците раниха Иорама.
২৮পাছত অৰামৰ ৰজা হজায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে ৰজা অহজিয়াই আহাবৰ পুত্ৰ ৰজা যোৰামৰ সৈতে ৰামোৎ-গিলিয়দলৈ গ’ল; তেতিয়া অৰামীয়াসকলে যোৰামক আঘাত কৰিলে।
29 И тъй, цар Иорам се върна в Езраел, за да се цери от раните, които му нанесоха сирийците в Рама, когато воюваше против сирийския цар Азаил. И Юдовият цар Охозия, Иорамовият син, слезе в Езраел, за да види Иорама, Ахаавовия син, защото бе болен.
২৯অৰামৰ ৰজা হজায়েলৰ সৈতে ৰামাত যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে কৰা সেই আঘাতৰ পৰা সুস্থ হ’বৰ কাৰণে ৰজা যোৰাম যিজ্ৰিয়েললৈ ঘূৰি গ’ল। যিহোৰামৰ পুত্র যিহূদাৰ ৰজা অহজিয়াই আহাবৰ পুত্ৰ যোৰামে আঘাত পাই অসুস্থ হোৱা বাবে তেওঁক চাবলৈ যিজ্রিয়েললৈ নামি গ’ল।