< 1 Царе 24 >
1 и като се върна Саул от преследването на филистимците, известиха му, казвайки: Ето, Давид е в пустинята Ен-Гади.
১পলেষ্টীয়াসকলৰ পিছে পিছে যোৱাৰ পৰা উভটি আহি চৌলে ক’লে, “দায়ুদ মৰুপ্ৰান্তৰ অয়িন-গদীৰত আছে।”
2 И тогава Саул взе три хиляди мъже избрани, измежду целия Израил, та отиде да търси Давида и мъжете му по скалите на дивите кози.
২তেতিয়া চৌলে ইস্ৰায়েলসকলৰ পৰা তিনি হাজাৰ মনোনীত লোক লৈ, অয়িন-গদীৰলৈ গৈ দায়ুদ আৰু তেওঁৰ লোকসকলক বিচাৰিলে।
3 И дойде при кошарите на овците край пътя, гдето имаше пещера; там Саул влезе по нуждата си, а Давид и мъжете му седяха по-навътре в пещерата.
৩তেওঁ বাটৰ মাজত মেৰ-ছাগ ৰখা ঠাই পালে, য’ত এটা গুহা আছিল। চৌলে বিশ্ৰাম লবলৈ ভিতৰলৈ সোমালে। কিন্তু দায়ুদ আৰু তেওঁৰ লোকসকল সেই গুহাৰ অন্তৰ ভাগত বহি আছিল।
4 И мъжете на Давида му рекоха: Ето денят, за който Господ ти каза: Ето Аз ще предам неприятеля ти в ръката ти, и ще му сториш както ти се вижда за добро. Тогава Давид стана та отряза скришно полата на Сауловата мантия.
৪দায়ূদৰ লোকসকলে তেওঁক ক’লে, “চাওক যি দিনৰ বিষয়ে যিহোৱাই আপোনাক কৈছিল সেইদিন আজিয়ে, ‘মই তোমাৰ শত্ৰুক তোমাৰ হাতত সমৰ্পণ কৰিম’ তাতে তোমাৰ যি ইচ্ছা, তাকে তালৈ কৰিবা।” তেতিয়া দায়ূদে গৈ গোপনে চৌলৰ চোলাৰ তল ভাগৰ এডোখৰ কাটি ল’লে।
5 А по-после Давид се смути в сърцето си, за гдето отряза Сауловата пола.
৫তাৰ পাছত দায়ূদৰ হৃদয় ব্যাকুল হ’ল কাৰণ তেওঁ চৌলৰ চোলাৰ এডোখৰ কাটি লৈছিল।
6 И рече на мъжете си: Да ми не даде Господ да сторя това на господаря си, Господния помазаник, да дигна ръка против него; защото е Господният помазаник.
৬তেওঁ তেওঁৰ লোকসকলক ক’লে, “যিহোৱাৰ অভিষিক্ত মোৰ প্ৰভুলৈ এনে কাম কৰিবলৈ, তেওঁৰ বিৰুদ্ধে হাত দাঙিবলৈ যিহোৱাই মোক নিষেধ কৰক; কিয়নো তেওঁ যিহোৱাৰ অভিষিক্ত লোক।”
7 С тия думи Давид спря мъжете си, и не ги остави да се подигнат против Саула. А Саул стана от пещерата и отиде по пътя си.
৭এই কথাৰে দায়ূদে তেওঁৰ লোকসকলক চৌলৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ বাধা দিলে। তাৰ পাছত চৌল গুহাৰ পৰা ওলাই নিজ বাটেদি গুচি গ’ল।
8 После стана Давид та излезе из пещерата и извика подир Саула казвайки: Господарю мой, царю! И когато Саул погледна отдире си, Давид се наведе с лице до земята, та се поклони.
৮দায়ূদেও গুহাৰ পৰা বাহিৰ ওলাই, “হে মোৰ প্ৰভু মহাৰাজ,” এই বুলি চৌলক ৰিঙিয়াই মাতিলে। যেতিয়া চৌলে তেওঁলৈ ঘূৰি চালে তেতিয়া দায়ূদে মাটিলৈ তল মূৰ কৰি প্ৰণিপাত কৰিলে আৰু তেওঁক সন্মান দিলে।
9 И Давид каза на Саула: Защо слушаш думите на човеци, които казват: Ето, Давид иска злото ти?
৯দায়ূদে চৌলক ক’লে, “চাওক, দায়ূদে আপোনাৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰিছে বুলি লোকসকলে কোৱা কথা আপুনি কিয় শুনে?
10 Ето, днес очите ти виждат как Господ те предаде в ръката ми тоя ден в пещерата: и едни рекоха да те убия; но аз те пожалих, защото рекох: Не ща да дигна ръка против господаря си, защото е Господният помазаник.
১০আপুনি আজি নিজ চকুৰে দেখিছে যে, আজি এই গুহাৰ ভিতৰত যিহোৱাই আপোনাক মোৰ হাতত সমৰ্পণ কৰিছিল। কিছুমান লোকে মোক আপোনাক বধ কৰিবলৈ কৈছিল কিন্তু মই আপোনালৈ কৃপাদৃষ্টি কৰিলোঁ।” মই ক’লোঁ, “মই নিজ প্ৰভুৰ বিৰুদ্ধে মোৰ হাত নাদাঙিম; কাৰণ তেওঁ যিহোৱাৰ অভিষিক্ত লোক।”
11 Виж още, отче мой, виж и полата на мантията ти в ръката ми; и от това, че отрязах полата на мантията ти, но не те убих, познай и виж, че няма ни злоба, ни престъпление в ръката ми, и че не съм съгрешил против тебе, при все че ти гониш живота ми, за да го отнемеш.
১১চাওক, মোৰ পিতৃ, এইয়া মোৰ হাতত আপোনাৰ চোলাৰ তল ভাগৰ এডোখৰ আছে। মই আপোনাৰ চোলাৰ তল ভাগৰ এডোখৰ কাটি ল’লোঁ, তথাপি আপোনাক বধ নকৰিলোঁ; আপুনি বিবেচনা কৰি চাওক যে, মই আপোনাৰ বিৰুদ্ধে দুষ্কৰ্ম বা বিশ্ৱাস ঘাতক কৰা নাই, আৰু মই আপোনাৰ বিৰুদ্ধে কোনো পাপ কৰা নাই; তথাপি আপুনি মোৰ প্ৰাণ ল’বৰ কাৰণে বিচাৰি ফুৰিছে।
12 Господ нека съди между мене и тебе, и Господ нека ми въздаде за тебе: обаче моята ръка не ще се дигне против тебе.
১২যিহোৱাই মোৰ আৰু আপোনাৰ মাজত বিচাৰ কৰিব, আৰু যিহোৱাই মোৰ কাৰণে আপোনাৰ ওপৰত প্ৰতিকাৰ সাধিব; কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব।
13 Както казва поговорката на древните: От беззаконните произхожда беззаконие, но моята ръка не ще се дигне против тебе.
১৩প্ৰাচীন লোকসকলে কথাতে কয়, ‘দুষ্টৰ পৰাই দুষ্টতা জন্মে।’ কিন্তু মোৰ হাত আপোনাৰ বিৰুদ্ধে নহ’ব।
14 Подир кого е излязъл Израилевият цар? Кого преследваш ти? Подир умряло куче, подир една бълха.
১৪ইস্ৰায়েলৰ ৰজা কাৰ পাছত বাহিৰলৈ ওলাই আহিছে? আপুনি নো কাৰ পাছত খেদি আহিছে? এটা মৰা কুকুৰৰ পাছত! এটা মাখিৰ পাছত!
15 Господ, нека, бъде съдия и нека съди между мене и тебе, нека види, нека се застъпи за делото ми, и нека ме избави от ръката ти.
১৫এই হেতুকে যিহোৱা বিচাৰকৰ্ত্তা হৈ মোৰ আৰু আপোনাৰ মাজত বিচাৰ কৰক; তেওঁ দৃষ্টিপাত কৰি মোৰ বিবাদ নিস্পত্তি কৰক, আৰু আপোনাৰ হাতৰ পৰা মোক ৰক্ষা কৰক।
16 И като изговори Давид тия думи на Саула, рече Саул: Това твоят глас ли е, чадо мое Давиде? И Саул плака с висок глас.
১৬দায়ূদে চৌলক এই সকলো কথা কৈ শেষ কৰাৰ পাছত, চৌলে সুধিলে, “হে মোৰ বোপা দায়ুদ, এয়ে জানো তোমাৰ মাত?” এই বুলি কৈ চৌলে বৰ মাতেৰে ক্ৰন্দন কৰিলে।
17 И рече на Давида: Ти си по-праведен от мене, защото ти ми въздаде добро, а аз ти въздадох зло.
১৭তেওঁ দায়ূদক ক’লে, “মোতকৈ তুমি ধাৰ্মিক; কাৰণ তুমি মোৰ মঙ্গল কৰিলা, কিন্তু মই তোমাক অমঙ্গল কৰিলোঁ।
18 И ти показа днес, че си ми сторил добро, защото, когато Господ бе ме предал в ръцете ти, ти не ме уби.
১৮যিহোৱাই মোক তোমাৰ হাতত সমৰ্পণ কৰিলতো, তুমি মোক বধ কৰা নাই; ইয়াতে তুমি যে মোলৈ মঙ্গল ব্যৱহাৰ কৰিছা তাক আজি তুমি মোক দেখুৱালা।
19 Понеже кой, като намери неприятеля си, би го оставил да си отиде по пътя невредим? Господ, прочее, да ти въздаде добро за това, което ти ми направи днес.
১৯কাৰণ মানুহে নিজ শত্ৰুক ল’গ পালে তেওঁক নিৰাপদে যাবলৈ দিব নে? সেয়ে আজি তুমি মোলৈ যি কৰিলা, তাৰ সলনি যিহোৱাই তোমাৰ মঙ্গল কৰক।
20 И сега, ето, познавам че наистина ти ще станеш цар, и че Израилевото царство ще се утвърди в твоята ръка.
২০এতিয়া মই জানিছোঁ যে, তুমি নিশ্চয় ৰজা হ’বা, আৰু ইস্ৰায়েলৰ ৰাজ্য তোমাৰ হাতত স্থাপন কৰা হ’ব।”
21 Сега, прочее, закълни ми се в Господа, че няма да изтребиш потомството ми след мене, и че няма да погребеш името ми от бащиния ми дом.
২১সেয়ে তুমি মোৰ পাছত মোৰ বংশ উচ্ছন্ন নকৰিবলৈ, আৰু মোৰ পিতৃ বংশৰ পৰা মোৰ নামো লুপ্ত নকৰিবলৈ যিহোৱাৰ নামেৰে মোৰ আগত শপত খোৱা।
22 И Давид се закле на Саула. Тогава Саул си отиде у дома си, а Давид и мъжете му се изкачиха на твърдото място.
২২তাতে দায়ূদে চৌলৰ আগত শপত খালে। তাৰ পাছত চৌল নিজৰ ঘৰলৈ গ’ল, কিন্তু দায়ুদ আৰু তেওঁৰ লোকসকল দুৰ্গলৈ গ’ল।