< Romawa 9 >
1 Mi hla njanji ni Kristi, mina si tie chena, imre mu si tsro me ni mi Brji Tsratsra,
১মই খ্ৰীষ্টৰ অধীনত সত্য কওঁ, মিছা নকওঁ, আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনত মোৰ পক্ষে সাক্ষ্য দিছে যে,
2 ndi mi he ni kpon yi ni low sron u kakle ni sronmu.
২মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে।
3 Ba ndi na tre ndi ba tie nyu nimu nda cume ni kan ni Yesu ni tu mri vayi mu, ni ba mla mu u kpa.
৩কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।
4 Ahi baba yi ba Israilawa, ba fe kpanyme, ni gbire san, ni yo nyun mbe dede, ni toh turon, da gbire Irji san ni tara kuma, ni yo nyu ma.
৪তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ, ঐশ্বৰ্য, নানা ধৰ্ম নিয়ম, বিধান-শাস্ত্ৰ, আৰাধনা, আৰু প্ৰতিজ্ঞা সমূহ, তেওঁলোকৰ হয়৷
5 Mba tiba mba ndi nimi Almasihu u no niko u kpa wawu wa a hi Irji u koge, du mba gbirasa u saika sai sai du he naki. (aiōn )
৫ওপৰ-পুৰুষ সকলো তেওঁলোকৰেই; আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হ’ল৷ যি জন সৰ্ব্বোপৰি, সেই ঈশ্বৰ যুগে যুগে ধন্য। আমেন। (aiōn )
6 U ana nitu itere Irji wa a joku na, ana hi kohan ni Israilawa a hi Israilawa u njanji na.
৬কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল, এনে নহয়। কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱে যে ইস্ৰায়েল, এনে নহয়৷
7 Nakima ana duka grji Ibrahim mba hi iriri Ibrahim na. “Mba yo mba be grji Ishaku.”
৭তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত, সকলো যে তেওঁৰ সন্তান, সেয়াও নহয়; কিন্তু “ইচহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ’ব৷”
8 Mba ki mba he imiri be kpa mba na imiri be he imiri be Irji na. Mba imiri be yo nyu wa mba bla ba suru ni grji ba.
৮এই শাস্ত্ৰীয় বচনৰ অৰ্থ হ’ল; শৰীৰৰ যি সন্তান, তেওঁলোক ঈশ্বৰৰ সন্তান নহয়; কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান, তেওঁলোকহে বংশ বুলি গণিত হয়৷
9 U wayi hi itere u yo nyu a “nzizayi me ye de ye no Saraya ivire.
৯কিয়নো প্ৰতিজ্ঞাৰ বাক্য এই: এনেকুৱা সময়ত মই আহিম, তেতিয়া চাৰাৰ এটি পুত্ৰ হ’ব।
10 Ana he iwayi me ngana, niwaa Rifkatu a ban nne ni lonma itimbu Ishaku.
১০অকল সেয়ে নহয়; কিন্তু ৰিবেকাও এজনৰ পৰা, আমাৰ পিতৃ ইচহাকৰ পৰা গৰ্ভৱতী হোৱাত,
11 Ba rihe ngrji myri ba u mbana ti kpi dede ma ko meme ma na. Ni tu naki Irji a chu ana bi ni kpi wa mba ti ana amma nitu idi wa a yo.
১১সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোঁতেই, কৰ্মৰ কাৰণে নহয়, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ,
12 U mba hla ni wa “Nikon ani kwba ti gra ni tsitsama.” A na kima mba tere.
১২তেওঁক কোৱা গৈছিল, বোলে, “বৰটোৱে সৰুটোৰ সেৱাকৰ্ম কৰিব।”
13 Naki mba han zi “Me son Yakubu de kamu ni Isuwa.”
১৩এই বিষয়ে লিখাও আছে: “মই যাকোবক প্ৰেম কৰিলোঁ, কিন্তু এচৌক ঘিণ কৰিলোঁ।”
14 U khi tere de naki? Irji na ti bina naki? Ah ah.
১৪তেনেহলে আমি কি ক’ম? ঈশ্বৰত অধাৰ্মিকতা আছে নে? এনে নহওক।
15 U a hla ni Musa me lo sonro niwa mi losonro, mi losonron ni wa nimi no si sonro ni wa ani si sonron a.
১৫কিয়নো তেওঁ মোচিক কৈছিল, “মই যি জনক দয়া কৰোঁ, তেওঁকেই দয়া কৰিম; আৰু যি জনক কৃপা কৰোঁ, তেওঁকেই কৃপা কৰিম।”
16 Ni tu na ki ana he ni tu idi wa a yo sonron. Ko kuma ni idi wa ani ri shishi, na a he ni nitu Irji wa ani losonro ni ta.
১৬এতেকে এয়ে, ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়, কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয়।
17 U lan tre Baci'a hla ni Firauna, “Ani tu wayi yi me nzuu lunde ni ndu me tsoro ngbengblen mu ni mi me ni ndu b d'bu nde mu ni ngbungblu'a wawuu.”
১৭কিয়নো ধৰ্মশাস্ত্ৰই ফৌৰণকো কৈছে, “তোমাত মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ বাবে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হ’বৰ বাবে, মই তোমাক তুলিলোঁ।”
18 Naki, Irji ni tsro low sron ni wa a son'a nda tie wa a son sen tu.
১৮এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয়, তেওঁকেই তেওঁ কঠিন কৰে।
19 Khita mla ya u khi tere ade ni tuge ani son toh joku? Ahi ihan yi ni ya kukri ni gbegble u tuma.
১৯তেতিয়া আপুনি মোক ক’ব, বোলে, “তেনেহলে তেওঁ আকৌ দোষ ধৰে কিয়? কিয়নো তেওঁৰ ইচ্ছাৰ প্ৰতিৰোধ কোনে কৰিলে?”
20 Khi ta ya i u idi u hi han wa u san yun ni Irji? Ko idi u me a ani ya miye idi u me de ge sa a me wawu naki?
২০হে অবাধ্য লোক, ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন? নিৰ্ম্মিত বস্তুৱে, “তুমি মোক এনেকুৱা কিয় কৰিলা” বুলি নিৰ্ম্মাণকৰ্ত্তাক ক’ব নে?
21 U idi u me iri ana he ni gbegbegle ni tu itama iri wa ani meri iri u dedema iriri a hi u daraja, iriri a hi u tidu mege?
২১একে লদা মাটিৰে সমাদৰলৈ এটা, অনাদৰলৈ এটা, এনে দুবিধ পাত্ৰ বনাবলৈ, মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাই নে?
22 U ida Irji ani so tsoro ifu ma ni gbegble mba toh, ssai a vu sonron gbugbuu ni mba iri u fu wa mlati is gbi sutu mba.
২২ঈশ্বৰে, নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে,
23 E ati naki da tsoro gbira san ma gbugbu wa a he nimi dede u ma, wa a mla ti du mba gbirasan?
২৩আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে, সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে,
24 Amma tie wa ni tu mbuyi ita wa aye ta'a, ana Yahudawa ni nklen mba megyen na u ni bi kohra ngame.
২৪তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি, কেৱল ইহুদী সকলৰ মাজৰ পৰা নহয়, কিন্তু অনা-ইহুদী সকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে।
25 Towa a tre ni mi nvunvu u Yunusa a, “Ani yo ndji wa bana bimu na ndi ndji mu, ni biwa ana son ba naa, biwa mi son ba.”
২৫সেইদৰে তেওঁ হোচেয়াৰ পুস্তকতো কৈছে: “যি লোক মোৰ নহয়, তেওঁক মোৰ লোক বুলি, আৰু অপ্ৰিয় জনীক প্ৰেমৰ বুলি মাতিম।
26 Ani he naki wa mba na tre “ndi ba hi indi mana, u mba yo mba imiri Irji be sisairi.”
২৬আৰু ‘তোমালোক মোৰ লোক নোহোৱা,’ এই কথা যি ঠাইত তেওঁলোকক কোৱা হৈছিল, তাত তেওঁলোক জীৱনময় ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ’ব।”
27 Ishaya a yi kpokpo djur rah nitu Israila. “Mba ta ni tere a de imiri Israila mba bra na kpabru u kosan ba u mbari mba ba nawo.
২৭কিন্তু ইস্ৰায়েলৰ বিষয়ে যিচয়াই এই কথা ঘোষণা কৰে, “ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা যদিও সমুদ্ৰৰ বালিৰ নিচিনা হয়, তথাপি অৱশিষ্ট ভাগেহে পৰিত্ৰাণ পাব৷
28 U Irji a toh a de wawu a ni kle nyun ma ni gbugbugblu pyipyi me bani wuton mba.
২৮কিয়নো প্ৰভুৱে তেওঁৰ বাক্য সংক্ষিপ্ত আৰু সমাপ্ত কৰি, পৃথিৱীত সিদ্ধ কৰিব।
29 Na wa Ishaya a han ni sei u Irji a de na ka grji do ni ta wu na khi de na he na Sadumawa u khi dena kwma ti na Gomarata.
২৯এই বিষয়ে যিচয়া আগেয়ে কৈছিল, “বাহিনী সমূহৰ প্ৰভুৱে আমাৰ বাবে সঁচ নৰখা হ’লে, আমি চদোমৰ নিচিনা হ’লোঁহেঁতেন আৰু ঘমোৰা নগৰৰ তুল্য হ’লোঁহেঁতেন।
30 U ziza khi tere a de ge? U be kora, be wa bana son tsa-tsara na mba kpa dede ni dedema u kpa kyem.
৩০তেনেহলে আমি কি ক’ম? অনা-ইহুদী সকলে ধাৰ্মিকতালৈ কার্য নকৰিও, ধাৰ্মিকতা পালে;
31 U Israila be wa mba na wa ituron u tsa-tsara na u mba na he ni mi turon na.
৩১কিন্তু ইস্ৰায়েল লোকে ধাৰ্মিকতাৰ বিধানলৈ কার্য কৰিও, সেই বিধান নাপালে।
32 Nitu ge? ni tu mba na wa ni njanji na. u a he nitu idu na. Mba za ni tu tita wa ni du yi za ni kbu za.
৩২কি কাৰণে? কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয়, কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কার্য কৰিলে। উজুটি খুউৱা শিলত তেওঁলোকে উজুটি খালে;
33 Towa ba nhaa, “To Mi ka tita u kbu za sizi ni mi Sihiyona mba ni haan u latre. U wa a kpanyme ni wu'a ana tie shan na.
৩৩এই বিষয়ে লিখাও আছে, “চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব।”