< Mark 4 >
1 Yesu ni mu mummlan a hla tre ma ni gbugbu ndi waba shuti ni Yun nei. A lude ri ni mi gyue ni mi-nei.
১তাৰ পাছত যীচুৱে সাগৰৰ তীৰত গৈ পুনৰ উপদেশ দিবলৈ ধৰিলে। তেতিয়া অধিক লোক তেওঁৰ ওচৰত গোট খোৱাত তেওঁ সাগৰলৈ গৈ এখন নাৱত উঠি বহিল; আৰু লোক সকল সাগৰৰ পাৰতে ৰৈ থাকিল।
2 A lla tre ma u-jaji gbugbu da ka yiyi ani.
২তেতিয়া তেওঁ দৃষ্টান্তেৰে তেওঁলোকক অনেক উপদেশ দিলে আৰু উপদেশ দিওঁতে তেওঁলোকক কলে:
3 Wo-me, idi uron a ban ibi hichu ni rjumaa
৩“শুনক, এজন খেতিয়কে কঠীয়া সিচিঁবলৈ গ’ল।
4 a chu bari ba kuhle ni kon u chichen ba tanri
৪তেওঁ সিচোঁতে সিচোঁতে, কিছুমান কঠীয়া আলিবাটৰ কাষত পৰিল; তাতে চৰাইবোৰে আহি সেইবোৰ খুঁটি খালে।
5 bari ba khule ni tu han iwa ama hei mi meme gbugbun a warju.
৫কিছুমান কঠিয়া অলপ মাটি থকা শিলনিত পৰিল, তাতে মাটি ডাঠ নোহোৱাৰ বাবে সোনকালে গজিল৷
6 Irji rju hongan wa kue niwa in-jah ma na gburonkonna.
৬কিন্তু যেতিয়া সূৰ্য উদয় হ’ল আৰু তাপ লাগিল তেতিয়া শিপা নোহোৱা বাবে, সেইবোৰ শুকাই গ’ল।
7 Bari ba kuhle ni zahchon, I Chon ba gburon ti rigra da k tiwu wa ti me me.
৭কিছুমান কঠিয়া কাঁইটনিত পৰিল; তাতে কাঁইটীয়া বনবোৰ বাঢ়ি উঠি সেইবোৰক হেচি ধৰিলে আৰু সেইবোৰত একো ফল নধৰিল৷
8 Bari kuma ku “lle ni “llar meme didima da gburon na ni sho bari, I wulon iknutra, bari I wulon ikpu tanne, bari I wulon kpu wulon.
৮আন কিছুমান কঠিয়া ভাল মাটিত পৰিল আৰু গজালি মেলি বাঢ়ি উঠিল, তাতে ফলউৎপন্ন হ’ল৷ সেই কঠিয়াবোৰৰ কিছুমানে ডেৰকুৰি, তিনি কুৰি আৰু এশ গুণলৈকে ফল উৎপন্ন কৰিলে।”
9 Yesu tre indi wa a hei ton u wo kawo
৯তেওঁ ক’লে, “যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক”।
10 Wa Yesu a ye he ni kriji ma bi wa ba hei niki ni mimriko ma wulon don ha, ba miyen tu tree ka yiyi a.
১০তাৰ পাছত যীচু নিৰ্জন ঠাইত থকা সময়ত তেওঁৰ সঙ্গী সকলে সেই বাৰ জন শিষ্যৰ সৈতে গৈ সেই দৃষ্টান্ত কেইটাৰ বিষয়ে তেওঁক সুধিলে।
11 A biyi yi ba “llar you wawu multi Irji wa, a ririn, mibiwa ba he nira ba tree ni ka yiyin me.
১১তেতিয়া তেওঁ তেওঁলোকক কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে৷ কিন্তু যি সকল লোক বাহিৰত আছে, তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে,
12 Ni duba ye ama da na toh na ni duba wo “llan da na toh “llan na I ba wo na kame ye Irji ni wuru “lle ni bwu.
১২যাতে তেওঁলোকে যেতিয়া চাই, হয়, তেওঁলোকে চাই; কিন্তু দেখা নাপায়, আৰু যাতে তেওঁলোকে যেতিয়া শুনে; হয়, শুনে, কিন্তু বুজি নাপায়, অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”
13 A miyen ba bina to tu itre u ka you na?
১৩পাছত তেওঁ কলে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা?
14 Bi ya di bi to wawu u?
১৪সেই খেতিয়কে বাক্য সিচেঁ।
15 Idi ichu a ni chu tre.
১৫য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানেআহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে;
16 Ni tu kon ba a bubu wa ba chutre iba wo meme brji a ye, wa vuba kpa tre wa ba chusa.
১৬সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে,
17 Bana he ni ja na ni mi bana. Ama ba vu sunron mu ni mi iton fie me, na joku ni ton uya.
১৭কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।
18 Bi wa ba kpa tre na kalle ni
১৮আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত,
19 tu gbi gbugbulu yo khlen, iko bari kpii bari naki, iri mba ba chu wa a khule ni chon. (aiōn )
১৯সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভসোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়। (aiōn )
20 Bi wa ba kpatre rji da vusuron na ni ji ndi ye nitre rji baba yi ba ichu wa kulle ni meme didi wa a ni klo 30-30 60-60 100-100
২০আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”
21 A miyen ba, Indi ba zi fitila ni mi sisen ko ba zi ni zah tebru? Ba zi nitu tebur, di du kpan ni Indi bi koh.
২১যীচুৱে তেওঁলোকক আৰু কলে, “তোমালোকে ঘৰৰ ভিতৰত চাকি জ্বলাই গছাৰ ওপৰত নথৈ দোণৰ বা খাটৰ তলত থবলৈ আনা নে? কিন্তু তাক ভিতৰলৈ আনি গছাৰ ওপৰতহে ৰখা হয়৷
22 Ikperi na riri na, see ka he ni rira ni ndi ba ka to na hlar.
২২কিয়নো যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাইআৰু যি বিষয় পোহৰলৈ নাহিব, এনে গোপন কৰি ৰাখিবলৈও কোনো বিষয় নাই ৷
23 Indi wa ahei niton u wo ka wo.
২৩কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
24 A hla bawa, srenton ni wo kpie wa bi wo. Kongo wa wu tsar niwu, ni ki ba tsar niwu.
২৪যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে কি শুনা, তালৈ মন কৰা; যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হব; আৰু তোমালোকক অধিক দিয়া হব।
25 Indi wa a heiwu, ba ka fon surwu Indi wa ana hei niwuna, baka vukpa fie wa a hei niwua.
২৫কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেইখিনিও তেওঁৰ পৰা নিয়া হব।”
26 A tree, mulki Irji a hei nawa indi ani ban bikpie hichu nimeme.
২৬যীচুৱে কলে, “ঈশ্ৱৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠীয়া মাটিত সিচাঁৰ দৰে হয়৷
27 Indi ni kruna, na shime ni rji, biri nirju na gbrun, wana tohna.
২৭তেওঁ ৰাতিয়ে-দিনে, শোওঁতে উঠোতে, সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, সেই বিষয়ে নাজানে।
28 Menme nina biri kima ani yarbe ku nira, ngwugwu ka fu wa ka gbrun nikle ma da ti wolo.
২৮পৃথিৱীয়ে নিজে নিজে, প্ৰথমে পাত, পাছত থোৰ, তাৰ পাছত থোকত পুৰ হোৱা গুটি উৎপন্ন কৰে।
29 I dan biri a weri u ba cham.
২৯তাতে গুটি পকাৰ পাছত, শস্য দাবৰ সময় উপস্থিত হল বুলি জানি, তেওঁ তেতিয়া কাচি লগায়৷”
30 Ki ya tree mulki rji ahe naki kā ki tsar ba bawu?
৩০যীচুৱে পুনৰ ক’লে, “আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম, বা কি দৃষ্টান্তেৰে এই বিষয়টো প্ৰকাশ কৰিম?
31 Ga aheifieme na wolo mustard wa i dan u chu ani rju da gburon.
৩১সি এটি সৰিয়হ গুটিৰ নিচিনা; যি গুটি মাটিত সিচোঁতে, পৃথিৱীৰ আটাই কঠিয়াতকৈ সৰু;
32 Har chinchen baka son ni wuma.
৩২কিন্তু সেই বীজ সিচাঁৰ পাছত, সি গজি বাঢ়ি আটাই উদ্ভিদতকৈ ডাঙৰ হয় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰেও আহি তাৰ ছাঁত বাস কৰিব পাৰে।”
33 Naki tre mba ni kayiyi ni kon gbubu'u.
৩৩এইদৰে অনেক দৃষ্টান্তেৰে, যীচুৱে তেওঁলোকৰ শুনা শক্তি অনুসাৰে তেওঁলোকক বাক্য ক’লে৷
34 Ni kogie a tre ni ba wu ni ka yiyi duba tohtre a.
৩৪কিন্তু বিনা দৃষ্টান্তেৰে তেওঁলোকক একো নকলে; অৱশ্যে নিজৰ শিষ্য সকলক ব্যক্তিগত ভাবে সকলো বিষয় ব্যাখ্যা কৰি বুজাই দিলে।
35 Ni yalu chachuki a tree diba zah gran hi komu.
৩৫সেইদিনা গধূলি সময়ত যীচুৱে তেওঁলোকক ক’লে, “আমি সিপাৰলৈ যাওঁহক৷”
36 I ba lude niwume a ni mique na ka ndiba don.
৩৬তেতিয়া শিষ্য সকলে লোক সকলক এৰি থৈ, তেওঁ যেনেকৈ নাৱত আছিল, তেনেকৈয়ে যীচুক লগত লৈ গ’ল; আৰু আন আন নাৱো তেওঁলোকৰ লগত আছিল।
37 Se ihen lude ni gbegbelen na wuru man sur ni mi guea ta shu.
৩৭পাছত বৰ ধুমুহা বতাহ ব’লাত, ঢৌৰ কোবত নাও খন পানীৰে পূৰ হবলৈ ধৰিলে।
38 Wa si kurna ni kogon mi gue iba shemme u du lude na ya duna kur kpahlena ndi ba ba kuhlema.
৩৮সেই সময়ত তেওঁ নাৱৰ গুৰিৰফালে গাঁৰুত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই ক’লে, “হে গুৰু, আমি যে এতিয়া মৰোঁ, ইয়ালৈ আপুনি চিন্তা নকৰে নে”?
39 Iwa lude da yarhan ni kikle gwugwu mba ima duba son nigbagbi shishiman ba chu
৩৯তেতিয়া তেওঁ উঠি, বতাহক ডবিয়ালে আৰু সাগৰকো ক’লে, “শান্তিৰে থিৰে থাক৷” তেতিয়া বতাহ আতৰি গ’ল, আৰু অতি শান্ত হৈ পৰিল।
40 A miyen ba, age nuyi sisiri? Har zizan bina hei ni bangaiskiya na?
৪০যীচুৱে তেওঁলোকক ক’লে, “তোমালোক কিয় ভয়াতুৰ হৈছা? এতিয়ালৈকে বিশ্বাস হোৱা নাই নে?”
41 Iba tie sisiri, adi a indi birimen nayi a tre ni gwugwu ba I ma u ba wo niwu.
৪১তাতে তেওঁলোকে ভয়ত অতিশয় আতুৰ হৈ ইজনে সিজনে কোৱা-মেলা কৰি কলে, “বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে, এওঁ নো কোন?”