< Mark 3 >

1 Bachi a ri no mitra u pre da same ni Indi wu lullo wu so wo.
তাৰ পাছত যীচু পুনৰ নাম-ঘৰত সোমাল; আৰু তাত হাত শুকাই যোৱা ৰোগী এজন আছিল।
2 Indi ba sure shishi niwu ko ani wurka ni wu cacu asabar don da ka to ni la ter.
বিশ্ৰামবাৰে সেই ব্যক্তি জনক তেওঁ সুস্থ কৰিব নে নকৰে, ইয়াকে লোক সকলে চাই আছিল৷ আচলতে তেওঁলোকে তেওঁক অপবাদ দিবৰ বাবে কাৰণ বিচাৰি আছিল।
3 Yesu hla nindi wu lullo wo, rhu kli ni tsutsu Indi ba, Yesu a miye ndi ba.
তেতিয়া যীচুৱে সেই হাত শুকাই যোৱা ৰুগীয়া মানুহ জনক ক’লে, “উঠা, আৰু সকলোৰে মাজত থিয় হোৱা”।
4 Abi duba tie zizi nive asabar d kpa ndi cuwo ka ndu tie meme indu Indi ba que? Indi ba ba son ng bage.
তাৰ পাছত তেওঁ লোক সকলক সুধিলে, “বিধানৰ মতে বিশ্ৰামবাৰে বেয়া কৰ্ম নে, ভাল কৰ্ম কৰা উচিত? আৰু নৰ-বধ কৰিব পায় নে প্ৰাণ ৰক্ষা কৰিব পায়”? কিন্তু তেওঁলোক মনে মনে থাকিল।
5 Yesu a kma ya ndi ba nifu done touri dir mba da hla ni gu n ma wo me? igu n ma wo ma u won bi.
তেতিয়া তেওঁলোকৰ হৃদয়ৰ কঠিনতা দেখি তেওঁ অসন্তুষ্ট হৈ খঙেৰে চাৰিওফালে চালে আৰু সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া”। তেতিয়া তেওঁ হাত খন মেলি দিলে আৰু যীচুৱে সেই হাত খন পূর্বৰ সুস্থ অৱস্থালৈ আনিলে।
6 Farisawa banu gla me da hadatu niti rudiyawo di ba wo Yesu.
তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে।
7 Yesu ni mini koma ba hi nen wu Indi gbugbu ba hu bari ba ni ni Galilee ba ri bani Judia
তাৰ পাছত যীচুৱে যেতিয়া তেওঁৰ শিষ্য সকলৰ সৈতে সাগৰৰ পাৰলৈ গ’ল; তেতিয়া গালীল আৰু যিহুদীয়াৰ পৰা অহা মানুহৰ দল এটাই তেওঁক অনুসৰণ কৰিলে;
8 Urshalima, indumi ya bari me gaba ni Jordan, Tyre har ni Sidon. Daba wo gbi a si ti Indi gbugbu u bayi niwu.
আৰু যিৰূচালেম, ইদোমৰ যৰ্দ্দনৰ সিপাৰৰ পৰা, তুৰ আৰু চীদোনৰ চাৰিওফালৰ পৰা মানুহৰ এটা বৃহৎ দলে তেওঁ কৰি থকা সকলো কৰ্মৰ কথা শুনিলে আৰু তেওঁলোক ওচৰ চাপি আহিল।
9 A hla ni miniko ma duba samu ni igu tsitsima ni wawu don into du ba na matse bi was wu na.
তেতিয়া লোক সকলৰ সমাগম অধিক হোৱা দেখি, তেওঁ হেচা-ঠেলাৰ মাজত নপৰিবৰ বাবে শিষ্য সকলক এখন নাও যুগুত ৰাখিবলৈ আজ্ঞা দিলে।
10 A warka indi gbugbu u bi lullo ba turn kpamba ni baba sawo niwu da fe se. Bachi a kpa bari just ni lullon.
১০কিয়নো তেওঁ অনেক লোকক সুস্থ কৰা দেখি, ব্যাধিয়ে ধৰা সকলোৱেই তেওঁক চুবলৈ হেঁচা-ঠেলা কৰি আছিল।
11 Ko nitan bi ruhu brji bajoku ni koshishi da Yar go da ter wu vir irji.
১১আৰু অশুচি আত্মাবোৰে তেওঁক যেতিয়াই দেখে, তেতিয়াই তেওঁৰ আগত পৰে আৰু কান্দি কান্দি কয়, ‘আপুনি ঈশ্বৰৰ পুত্ৰ’।
12 A kpa nha ni ba duba dubu nde ma na
১২কিন্তু তেওঁক প্ৰকাশ নকৰিবলৈ সিহঁতক দৃঢ়কৈ সাৱধান কৰি দিলে।
13 A ho he ni gbulu da yo biwa a ni son u ba ye same ni wu.
১৩পাছে তেওঁ পৰ্বতত উঠি, যি সকলক তেওঁ ইচ্ছা কৰিলে, তেওঁলোকক মাতিলে, আৰু তেওঁলোক তেওঁৰ ওচৰলৈ আহিল।
14 A ju ndi woto dan ha wa yo ba di (apostles) do duba he ni wa,
১৪তেতিয়া তেওঁ বাৰ জনক নিযুক্ত কৰিলে (যি সকলক তেওঁ পাঁচনি নাম দিছিল) যাতে তেওঁলোক তেওঁৰ সঙ্গে সঙ্গে থাকিব পাৰে আৰু তেওঁলোকক যাতে প্রচাৰ কৰিবলৈ পঠিয়াব পাৰে,
15 wa turba du ba hla ter wada he ni glegle wu zu bryi.
১৫আৰু তেওঁলোকে যেন ভূত খেদাবৰ বাবে অধিকাৰো পাব পাৰে৷
16 Mazani wolo dan ha wanda ju ba na he nayi Simon wanda a non dema Bitrus.
১৬তেওঁ যি বাৰ জনক নিযুক্ত কৰিলে, সেই কেইজন হ’ল- চিমোন, যি জনক তেওঁ পিতৰ নাম দিছিল৷
17 Yakub very Zabadi, Yohana vayi Yakub Wanda a nu de Banergas wato minizan
১৭চিবদিয়ৰ পুতেক যাকোব আৰু যাকোবৰ ভায়েক যোহন, (এই দুজনক বনেৰগচ, অৰ্থাৎ মেঘ-গৰ্জ্জনৰ পুতেক নাম দিলে);
18 wu Adarawas u Fibus, Bar ta Lamawas, Matiwu, Tomas, Yakub very Haifa u Yahuza, Thaddaeus, Simon Bakan ane
১৮আন্দ্ৰিয়, ফিলিপ, বাৰ্থলময়, মথি, থোমা, আলফয়ৰ পুতেক যাকোব, থদ্দেয়, জাতীয়তাবাদী চিমোন,
19 wu Yahuza Iskanyoti Wanda ya bashe shi.
১৯আৰু তেওঁক শত্ৰুৰ হাতত শোধাই দিয়া ঈষ্কৰিয়োতীয়া যিহূদা।
20 A kma he ko, wu kpetren indi bakaba da iya ri bin na.
২০পাছত তেওঁ এটা ঘৰত সোমাল; আৰু পুনৰায় তাত ইমান মানুহ গোট খালে যে, তেওঁলোকে ভোজন কৰিব নোৱাৰিলে।
21 Da bikoma ba won naki da he niwu da ter, imiri ma na he na he ni wu na.
২১তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল।
22 Bi nha wa ba ni Urishalima ba ter di, a he ni ruhu Beelzebul, “mba meme brji”.
২২আৰু যিৰূচালেমৰ পৰা অহা বিধানৰ অধ্যাপক সকলে ক’লে, “তেওঁৰ গাত বেলচবূব আছে; আৰু ভূতৰ সেই ৰজাৰ দ্বাৰাই তেওঁ ভূতবোৰ খেদায়৷”
23 Yesu yo ba da ter ba yi-yi, ibrji ani ti ni he da zu ibrji?
২৩তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি দৃষ্টান্তেৰে ক’লে, “চয়তানে চয়তানক কেনেকৈ খেদাব পাৰে?
24 Idam mulki gu kpama te kam-kan mulki ba na to kle gbangba na.
২৪যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে নিজে ভাগ হৈ যায়, তেনেহলে সেই ৰাজ্য এক হৈ থাকিব নোৱাৰে।
25 Idam iko ga kpema komba ana kle gbangba na idan b
২৫আৰু কোনো ঘৰ যদি নিজৰ বিৰুদ্ধে নিজে ভাগ হয়, তেনেহলে সেই ঘৰ এক হৈ থাকিব নোৱাৰে।
26 a tayar ni nituma da ga gba ana he niglegle-glegle na anijoku.
২৬চয়তানেও যদি নিজৰ বিৰুদ্ধে নিজে থিয় হয়, তেনেহলে সি থাকিব নোৱাৰিব কিন্তু তাৰ গতি অন্ত হব।
27 Idi na ya da ri ko idi u gle-gle da yi bi kpe ma na ha ma ni vu indi glegle u ko.
২৭বলৱানজনক প্ৰথমে নাবান্ধিলে, কোনেও তেওঁৰ ঘৰত সোমাই তেওঁৰ বস্তু লুট কৰিব নোৱাৰে; বান্ধিলেহে তেওঁৰ ঘৰ লুট কৰিব পাৰিব৷
28 Jaji mu me hla you la tre we me wa wa Indi ba ti iha wur la bawu.
২৮মই আপোনালোকক স্বৰূপকৈ কওঁ, মনুষ্য-সন্তান সকলৰ সকলো বিধৰ পাপ, আৰু ঈশ্বৰক নিন্দা কৰা যি নিন্দা, এইবোৰ সকলোৰে ক্ষমা হয়;
29 A ma wa ba ti ni Ruhu tsatsra ba na wur le meml mu, dona la tre u ka kle. (aiōn g165, aiōnios g166)
২৯কিন্তু যি কোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, সেই জনৰ ক্ষমা কোনো কালে নহ’ব; সি অনন্ত পাপৰ অধিকাৰী”। (aiōn g165, aiōnios g166)
30 Yesu tree ni tu wa ha tre, ahei brji
৩০যীচুৱে এই কথা তেওঁলোকক কলে; কাৰণ তেওঁলোকে কৈছিল, “তেওঁৰ গাত অশুচি আত্মা আছে৷”
31 I yima ni mir vayi ba ye kril ko ra. Ba to ba ka yo'u ye gba nmba.
৩১এনেতে তেওঁৰ মাক আৰু ভায়েক সকল আহি, বাহিৰত থিয় হৈ তেওঁক মাতি পঠালে।
32 Kpetren ndi ba ki kagon ma da me yer, I yi me ni mir vayi me ba hei ko ra da ki wa u
৩২তেতিয়া লোক সকল তেওঁৰ চাৰিওকাষে বহি আছিল; আৰু তেওঁলোকে তেওঁক ক’লে, “চাওক, আপোনাৰ মা, ভাই আৰু ভনী সকলে বাহিৰত আপোনাক বিচাৰিছে”।
33 A sa ni ba'u, ba nha ba mir vayi mu?
৩৩তাতে তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “মোৰ আই আৰু মোৰ ভাই সকল কোন”?
34 A ka ya ndi wa ba ki gon kla ma da tre, “To ibiyi yi bi mir vayi mu!
৩৪পাছত তেওঁৰ চাৰিওফালে বহি থকা লোক সকলক চাই তেওঁ ক’লে, “এওঁলোকলৈ চোৱা, এওঁলোকেই মোৰ আই আৰু মোৰ ভাই;
35 Duk ndi wa ni ti kpe wa rji tre a wa u yi hi yimu da hi mir vayi mu.
৩৫কিয়নো যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, সেই জনেই মোৰ ভাই, ভনী, আৰু আইয়ো হয়৷”

< Mark 3 >