< Mark 2 >

1 Da a kumaye ni Capernaum ni mi vi fie mee, ndi ba woh da hei niko.
কিছুদিনৰ পাছত, যীচু পুনৰ কফৰনাহূমলৈ আহিল৷ তেতিয়া লোক সকলে তেওঁ ঘৰত আছে বুলি শুনি,
2 Gbugbu ndi ba tsutsu da shuni bubua, ikon 'u” zu no ri koha ana heina, Yes sibla tre nibawu.
ইমান মানুহ গোট খালে যে, ভিতৰত কোনো কোঠালিতে ঠাই নোহোৱা হ’ল; আনকি দুৱাৰ-মুখতো ঠাই নাইকিয়া হ’ল। তাতে যীচুৱে তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে।
3 Indi nzah ba jin vayi mba wa a chronchu ye ni Yesu.
তেতিয়া লোক সকলে চাৰি জনে কঢ়িয়াই অনা এজন পক্ষাঘাত ৰোগীক যীচুৰ ওচৰলৈ আনিলে।
4 Bana to ikoh “u” ri hi ni Yesu na, ba hon zu ni tukan, da ghlen tukan, da ban ndi “u” chronchu rini Yesu.
কিন্তু জন সমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, সেই ঘৰৰ ওপৰৰ চাল গুচাই বাট কৰি ললে আৰু পক্ষাঘাত ৰোগীজনক শোৱা শয্যাৰে সৈতে তললৈ নমাই দিলে।
5 Yesu toh gbegble suron ba da tre ivre ba wur lahtre me hle ni wu.
তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীজনক ক’লে, “বোপা তোমাৰ সকলো পাপ ক্ষমা হ’ল”।
6 Se bibla vuvu wa ba sun ni ki, ba si rimre nisuron ba di Yesu lahtre,
কিন্তু তাত বহি থকা বিধানৰ অধ্যাপক সকলৰ মাজৰ কোনো কোনোৱে মনতে ভাবি ক’লে,
7 Ba indi da ani wur lahtre ndi hlega, sai Irji nikankrima ni wur lahtre ndi hlega
“এওঁ এনে কথা কেনেকৈ কব পাৰে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। এজন ঈশ্বৰত বাহিৰ কোনে পাপ ক্ষমা কৰিব পাৰে”?
8 Yesu toh misuron ba da miyen ba agye nji meme mmre ba ye ni yi wu?
তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে; সেয়েহে তেওঁলোকক ক’লে, “আপোনালোকে অন্তৰত কিয় এনে কথা ভাৱিছে?
9 Niwa ba kpa lahtre wurhle ni ba wu, ni wa ba hla ban blame ni hi kpame, a time agan?
‘তোমাৰ সকলো পাপ ক্ষমা হ’ল’ নাইবা ‘উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা’; এই দুটা কথাৰ মাজত পক্ষাঘাত ৰোগীজনক কোনটো কবলৈ উজু?
10 Yesu a toh di vre Irji a hei ni gbengbenlen “u” wur lahtre hle ga, da hla ni ndi wu chronchu,
১০কিন্তু আপোনালোকে যেন জানে যে, পৃথিৱীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে”, এই বুলি তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে,
11 mi hla “u” lude di ban blame di hi koh.
১১“মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ, নিজৰ ঘৰলৈ যোৱা”।
12 Indi wu chronchu a lude ban blama da hi kpa ma, Indi ba buh iyuen yo woh da tre, kina taba toh Bibi kpei nayi na.
১২তাতে তেওঁ তেতিয়াই উঠিল, আৰু সকলোৰে সন্মুখত নিজৰ শয্যা তুলি লৈ ওলাই গ’ল; ইয়াকে দেখি সকলোৱে বিস্ময় মানি ক’লে, “আমি এনেকুৱা কেতিয়াও দেখা নাই”, এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।
13 Yesu rhu hi ni kosan nei, ndi gbugbu ba hu hi ni neila, wa ka si bla tre ni bawu.
১৩তাৰ পাছত যীচু আকৌ সাগৰৰ তীৰলৈ ওলাই গ’ল; আৰু লোক সকল তেওঁৰ ওচৰলৈ অহাত, তেওঁ তেওঁলোকক উপদেশ দিলে।
14 Da asi zre da toh Levi ivre Alphaeus a kuson ni bi kpa ban. Yesu du hu wawu, wa lude hu Yesu.
১৪পাছত তেওঁ যাওঁতে আলফয়ৰ পুতেক লেবীক কৰ লোৱা চ’ৰাত বহি থকা দেখা পালে আৰু তেওঁক ক’লে, “মোৰ পাছে পাছে আহা”। তেতিয়া তেওঁ উঠি, তেওঁৰ পাছে পাছে গ’ল।
15 Yesu si rhi lah mi koh Levi, in bi kpa ban gbugbu, baba bi lahtre wasi rhi no “u” baba mrikon, ndi gbugbu ba hu.
১৫যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত উপস্থিত আছিল৷
16 Farisawa bibla vuvu, ba toh Yesu si ri biri nikoh Levi da miyen mri koh ma a gye sa ti kohbi si ribiri ni bi lahtre?
১৬তাতে তেওঁ পাপী আৰু কৰ সংগ্রহকৰী সকলৰ সৈতে ভোজন কৰা দেখি, ফৰীচী সমাজৰ বিধানৰ অধ্যাপক সকলে তেওঁৰ শিষ্য সকলক ক’লে, “এওঁ কিয় কৰ সংগ্রহকৰী আৰু পাপী লোকৰ লগত ভোজন-পান কৰে”?
17 Yesu woh ba da tre indi wa ahei ni gbengbenlen ana wa den na, see ndi “u” lilo niwa den. Mi na ye nitu bi woh tre mu na, mi ye ni tubi lahtre.
১৭যীচুৱে ইয়াকে শুনি তেওঁলোকক ক’লে, “নিৰোগী মানুহৰ বাবে চিকিৎসকৰ কোনো প্ৰয়োজন নাই; কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধাৰ্মিক জনক নহয় কিন্তু পাপীকহে নিমন্ত্রণ জনাবলৈ আহিছোঁ”।
18 Mrikoh Yohana baba Farisawa bata son ni hlama, indi baye da tre ahigye sa mrikoh Yesu bana vu hlana na?
১৮এবাৰ যোহনৰ শিষ্য সকল আৰু ফৰীচী সকলে লঘোন দি আছিল৷ তাতে তেওঁলোকে আহি যীচুক সুধিলে, “যোহনৰ শিষ্য সকলে আৰু ফৰীচী সকলৰ শিষ্য সকলেও লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্য সকলে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি”?
19 Yesu ka hla ni bawu, ayiwu kpukpan ango ba ka son ni hlama
১৯তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “সখি সকল দৰাৰ লগত থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোন দিব নোৱাৰে।
20 Se chachu wa ba ban ango rhu, “u” ba son ni hla ma.
২০কিন্তু এনে দিন আহিব, যিদিনা তেওঁলোকৰ পৰা দৰাক নিয়া হব আৰু সেই দিনত তেওঁলোকেও লঘোন দিব।
21 Ba ndi a niwar klon sisama nitu chiche ma, don ani ya yabba sisama game.
২১কোনেও পুৰণি বস্ত্রত নতুন কাপোৰৰ টাপলি নামাৰে; তেনে কৰিলে, যি ডোখৰেৰে টাপলি মৰা হয়, সেয়ে তাক ফালি নিয়ে; অৰ্থাৎ নতুন ডোখৰে পুৰণিক ফালি নিয়ে আৰু তেতিয়া সৰহ ভাগহে ফাটি যায়।
22 Ba ndi wa ani ban hi sama sur ni chiche ri, don ani fu hle ga, se ba ka sur sama ni miri sama.
২২পুৰণি ছালৰ মোটত নতুন দ্ৰাক্ষাৰস কোনোৱে নথয় আৰু যদি কোনোবাই থয়, তেনেহলে সেই দ্ৰাক্ষাৰসে সেই মোট ফালি পেলাব, তাতে দ্ৰাক্ষাৰস আৰু মোট, দুয়োটাই নষ্ট হব, কিন্তু নতুন দ্রাক্ষাৰস নতুন মোটতহে থয়”।
23 Ni chachu sati Yesu si zre zu ni mi rhu, mrikohma ba zi gbusu tan.
২৩তাৰ পাছত তেওঁ বিশ্রামবাৰে শস্যক্ষেত্রৰ মাজেদি যাওঁতে, তেওঁৰ শিষ্য সকলে শস্যৰ থোকবোৰ ছিঙি খাবলৈ ধৰিলে।
24 Farisawa baka tre ni Yesu du toh ikpie a di mrikoh me ba si ti kpie wa dana bina ni chachu sati.
২৪তাতে ফৰীচী সকলে যীচুক কলে, “চোৱা, বিধান অনুসাৰে বিশ্ৰামবাৰে যি কৰিব নাপায়, সেইবোৰ ইহঁতে কিয় কৰিছে”?
25 A miye ba, bina toh ikpie wa Dauda baba ndima ba ti na? iyoun ti ba,
২৫তেতিয়া তেওঁ তেওঁলোকক কলে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ প্রয়োজন হোৱাত আৰু ভোক লগাত যি কর্ম কৰিছিল, সেই বিষয়ে আপোনালোকে কেতিয়াও পঢ়া নাই নে?
26 baka hini Abitha ndi wu ton du Irji, waka noba breadi chachu sati, “u” ba ka tan
২৬তেওঁ কেনেকৈ অবিয়াথ মহা-পুৰোহিতৰ সময়ত, ঈশ্বৰৰ গৃহত সোমাল আৰু পুৰোহিতৰ বাহিৰে বিধান অনুসৰি অন্য লোকে খাব নোৱাৰা যি দৰ্শন-পিঠা, সেইবোৰ তেওঁ খালে আৰু লগৰবোৰকো দিলে”?
27 Yesu tre ba ti chachu sati ni idi, bana ti indi ni chachu sati na.
২৭যীচুৱে তেওঁলোকক পুনৰ কলে, “বিশ্ৰামবাৰ মানুহৰ কাৰণে হল; কিন্তু মানুহ বিশ্রামবাৰৰ কাৰণে নহ’ল;
28 Ni tu ki Ivre Indi a hi “u” Bachi “u” chachu sati.
২৮এই হেতুকে মানুহৰ পুত্র বিশ্রাম-বাৰৰো অধিপতি”।

< Mark 2 >