< Mark 10 >

1 a luye ni migbu yahuda u kle kle ni gran gbu urdu indi gbugbuu bla ye niwu wa soma bla tre rji ni bawu nawa a ni ti chachia
তাৰ পাছত যীচুৱে সেই ঠাই এৰি যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ গ’ল; আৰু লোক সকল আহি আকৌ তেওঁৰ ওচৰত গোট খালে৷ তেওঁ নিজৰ অভ্যাস অনুযায়ী তেওঁলোকক পুনৰ উপদেশ দিব ধৰিলে।
2 Farisawa baluye niwu na miyen a hi hlatre ndu lilon zuwama basun wokpie wa anitre
তেতিয়া ফৰীচী সকল আহি তেওঁক সুধিলে, “পুৰুষে নিজৰ তিৰোতাক ত্যাগ কৰাতো বিধান সন্মত হয় নে?” এই প্রশ্ন তেওঁক পৰীক্ষা কৰিবৰ বাবে সুধিছিল।
3 wa miye ba ani musa a hla ni yiwu nige?
তেতিয়া তেওঁ উত্তৰ দি ক’লে, “মোচিয়ে আপোনালোকক কি আজ্ঞা দিলে?”
4 u ba tre ani musa kparyemen nduba nhan takada u ga gram na kachuwo
তেওঁলোকে ক’লে, “এটা প্ৰমাণ পত্ৰ লিখি দি তাইক ত্যাগ কৰিবলৈ মোচিয়ে পুৰুষক অনুমতি দিলে।”
5 yes bawa ani kawo tre biyi atre ndu ba nhan
যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক কঠিন মনৰ লোক হোৱাৰ কাৰণে তেওঁ এই আজ্ঞা আপোনালোকৰ বাবে লিখিলে,
6 rji mummla irji tie lilon ba iwa
কিন্তু সৃষ্টিৰ আদিতে ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজিলে।
7 ni tukima lilon ni ka itie ma ba yima don da shi sun hamba
‘এই হেতুকে পুৰুষে নিজৰ পিতৃ-মাতৃক এৰি তেওঁৰ ভাৰ্য্যাত আসক্ত হব,
8 ha mbaa ba zama inaman kpa riri anaki bana harina ni koshishi ama inaman riri
আৰু দুয়ো এক দেহ হ’ব।গতিকে তেওঁলোক, পুনৰ দুজন নহয়, কিন্তু এক দেহ।’
9 ipie wa irji tie di diori naga tie hari na
এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে, তেওঁক কোনো মানুহে বিয়োগ নকৰক।”
10 ni mikoma almagerema ba hla miyen itre kima
১০পাছত তেওঁলোক যেতিয়া ঘৰত আছিল, শিষ্য সকলে এই বিষয়ে আকৌ তেওঁক সুধিলে।
11 wa hla nibawu du indi wa a zu wama na kpari a si yi zina
১১তাতে তেওঁ তেওঁলোকক ক’লে, “যি মানুহে নিজৰ ভাৰ্যাক ত্যাগ কৰি আন এজনীক বিয়া কৰায়, তেওঁ তাইৰ বিৰুদ্ধে ব্যভিচাৰ কৰে৷
12 naki ni iwa wa a kama ni lonma na gran irir wawume a si yi zina
১২আৰু যদি তাই নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে বিয়া হয়, তেনেহলে তায়ো ব্যভিচাৰ কৰে।”
13 baka ji miri bi zizah ma ye niwu ni ndu bre wo niba almajere ba zuba
১৩পাছত লোক সকলে শিশুবোৰক স্পর্শ কৰাৰ আশাৰে তেওঁৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁৰ শিষ্য সকলে তেওঁলোকক ডবিয়ালে।
14 yesu toh naki isuron lude nivu wa hla bawu diba bre mirizizah di ye mime na zuba na na iriba mulki rji ahae
১৪তেতিয়া যীচুৱে দেখা পাই তেওঁলোকৰ ওপৰত কুপিত হৈ ক’লে, “শিশু সকলক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে।
15 njaji tre mi hla yiwu indi wa ana kpa mulki rji na vieveren tsitsana ana rimulki na
১৫মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ কোনোমতে তাত প্রৱেশ কৰিব নোৱাৰিব।”
16 a vuba na brewoba ba na tie lulu yo bawu
১৬পাছত তেওঁ সিহঁতক কোলাত ল’লে আৰু সিহঁতৰ গাত হাত দি আশীৰ্বাদ কৰিলে।
17 da alude hi ni tukon iguri a lutsuts ye ni shishima na kuquegbarju na miyen mala u ndi ndi mi tiege nife mulkime? (aiōnios g166)
১৭পাছত তেওঁ যাত্ৰা আৰম্ভ কৰোঁতে, এজন মানুহে তেওঁৰ ওচৰলৈ বেগাই আহি তেওঁৰ আগত আঁঠু লৈ সুধিলে, “হে সৎ গুৰু, অনন্ত জীৱনৰ অধিকাৰী হ’বলৈ মই কি কৰিব লাগিব?” (aiōnios g166)
18 yesu miyen age sa u yome mala u ndi ndi? irji kagrjima ani tie ndi ndi
১৮যীচুৱে ক’লে, “মোক সৎ কিয় বুলিছা? ঈশ্বৰত বাহিৰে সৎ কোনো নাই।
19 u toh dokoki u na hla di na u na yi zina na u na mimre diona na kpa tieme ba yime tsiri na
১৯তুমি এই আজ্ঞাবোৰ নিশ্চয় জানা যে: নৰ-বধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষী নিদিবা, প্ৰবঞ্চনা নকৰিবা আৰু নিজৰ পিতৃ-মাতৃক সন্মান কৰিবা৷”
20 wa hla niwu mala nima tie bi bana tun mi hie ni verenze
২০মানুহ জনে ক’লে, “হে গুৰু, ডেকা কালৰে পৰা মই এই সকলোবোৰ আজ্ঞা পালন কৰি আহিছোঁ।”
21 yesu kahya na gir ni suronma ni kpie wa atiea wa hla niwu ikpie riri a ridonhi ko ni vugbime wawu lea ni kah nkle ga bi tie ya
২১তেতিয়া যীচুৱে তেওঁলৈ চালে আৰু তেওঁক প্ৰেম কৰি ক’লে, “এটা বিষয় তোমাৰ বাকী আছে; তুমি গৈ তোমাৰ সৰ্ব্বস্ব বেচি দৰিদ্ৰ সকলক দান কৰা, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হ’ব৷ তাৰ পাছত আহা, মোক অনুসৰণ কৰা।”
22 ama isurinma joku nitu tre ki wa hi nifu ni suron ma nitu wa a hi ndi u wo
২২সেই কথাত তেওঁৰ মুখ ক’লা পৰিল, আৰু তেওঁ বৰ দুখিত হৈ গুচি গ’ল, কিয়নো তেওঁ বহু ধন-সম্পত্তি থকা মানুহ আছিল।
23 yesu kahya kagon ni almajere ma da tre adi a he niyah ndu indi u wo du ri ni tarji
২৩পাছত যীচুৱে চাৰিওফালে চাই শিষ্য সকলক ক’লে, “ধনী লোকে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰা কেনে দুঃসাধ্য!”
24 Almajere ma ba hanyue ni wotre ki i yesu lar tre burbru adi a hei niyah do ndi u wo du ri tar rji
২৪তেওঁৰ সেই কথাত শিষ্য সকলে বিস্ময় মানিলে। কিন্তু যীচুৱে পুনৰ তেওঁলোকক ক’লে, “হে সন্তান সকল, যি সকলে ধনত ভাৰসা কৰে, তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
25 lakurimi niri ni ndo noron gbalame niwa indi u wo ni ri nitarji
২৫ধনী লোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাতকৈ, বেজীৰ বিন্ধাইদি উট সৰকি যোৱাই উজু।”
26 u ba hahyue da miyen a nhan ni nawo ke na?
২৬তাতে তেওঁলোকে অতিশয় বিস্ময় মানি ইজনে সিজনে কোৱা-কুই কৰি তেওঁক সুধিলে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?”
27 yesu kahyaba da tre ni ndi kpic na yina ammma ni rji koge ni yiu
২৭যীচুৱে তেওঁলোকৰ ফালে চাই ক’লে, “মানুহৰ বাবে অসাধ্য হয়; কিন্তু ঈশ্বৰৰ বাবে নহয়; কিয়নো ঈশ্বৰৰ বাবে সকলো সাধ্য।”
28 Bitrus luwulde nitre ndi ga ki kah koge don ndi ni hu
২৮পিতৰে তেওঁক ক’বলৈ ধৰিলে, “চাওক, আমি সকলোকে এৰি, আপোনাৰ পাছে পাছে আহিলোঁ।”
29 yesu tre adi njaji tre ba indi wa ani kah iko don ko imimre vayi ma imimre lon ko mimremba ko iyi ko itie ko irjun ko imimrema don ni tumun ba itre mu
২৯যীচুৱে ক’লে, “মই তোমালোকক সত্যৰূপে কওঁ, কোনোৱে যদি মোৰ কাৰণে বা মোৰ শুভবার্তাৰ কাৰণে ঘৰ-বাৰী, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, মাটি ত্যাগ কৰি আহিছে,
30 wa a na kpa dima wulon okpu wulon na ni zami yina (aiōn g165, aiōnios g166)
৩০তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব। (aiōn g165, aiōnios g166)
31 gbugbuu wa ba hei ni koshi ba kama ye kogon u bi kogon ba kama ye koshishi
৩১কিন্তু আগ হোৱা সকলৰ অনেক লোক পাছ হ’ব আৰু পাছ হোৱা সকল আগ হ’ব।”
32 ba lu hon sihi ni urushelima u yesu guchi ni bawu ni koshishi u ba hannyiu bi wa ba si huba ni kogon kura ba tie sisir wa ala vu iseri a na sibla ni wu iri kpie wa ba toh a ni ye
৩২তাৰ পাছত তেওঁলোকে যিৰূচালেমলৈ যোৱা বাটেৰে যাত্ৰা কৰি আছিল; আৰু যীচু তেওঁলোকৰ আগে আগে গৈ আছিল৷ এনেতে শিষ্য সকলে বিস্ময় মানিলে, আৰু পাছে পাছে যোৱা সকলৰো ভয় লাগিল। তেতিয়া তেওঁ আকৌ বাৰ জন পাঁচনিক চপাই লৈ, নিজ জীৱনত যিবোৰ ঘটনা অলপতে ঘটিবলগীয়া আছে, সেই বিষয়বোৰ তেওঁলোকক ক’বলৈ ধৰিলে,
33 a latre ige ki sihiyi ni urishelima ba kah vren ndi no firist ni ba nha ba ndu ba wuu na tieu ya nshishi meme ndi
৩৩“চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব৷ তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দি অনা-ইহুদী সকলৰ হাতত শোধাই দিব৷
34 ba weyen niwu na juten sur na tsi ni gbugban na wuu ni vi utra a lude ni rei
৩৪তেওঁলোকে তেওঁক বিদ্ৰূপ কৰিব, আৰু তেওঁৰ গাত থুই পেলাব, তেওঁক চাবুকেৰে কোবাব আৰু বধ কৰিব; কিন্তু তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব।”
35 Yakubu ba yohona mri zabadi ba chibye niwu na tre a ndi ndu tie koge ni tawu wa ki preu
৩৫পাছত চিবদিয়ৰ পুতেক যাকোব আৰু যোহনে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে গুৰু, আমি আপোনাক যিহকে খোজো, তাকে যেন আপুনি আমাৰ বাবে কৰিব আমি এনে ইচ্ছা কৰোঁ।”
36 wa tre bi son me tiege yiwu?
৩৬তেওঁ তেওঁলোকক ক’লে, “মই তোমালোকৰ বাবে কি কৰাতো তোমালোকে ইচ্ছা কৰা?”
37 iba hla niwu ba son iri mba disun ni wo kori u ri ni wo kotah ni mi darajame
৩৭তেওঁলোকে ক’লে, “আপোনাৰ প্ৰতাপৰ ৰাজত্বত আমাৰ এজনে যেন আপোনাৰ সোঁ হাতে আৰু এজনে যেন বাওঁহাতে বহিবলৈ পায়, এনে অনুমতি দিয়ক।”
38 yesu hla bawu bina toh kpie wa bisi pre ana bi iya so koko wa ime mi soa? ko ndu ba tie batisma ni batisma yiwu na wa ba yi ni mura?
৩৮কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰোঁ, তোমালোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে? নতুবা মই যি বাপ্তিস্মৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হ’ব পাৰিবা নে?”
39 u ba kpayeme di ba iya u yes tre koko wa wawu ni soa ndu ba so nibatisma wa ba yi nimua niki ndu ba yi niyiwu
৩৯তেওঁলোকে তেওঁক ক’লে, “আমি পাৰিম।” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই যি পাত্ৰত পান কৰোঁ, তাত তোমালোকেও পান কৰিবা; আৰু মই যি বাপ্তিস্মেৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হ’বা।
40 ama son niwo kori ko wo kotah na u muna niwa minoyi a hi u biwa ba chii ba
৪০কিন্তু কোন জন মোৰ সোঁ হাতে বা বাওঁহাতে বহিব, সেই বিষয়ে কবলৈ মোৰ ক্ষমতা নাই, কিন্তু যি সকলৰ বাবে যুগুত কৰা হৈছে, তেওঁলোককহে দিয়া হ’ব।”
41 i wa iwulo ba bawo isuron ba a lude tie meme u ba tie fu ni tu ba Yakubu ba Yohana
৪১আন দহ জনে এই কথা শুনি, যাকোব আৰু যোহনলৈ কুপিত হ’ব ধৰিলে।
42 yesu yo ba na hla bawu bi kah toh ndi be wa kah indi bi gbugbulun no ba ni woba ba nji ba u zizan
৪২যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “অনা-ইহুদী সকলৰ শাসনকর্তা ৰূপে যি সকল গণ্য, তেওঁলোকে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে; আৰু বিষয়া সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা।
43 ama a hei naki ni mi bina se de wawuu indi u wa ani zama nigon wa wuyi ni zama gran
৪৩কিন্তু তোমালোকৰ মাজত তেনে নহয়৷ তোমালোকৰ মাজত যি কোনোৱে মহান হ’বলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক,
44 iwa ni zama mumlan ni mibi ni zama gran
৪৪আৰু তোমালোকৰ মাজত যি কোনোৱে শ্ৰেষ্ঠ হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে দাস হওক।
45 ni u njaji vren ndi na ye nduba tie yah nitu ma na ama wawu ni tie ya nitu bari da kpa que nitu bari gbugbuu bi latre ndu ba nawo
৪৫কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবৰ বাবে নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।”
46 u ba ye ni jeriko wa ye rju ni mi jeriko ba ba almajere ma ni gbugbu ndi u indi ufyen ba yo niBartimawus vren Timawus a son ni yiu gon
৪৬তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল।
47 da a toh adi a yesu ba nazaratna kpa gro ni yon yesu vren doda ya me ni shishi losuron ni zo me
৪৭সেই বাটেদি নাচৰতীয়া যীচু আহি থকা বুলি শুনি, তেওঁ আটাহ পাৰি ক’বলৈ ধৰিলে, “হে দায়ুদৰ সন্তান যীচু, মোক দয়া কৰক!”
48 indi gbugbu ba yarhan ni wu adi ndu son nigbagbi wa kama na ni yo yesu vren doda yame ni shishi losoron nizome
৪৮তাতে অন্ধ মানুহ জনক মনে মনে থাকিবলৈ অনেক লোকে ডবিয়ালে; কিন্তু তেওঁ অধিককৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক!”
49 yesu kukre da nduba yo uba indi uyen na hla ni wu ndu gir na tie kinkle soron ni lude
৪৯তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে৷ তেতিয়া লোক সকলে সেই অন্ধক ক’লে- “ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে।”
50 wa wume a kah nklon ma taga na dolude hi ni yesu
৫০তাতে তেওঁ নিজৰ কাপোৰ পেলাই, জাঁপ মাৰি উঠি, যীচুৰ ওচৰলৈ আহিল।
51 yesu kpa nyimeniwu na myen u son mi tiege niwu?
৫১তেতিয়া যীচুৱে তেওঁক উত্তৰ দি সুধিলে, “মই তোমাৰ বাবে কি কৰাতো তোমাৰ ইচ্ছা?” তাতে সেই অন্ধই তেওঁক ক’লে, “ৰব্বুণি, মই যেন দেখিবলৈ পাওঁ।”
52 yesu hla wu lude hi kpa me bangaiskiya a den u wa tsi toh kpan na hu ni tugon
৫২তেতিয়া যীচুৱে তেওঁক ক’লে, “যোৱা৷ তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।” তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।

< Mark 10 >