< Luke 6 >
1 A he ni vi u Sabat u Yesu si zu ni rju kpu u mrli ko ma baka wro wlo kpu'a won ni wo mba, nda tan.
১এদিন বিশ্ৰামবাৰে যীচু শস্যক্ষেত্রৰ মাজেৰে গৈ আছিল। তাতে তেওঁৰ শিষ্য সকলে শস্যৰ থোক ছিঙি, হাতেৰে মোহাৰি মোহাৰি খাই গৈছিল।
2 Amma Farisawa ba ri ba tre, “Ani tu ngye rli bi ki tie kpie'a bana nyme ndu ba tie'u ni Sabat na?”
২ইয়াকে দেখি কেইজনমান ফৰীচীয়ে ক’লে, “বিধানৰ মতে বিশ্ৰামবাৰে যি কাম আচলতে কৰিব নাপায়, সেই কাম তোমালোকে কিয় কৰিছা?”
3 Yesu, ni tre ma, a kasa bawu, “Bi na kra kpie'a Dauda ni lilon bi wa ba he ni wu ba tie'a na?
৩তাৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিছিল সেই কথা আপোনালোকে জানো পঢ়া নাই?
4 A ri ni tra Irji nda ban bredi wa ba ka zi, tan nda nno ndji wa ba he ni wu'a tan ngame, wandi a na he ni tu nkon na, don ana Prist nkankle ba tan.”
৪তেওঁতো ঈশ্বৰৰ গৃহত সোমাই ঈশ্বৰৰ দর্শন পিঠা লৈ খাইছিল আৰু তেওঁৰ সঙ্গী সকলকো খাবলৈ দিছিল, কিন্তু সেই পিঠা পুৰোহিত সকলৰ বাহিৰে আনে খোৱা বিধান সন্মত নাছিল।”
5 Niki a hla bawu, “Vuvren ndi a baci u Sabat.”
৫যীচুৱে তেওঁলোকক পুনৰ ক’লে, “মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ প্রভু।”
6 Ba he u Sabat ri la ye, Yesu ka hi tsro ba ni tra Irji. Indi ri he ki nda so wo.
৬আন এদিন বিশ্ৰামবাৰত যীচুৱে নাম-ঘৰত সোমাই শিক্ষা দি আছিল; তাত এনে এজন লোক আছিল যি জনৰ সোঁ হাত খন শুকাই গৈছিল।
7 Bi nha ni Farisawa ba yo shishi nda to ka ani den dio ni vi u sabat, don ndu ba renyu niwu.
৭বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেয়ে বিশ্রামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল।
8 Amma wa'a to dri mba nda tre ni indi u son wo'a, “Wlunde ye kukru ni tsutsu ndi ni wa.” Igu u soh wo a wlu hi ka kri ni ki.
৮যীচুৱে তেওঁলোকৰ মনৰ ভাব জানিছিল আৰু সেয়ে শুকানহতীয়া মানুহ জনক তেওঁ ক’লে, “তুমি উঠি সকলোৰে মাজত থিয় হোৱা।” তেতিয়া মানুহ জনে সকলোৰে আগত থিয় হ’ল।
9 Yesu tre ni ba, “Mi mye yi, Ahe tu nkon ndu ba tie zizi ka meme ni Sabat, ndu ba n'ra rai kpa ka ndu ba kpa tie meme?”
৯তেতিয়া যীচুৱে অধ্যাপক আৰু ফৰীচী সকলক ক’লে, “মই আপোনালোকক এটা প্রশ্ন সুধো, ‘বিধান অনুসাৰে বিশ্ৰামবাৰে কেনে ধৰণৰ কর্ম কৰা উচিত, ভাল কর্ম কৰা নে বেয়া কৰা? এজনৰ প্ৰাণ বচোঁৱা নে ধ্বংস কৰা উচিত’?”
10 Niki yi, a ya ba kagon wawu'u nda hla ni guwa, “N'me wo me rju ra.” A tie toki u wo'a ka tie ndindi.
১০তাৰ পাছত চাৰিওফালে বহি থকা লোক সকলক চাই যীচুৱে মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তেওঁ সেই কথা শুনি হাত খন মেলি দিওঁতে, তেওঁৰ হাত খন একেবাৰে ভাল হৈ গ’ল।
11 Amma ba vra nfu nda tre ni kpamba ko ba tie Yesu ni he.
১১তাতে ফৰীচী আৰু অধ্যাপক সকলৰ ভীষণ খং উঠিল আৰু যীচুক লৈ কি কৰিব পৰা যায় সেই বিষয়ে পৰস্পৰে আলোচনা কৰিবলৈ ধৰিলে।
12 Ba zi he wa ka ye hon hi ngblu nda ka bre Irji. A ban Chu'a wawu-u bre Irji.
১২সেই সময়তে যীচুৱে এবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে পৰ্বতৰ ওপৰলৈ গ’ল। ওৰে ৰাতি তেওঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিল।
13 Wa imble nhra, a yo mri koh ma hi kpama nda ju wlon don ha rji mi mba, a yo ba ndi Mazani.
১৩পাছত পোহৰ হোৱাৰ সময়ত, তেওঁ তেওঁৰ শিষ্য সকলক নিজৰ ওচৰলৈ মাতিলে আৰু তেওঁলোকৰ মাজৰ পৰা বাৰ জনক মনোনীত কৰি তেওঁলোকক ‘পাঁচনি’ পদ দিলে।
14 Ba nde Mazani ana ba Siman ( wa a hi Bitrus ngame'a) u vayi ma Andarawus, Yakubu, Yohana, Filibus, Batalomiyu,
১৪সেই পাঁচনি সকলৰ নাম হ’ল- চিমোন, এই জনক তেওঁ পিতৰ নাম দিছিল, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়; যাকোব, যোহন, ফিলিপ, বাৰ্থলময়,
15 Matiyu, Toma, Yakubu ivren Alfaus, Siman wa ba yo Zilot,
১৫মথি, থোমা, আলফয়ৰ পুতেক যাকোব, চিমোন, এই জন উদ্যোগী দলৰ লোক আছিল,
16 Yahuda ivren Yakubu ni Yahuda Iskaroti, wa a ye le wu'a.
১৬যাকোবৰ পুতেক যিহুদা আৰু যিহূদা ঈষ্কৰিয়োতীয়া, এই জনে শেষত বিশ্বাসঘাতক হ’ল।
17 Yesu a grji ngblu'a baba hi ka kri ni meme ni kpentren ndi wa ba mri koh ma u ni gbugbu ndji wa ba rji ni Yahudiya ni Wurushelima ni bi nyu kikle nne u Taya mba Sidon.
১৭তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহূদা, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল।
18 Ba ye ndi wa wo Yesu nda ndu den lilo mba ngame. Indji wa ba zi tiya ni wo brji'a ba kpa den.
১৮তেওঁলোকে যীচুৰ কথা শুনিবলৈ আৰু নৰিয়াৰ পৰা সুস্থ হবৰ বাবে তেওঁৰ ওচৰলৈ আহিছিল। যি সকলে অশুচি আত্মাৰ দ্বাৰা কষ্ট পাই আছিল তেওঁলোকো সুস্থ হ’ল।
19 Ko nha ni j'bu ndi ba n'ra kon u kpre don gbengblen u den si'a rju rji ni wu, u wa a den ndji mba wawu'u.
১৯তেতিয়া সকলোৱে তেওঁক স্পর্শ কৰাৰ চেষ্টা কৰিবলৈ ধৰিলে, কাৰণ তেওঁৰ পৰা ওলাই অহা শক্তিয়ে সকলোকে আৰোগ্য কৰিছিল।
20 A kaya mri koh ma ba nda tre, “Bi hi bi lulu, biyi bi ya, don mulki Irji a hi u mbi.
২০পাছত তেওঁ শিষ্য সকলৰ ফালে চাই ক’লে, “ধন্য তোমালোক দৰিদ্ৰ সকল, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ।
21 Bi hi bi lulu biyi bi tie yon zizan'a, don bi wrji. Bi hi bi lulu biyi wa bi yi zizan'a, don bi nza.
২১ধন্য তোমালোক, যি জন এতিয়া ভোকাতুৰ, কিয়নো তোমালোক তৃপ্ত হ’বা। ধন্য তোমালোক, যি সকলে এতিয়া কান্দি আছা, কিয়নো তোমালোকে হাঁহিবা।
22 Bi hi bi lulu niwa indji bata kran yi, u idan ba ba ya'yi hlega nda mre yi nda kamba ni nde mbi a nda u brji, nitu Ivren Irji.
২২ধন্য তোমালোক, যেতিয়া লোক সকলে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘিণ কৰে, সমাজচ্যুত কৰে, নিন্দা কৰে, আৰু তোমালোকৰ নাম শুনিলে পাপিষ্ঠ বুলি বাহিৰ কৰে।
23 Ngyri ni vi ki ndi briku don ba han ye kikle di ni shulu, e ba Bachi mba ba tie bi kpie ki ni Anabawa ba.
২৩সেই সময়ত তোমালোকে আনন্দ কৰিবা, আনন্দত নাচি উঠিবা; কিয়নো চোৱা, স্বৰ্গত তোমালোকৰ বাবে পুৰস্কাৰ সঞ্চিত আছে; কাৰণ তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলেও ভাৱবাদী সকলক এনে ধৰণৰ ব্যৱহাৰে কৰিছিল।
24 Amma iya mbi bi woh, biyi wa bi kpa si mbi ye.
২৪কিন্তু হায় ধনৱন্ত লোক, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে নিজৰ সুখ পাইছা।
25 Iya mbi bi hi wa bi wrji zizan, iyon ni ye tie yi ni ko shishi.
২৫হায় হায় যি সকল এতিয়া তৃপ্ত, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তোমালোকে পাছত ক্ষুধার্ত হবা। হায় হায় যি সকলে এতিয়া হাঁহিছা, তোমালোক সন্তাপৰ পাত্র! কিয়নো তোমালোকে শোক আৰু ক্ৰন্দন কৰিবা।
26 Iya mbi biyi wa ba tre ndindi ni tu mbi'a, a he toki ba bachi mba batie ni Anabawa bi ce.
২৬যেতিয়া সকলো মানুহে তোমালোকক শলাগিব, তোমালোক সন্তাপৰ পাত্ৰ! কিয়নো তেওঁলোকৰ পূৰ্বপুৰুষ সকলে ভাঁৰিকোৱা ভাববাদী সকললৈও এনে ধৰণৰ ব্যৱহাৰ কৰিছিল।
27 Amma mi hla yiwu wa bi ki sren ton, son bi kamba yi din tie zizi ni bi kran yi.
২৭কিন্তু যি সকলে শুনি আছা, মই তোমালোকক কওঁ, তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু যি সকলে তোমালোকক ঘিণ কৰে, তেওঁলোকলৈ মঙ্গল কৰিবা।
28 Tie lulu ni bi mre yi ndi bre Irji ni bi ka to tie yiwu.
২৮যি সকলে তোমালোকক শাও দিয়ে, তেওঁলোকক আশীৰ্বাদ কৰিবা। যি সকলে তোমালোকক দুর্ব্যৱহাৰ কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিবা।
29 Niu wa nita wru ni ngbala nh'ma kori, uka nno rima, u wanda ban klon me ri, uka nno ri tiya.
২৯কোনোৱে যদি তোমাৰ এখন গালত চৰ মাৰে, তেওঁক আন খন গালো পাতি দিবা; আৰু কোনোৱে যদি তোমাৰ চাদৰ খন কাঢ়ি লয়; তেওঁক তোমাৰ চোলাও ল’বলৈ বাধা নিদিবা।
30 Nno indji wa a mye u. Idio nita ban kpie me, na mye ndu ka nno wu ngana.
৩০যি জনে তোমাক খোজে, তেওঁক দিয়া; তোমাৰ কোনো বস্তু যদি কোনোবাই লয়, তেনেহলে সেই বস্তু ওভোতাই নিবিচাৰিবা।
31 To wa u son don ndji tie wu tie ki bawu me.
৩১লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনে ব্যৱহাৰ কৰা।
32 U ta son ndji wa ba son wu, wa hi ngyeri ndindi niwu? I bi latre ba tie toki me.
৩২তোমালোকক প্ৰেম কৰা সকলকহে যদি তোমালোকে প্ৰেম কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও তেওঁলোকক প্ৰেম কৰা সকলক প্ৰেম কৰে।
33 U ta tie ndindi ni biwa ba tie ndindi wu'a, a ngye u bi ma niwu. E indji bi latre ba tie toki me.
৩৩তোমালোকক উপকাৰ কৰা সকলকে যদি তোমালোকে কেৱল উপকাৰ কৰা, তেনেহলে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও সেইদৰে কৰ্ম কৰে।
34 U tie nno hla nklen ni ndji wa u to ani ye han wu, wahi kpiew ngye ndindi ni wu? U bi latre'a ba nno hla ni bi latre nda kpa ikpie'a ba na nno.
৩৪ধাৰ পৰিশোধৰ আশা কৰিব পৰা লোককে যদি তোমালোকে কেৱল ধাৰ দিয়া, তেনেহলে তোমালোকে কি প্ৰশংসা পাবা? কিয়নো পাপীয়েও পাপীক ধাৰ দিয়ে আৰু সেই ধাৰ পুণৰ ঘূৰাই পোৱাৰ আশা কৰে।
35 Amma son biwa bana nyme ni wuna ndi tie zizi bawu. Nno hla, hamma ni yo suron ula kpa kpie tuma, u di me ni babran, u bi he mri Madaukaki, wandi wawu me ani toh tie ni bi wa ba ka ngyri nda meme ndji.
৩৫কিন্তু তোমালোকে নিজৰ শত্ৰুবোৰক প্ৰেম কৰিবা আৰু উপকাৰ কৰিবা। কেতিয়াও কোনো বস্তু ঘূৰাই পাবলৈ আশা নকৰি ধাৰ দিবা; এইদৰে উচিত কৰ্ম কৰিলে তোমালোকৰ পুৰস্কাৰ অধিক হ’ব আৰু তোমালোক সৰ্বোপৰি জনাৰ সন্তান হ’বা। কিয়নো তেওঁ অকৃতজ্ঞ আৰু দুষ্ট সকলৰ প্ৰতিও দয়াৱান হয়।
36 He ni dri ndindi na tie mbi.
৩৬তোমালোকৰ পিতৃ যেনে দয়ালু, তোমালোকো তেনে দয়ালু হোৱা।
37 Na han tre tu rina, u bana han tre nitu me nan. Na kpa ri tie meme na, u bana kpau tie meme na. Wruhle ni bari, u ba wruhle niwu.
৩৭তোমালোকে পৰৰ সোধ-বিচাৰ নকৰিবা, তেতিয়া তোমালোকৰো বিচাৰ কৰা নহ’ব। আনৰ দোষ নধৰিবা, তেতিয়া তোমালোকৰো দোষ ধৰা নহ’ব। আন লোকক ক্ষমা কৰা, তেতিয়া তোমালোককো ক্ষমা কৰা হ’ব।
38 Nno, u ba nno yi. Nene rhigra ma, uwa ba den nda grju mudu'a, ka shukuhle ni gban mbi. Ani mudu wawu tsra niwu, a ni kii ba tsra ni wu.”
৩৮দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
39 A hla misali ri ni bawu, “Indji u nfyen ni tsro ndji u nfyen ri nkon? To a tie naki, ba bi ku ni juju, ka bana kuna?
৩৯পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, এজন অন্ধই জানো আন এজন অন্ধক বাট দেখুৱাই নিব পাৰে?
40 Ivren wa ani kpa tsro na zan asi tsro wu'a na, amma dun ndji wa ba tsro wu kle'a ani he na indji waa tsro'a.
৪০দুয়ো খাৱৈত নপৰিব নে? গুৰুতকৈ শিষ্য উর্দ্ধত নহয়; কিন্তু শিক্ষা সম্পূর্ণ হলে প্রতিজন শিষ্য নিজৰ গুৰুৰ দৰে হৈ উঠে।
41 Bi tie he mu ndi ni ya vi bi giga wa ahe ni shishi vayi me, ndina toh kikle nkpon wandi ahe ni shishi me'a na?
৪১নিজৰ চকুত থকা চতি ডাললৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা?
42 U tie he ndi hla vayi me, 'Vayi, dume cu vi bi giga u shishi me,' i wu tume una to gbongbon u shishi me na? Iwu ndji u karji. Guci cu gbogbon u shishi me rju rhi ndi mla ya u wa ahi ni shishi vayi me.
৪২তুমি নিজৰ চকুত থকা চতি ডাললৈ নাচাই, কেনেকৈ তোমাৰ ভাইক ক’ব পাৰা যে, ‘ভাই, তোমাৰ চকুত যি কুটা আছে, আহা সেই ডাল উলিয়াই দিওঁ’। হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা চতি ডাল উলিয়াই পেলোৱা, তেতিয়া তোমাৰ ভায়েৰাৰ চকুত থকা কুটা ডাল উলিয়াবলৈ ভালদৰে দেখা পাবা।”
43 E bana tie nkunkro ndindi mawa iklo ma ba gigla ma na, u gigla nkunkron na nno klo ndindi ma na.
৪৩“এনে কোনো ভাল গছ নাই, য’ত বেয়া ফল ধৰে; এনে কোনো বেয়া গছ নাই, য’ত ভাল ফল ধৰে।
44 E ba to nkunkron ni klo ma. E indji bana kyen klo ncu ni nci ncoh na, ume bana kyen klo grapes rji ni miji braya na.
৪৪কাৰণ প্রত্যেক গছকে তাৰ ফলৰ দ্বাৰাই চিনা যায়। কিয়নো মানুহে কাঁইটীয়া জোপোহাৰ পৰা ডিমৰু ফল সংগ্রহ নকৰে। পুলি কাঁইটৰ পৰাও আঙুৰ নাপাৰে।
45 Indji ndindi rji ni suron ma ndindi ani tie kpi bi ndindima, u meme ndji rji ni meme suron ma ni tie meme kpi. Don rji ni gbugbu kpie bi mi suron inyu ma ni hla.
৪৫ভাল মানুহে নিজৰ হৃদয়ৰ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু দুষ্ট লোকে মন্দ হৃদয়ৰ পৰা মন্দ বিষয় উলিয়ায়। কিয়নো মানুহৰ হৃদয়ত যি থাকে, তেওঁৰ মুখে তাকে কয়।
46 Nitu ngye bi yome, 'Bachi, Bachi,' u bina tie kpie'a wame tre na?
৪৬তোমালোকে কিয় মোক ‘প্ৰভু, প্ৰভু’ বুলি মাতা, অথচ মই যি কওঁ তাক পালন নকৰা?
47 Indji wa aye nime nda wo lan tre mu nda tie kpe wa mi tre'a, Mi hla ni yiwu ka ahi nha.
৪৭যি কোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে, তেওঁ কাৰ নিচিনা হয়, সেই বিষয়ে মই তোমালোকক জনাওঁ-
48 Ahe na ndi wasi meh koh nda shi juju u nci tra ri meme nda meh nci tra ni tu inha. Toh ima aye babran nda ri ni nci tra, u ana tie'u kpe na, nitu ba meh wu bi.
৪৮তেওঁ এনে এজন মানুহৰ নিচিনা, যি মানুহে ঘৰ সাজোঁতে দকৈ খান্দি শিলৰ ওপৰত ভেঁটি স্থাপন কৰিলে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে, কিন্তু তাক লৰাব নোৱাৰিলে। কিয়নো তাক ভালকৈ সজা হৈছিল।
49 Amma indji wa ani wo tre mu nda na tie bana, ahe na ndji wa a meh tra ni tu meme hamma ni zi nci tra. Ima aye babran nda ri ni nci tra'a, u koh'a tie gbla zi hle kpukpru wu.
৪৯কিন্তু যি কোনোৱে মোৰ বাক্য শুনি পালন নকৰে, তেওঁ এনে এজন মানুহৰ নিচিনা যি মানুহে ভেঁটি স্থাপন নকৰাকৈ মাটিৰ ওপৰত ঘৰ সাজে। পাছত যেতিয়া বান আহিল, তেতিয়া পানীৰ সোঁত আহি সেই ঘৰত জোৰেৰে আঘাত কৰিলে আৰু তেতিয়াই ঘৰটো ভাঙি গ’ল; তাতে ঘৰটো সম্পূর্ণকৈ ধ্বংস হ’ল।”