< Luke 4 >
1 U Yesu he shu ni Ruhu tsatsar, a kma ye rji ni nne Urdu'a, Ruhu nji wu hi ni miji
১ইয়াৰ পাছত যীচু পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ যৰ্দ্দন নদীৰ পৰা উলটি আহিল আৰু আত্মাৰ দ্বাৰা পৰিচালিত হৈ মৰুপ্ৰান্তলৈ গ’ল।।
2 niki a tie vi wlon nkpu nza ka meme brji ka tsra wu. Ni nton ki ana rhi kpe na, u ni klekle'a iyon vu babran.
২তাত চল্লিশ দিন ধৰি চয়তানে তেওঁক প্রলোভনত পেলাব বিচাৰিলে। এই চল্লিশ দিন যীচুৱে একোকে নাখালে; সেয়ে, এই সময় পাৰ হোৱাৰ পাছত তেওঁৰ ভোক লাগিল।
3 Ibrji a to naki nda mye “wuta tre wu vren Irji, kma tita yi tie bredi.”
৩তেতিয়া চয়তানে যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ দিয়ক।”
4 Yesu a sa niwu ndi, “itre Irji a hla ndi, ndji na rhi bredi mba nda son na.”
৪যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে।”
5 Ibrji toh naki nda nji Yesu hi ni tu ngblu nda tsro wu wawu ngbungblu'a nimi fime nton'a.
৫তাৰ পাছত চয়তানে যীচুক এক ওখ ঠাইলৈ লৈ গ’ল আৰু মুহূর্ততে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে।
6 Wu brji hla ni wu ndi, “Mi nowu Chu ni konge bi ndindi, don ba ka ba ne, u mi ya ka no ndji wa mi son'a.
৬চয়তানে তেওঁক ক’লে, “এই সকলো ৰাজ্যৰ ক্ষমতা আৰু সেইবোৰৰ ঐশ্বর্য মই আপোনাক দিম, কাৰণ এই সকলো মোক দিয়া হৈছে আৰু মই যি জনকে ইচ্ছা কৰোঁ, তেওঁকে এইবোৰ দিব পাৰোঁ।
7 Wu ta kuqu mgbarju ndi gbre san mu, ba kma tie u me.”
৭এই হেতুকে আপুনি যদি মোৰ আগত প্ৰণিপাত কৰি মোৰ আৰাধনা কৰে, তেনেহলে এই সকলো আপোনাৰেই হব।”
8 U Yesu kpa sa'wu nda hla ndi, “Itre Irji hla ndi, 'Wu gbre san Bachi me kankrji ma, ndi hu wawu yi.'”
৮তেতিয়া যীচুৱে উত্তৰ দি তাক ক’লে, “শাস্ত্রত লিখা আছে: ‘তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰিবা, আৰু তেওঁৰেই কেৱল সেৱা কৰিবা।’”
9 Ibrji a nji Yesu hi nimi Wurishelima nda yo'wu ni tu nkan u koh Irji'a, nda hla niwu ndi, “Wuti hi vren Irji'a, za grji rji ni wayi'a.
৯তাৰ পাছত চয়তানে যীচুক যিৰূচালেমলৈ লৈ গ’ল আৰু মন্দিৰৰ সুউচ্চ চূড়াৰ ওপৰত থিয় কৰাই ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে ইয়াৰ পৰা তললৈ নিজক পেলাই দিয়ক।
10 Itre Irji hla ndi, 'Irji ni dun Maleku ma njiwu, na dun ba hra'wu,
১০কিয়নো শাস্ত্রত এনেদৰে লিখা আছে: ‘তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব’ আৰু
11 U, 'Ba nzu wu nji rji ni wo mba, don dun wu na wru za ni tita na.'”
১১‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব’।”
12 Yesu a hla wu “Wuna tsra Irji Bachi me to na.”
১২তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “‘তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা’ এনেকৈয়ো লিখা আছে।”
13 Ibrji a tsra Yesu nda don wu me sai ton ri, nda hi kpama.
১৩এইদৰে চয়তানে যীচুক পৰীক্ষা কৰাৰ পাছত আন সময়ত সুযোগ পোৱাৰ অপেক্ষাৰে যীচুক এৰি থৈ আতৰি গ’ল।
14 Naki, Yesu a kma hi ni Galili nizo 'Ruhu Maitsarki.' Itre ma a zren ni gbungblu kagon ni wre ki.
১৪তাৰ পাছত যীচু আত্মাৰ শক্তিৰে গালীল প্রদেশলৈ উলটি গ’ল আৰু এই সংবাদ সেই অঞ্চলৰ চাৰিওদিশে বিয়পি পৰিল।
15 Nikglaki Yesu fara tsro ba terma. ni tra ma u ndi wawu mba ka gbre san.
১৫তেওঁ তেওঁলোকৰ নাম-ঘৰবোৰত শিক্ষা দিব ধৰিলে, আৰু সকলোৱে তেওঁৰ প্রশংসা কৰিলে।
16 A wru niki nda ye ni Nazarat, ni wrji wa ba raya ni wu yada Asaba ri ni tra u beri ni viwu wu bre, nda wlunde ni bla nvunvu u tre ma.
১৬এদিন যীচু নাচৰতলৈ গ’ল। এই ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই শাস্ত্রপাঠ কৰিবলৈ থিয় হ’ল।
17 Nvunvu wa bi tie ndu Irji wu Annebi Ishaya. Abwu nda bla nvunvu a nda to bubu ba nha tre'a,
১৭তেওঁৰ হাতত ভাৱবাদী যিচয়াই লিখা পুস্তক খন দিয়া হ’ল। তেওঁ সেই পুস্তক মেলোতে এই অংশটো পালে, য’ত লিখা আছে:
18 “Ruhu Irji he niwu me, wawugblegben mu a ton me ndi me hi hla tre ndindi ni bi ya.”A ton me nda ne gbengble ma dun mi hi tre ni biwa ba hei ni lo ndi cu ba cuwo, di bwu shishi ni bi fei, ndi kpa bi wa ba myen ba,
১৮“প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।
19 Dun mi hi hla 'nton' wa Bachi kpa ny'em nita.”
১৯ইয়াৰ উপৰি প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে।”
20 A ka nvunvu ka no ndi wa ani gri ni wu'a nda kuson. Shishi ko nha ni tra Irji'a kma hi ni wu.
২০পাছত যীচুৱে পুস্তক খন জপাই পৰিচাৰকৰ হাতত দিলে আৰু তেওঁ বহিল। সেই সময়ত নাম-ঘৰত উপস্থিত থকা লোক সকলৰ দৃষ্টি তেওঁৰ ওপৰত আছিল।
21 A wlunde bubbu terniba wu, “Luwa itre Bachi, ri gregreme ni nton mbi.”
২১তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে, “ধৰ্মশাস্ত্ৰৰ এই যি বচন আপোনালোকে শুনিলে, সেয়া আজি পূর্ণ হ’ল।”
22 Ko nha niki tretre wubi ma niwu nda tie sissri domin kikle tre wa to rju ni nu ma u ba mie. “Wayi ana viri Isuwu nan?”
২২তেওঁ কোৱা কথাৰ পক্ষে সকলোৱে সাক্ষ্য দিলে আৰু তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্মিত হ’ল। তেওঁলোকে ক’লে, “এওঁ যোচেফৰ পুতেক নহয় জানো?”
23 A tre ni bawu, “a njanji bi tre ni shap-shap nimu, 'bi no mwu, bana si no kpa mbi si ki. Kpe wa wu tie ni Kapanawun, tie naki ni gbume.'”
২৩যীচুৱে তেওঁলোকক ক’লে, “অৱশ্যেই আপোনালোকে প্রচলিত এই দৃষ্টান্তটো মোক কব, ‘বেজ, আগেয়ে নিজকে সুস্থ কৰা’। কফৰনাহূমত তুমি যি যি কার্য কৰিছা বুলি আমি শুনিছো, সেই সকলো ইয়াত নিজৰ গাওঁটো কৰা।”
24 Ama a tre ni bawu, “Njanji mu me hla ni yiwu, ba ndji wa ani tie ndu Irji u baka kpa'wu ni gbuma.
২৪তেওঁ পুনৰ ক’লে, “মই সঠিক ভাবে আপোনালোকক কওঁ, কোনো ভাৱবাদী তেওঁৰ নিজৰ গাৱঁত গ্ৰাহ্য নহয়।
25 Njanji mu mi hla ni yiwu, mba bi ya ba ba ni Israila ni nton Ilisha, ni nton wa shulu a kaka ni bwu, hra sei trani wha tanne, meme yon a ye ni gbu wawu.
২৫মই সত্যতাৰে আপোনালোকক কওঁ যে, এলিয়াৰ দিনত যেতিয়া চাৰে তিনি বছৰ ধৰি বৰষুণ নোহোৱাকৈ আকাশ বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, সেই সময়ত ইস্ৰায়েল দেশত অনেক বিধৱা আছিল;
26 Bana ton Elia hi ni gburi na Zarephat ni Sidon wa iwa ri wu kpla ni son ki.
২৬কিন্তু তেওঁলোকৰ কোনো এজনীৰ ওচৰলৈকে এলিয়াক পঠোৱা হোৱা নাছিল, কেৱল চীদোন এলেকাৰ চাৰিফতত বাস কৰা অনা-ইহুদী বিধৱা এগৰাকীৰ কাষলৈহে পঠোৱা হৈছিল।
27 Wu bi chong-rju bahe ni Isrela suse ni me Elisha Annebi du ba wa kpari cuwo se Naaman wu he Syria.
২৭পুণৰ ইলীচা ভাববাদীৰ দিনত ইস্ৰায়েলৰ মাজত অনেক কুষ্ঠ ৰোগী আছিল, কিন্তু তেওঁলোকৰ কোনো এজনকে সুস্থ কৰা হোৱা নাছিল, কেৱল চিৰিয়া দেশৰ নামানকহে সুস্থ কৰি শুচি কৰা হৈছিল।”
28 Du indji ba ni mi tra wu Irji ba tie nfu ni ba wo'a.
২৮এইবোৰ কথা শুনি নাম-ঘৰৰ লোক সকল খঙত জ্বলি-পকি উঠিল।
29 Ba wlu ni nfu nda gbi nda ni mi gbuu nda kji he ni tu ngblu ri wa ba meh Komba ni tu ma, ba son ba tru taga rhi ni tu ngblu'a.
২৯তেওঁলোকে উঠি যীচুক বলেৰে নগৰৰ বাহিৰলৈ লৈ গ’ল আৰু তেওঁলোকে পাহাৰৰ চূড়াৰ পৰা তেওঁক ঠেলি তললৈ পেলাই দিয়াৰ মনোভাবেৰে তেওঁলোকৰ নগৰ খন যি পাহাৰৰ ওপৰত আছিল, সেই পাহাৰ খনৰ শেষ প্রান্তলৈকে তেওঁক লৈ গ’ল।
30 A ri zu ni tsutsu mba bana tona wa a hi ni buburi.
৩০কিন্তু তেওঁ সেই লোক সকলৰ মাজেদিয়েই ওলাই আহিল আৰু তেওঁৰ পথত গুচি গ’ল।
31 Ziza'a ni gbuyi a grji hi ni Kapanawum ni gburi, ni Galili ndani tsro ba ni vi wu cacu wa (asabat) bana tindu na.
৩১তাৰ পাছত যীচু গালীল প্ৰদেশৰ কফৰনাহূম চহৰলৈ গ’ল। তাত এদিন বিশ্ৰামবাৰে তেওঁ লোক সকলক নাম-ঘৰত উপদেশ দি আছিল।
32 Ba tie nfu niwu ni tre wani tre nibawu, u yi sa.
৩২তেওঁৰ উপদেশত তেওঁলোকে বিস্ময় মানিলে; কিয়নো তেওঁ ক্ষমতাৰে সৈতে শিক্ষা দিছিল।
33 Nimi tra wu bre Irji indiri he ni meme ruhu ibrji, ayi gbangban me,
৩৩নাম-ঘৰত সেইদিনা অশুচি আত্মাৰ ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে চিঞৰি কৈছিল,
34 “A nge hada wu ni ta Yesu u Nazarat wu ye wuta mu? Me to kowu nha, vren Irji wu tie zren geger.”
৩৪“হে, নাচৰতীয়া যীচু! আপোনাৰ লগত আমাৰ কি প্রয়োজন? আপুনি আমাক ধ্বংস কৰিবলৈ আহিছে নেকি? মই জানো আপুনি কোন, আপুনি ঈশ্বৰৰ পবিত্ৰ জন।”
35 Yesu bwu shishi ni meme ruhu nda tre, “Na bu nyu ndi tre na! rju ni kpama” Meme brji a riga da ban taga ni memeye ndatsutsu ndi ba meme ruhu brji a rju ni kpama, dana tie kpe na.
৩৫যীচুৱে তাক ডবিয়াই কলে, “মনে মনে থাক আৰু তাৰ পৰা বাহিৰ ওলা!” তেতিয়া সেই ভূতৰ আত্মাই মানুহ জনক সকলোৰে মাজতে আচাৰি পেলালে আৰু তেওঁৰ একো ক্ষতি নকৰাকৈ তেওঁৰ ভিতৰৰ পৰা বাহিৰ ওলাই গ’ল।
36 Naki indi batoh kpe wu mamaki nda kamba nda ni tre nituma, ko nha ni kpama, “Nda tre a wani iri tre mu naki? A gbi ton ni meme ruhu'a dun rju nda kagu'a cuwo, wa he toki.
৩৬ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে, “ই কেনেকুৱা কথা? ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অশুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়?”
37 Itre ma atsra ni ko ni ntseyi ni klamba.
৩৭পাছত তেওঁৰ বিষয়ে সকলো কথা সেই অঞ্চলৰ চাৰিওফালে থকা সকলো ঠাইতে বিয়পি গ’ল।
38 NambaYesu a bri tra wu bre niki nda hi nikoh Bitrus, ni nton ki iyi wama ana he ni sikpa nadon zazabi a vu, indi ba bre dun zoba ni nde mako ani wlunde.
৩৮যীচু নাম-ঘৰৰ পৰা ওলাই চিমোনৰ ঘৰলৈ গ’ল। তাতে চিমোনৰ শাহুয়েক ভীষণ জ্বৰত কষ্ট পাই আছিল। তেওঁক সুস্থ কৰিবৰ কাৰণে তেওঁলোকে যীচুক অনুৰোধ কৰিলে।
39 Yesu aki ni kotuma nda gboshishi ni meme brji nda zu zazabi du bri niwu; ba wu ton wa he naki niwu ana wu nton a dalu fara sru biri ni wuh.
৩৯তেতিয়া যীচুৱে চিমোনৰ শাহুয়েকৰ ওচৰত থিয় হৈ জ্বৰক ডবিয়ালে। তেতিয়া তেওঁৰ পৰা জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে।
40 Inton wa Irji nihe qu, indi gbugbu wu ba mmri vayi mba niye ni Yesu dun noba sikpa ni lulo iri-iri. Bari a sawo ni kpamba megyen baka fe sikpamba.
৪০সূর্য অস্ত যোৱাৰ সময়ত লোক সকলে নানা ধৰণৰ ৰোগত আক্রান্ত সকলো ৰোগীকে যীচুৰ ওচৰলৈ লৈ আনিলে। তেওঁ তেওঁলোকৰ প্রত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে।
41 Meme ruhu gbugbuu ba rju ni kpamba, bari bayi nda tre “Wu vren Irji” Yesu a gbonshishi ni meme ruhu ba nda zu ba dubana tre na don ba to ndi wawuyi Kristi
৪১তেওঁলোকৰ মাজৰ অনেকৰ পৰা ভূতবোৰ ওলাই আহিল। সিহঁতে আটাহ পাৰি কবলৈ ধৰিলে, “আপুনি ঈশ্বৰৰ পুত্ৰ!” কিন্তু তেওঁ সিহঁতক ডবিয়াই মুখ বন্ধ কৰি দিলে; কাৰণ সিহঁতে জানিছিল যে, তেৱেঁই খ্ৰীষ্ট।
42 Ka mble kpan, waa rju hi bubu wa ba indji gbugbuu ba wawuyi nda to ni bubuki. Bana kpa nhime du kaba don na.
৪২যেতিয়া ৰাতিপুৱা হ’ল, যীচু ওলাই আহি এক নির্জন ঠাইলৈ গ’ল। তাতে জনতাৰ এটা বৃহৎ দলে তেওঁক বিচাৰি আহি তেওঁৰ ওচৰ পালে আৰু তেওঁলোকৰ ওচৰৰ পৰা তেওঁ আতৰি নাযাবৰ বাবে তেওঁক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে।
43 An hla ni bawu ndi wawu nison da cigaba ni bla tre Irji ni gbu bari, domin a hi kpa wa ba ton me ye ni wayi'a.
৪৩কিন্তু তেওঁ তেওঁলোকক ক’লে, “মই আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবার্তা ঘোষণা কৰিব লাগে, কাৰণ এই বাবেই মোক পঠোৱা হৈছে।”
44 Naki nda cigaba ni noba tre Irji ni du Irji koni ntseyi ni kla Judia.
৪৪তাৰ পাছত তেওঁ সমগ্র যিহূদা ৰাজ্যৰ নাম-ঘৰবোৰত প্রচাৰ কৰি ফুৰিলে।