< Luke 17 >
1 Yesu hla ni imri koh ma, A lele ndi ba kbu za ni tita iya mbi wa wu sa ahe ni krigin.
১যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যিহৰ দ্বাৰা পাপ হয়, সেয়া আহিবই; কিন্তু যাৰ দ্বাৰা আহে, তেওঁ সন্তাপৰ পাত্ৰ।
2 Ana bi bana klo tita wu ni toh ma nda kayo nimi nne fi niwa ni tsa iri ni mi imri bi tsitsa yi diba kbu za.
২সৰু সকলৰ মাজৰ এজনকো যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁৰ ডিঙিত জাঁত আৰি সাগৰত পেলাই দিয়া ভাল।
3 Ya kpambi, wa vayi ma lahtre, bwu shishi niwu, nda a kpa nuyime wruhle niwu.
৩তোমালোকে নিজৰ বিষয়ত সাৱধান হোৱা। তোমাৰ ভায়ে যদি পাপ কৰে, তেওঁক তিৰস্কাৰ কৰা আৰু তেওঁ যদি অনুতাপ কৰে, তেনেহলে তেওঁক ক্ষমা কৰা।
4 Nda kpalla niwu inkpu tangban ni vi ri, nda k'ma ye niwu inkpu tangban nda tre, mi brewu, abi du wruhle niwu.
৪তেওঁ যদি এদিনৰ ভিতৰত তোমাৰ বিৰুদ্ধে সাত বাৰ পাপ কৰে আৰু সাত বাৰেই যদি উভতি আহি কয়, ‘মই মন-পালটন কৰিছোঁ’; তেতিয়াও তেওঁক ক্ষমা কৰিবা।”
5 Bi ninkon ba hla ni tie kon mba, nzu yo suron buu.
৫তেতিয়া পাঁচনি সকলে প্ৰভুক ক’লে, “আমাৰ বিশ্বাস বঢ়াই দিয়ক।”
6 Irji hla ndu bi he ni bangaskiya kama wlo mustard, bi iya hla niku kro du rumin chu di tsen nimi nei, A kpa nyime niwu.
৬তেতিয়া প্ৰভুৱে ক’লে, “এটি সৰিয়হ গুটিৰ সমান যদি তোমালোকৰ বিশ্বাস হয়, তেনেহলে তুমি এই নুনি গছক ক’ব পাৰিবা ‘উভালি যা আৰু সাগৰত ৰোৱা হ’; তেতিয়া দেখিবা সি তোমাৰ কথা শুনিছে।
7 A nha nimi mbi, ahe ni vren koh wa ni rho ko krju int'ma rhi rji mi ji ye, ani lla niwu tsima ye ndi ri lah.
৭তোমালোকৰ মাজত কাৰোবাৰ দাসে যেতিয়া হাল বাই, বা মেষ পালন কৰি পথাৰৰ পৰা আহে, তেতিয়া তেওঁক ক’বা নে, ‘তুমি এতিয়াই আহা, ভোজনত বহা৷’
8 Ana hla ni wuna, wa kpe mi ri, ndi khi di tie ndu bar mi ri ndi tso. U me wru ndi tsro na?
৮তাতকৈ তেওঁক নকবা নে, ‘মোৰ খোৱা বস্তু যুগুত কৰা আৰু মই খাই বৈ আজৰি নহওঁ মানে, কঁকালত গামোচা বান্ধি মোৰ আলপৈচান ধৰা; পাছত তুমিও খোৱা-বোৱা কৰিবা৷’
9 Ana gir ni wer kon du a tie ikpa wawu la una a tie?
৯সেই দাসে তেওঁৰ আজ্ঞা দিয়া অনুসাৰে কাৰ্য কৰা কাৰণে তেওঁক কি ধন্যবাদ দিব?
10 Iwu me naki yi nda u tie kpe wa ba hla niwu, u ya tre, kbi na khai mri koh ..... ma. Kbi tie ikpe wa kbi na tie.
১০তোমালোকৰ বাবেও সেই একেই কথাৰ প্ৰযোজ্য। তোমালোকক যি কার্য কৰিবলৈ আজ্ঞা দিয়া হৈছে, সেইদৰে সকলোবোৰ কার্য কৰাৰ পাছত ক’বা, ‘আমি অযোগ্য দাস, আমাৰ কৰ্তব্যহে আমি কৰিলোঁ’।”
11 A bi fin ri atsi tie ni Wurishelima, abu kusa nei gbu Samariya ni Galili.
১১যীচুৱে যিৰূচালেমলৈ যাওঁতে, চমৰীয়া আৰু গালীল প্ৰদেশৰ ওচৰেদি গৈ আছিল।
12 Wa ari ni gbu ri, ndji wlon bi lilon gben ba izun ni wu. Ba klir gbugbanmu niwu.
১২সেই সময়ত এখন গাঁৱত সোমাওঁতে দহ জন কুষ্ঠ ৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি,
13 Ba bwu ba ni fu ba, nda tre, Yesu nikon wo iyi mbu.
১৩বৰ মাতেৰে ক’লে, “হে যীচু, মহাশয়, আমাক দয়া কৰক।”
14 Wa ato ba, ahla ni bawu, hi ndi tsro tumbi ni Firistoci. Wa ba tsi bi, ba kpa sikpa.
১৪তেতিয়া তেওঁ তেওঁলোকক দেখি ক’লে, “তোমালোকে গৈ পুৰোহিত সকলৰ আগত নিজকে নিজে দেখুওৱাগৈ।” পাছত তেওঁলোক গৈ থাকোতে সুস্থ হ’ল।
15 Iri nimi ba wa a to wawu samu sikpa, a kmaye, nda ngyiri ni Ijri ni la ndindima.
১৫তাতে তেওঁলোকৰ মাজৰ এজনে, নিজকে সুস্থ হোৱা দেখি, বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি উলটি আহিল;
16 A joku ni kbu Yesu, nda ngyiri niwu gbugbome wawu a ndji igbu Samariya.
১৬আৰু যীচুৰ চৰণত উবুৰি হৈ পৰি তেওঁৰ স্তুতি কৰিবলৈ ধৰিলে; সেই লোক জন, চমৰীয়া আছিল।
17 Yesu la bana ndji wlo na wa samu sikpa na, itiya ba bahe ni ntsen?
১৭ইয়াকে দেখি যীচুৱে ক’লে, “তোমালোক দহ জনেই সুস্থ নহলা নে? তেনেহলে আন ন জন ক’ত?
18 Ba bari wa ba kmaye nda ngyiri ni Irji, tse ndji tsri yi?
১৮এই অন্য জাতিৰ মানুহ জনৰ বাহিৰে আন কোনো এজনো কিয় ঈশ্বৰৰ মহিমাক স্তুতি কৰিবলৈ উলটি নাহিল?”
19 A hla niwu, lunde ndi he ni suron ndindime anu sikpa ma.
১৯পাছত যীচুৱে তেওঁক ক’লে, “উঠা আৰু যোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে৷”
20 Farisawa ba mye Irji ni ye ni ntan, Yesu hlani bawu ndi Irji ana ye iri iya ndi na.
২০ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব বুলি ফৰীচী সকলে এই কথা সোধাত, তেওঁ উত্তৰ দি ক’লে,
21 Ko ba la yah, ahe iyi koh ahe wamu. Bi ka yah iye Irji ahe aniwu.
২১“ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে; ইয়াতে বা সেইখিনিতে চোৱা, এনে কথা কোনোৱে নকব; কাৰণ চাওক, ঈশ্বৰৰ ৰাজ্য আপোনালোকৰ ভিতৰতে আছে।”
22 A hla ni imri koh ma, i vin tse ye wa bi son toh ivi wa ivren ndji niye, bi na tona.
২২পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব।
23 Ba hla niwu, yah, ni wamu, yah niwa hi na rju na, na bu ba na.
২৩মানুহবোৰে তেতিয়া চোৱা, সৌ তাত আছে; চোৱা, ইয়াত আছে, এই বুলি তোমালোকক ক’ব; কিন্তু তোমালোক নাযাবা আৰু তেওঁলোকৰ পাছে পাছে নচলিবা।
24 Ya nda izren ni whri nda kma tsutsa wa ni whri gbagbla shu yi ni gbagblamu, ani he nikiyi ivren ndji ni vin ma.
২৪কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে, আকাশৰ আন ফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰৰ দিনতো সেইদৰেই হ’ব।
25 A ni sha yah gbugbu kri gbugblu bakaba wu.
২৫কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি, এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ব লাগিব।
26 A ni he nawa ahe ni nton Nuhu, ani he nakiyi ivi u ivren ndji.
২৬নোহৰ সময়ত যেনেকুৱা হৈছিল, মানুহৰ পুত্ৰৰ সময়তো তেনেকুৱাই হ’ব।
27 Ba nri, ba tso ba grah nde ninu grah har hi tub wa Nuhu anri ni Jirgi imah tubana ayeh, nda wu ba penpeme.
২৭নোহ জাহাজত উঠা দিনলৈকে লোক সকলে ভোজন-পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল।
28 A he na kiyi ni tan lutu bata nri, bata tso bata lbe nda lebie bata shu bata meh ba koh.
২৮সেইদৰে লোটৰ সময়তো লোক সকলে ভোজন-পান কৰিছিল, কিনা-বেচা, ৰুৱা-পোতা আৰু ঘৰ সাজিছিল।
29 Ivin wa lutu rju ni Saduma, ba tsra lu kwekwema rji ni shu bawu ba u ahuwu.
২৯কিন্তু যিদিনা লোট চদোমৰ পৰা ওলাই আহিল, সেই দিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰষিল আৰু সেই ঠাইৰ সকলোকে ধ্বংস কৰিলে।
30 Ani he na kiyi wa ba ton vren ndji.
৩০সেইদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ’ব।
31 Ni vi khi yi, indji he ni tun khan du ma ngrji da ni vu kpima ni kon na, wa ahi ni rju du na kma ye na.
৩১সেইদিনা কোনোবা যদি ঘৰৰ ওপৰত আছে কিন্তু তেওঁৰ নিজৰ বস্তুবোৰ যদি ঘৰৰ ভিতৰত আছে, তেনেহলে তেওঁ বস্তুবোৰ আনিবলৈ নানামক। তেনেদৰে কোনোবা যদি পথাৰত আছে, তেৱোঁ কোনো বস্তু লবলৈ উলটি নাহক।
33 Wa ni son tuma, ani rasa niwu, wa k tuma nu, ani tsira niwu.
৩৩যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ বিচাৰে, তেওঁ তাক হেৰুৱাব। কিন্তু যি কোনোৱে জীৱন হেৰুৱায়, তেওঁ জীয়াই থাকিব।
34 Mi hla niwu, ni chu kiyi ndi ha ni tub blah riri, baba ri nda ton ri.
৩৪মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহ একে শয্যাতে থাকোঁতে, এজনক গ্ৰহণ কৰা হ’ব, আন জনক ত্যাগ কৰা হ’ব।
35 Imba ha ba si kon kpu ba ka ban ri, nda bri rima.
৩৫দুজনী তিৰোতাই একেলগে জাঁতেৰে ডলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ’ব।
36 Ndji lulo bari ba hi ni rju, ba ban ri nda bri ri.
৩৬দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ’ব, এজনক ত্যাগ কৰা হ’ব।”
37 Ba mye, ni ntsen Tie koh? A hla bawu iwirji igbokpa ahe, ni kiyi bi ton ugulu.
৩৭তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে, “ক’ত প্ৰভু?” তেতিয়া তেওঁ তেওঁলোকক ক’লে, “য’ত মৰা শ থাকে, তাতে শগুনো গোট খায়।”