< Yohana 5 >

1 Ikype waa a hu gon wa, igan u Yahudawa a he, u Yesu alu hi ni Urushalima.
এই ঘটনাৰ পাছত যীচু যিৰূচালেমলৈ গ’ল, কাৰণ সেই সময়ত ইহুদী সকলৰ এটা পৰ্ব আছিল।
2 Nimi Urushalima whie ni nkontra nt'ma u yii maa he kima wa ba yo ndi Baitasda ni lme Larabawa waa a he ni nkontra bi nzre.
যিৰূচালেমত মেষ-দ্বাৰৰ ওচৰত এটা পুখুৰী আছে। ইব্রী ভাষাত সেই পুখুৰীটোক ‘বৈথেচদা’ বোলা হয়। পুখুৰীটোত পাঁচোটা চালি দিয়া ঘাট আছিল।
3 Gbugbu ndji bi lilo, bi fyen, bi cbi, bi khwu kpa, ba gru ni maa.
সেইবোৰত কণা, খোৰা, নিচলা আদি কৰি অনেক ৰুগীয়া মানুহ পৰি থাকে। সেই লোক সকলে পানীত খলকনি উঠাৰ অপেক্ষাত থাকে। কাৰণ সময়ে সময়ে প্রভুৰ এজন দূতে সেই পুখুৰীলৈ নামি গৈ পানীত আলোড়ন তোলে আৰু সেই আলোড়নৰ পাছতেই প্রথমে যি জনে পানীত নামিব পাৰে, তেওঁৰ যি কোনো ৰোগ ভাল হৈ যায়।
4 U maleku Bachi ata grji hi nda hi cu maa ni nton bari, u ndji wa a guci sa za ni maa ni nton wa maa si cu'a, ani fe don ni ko bi lilo riame wa ata lo'a.
5 U ndji ri ahe kima wa'azi lo tie ise tra don tandra.
তাত আঠত্রিশ বছৰ ধৰি বেমাৰ ভোগ কৰি থকা এজন ৰুগীয়া মানুহ আছিল।
6 Wa Yesu a to ndi a kakru ni ki, u wa a kma toh ndi ndji a kru ni kii gbaa me nda hla niwu, “Wu son wu kpa sikpa?
যীচুৱে তেওঁক পৰি থকা দেখি আৰু বহু দিনৰ ৰোগী যেন জানি, তেওঁক সুধিলে, “তুমি সুস্থ হ’বলৈ ইচ্ছা কৰা নে?”
7 Yonde Mallam, mina he ni dio rina iwa ani ban me yo ni mi takpo ma wa ba chuwu ana mita lu ndi mi ri hi ni mi u ndiri ka tie gbla ri Kuchi mu.
ৰোগী জনে তেওঁক উত্তৰ দিলে, “মহাশয়, যেতিয়া পানীত খলকনি উঠে, তেতিয়া পুখুৰীত নমাই দিবলৈ মোৰ কোনো মানুহ নাই; সেয়ে, মই যাওঁতে যাওঁতে মোতকৈ আগেয়ে আনে নামেগৈ।”
8 Yesu hla niwu, lunde, ban bubu kuru ni zren”
যীচুৱে তেওঁক ক’লে, “উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।”
9 Hihari Igu fe si, na ban bubu kuru ma na hi kpama. Nivi u Asabar ma.
তেতিয়াই সেই মানুহ জনে সুস্থ হ’ল আৰু নিজৰ শয্যা তুলি লৈ খোজ কাঢ়িবলৈ ধৰিলে।
10 Yahudawa ba miyen Igu iwa ba chu lilo rju niwu, “Luwa a Asabar, ana bi ni ndu ban bubu kuru me na.”
১০সেই দিনটো বিশ্ৰামবাৰ আছিল; সেয়েহে ইহুদী সকলে সুস্থ হোৱা জনক ক’লে, “আজি বিশ্ৰামবাৰ; বিধানৰ মতে শয্যা তুলি নিব নাপায়।”
11 “I wa hla ni bawu ahi ndi wa a chu lilo rju ni mu'a, 'A tre ban bubu kuru me ni lu zren.'”
১১কিন্তু তেওঁ তেওঁলোকক উত্তৰ দিলে, “যি জনে মোক সুস্থ কৰিলে, সেই জনেই মোক ক’লে, বোলে তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি ফুৰা।”
12 U ba miyen, Ahi nahn hla tre ki wu, ban ni lu zren?
১২তেওঁলোকে তেওঁক সুধিলে, “তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা বুলি কোৱা সেই মানুহ জন কোন?”
13 Wawu indji wa ba chu lili niwu'a, ana toh indji iwa a chu lilo rju ni wu na, Yesu lunde hi kpama ni yayinbi nitu jumbu indji gyen klan ki niki.
১৩কিন্তু সুস্থ হোৱা মানুহ জনে ‘তেওঁ কোন আছিল’ তাক জনা নাছিল। কিয়নো সেই ঠাইত অনেকে ভিৰ কৰাত, যীচু আতৰি গৈছিল।
14 Ni kogon niki, Yesu ka fe ni mi korji, na tre, toh mba, U fe si, nan lah tatre gan na, ni ndu meme ikperi iwa a lah zan iwayi ndu lah vu na.”
১৪পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”
15 Igu luhi na ka hla ni anabawa ba andi ahi Yesu mba a chu lilo rju ni wawu.
১৫তেতিয়া সেই মানুহে গৈ ইহুদী সকলক ক’লে, “যি জনে মোক সুস্থ কৰিলে, তেওঁ যীচু।”
16 Nitu ki, anabawa ba lu ni ti Yesu kyalala me nitu ti kpe ke ni vi u Asabar.
১৬এই কাৰণতে ইহুদী সকলে যীচুক তাড়না কৰিবলৈ ধৰিলে, কাৰণ তেওঁ বিশ্রামবাৰে এইবোৰ কৰ্ম কৰিলে।
17 Yesu sa ni bawu, “Itei mu asi tie ndu ye zizan, Imeme mi tie ndu'a.”
১৭যীচুৱে তেওঁলোকক ক’লে, “মোৰ পিতৃয়ে এতিয়ালৈকে কৰ্ম কৰি আছে, ময়ো কৰিছোঁ।”
18 Nitu ki, Yahudawa ndi ba wu'u ana nitu iwa a ka hu doka u Asabar, kan grjin na, ala yo Irji tie Itie ma, na ban tu ni zrazra ni Irji.
১৮যীচুৰ এই কথাৰ কাৰণে ইহুদী সকলে তেওঁক বধ কৰিবলৈ উপায় বিচাৰিলে। কিয়নো যীচুৱে যে কেৱল বিশ্ৰামবাৰৰ বিধান লঙ্ঘন কৰিলে, এনে নহয়, তেওঁ ঈশ্বৰক নিজৰ পিতৃ বুলি মাতি নিজকে ঈশ্বৰৰ সমান কৰিলে।
19 Yesu ka sa ni bawu, “A njanji, anjanji, Ivren na ya tie ni ngrji ma na, se a toh Itie bubu tie, ikpe iwa Itie ni tie ivren anki me ivren ni tie.
১৯ইয়াৰ উত্তৰত যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈয়ে আপোনালোকক কওঁ, পুত্ৰই নিজৰ পৰা একো কৰিব নোৱাৰে। পিতৃক যি যি কৰা দেখে, কেৱল তাকেহে কৰিব পাৰে।
20 Niwa Itie'a ani son Ivren na zro ko ge wawu'u wandi ani tie, ani zro igbi bi rigran ma iwa ba zan wa yi'a ni ndu yi tie sisir.
২০কাৰণ, পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু নিজে যি কৰে সেই সকলোকে পুত্রক দেখুৱায়। আপোনালোক যেন অধিক আচৰিত হৈ যায়, তাৰ বাবে তেওঁ ইয়াতকৈয়ো মহৎ মহৎ কৰ্ম পুত্রক দেখুৱাব।
21 Na iwa itie ta bi que shimen na no re iviri ana ki me Ivren ani no iviri ni ko nhan iwa ani son'a.
২১পিতৃয়ে যেনেকৈ মৃতকক তুলি জীৱন দিয়ে, পুত্ৰয়ো যি জনকে ইচ্ছা কৰে, তেওঁক জীৱন দিয়ে।
22 Itie chi idio-ri ban na, na ka chuban no vivren.
২২পিতৃয়ে কোনো জনৰ সোধ-বিচাৰ নকৰে, কিন্তু সমস্ত বিচাৰৰ ভাৰ তেওঁ পুত্রক দিলে,
23 Ni ndu indi wawu ndu ba ni funtu ina iwa ba toh Itie'a ni funtu'a me. Indji wa ana toh Ivren ni funtu na ana toh Itie me ni funtu na iwa ton ye na.
২৩যাতে পিতৃক যেনেকৈ সকলোৱে সন্মান কৰে, তেনেকৈ পুত্ৰকো যেন সন্মান কৰে; যি জনে পুত্ৰক সন্মান নকৰে, তেওঁ তেওঁক পঠোৱা পিতৃকো সন্মান নকৰে।
24 A njanji, anjanji, Indji wa a wo tre mu'a na kpa yenme ni Indji wa a ton me ye'a ahe ni viri hi ni tuntur kuma ana tie meme na ani vuque yaba hi ni viri. (aiōnios g166)
২৪মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল। (aiōnios g166)
25 A njani, a njanji, mi hla ni yiwu iton ni ye, har me a yeye iwa ik'bon me ba ba wo lan tra Ivren Irji, bi wa ba wo ba nawo.
২৫আপোনালোকক সঁচাকৈয়ে কওঁ, যি সময়ত মৃত লোকে ঈশ্বৰৰ পুত্ৰৰ মাত শুনিব, এনে সময় আহি আছে, বৰং আহি পালেহি আৰু যি সকলে শুনিব, তেওঁলোক জীৱ।
26 Ni wa Itie a he ni viri ni wu a, ana ki me ano Ivren Iviri mi ma u tuma kima.
২৬কিয়নো পিতৃ নিজে যেনেকৈ জীৱনৰ আধিকাৰী, তেনেকৈ তেওঁ পুত্রকো নিজে জীৱনৰ অধিকাৰী হবলৈ দিলে।
27 Itie a no Ivren son, tuma i wa ani ya ga tre (chu ban), nitu ahi wawuyi a Vren Ndji.
২৭পিতৃয়ে সেই পুত্রৰ হাতত মানুহৰ সকলো সোধ-বিচাৰৰ ক্ষমতা দিলে, কাৰণ তেওঁ মানুহৰ পুত্ৰ।
28 Na tie sisir na yi, iton ni ye iwa biwa ba he ni mebeh wawu ba wo lan tre ma
২৮এই কথা শুনি বিস্মিত নহ’ব; কিয়নো এনে সময় আহিছে, যি সকল মৈদামত আছে, তেওঁলোক সকলোৱে মনুষ্য পুত্রৰ মাত শুনিব
29 na rju yei biwa ba tie ndindi ba lunde hi ni viri (re) biwa ba tie meme ba luhi ni fu ton (que).
২৯আৰু ওলাই আহিব। সৎকৰ্ম কৰা সকল জীৱনৰ পুনৰুত্থানলৈ, দুষ্টকৰ্ম্ম কৰা সকল সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাই আহিব।
30 Mi na ya tie kperi ni tu muna. Na wa mi wo'a, ana ki mi futon, futon mu a u adalci, ana ni son u tumu na, a tu Indji iwa a ton ye.
৩০মই নিজে একো কৰিব নোৱাৰো; যেনেকৈ শুনো, তেনেকৈয়ে বিচাৰ কৰোঁ আৰু মোৰ বিচাৰ ন্যায়; কিয়নো মই মোৰ নিজৰ ইচ্ছা বিচৰা নাই, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰ ইচ্ছাহে বিচাৰো।
31 Mi tie shaida ni tumu kimu, shaida na hi u njanji na.
৩১মই যদি কেৱল নিজৰ বিষয়ে নিজে সাক্ষ্য দিওঁ, তেনেহলে মোৰ সেই সাক্ষ্য সত্য নহয়।
32 indji ri he iwa asi no shaida ni tumu, mi toh shaida iwa asi no ni tumu, ahi shaida u njanji.
৩২আন এজন আছে, যি জনে মোৰ বিষয়ে সাক্ষ্য দিয়ে আৰু মই জানো যে তেওঁ মোৰ বিষয়ে যি সাক্ষ্য দিয়ে, সেই সাক্ষ্য সত্য।
33 Bika ton ba hi ni Yahaya, ani no shaida u njanji.
৩৩আপোনালোকে যোহনৰ ওচৰলৈ লোক পঠাইছিল আৰু যোহনে সত্যৰ পক্ষে সাক্ষ্য দিছিল।
34 Na kima, shaida iwa mi kpa ana shaida u indji na, mi hla biyi ni yiwu ni ndu jubu hi viri.
৩৪অৱশ্যে মোৰ মানুহৰ পৰা পোৱা সাক্ষ্যৰ প্রয়োজন নাই; তথাপি মই এইবোৰ কথা কৈছোঁ, যাতে আপোনালোকে পৰিত্ৰাণ পাব পাৰে।
35 Yahaya a hi fitila u ri, u kpan me bika kpayenmen ni yo si sonron ni kpan mani ton zah me.
৩৫সেই যোহন আছিল এটি প্ৰদীপ স্বৰূপ, তেওঁ নিজে জ্বলি পোহৰ বিলাই আছিল। আপোনালোকে অলপ কালৰ বাবে তেওঁৰ পোহৰত আনন্দ উপভোগ কৰিবলৈ ইচ্ছুক হৈছিল।
36 U shaida wa mi he niwu a zan u Yahaya ni gbengbenle ni ndu wa Itie ni ndi mi tie'a, wato jiji bibiri indu bi wa mi si tie, biki ba si shaida mu andi, ahi Itie a ton me.
৩৬কিন্তু মোৰ যি সাক্ষ্য আছে, সেয়া যোহনৰ সাক্ষ্যতকৈয়ো মহত্বপূর্ণ; কাৰণ পিতৃয়ে মোক যি কামবোৰ সম্পূর্ণ কৰিবলৈ দিছে, মই সেইবোৰ কামেই কৰিছোঁ আৰু সেইবোৰে মোৰ বিষয়ে সাক্ষ্য দিয়ে যে পিতৃয়ে মোক পঠাইছে।
37 Itie wa a ton me, wawu ui a shaida me. Bina tie bre wo lan toh ni na toh a he ni he nako quen ri.
৩৭সেই পিতৃ, যি জনে মোক পঠালে, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিছে। আপোনালোকে তেওঁৰ মাত কোনো কালে শুনা নাই; তেওঁৰ আকৃতিও দেখা নাই।
38 Itra ana son ni yiwu ni mi dri bina, ni tu wa bi na kpayenmen ni Indji wa a ton Me yena.
৩৮তাৰ উপৰি তেওঁৰ বাক্যও আপোনালোকৰ অন্তৰত নাই; কিয়নো যি জনক তেওঁ পঠালে, আপোনালোকে সেই জনক বিশ্বাস নকৰে।
39 Biki kra viwu bla tra Rji ni ya bi ndi niki bi fe iviri u son tuntur, iwawu vuvu kima a shaida ni me, (aiōnios g166)
৩৯আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে; (aiōnios g166)
40 bina yo sonron me u ye ni mena wa bi fe viri na.
৪০তথাপি আপোনালোকে জীৱন লাভ কৰিবলৈ, মোৰ ওচৰলৈ আহিব নিবিচাৰে।
41 Mi na kpa gber san ni ndji na
৪১মই মানুহৰ প্রশংসাপাবলৈ চেষ্টা নকৰোঁ;
42 Mi toh bina he ni son Rji ni mi idri mbi na.
৪২কিন্তু মই আপোনালোকক জানো যে, আপোনালোকৰ অন্তৰত ঈশ্বৰৰ প্রতি প্ৰেম নাই।
43 Mi ye ni mi nde Itie Mu, u bina kpa Me na. U to iri ni ta lu ye ni mi nde ma, bi kpa wu.
৪৩মই মোৰ পিতৃৰ নামেৰে আহিছোঁ আৰু আপোনালোকে মোক গ্ৰহণ নকৰে; কিন্তু আন কোনো যদি নিজৰ নামেৰে আহে, আপোনালোকে তেওঁক গ্ৰহণ কৰিব।
44 A ni he mba bi kpa yenmen ni yo sonron, biyi wa bi kpa gber san ni kpa mbi, ni na kpa yenmen ni wa gber san iwa a rji ni Irji na?
৪৪আপোনালোকে এজনে আন জনৰ পৰা প্রশংসাগ্ৰহন কৰিবলৈ আশা কৰে, কিন্তু যি প্রশংসা একমাত্র ঈশ্বৰৰ পৰা পোৱা যায়, তালৈ আশা নকৰে। সেয়ে আপোনালোকে কেনেকৈ বিশ্বাস কৰিব পাৰিব?
45 Na yo imeren ni sonron mbi andi Mi tre yi koshishi na. Indji wa a tre yi a Musa, iwa bi yo sonron mbi niwu.
৪৫নাভাবিব যে পিতৃৰ আগত মই আপোনালোকক দোষী কৰিম; অাপোনালোকক দোষী কৰোঁতা আন এজন আছে। যি মোচিৰ ওপৰত আপোনালোকে আশা কৰিছে, তেৱেঁই আপোনালোকক দোষী কৰিছে।
46 Bina kpayenmen ni Musa, bina kpayenmen ni me, nitu wa a nhan me nitu mu.
৪৬আপোনালোকে যদি মোচিক বিশ্বাস কৰে, তেনেহলে মোকো বিশ্বাস কৰিলেহেঁতেন; কিয়নো মোচিয়ে মোৰেই বিষয়ে লিখিছে।
47 Bitana kpayenmen ni nhan ma na, bi ti ni he ba ni kpayenmen ni lan tre mu?
৪৭কিন্তু তেওঁৰ লিখনি যদি আপোনালোকে বিশ্বাস নকৰে, তেনেহলে কেনেকৈ মোৰ কথা বিশ্বাস কৰিব?”

< Yohana 5 >