< Yohana 3 >

1 igu ri ahi bafarise ba yomi niko dimu a hi tuzan ni mi yahudawa
ফৰীচী সকলৰ মাজত নীকদীম নামেৰে এজন লোক আছিল। তেওঁ ইহুদী পৰিষদৰ এজন অধিকাৰী আছিল।
2 igua lu wa yesu ye ni chu na yo Rabbi ki tohwu u malami wawu tsi ni rji ki toh idiori na toh tie kpe wa wu si tie yinna se orji he niwu
এদিন ৰাতি তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে, “ৰব্বি, আমি জানো যে আপুনি ঈশ্বৰৰ ওচৰৰ পৰা অহা এজন শিক্ষক। কিয়নো আপুনি এই যি যি আচৰিত চিন দেখুৱাইছে, ঈশ্বৰ সঙ্গী নহ’লে এনে চিন কোনেও দেখুৱাব নোৱাৰে।”
3 yesu sa niwu njanji njanji indi wa ba na la ngriji a na ana toh iko irjina
উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”
4 nikodemu a miyen bati ni heri na la ngrji indi iwa a ce ye? ana ya kban hi ri ni minen yima ba ka la ngrjina ani iya?
নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?”
5 yesu tre anjaji anjaji indi wa bana la ngrji ni ma mba ruhu na ana ya hiri nitra rjina
যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
6 ikpe wa ba ngrji ni konkbon kpa ahi kobonkpa iwa ba ngrji ni kon ruhu ahi u ruhu
শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়।
7 na tie sisir na ni tu wa me hla ni wu a hi gbigbi ndu ba la ngri wu
মই যে আপোনাক ‘আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন’ বুলি ক’লো, এই কথাত বিস্মিত নহ’ব।
8 ngyugyu ni fuw hi ni werji a wa a ni son a u ya wo chu ma iwu na toh ka a rjini tsen ka ni hi ni tsen na anaki indi waba ngrji u ni ruhu a
বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈকে বয়। আপুনি তাৰ শব্দ শুনিবলৈ পায়, কিন্তু ক’ৰ পৰা আহে বা ক’লৈনো যায়, সেই বিষয়ে আপুনি নাজানে। আত্মাৰ পৰা যি সকলৰ জন্ম হয়, তেওঁলোক সকলোৰে তেনেকুৱা হয়।”
9 nikodi mu miyen batie ki ma ni he naki?
নীকদীমে উত্তৰ দি তেওঁক ক’লে, “এইবোৰ কেনেকৈ হ’ব পাৰে?”
10 yesu u miyen i wu u malami ni israila u na toh iri kpe yi na?
১০যীচুৱে উত্তৰ দি তেওঁক ক’লে, “আপুনি ইস্ৰায়েলৰ শিক্ষক হৈয়ো এইবোৰ কথা নুবুজে নে?
11 njaji njaji mi si hla ni wu kisi tre kpr wa ki toh ni shaida ni yiwu na ki me bina kpa shaida buna
১১আপোনাক সঁচাকৈয়ে কওঁ, আমি যি জানো তাকে কওঁ আৰু যি দেখো সেই বিষয়ত সাক্ষ্য দিওঁ, কিন্তু আপোনালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰে।
12 mi tie hla niwu ikpe wa ahe ni gbungbolo yi i wuna kpayemen na u tie ni heni kpayemen ni tre wa mi hla niwu u shulu
১২মই আপোনালোকক পাৰ্থিৱ বিষয়ৰ কথা ক’লে আপোনালোকে যদি বিশ্বাস নকৰে, তেনেহলে মই স্বৰ্গীয় বিষয়ৰ কোনো কথা ক’লে কেনেকৈ বিশ্বাস কৰিব?
13 idiori na hon hi ni shu toh na se wawu wa a grji rji ni shu yea sei vren indi
১৩যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
14 na wa musa a zu wan hi ni shu ni miji na ki me gbigbi ba zu ivren ndi hi shu
১৪মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপটোক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰত উঠোৱা হ’ব,
15 nitu biwa ba no suron ba na kpayememe ni wu ba kana tie memenana son tuntur (aiōnios g166)
১৫যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে। (aiōnios g166)
16 niwa irji a lo suron ni gbungbulua kpukpome na ban ivren ma riri no wa a ka suron ma no wa ka que na kason ni viri hi ni tuntur (aiōnios g166)
১৬কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। (aiōnios g166)
17 irji bachi ana ton verri ye ni ndu ye ka gbungbulu a suto na amma ni ndu kpa ba chuwo
১৭কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে।
18 indi wa ayo suron ma niwu kana tie meme na u indi wa ana yo suron ma niwuna atie meme ye ni tu wa ana yo suron ma ni mi nde ivren ciriti na
১৮তেওঁত বিশ্বাস কৰা জনৰ সোধ-বিচাৰ কৰা নহয়; বিশ্বাস নকৰা জনক দোষী কৰা হ’ল, কিয়নো তেওঁ একমাত্ৰ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা নাই।
19 a ni tu kima ibla tre he ni tu wa ikpan ye ni gbungbulua u ndi ba son bwu zankpan ni tu meme tie mba
১৯সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
20 wawuu indi wa ani tie meme kpe a ni kama ni kpan nda na ni hi ni kpan na don ndu bana toh meme tie mana
২০কিয়নো যি জনে কু-আচৰণ কৰে, তেওঁ পোহৰক ঘৃণা কৰে আৰু তেওঁৰ কৰ্ম যেন প্রকাশ নাপায়, এই কাৰণে তেওঁ পোহৰলৈ নাহে।
21 sei indi wa ani tie njanji ani ye ni kpan nitu tie ma wa ba toh ni rira me a ndi da ni tie niwu rji
২১কিন্তু যি জনে সত্য আচৰণ কৰে, তেওঁ পোহৰৰ ওচৰলৈ আহে যাতে সেই পোহৰত স্পষ্ট বুজা যায় যে তেওঁৰ সকলো কৰ্ম ঈশ্বৰৰ বাধ্যতাত হৈছে।”
22 ni kogon kima yesu ni almajeran ma ba lu hi yanki igbu judea ni ki ason hi ni ton ri niba natie batisma
২২তাৰ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিহুদীয়া প্রদেশলৈ গ’ল। তাত তেওঁ শিষ্য সকলৰ সৈতে কিছুদিন থাকি লোক সকলক বাপ্তিস্ম দি আছিল।
23 yahaya me ni tie batisma ni aino whiwhire ni salim nitu ima he ni ki babran indi baye niwu wani ti batisma
২৩যোহনেও চালীম নামৰ গাওঁ খনৰ ওচৰতে থকা ঐনোন নামৰ ঠাই খনত বহুত পানী থকাৰ কাৰণে তাতে বাপ্তিস্ম দি আছিল আৰু লোক সকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিস্ম লৈছিল।
24 ba na rigen yo yahaya ni mi tra u tro na
২৪তেতিয়াও যোহন বন্দীশালত বন্দী হোৱা নাছিল।
25 u kbonronkpa lude ni mi almajeran yahaya ni indi u yahuda nitu al adun tsarka kewa
২৫সেই সময়ত ইহুদী ৰীতি অনুসাৰে শুচি হোৱাৰ বিষয়টো লৈ যোহনৰ কেইজনমান শিষ্য আৰু এজন ইহুদী মানুহৰ মাজত তর্ক-বিতর্কৰ সৃষ্টি হ’ল।
26 ba luhi ni yahaya na tre Rabbi indi wa a he niwu ni gran ne urdun wa u shaidu wu toh asi tie batisma indi wawu ba si hi niwu
২৬পাছত তেওঁলোকে যোহনৰ ওচৰলৈ গৈ ক’লে, “ৰব্বি, যৰ্দ্দন নদীৰ সিপাৰে যি জন লোক আপোনাৰ লগত আছিল আৰু যি জনৰ বিষয়ে আপুনি সাক্ষ্য দিছিলে, চাওক, তেওঁ বাপ্তিস্ম দি আছে। আৰু সকলো মানুহ তেওঁৰ ওচৰলৈ গৈ আছে।”
27 yahaya sa ni bawu idiori na ya fe kperina sei ba no rji ni shulu
২৭যোহনে উত্তৰ দিলে, “স্বৰ্গৰ পৰা দিয়া নহ’লে কোনেও একোকে লাভ কৰিব নোৱাৰে।
28 biyi ni tubi bi to mi hla ni a na imeyin me Almasihuna ba ton me ye guci niwu
২৮মই কৈছিলোঁ যে ‘মই খ্রীষ্ট নহওঁ, কিন্তু মোক তেওঁৰ আগেয়ে পঠোৱা হৈছে’ এই কথাৰ সাক্ষ্য তোমালোকে নিজেই দিব পাৰা।
29 iwa sah ahi u lon ma ikpan glon zizan ikpana kri siwowu a si ngir ni wa asi wo lan likona ingir mu a shu mala
২৯যি জনৰ হাতত কইনাক দিয়া হয়, তেওঁ দৰা। কিন্তু দৰাৰ বন্ধু জন থিয় হৈ থাকে আৰু দৰাৰ কথা শুনে। দৰাৰ মাত যেতিয়া শুনে বন্ধু জন অতিশয় আনন্দিত হয়। তেনেহলে মোৰো সেই আনন্দ সম্পূৰ্ণ হ’ল।
30 a hi gbibbi ni ndu shu babran u me grji ye meme
৩০তেওঁ বাঢ়ি বাঢ়ি যাব লাগে, কিন্তু মই হ’লে সৰু হৈ হৈ যাব লাগে।
31 wawu iwa a rji ni shu a zan indi wawu
৩১যি জন ওপৰৰ পৰা আহিছে, তেওঁ সকলোৰে ওপৰত। যি জন জগতৰ পৰা আহে, তেওঁ জগতৰ আৰু তেওঁ জাগতিক কথাহে কয়; কিন্তু যি জন স্বৰ্গৰ পৰা আহিছে, তেওঁ সকলোতকৈ উর্দ্ধত।
32 a shaida ikpu iwa awo na toh idiori me tie bre kpa shaida ma
৩২তেওঁ যি দেখিলে আৰু শুনিলে, তাৰে সাক্ষ্য দিয়ে; কিন্তু তেওঁৰ সাক্ষ্য কোনেও গ্ৰহন নকৰে।
33 indi iwa akpa shaida ma a kpayemmen gbigbi irji a njaji
৩৩যি জনে তেওঁৰ সাক্ষ্য গ্ৰহন কৰিছে, তেওঁ তাৰ দ্বাৰাই প্রমাণ কৰে যে ঈশ্বৰেই সত্য।
34 indi wa irji ton a ani tre ni lan u rji ana no ruhu a ni tsara tsara na
৩৪কাৰণ ঈশ্বৰে যি জনক পঠিয়াইছে, তেওঁ ঈশ্বৰৰ কথাকে কয়; ঈশ্বৰে তেওঁক জোখ-মাপ কৰি তেওঁৰ আত্মা দিয়া নাই।
35 itie kpayemen nl vrena na ka koggen no nriwoma
৩৫পিতৃয়ে পুত্ৰক প্ৰেম কৰে আৰু তেওঁৰ হাতত সকলো শোধাই দিলে।
36 indi wa a kpayenmen ni vren a he ni viri son hi ni tuntur indi wa akama ni ivren ana virina ifun irji a he ni tunna (aiōnios g166)
৩৬পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।” (aiōnios g166)

< Yohana 3 >