< Yohana 20 >
1 Ni bu'u bu'u mble ni vi u mumla, ni mi sati'a u bubu ri tie bu'u ri, Maryamu Magdaliya aye ni nyu be, aye to ba ban tita wa ahe ni ny be rju ye.
১সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, আন্ধাৰ থাকোতেই, মগ্দলীনী মৰিয়মে মৈদামৰ ওচৰত গৈ, মৈদামৰ পৰা শিলচটা আতৰাই থোৱা দেখিলে।
2 Nda kma tsutsu hi ni ba Siman Bitrus mba almajere mba wa Yesu ni son'a, na hla bawu, “Ba ban Bachi ni mi be, ki na to bubu wa ba ka yo'a na.”
২তাতে তেওঁ দৌৰ মাৰি, চিমোন পিতৰ আৰু যীচুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ, তেওঁলোকক ক’লে, কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে; কিন্তু তেওঁক ক’ত থলে, সেই বিষয়ে আমি নাজানো।
3 U ba Bitrus ni almajere mba ba rju na hi ni be'a.
৩তাতে পিতৰ আৰু সেই আন শিষ্য সকল বাহিৰলৈ ওলাই আহি মৈদামৰ ওচৰলৈ গ’ল।
4 Wawu mba wu ba tsutsu me, u almajiri ri ma a kari guchi ni Bitrus ni be'a.
৪তেওঁলোক দুয়ো একেলগে দৌৰি গ’ল, কিন্তু অন্য শিষ্য জন পিতৰক পাছ পেলাই আগত দৌৰি গৈ প্ৰথমে মৈদামৰ ওচৰ পালে;
5 Wa kudran na kloto ya, na to ipri nkinkla re me ni bubu'a, nda na ri hi ni mi na.
৫আৰু তেওঁলোকে চাপৰি চাই, পৰি থকা শণ সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু মৈদামৰ ভিতৰলৈ নোসোমাল।
6 U Siman Bitrus a ye ri ni kogon na ri hi ni mi be'a, na to ipri nkinklan re me a kri
৬তাতে চিমোন পিতৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল, আৰু দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন সেই ঠাইতে পৰি আছে,
7 ni vi pre wa a he ni tuma. Ani he ni bubu riri ni pre na, na ch'bi kpama kuru kan.
৭কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল, সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে।
8 U almajiri wa a guchi hi ni nyu be'a ngame, lu ri hi ni mi be'a na ka to, na kpanyeme.
৮ইয়াৰ পাছত যি জন শিষ্য মৈদামলৈ প্ৰথমতে গৈছিলে তেওঁ ভিতৰলৈ সোমাই সকলো দেখি বিশ্বাস কৰিলে।
9 Hra ye ni nton kime, bana ya to tre Irji wa a hla, ani la ta sh'me ni kwu.
৯কাৰণ ধৰ্মশাস্ত্ৰত এই কথা কোৱা হৈছে যে ‘মৃত লোক সকলৰ মাজৰ পৰা তেওঁ পুনৰায় উঠিব’, শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে এতিয়ালৈকে বুজা নাছিল।
10 U almajere ba ba kma hi koh ngari.
১০তাতে সেই দুজন শিষ্য পুনৰ নিজৰ ঘৰলৈ গুচি গ’ল।
11 U Maryamu kri nyu be na siyi. Niwa a siyi, na kudran ya mi be'a.
১১কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ মূৰ দোৱাই চকু ফুৰালে,
12 Iwa to Maleku hari ba son ni nklon nkinklan, iri kotu u iri ni ko za ni bubu wa ba ka Yesu yo.
১২যীচুৰ দেহ শুৱাই থোৱা ঠাইৰ মূৰ-শিতানত এজন আৰু ভৰি-পথানত এজন, এনেদৰে দুজন শুক্ল বস্ত্ৰ পৰিধান কৰা স্বৰ্গৰ দূতক বহি থকা দেখিলে।
13 U ba hla niwu, “Iwa ni nko u yi ni tu ngye? Wa hla, nitu wa ba ban Bachi mu, mina to bubu wa ba ka zi'a na.
১৩তেতিয়া তেওঁলোকে মৰিয়মক সুধিলে, “হে নাৰী, কিয় কান্দিছা?” তেওঁ ক’লে, “কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক ক’ত থলে নাজানো।”
14 A tre kle, nikogon ki, na k'ma ya na to Yesu kri niki, nda na to ndi a Yesu na.
১৪এই কথা কৈ, তেওঁ পাছফাললৈ মূখ ঘূৰাই, যীচুক থিয় হৈ থকা দেখিলে; কিন্তু তেৱেঁই যে যীচু, তেওঁ চিনি নাপালে।
15 Yesu tre niwu, “Iwa u yi ngye? Wu si wa nha yi?” A ban andi ahi indji wa ani tie ndu ni rju'a, (labu). U wa hla niwu, “Iti ko u tie ban wu, u ka hla wurji wa u ka zi'a, ni ndu mi ban wu.”
১৫তেতিয়া যীচুৱে তেওঁক সুধিলে, “হে নাৰী, তুমি কিয় কান্দিছা? কোন জনক নো বিচাৰিছা?” তেতিয়া তেওঁ বাৰীচোৱা বুলি ভাবি তেওঁক ক’লে, “হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেনেহলে ক’ত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম।”
16 Yesu hla niwu, “Maryamu.” Wa kma ya, na hla niwu ni Armaniyanci, “Rabboni” andi mala.
১৬যীচুৱে তেওঁক ক’লে, “অ’, মৰিয়ম৷” তেতিয়া মৰিয়মে মূখ ঘূৰাই ইব্ৰী ভাষাৰে ক’লে “ৰব্বুণি” ইয়াৰ অৰ্থ, ‘হে গুৰু৷’
17 Yesu hla niwu, na bre wo ni me na, mi na hon hi ni Ti'a rina, hi ni mri vayi Mu ni hla bawu, mi hi ni Timu ni Timbi, Irji mu ni Irji mbi.
১৭যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷”
18 Maryamu Magadaliya ahi na ka hla almaere “Mi ka to Bachi” na hla andi a hla wawu ikpe biyi.
১৮তেতিয়া মগ্দলীনী মৰিয়ম গ’ল আৰু শিষ্য সকলক এই সম্বাদ দিলে যে, “মই প্ৰভুক দেখিলোঁ৷” মৰিয়মে তেওঁলোকক জনালে যে ‘তেৱেঁই মোক এই কথা ক’বলৈ ক’লে’।
19 Ni yalu chachuki ni vi u mumla u sati'a almajere ba tro kpamba krju ti ni miko nitu sissri Yahudawa, Yesu ye kukri ni mi tsutsu mba, na tre, “Isi suron ni yi.”
১৯সেইদিনা সন্ধিয়া সময়, এই দিন সপ্তাহৰ প্ৰথম দিন আছিল, শিষ্য সকল এটা ঘৰত গোট খালে৷ তেওঁলোক থকা ঘৰৰ দুৱাৰবোৰ ইহুদী সকলৰ ভয়ত বন্ধ কৰি ল’লে, তেতিয়া যীচুৱে আহি তেওঁলোকৰ মাজত থিয় হৈ ক’লে “তোমালোকৰ শান্তি হওক”।
20 Ni kogon wa a hla naki, na ka wo ma tsro ba ni ko san, u almajere ba ngyiri ni wa ba to Bachi'a
২০এই কথা কোৱাৰ পাছত তেওঁ তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্য সকলে প্ৰভুক দেখি আনন্দ কৰিলে।
21 Yesu la hla bawu ngari, “Isi sron niyi, na wa Iti'a a ton me, Ime me mi ton yi.”
২১এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াই দিম”।
22 Wa Yesu tre naki, na fu vri ma sru ni bawu, na hla bawu kpa Brji Tsatsra (Ruhu) Maitsarki.
২২এই কথা কৈ তেওঁ তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই ক’লে, “পবিত্ৰ আত্মা গ্ৰহণ কৰা।
23 Indji wa bi kpa latre wru hle niwu, ba kpa wru hle niwu indji wa bi nji latrema ba nji latre'a.
২৩তোমালোকে যি সকলৰ পাপ ক্ষমা কৰিবা, তেওঁলোকৰ পাপ ক্ষমা কৰা হব; আৰু যি সকলৰ পাপ ক্ষমা নকৰা, তেওঁলোকৰ পাপ ক্ষমা কৰা নহব৷”
24 Toma, iri ni mi wlon don ha, wa ba yo ni vren hlan hen'a, ahe ni bana ninton wa Yesu ye rju ni tuma ni bawu'a na.
২৪থোমা, বাৰ জনৰ মাজৰ যাক দিদুমো বোলে, তেওঁ যীচু অহা সময়ত তেওঁলোকৰ লগত নাছিল।
25 Imbru almajere ba hla niwu, “ki to Bachi.” A hla ni bawu, “Se mi toh wrji wa ba kpan ni wo ma ri, ni ka vren wo mu yo nitu wrji'a ri mika kpa nyeme.”
২৫এতেকে আন শিষ্য সকলে তেওঁক ক’লে, “আমি প্ৰভুক দেখিলোঁ”। কিন্তু তেওঁ তেওঁলোকক ক’লে, “তেওঁৰ হাতত গজালৰ চিন নেদেখিলে আৰু গজালৰ চিনত মোৰ আঙুলি নুসুমুৱালে, অাৰু তেওঁৰ কোষত হাত নুসুমুৱালে মই কোনোমতে বিশ্বাস নকৰোঁ।”
26 Niwa a tie vi tandra, mri koh ma ba he nimi ngari, u Toma ahe ni ba. Yesu ka ye ka ba tro ba nkon ba, na kri ni mi mba, nda hla ndi, “Si sron ni yiwu.”
২৬আকৌ আঠ দিনৰ পাছত, তেওঁৰ শিষ্য সকল থোমাৰ সৈতে ভিতৰত থাকোঁতে, দুৱাৰ বন্ধ হৈ থকাতো, যীচুৱে আহি মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক”।
27 U nda hla ni Toma, “Ka vren wo me yo niwayi ndi to wo Mu'a. Ka wo me yo ni wayi ni yo'u ni kosan Mu. Na ka kpa nyeme na, ndi kpa nyeme.
২৭তেতিয়া তেওঁ থোমাক ক’লে, “ইয়াত তোমাৰ আঙুলি দি, মোৰ হাত চোৱা; আৰু তোমাৰ হাত মেলি, মোৰ কোষত সুমুউৱা৷ অবিশ্বাসী নহৈ বিশ্বাসকাৰী হোৱা।”
28 Toma ka kpa sa na hla niwu ndi, “Bachi mu ni Irji mu.”
২৮থোমাই উত্তৰ দি তেওঁক ক’লে, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!”
29 Yesu ka hla ni wu ndi, “Nitu wa wu to Me ri, ndi kpa nyeme. Lulu ni ba ndji biwa bana to na, nda kpa nyeme.”
২৯যীচুৱে তেওঁক ক’লে, “মোক দেখাৰ কাৰণেহে তুমি বিশ্বাস কৰিছা। যি সকলে নেদেখিও বিশ্বাস কৰে, তেওঁলোকেই ধন্য।”
30 Zizan Yesu tie gbugbu gban bari ni shishi mri koh Ma, gban wa bana nha ba sru ni mi nvunvu yi na,
৩০যীচুৱে তেওঁৰ শিষ্য সকলৰ আগত ইয়াতকৈয়ো অনেক আচৰিত চিন দেখুৱাইছিল, যিবোৰ এই পুস্তকত লিখা নাই৷
31 ama biyi ba nha ba zi nitu dun yi kpa nyeme ndi Yesu yi a Kristi'a, Ivren Irji, nitu kpa nyeme mbi, bi kpa ivri ni mi nde Ma.
৩১কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল।