< Yohana 2 >
1 nivi u tra wa a wuce igran iri a heni cana u Galili u yi yesu a hei niki
১তিন দিনৰ দিনা গালীল প্ৰদেশৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীচুৰ মাক তাত আছিল।
2 ba hla ni yesu di almajeranma ndu ba hi ni igan ugran
২সেই বিয়ালৈ যীচু আৰু তেওঁৰ শিষ্য সকলকো নিমন্ত্ৰণ কৰা হৈছিল।
3 u lman inabin a kle u yi yesu hla ni wu iba na he ni iman inabin na
৩পাছত যেতিয়া দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীচুৰ মাকে আহি যীচুক ক’লে, “তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হ’ল।”
4 yesu hla niwu iwa ahi ge ka krji u ye nime? iton mu na tsra rina
৪যীচুৱে তেওঁক ক’লে, “হে নাৰী, এই কথাত মোৰ সৈতে কি কাম? মোৰ এতিয়াও সময় হোৱা নাই।”
5 iyima a hla ni miri bi nduma ko a hla ni nduyi tie gen bika tie u ndu bari ba he niki ni tita tan ne
৫তেওঁৰ মাকে দাস সকলক ক’লে, “এওঁ তোমালোকক যিহকে কয়, তাকে কৰিবাহঁক।”
6 iwa yahudawa ba tie ndu niwa ni igan ba u tsarka ke ko rime ni mi mba ni ban durom iri
৬সেই ঠাইতে ইহুদী সকলৰ ৰীতি অনুসাৰে শুচি হবৰ কাৰণে পাথৰৰ ছয়টা পানী থোৱা শিলৰ পাত্র আছিল। সেইবোৰৰ প্রত্যেকতে প্ৰায় আশীৰ পৰা এশ বিশ লিটাৰ পানী ধৰে।
7 iwa hla ni bawu suru man shu ni indun ba uba suruman shu mba pleleme
৭যীচুৱে দাসবোৰক ক’লে, “এই পাত্রকেইটাত পানী ভৰাই দিয়া।” দাসবোৰে তেতিয়া সেই পাত্রকেইটাৰ কাণলৈকে পূৰ্ণ কৰি পানী ভৰাই দিলে।
8 iwa hla ni bi ndu ba tie ni mima hi no nikon ugan u ba tie nakima
৮তাৰ পাছত যীচুৱে সিহঁতক ক’লে, “এতিয়া তাৰ পৰা অলপ উলিয়াই ভোজৰ অধিকাৰীৰ ওচৰলৈ লৈ যোৱা।” তাতে দাসবোৰে সেইদৰে কৰিলে।
9 nikon u igan a vu ma hla toh wa a katie ima ina bin wana toh iwurji wa a rji a na iwa to
৯ভোজৰ অধিকাৰীয়ে পানীৰ পৰা হোৱা সেই দ্ৰাক্ষাৰস চাকি চালে; কিন্তু সেই ৰস ক’ৰ পৰা আহিল, তেওঁ নাজানিলে। যি দাসবোৰে পানী তুলিছিল, সিহঁতেহে জানিলে। তেতিয়া ভোজৰ অধিকাৰীয়ে দৰাক মাতি ক’লে,
10 na hla niwu ko nha niga ma inabin ndi ndi ni mumla nduba so kle rikiko ba nji iwa a lolomey ye ni kokon iwu u ma ndindi zi sei zizan
১০“সাধাৰণতে সকলো মানুহে প্রথমে উত্তম দ্ৰাক্ষাৰস পৰিবেশন কৰে আৰু অতিথি সকলে সেয়া ইচ্ছামতে খোৱাৰ পাছত, তেওঁলোকক আগতকৈ নিম্নমানৰ দ্রাক্ষাৰস পৰিবেশন কৰে। কিন্তু তোমালোকে হ’লে এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখি থৈছা।”
11 iwayi a hi gban u mumlan wa yesu tie ni cana galili na tsoro dauka ka ma amajeran ma ba kpayenme ni tiea
১১গালীল প্ৰদেশৰ কান্না নগৰত এই প্রথম আচৰিত চিনৰ কার্য কৰি যীচুৱে নিজৰ মহিমা প্রকাশ কৰিলে। তাতে তেওঁৰ শিষ্য সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে।
12 ni kle ki yesu ni yinman ni miri vayima ni almajeran ma ba hi kafarnahum na ka sori niki tie vi bari
১২তাৰ পাছত যীচুৱে তেওঁৰ মাক, ভায়েকহঁত আৰু শিষ্য সকলৰ সৈতে কফৰনাহূমলৈ গ’ল আৰু তাতে তেওঁলোক কিছুদিন থাকিল।
13 igan u zagran idina tie whire u yesu a hon hi ni uri shaliman
১৩ইহুদী সকলৰ নিস্তাৰ-পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল।
14 a ka toh bi le ni lando ni ik rju ni tantabaru ni bi siran iklen ba son niki
১৪তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, মেৰ, কপৌ চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে।
15 iwa tie gbugban ni rjirji na zuba rju wawu ni mitara u rji ni nitman ni lando na vu glengbe in klen vara hlega ni bi saran klen na kpa tabru a zie lega
১৫তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে।
16 a hla nibi le ni tan tabara vu kpie bi yi rju niwa yi bi kako itiemu tie chuchuu lea ni kpie
১৬যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।”
17 u alma jeran ma ba tika andi ba nha nhan zindi to iko me ni irime kle
১৭ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।”
18 binikon ni yahudawa ba batre niwu a a hi gban geri u ya tsoro ta ni tu ikpe wa u si tie mba
১৮তেতিয়া ইহুদী নেতা সকলে যীচুক সুধিলে, “এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা?”
19 yesu sa nibawu zie tra rji yi mi merie ni mi ivi tra
১৯যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।”
20 ubi mikon yahudawa ba tre ba tie ise arabayin don tannen riko na nme trarsi a kle u ri ban ivi tra yin ni nme koa?
২০তেতিয়া ইহুদী সকলে ক’লে, “এই মন্দিৰ নির্ম্মাণ কৰোঁতে ছয়চল্লিশ বছৰ লাগিছিল আৰু তুমি তাক তিন দিনতে তুলিবা নে?”
21 ama asita tra itra u kpa ma mu
২১কিন্তু যীচুৱে মন্দিৰ বুলি নিজৰ দেহ-মন্দিৰৰ বিষয়লৈহে সেই কথা কৈছিল।
22 nikogon wa a ta shimen ni beh almajeran ma ba lu tika ndi ana hla naki uba kpayemen ni nasi ni lantre wa yesu a hla
২২সেয়ে, পাছত যেতিয়া যীচুক মৃত লোকৰ মাজৰ পৰা তোলা হ’ল, তেতিয়া তেওঁৰ শিষ্য সকলৰ মনত পৰিল যে তেওঁ এই কথাই কৈছিল। তেতিয়া তেওঁলোকে ধৰ্মশাস্ত্ৰৰ কথাত আৰু যীচুৰ এই কথাত বিশ্বাস কৰিলে।
23 ngari aheni urushelima ni idi gbugbuu ba kpayemen ni iden ma ni wa ba igban wa a tie
২৩নিস্তাৰ-পৰ্বৰ সময়ত যিৰূচালেমত থাকোতে যীচুৱে যিবোৰ আচৰিত কাম কৰি চিন দেখুৱালে, সেইবোৰ দেখি বহু মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে।
24 yesu na kpayeme ni bana atoh bawauu
২৪কিন্তু যীচুৱে হ’লে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল।
25 ana son ndu dio shaida ma ni tu indi na nitu wa a toh kpe wa a he mi ndi
২৫মানুহৰ সম্পর্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল; কিয়নো মানুহৰ অন্তৰত কি আছে, তেওঁ নিজে তাক জানিছিল।