< Yohana 14 >
1 Na ndu sron mbi tie meme na, bi kpa nyeme ni Rji, kpa nyeme ngame ni Me.
১“তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।
2 Ni ko ti mu ahe niko gbugbuwu ani na nakina, mi hla ni yiwu mi hi mla bubu'a tie ni yiwu.
২মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হ’লে তোমালোকক ক’লোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।
3 Mi ta hi ni mla bubu'a tie ni yiowu, mi kma ye ni ye ngari ni ye vu yi hi ni kpa mu, ni ndu iwurji wa mi he'a bi ka he niki me.
৩যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহলে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।
4 Bi to gon uhi bubu wa me he'a.”
৪মই যি ঠাইলৈ যাওঁ, তোমালোকে তাৰ বাট জানা।”
5 Toma hla ni Yesu, Bachi, kina to bubu wa u si hi'a na, kiti niheri ni to nkon'a?
৫থোমাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ক’লৈ যায়, তাকেই আমি নাজানো; তেনেহলে বাট নো আমি কেনেকৈ জানিম?”
6 Yesu hla niwu, Ime yi mi nkon ni njanji ni re (ivri), Indrjori na ya hi ni Timu'a na se ka hu ni me.
৬যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
7 U na to me u na to Timu me, rjizizan hi u to ni shishi me ni to.”
৭তোমালোকে মোক জনা হ’লে, মোৰ পিতৃকো জানিলাহেঁতেন; এতিয়াৰ পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও।”
8 Filibu tre ni Yesu ndi, “Bachi tsro ta Iti'a, ni ndu tsra tawu naki.”
৮ফিলিপে যীচুক ক’লে, “হে প্ৰভু, পিতৃক আমাক দেখুৱাওঁক, সেয়ে আমালৈ যথেষ্ট হ’ব”।
9 Yesu hla niwu, “Mi he ni yi rji lalon mu u bi na to me na Filibu? Indji wa a to me'a a to Iti'a. U tie ni he ri, ni hla ndi, mi tsro yi Iti'a?
৯যীচুৱে ক’লে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ কব পাৰিলা?”
10 U na kpa nyeme na ndi mi he ni Ti'a u Iti'a he ni me na? Ilan tre bi wa mi si tre ni yi'a mi na si tre ni gbengblen mu na, ahi Iti mu wa ahe ni mi mu'a si tie ndu yi.
১০“মই যে পিতৃত আছোঁ আৰু পিতৃও যে মোৰ লগত আছে, ইয়াক তুমি বিশ্বাস নকৰা নে? মই যি যি কথা তোমালোকক কওঁ, সেইবোৰ নিজৰ পৰা নকওঁ; কিন্তু পিতৃয়ে মোৰ লগত থাকি তেওঁৰ কাৰ্যবোৰ সম্পন্ন কৰে।
11 Kpa nyenme ndi mi he ni Ti'a, u Iti'a ahe ni me, ko u ka kpanyeme ni indu bimba me.
১১মই যে পিতৃত আছোঁ, আৰু পিতৃও যে মোৰ লগত আছে, মোৰ এই কথাতে বিশ্বাস কৰা; নাইবা মই কৰা কাৰ্যবোৰৰ কাৰণে মোক বিশ্বাস কৰা।
12 Njanji, njanji, Mi hla ni yiwu, indji wa a kpanyeme ni me ani tie ndu wa Mi tie'a na tie ndu bi rigrama zan bi yi niwa Mi si hi ni Ti Mu.
১২মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ, মোক বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ।
13 Ko ngyeri wa minye ni mi nde mu, mi ti niwu ni ndu Ti'a ndu kpa ninkon ni Vren'a.
১৩তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়।
14 U wu ta minye me ko san ngyeri ni mi nde Mu, Mi tie wu.
১৪তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহলে সেয়া মই পূর্ণ কৰিম।
15 U wu ta ni son me, wu hu indu mu,
১৫তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
16 u Mi bre ni Ti'a, mi la no yi si sron ri wa ani son niyi hi tuntru - (aiōn )
১৬আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷ (aiōn )
17 u Ibrji Tsatsra (Ruhu) u njanji gbungblu'a ana ya kpa na nitu wa a to na, iwu u to, ani son niwu ani he niwu.
১৭সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব।
18 Mi na ka yi don ni kankrji mbi na, Mi kma ye ni yi.
১৮মই তোমালোকক অনাথকৈ এৰি নাযাওঁ; মই তোমালোকৰ ওচৰলৈ আকৌ আহিম।
19 A don tsa me yi, ni ndu gbungblu yi na la tie bre to mena, bi yi bi la to me don me mi he, biyi me bi son.
১৯অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছোঁ বাবে তোমালোকো জীয়াই থাকিবা।
20 Chachu ki bi to andi Mi he ni Timu, andi bi he ni me, u me mi he ni yi.
২০সেইদিনা তোমালোকে জানিবা যে, মই পিতৃত আছোঁ আৰু তোমালোকো মোত আছা, ময়ো তোমালোকত আছোঁ।
21 Indji wa a wo du mu, na hu ba ahi indji wa ani son me, u indji wa ani son me, Iti mu ni son'u ngame, u Me Mi son'u ni tsro tu mu niwu.”
২১যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ’ব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।”
22 Yahuda (ana Iskariyoti na) a tre Yesu, “Bachi, ahi ngyeri sa u tsro ta tu me, ana ni gbungblu'a na?”
২২তেতিয়া ঈষ্কৰিয়োতীয়া নহয়, আন যিহুদাই তেওঁক ক’লে, “হে প্ৰভু, কিনো হ’ল যে, আপুনি জগতৰ আগত প্ৰকাশিত নহয়, কিন্তু আমাৰ আগত নিজকে প্ৰকাশ কৰিব?”
23 Yesu sa na hla niwu, indji wa ani son me'a ani hu lantre mu. Iti mu ni son u ki ye niwu ni son baba me.
২৩যীচুৱে উত্তৰ দি তেওঁক ক’লে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।
24 Indji wa ana son me na, ana hu tre mu na, itre wa bi wo bana rji-ni me na, ba rji ni Ti wa a ton me'a.
২৪যি জনে মোক প্ৰেম নকৰে, সেই জনে মোৰ বাক্যও পালন নকৰে; আৰু যি বাক্য তোমালোকে শুনিবলৈ পাইছা, সেই বাক্য মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে।
25 Mi hla ikpi biyi ni yiwu ni wa Mi he ni gbungblu'a, niwa Mi he niyi.
২৫মই তোমালোকৰ লগত থাকোতেই, এইবোৰ কথা তোমালোকক ক’লো;
26 Se, u si sron ibrji tsatsra (Ruhu) wa Itimu ni ton ye ni mi nde Mu ani tsro yi ko ngyeri na tie ka ko ngyeri ni yiwu.
২৬কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক সোঁৱৰাব।
27 Mi bri yi ni si sron, ni no yi si sron, Mi na no nawa gbungblu'a ni no'a na, na kpa sron u bi tie meme na, nda na tie sissri na.
২৭মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
28 Bi wo Mi hla ni yiwu, Mi hi kpa Mu, ndi Mi la kma ye niyiwu. Inde bi son Me, bi ka ngyiri don Mi hi ni Ti'a, Iti'a a zan na wa Mi he'a.
২৮মই তোমালোকক যি দৰে ক’লো, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম৷ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ’লে মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান।
29 Zizan Mi hla ni yiwu ri ni ndu ka ye he (ti) nda ana ye he (ti) u bi ka kpa nyeme.
২৯এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই তোমালোকক এইবোৰ কথা ক’লোঁ।
30 Mi na la tre babran ni yi na, Ichu wa ani nji gbungblu'a ani ye ana he ni gbengblen ni tu mu na.
৩০তোমালোকৰ সৈতে মই অধিক কথা এতিয়া নহ’ম, কিয়নো জগতৰ অধিকাৰী আহিছে; আৰু মোৰ ওচৰত তাৰ একো নাই।
31 Ni ndu gbungblu'a ndu ba to andi Mi son Ti'a, Mi ti na wa Iti'a a yo Me, ki lunde bri bubu yi.
৩১কিন্তু মই যে পিতৃক প্ৰেম কৰোঁ, আৰু পিতৃয়ে মোক দিয়া আজ্ঞাবোৰ মই যে পালন কৰোঁ, এই বিষয়ে জগতে জানিবলৈ; এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁহক।”