< Yohana 13 >
1 Igan idin tsatsra rigyen u ye, u Yesu to andi inton tsra wa a lu ni gbungblu hi ni Ti'a. Niwa ani son bi ma wa ba he ni gbungblu, a son ba ye ni kekle.
১ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ পূর্বে যীচুৱে জানিব পাৰিলে, যে এই জগতৰ পৰা পিতৃৰ ওচৰলৈ তেওঁৰ যোৱাৰ সময় ওচৰ চাপি আহিছে; সেয়েহে জগতত থকা নিজৰ লোক সকলক সকলো সময়তে প্ৰেম কৰি তেওঁলোকক শেষলৈকে প্ৰকৃত প্ৰেমৰ প্ৰমাণ দিলে।
2 Ibrji yo ni sron Yahuda Iskariyoti ivren Saminu, aka Yesu le.
২তেওঁলোকৰ ৰাতিৰ আহাৰ খোৱাৰ সময় হ’ল; ইতিমধ্যে চয়তানে যীচুক বিশ্বাসঘাতকতা কৰিবলৈ চিমোনৰ পুত্র ঈষ্কৰিয়োতীয়া যিহূদাৰ মনত কু-বুদ্ধি সুমুৱাই দিলে।
3 Ato ndi Iti a ka kongeri no ni woma, na rji ni Rji, ani la kma hi ni Rji.
৩যীচুৱে জানিছিল যে, পিতৃয়ে তেওঁক সকলো বস্তুৰ ওপৰত ক্ষমতা দিছে; তেওঁ ঈশ্বৰৰ পৰা আহিছে আৰু পুনৰাই তেওঁ ঈশ্বৰৰ ওচৰলৈ উভতি যাব।
4 A lunde ni bubu ri biri, na ju kpima, na ban inklon u se ma kpa na ka kpa ma niwu.
৪তেওঁ ৰাতি আহাৰ খোৱা ঠাইৰ পৰা উঠি আহিল আৰু গাত লোৱা কাপোৰ খন থৈ, এখন গামোচা ললে আৰু নিজৰ কঁকাল বান্ধিলে,
5 Wa sur ima ni konko na si ngla za ni almajere ma ba na se za ba wu ni inklon u se kpa wa a ka kpama niwu'a.
৫তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্য সকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বান্ধি লোৱা গামোচাৰে তেওঁলোকৰ ভৰি মচিলে।
6 Na ye ni Siman Bitrus, u Bitrus tre niwu, “Bachi, u ngla za mu me?”
৬তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত, পিতৰে তেওঁক ক’লে, “হে প্ৰভু আপুনি মোৰ ভৰি ধুৱাব নে?”
7 Yesu sa niwu na tre, “Ikpe wa mi si ti'a una to na zizan? U to ni ton u ye (ajima).
৭যীচুৱে উত্তৰ দি তেওঁক ক’লে, “মই কি কৰিছোঁ তুমি এতিয়া বুজি নাপাবা; কিন্তু এই বিষয়ে পাছত বুজি পাবা।”
8 Bitrus hla niwu, una ti bre ngla za mu.” Yesu hla niwu, “Mita ngla niwu na, una he ni san me ni me na.” (aiōn )
৮পিতৰে তেওঁক ক’লে “আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব।” যীচুৱে উত্তৰ দিলে, “যদি তোমাৰ ভৰি নুধুৱাওঁ, তেনেহলে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।” (aiōn )
9 Siman Bitrus hla niwu, “Bachi, na ngla zamu migyen na, ngla womu ni tu mu.”
৯তেতিয়া চিমোন পিতৰে তেওঁক ক’লে, “হে প্ৰভু, মোৰ অকল ভৰি ধুই দিয়াই নহয়, কিন্তু মোৰ হাত আৰু মূৰো ধুৱাওক।”
10 Yesu hla niwu, “Indji wa a sukpa'a ana wa sukpa na, se ka ngla za, wa ahi tsatsra ndji wawu bi tsatsra, ama ani wawu mbi na.
১০যীচুৱে তেওঁক ক’লে, “গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে, আন একো ধুবৰ প্ৰয়োজন নাই; কিয়নো তেওঁৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱেই নহয়৷”
11 (Yesu a to indji wa ani kawu le, kima sa wa tre naki, ana wawu mbi bi tsatsra na).
১১কোনে তেওঁক বিশ্বাসঘাতকতা কৰিব, সেই বিষয়ে যীচুৱে জানিছিল; এই কাৰণে তেওঁ ক’লে, “তোমালোক সকলো নিৰ্মল নহয়।”
12 Ni kokon wa Yesu ngla za bawu, a ban konlon ma na kuson ngari, na hlabawu, “Bito kpe wa mi ti ni yiwu'a?
১২যীচুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি, নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল; পাছত তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ কাৰণে মই যি কৰিলোঁ, সেই বিষয়ে তোমালোকে বুজিলা নে?
13 Bi yo me ni 'Mala' ni 'Bachi,' u bi yo me tsra, a naki mi he.
১৩তোমালোকে যে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ বুলি মাতিছা, সেয়া ঠিকেই কৰিছা; কিয়নো মই সেয়েই হওঁ।
14 U to Me wa mi Bachi ni Mala, u mi ngla za mbi, biyi ngame bika ngla za ni kpambi.
১৪এতেকে প্ৰভু আৰু গুৰু যি মই; মই যদি তোমালোকৰ ভৰি ধুৱালোঁ, তেনেহলে তোমালোকেও ইজনে সিজনৰ ভৰি ধুই দিয়া উচিত।
15 U mi tsro yi misali, ni ndu ti na wa mi tie ni yiwu.
১৫কিয়নো মই তোমালোকলৈ যি দৰে কৰিলোঁ, তোমালোকেও যেন সেইদৰে কৰা, এই কাৰণে তোমালোকক আৰ্হি দেখুৱালোঁ।
16 Gbigbi njanji mi si hla ni yiwu, igran na zan tiko ma ni ninkon na, ivren u ton ndu ana zan indji wa ton'u ndu ninkon na.
১৬মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাস ডাঙৰ নহয়; আৰু যি জনে পঠালে সেই জনতকৈ পঠোৱা বাৰ্তাবাহক জন ডাঙৰ নহয়।
17 Bita to kpi biyi, bi-bi lulu ni nde bi ti ba.
১৭তোমালোকে এই সকলোবোৰ পালন কৰা; এইবোৰ পালন কৰিলে, তোমালোক আশীৰ্বাদৰ ভাগী হবা।
18 Mi na si tre yi wawu na; Mi to biwa mi chu ba'a - nitu ndi nassi tsra indji wa a tan bredi a tayar nimu.
১৮তোমালোকৰ সকলোৰে বাবে এই বিষয়ে কথা কৈছোঁ এনে নহয়; কিন্তু যি সকলক মই জানো তেওঁলোককহে মনোনীত কৰিলোঁ, তেওঁলোকক জানো; কিন্তু ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ; ‘যি জনে মোৰ পিঠা খায়, সেই জনে মোৰ বিৰুদ্ধে গেৰুৱা দাঙিলে।’
19 Mi si hla wa yi ni yiwu zizan ri ni ndu ka ti naki ni ndu yi ka kpa-nyeme ni me ni nton wa ani ti naki'a.
১৯এইদৰে যেতিয়া ঘটিব, তেতিয়া ময়েই যে সেই জন হয়, ইয়াক তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই এতিয়াৰ পৰা তোমালোকক কৈ আছোঁ।
20 Njanji, njanji, mi si hla ni yiwu, indji wa a kpa ndi wa mi ton'wu, ahi Me a kpa, indji wa a kpa Me, a kpa Indji wa a ton Me.
২০মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি জনক পঠাই দিওঁ, তেওঁক যি কোনাৱে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনকেই গ্ৰহণ কৰে।”
21 Ni kogon wa Yesu tre naki, na lo sron ni (Ruhu), na ti gban (shada) andi, gbigbi njanji, mi si hla ni yieu ndi iri ni mibi ani le ni me.”
২১এই কথা কৈ, যীচুৱে আত্মাত বিৰক্তি পাই সাক্ষ্য দি ক’লে, “মই তোমালোকক অতি সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনেই মোক বিশ্বাসঘাতকতা কৰিব৷”
22 Almajire ba ba kma ya kpa mba, na ni tamre, ka ahi nha ni mi mba a si tre ni tu ma.
২২শিষ্য সকলে ইজনে সিজনৰ মুখলৈ চাব ধৰিলে, কিন্তু কোন জনৰ বিষয়ে এই কথা ক’লে, সেই বিষয়ে নজনাৰ বাবে তেওঁলোক আচৰিত হ’ল।
23 Iri nimi almajire ma, wa Yesu ni son, ahe ni tebru, na kunyre ni san Yesu.
২৩যীচুৰ শিষ্য সকলৰ মাজৰ এজনক তেওঁ বহুত প্ৰেম কৰিছিল সেই শিষ্য জনে মেজৰ কাষত হেলনীয়া হৈ পৰি যীচুৰ বুকুৰ কাষতে আছিল৷
24 Siman Bitrus hla ni almajire bika minye, “Ndu hla tawu a hi nha a si tre ni tu ma.”
২৪তেতিয়া চিমোন পিতৰে ইঙ্গিত দি সেই শিষ্য জনক ক’লে, “তেওঁ কাৰ বিষয়ে এই কথা কৈছে, সোধাচোন”?
25 Wa hla bru kunyre ni san Yesu, na tre niwu, Bachi, ahi nha?
২৫তেতিয়া তেওঁ যীচুৰ বুকুলৈ হাউলি গৈ সুধিলে, “হে প্ৰভু, সেই জন নো কোন?”
26 U Yesu hla niwu, a wawu yi wa mi ka cichon bredi sun ni kano. Naki ri na ka bredi sun, na ka no Yahuda ivren Siman Iskariyoti.
২৬যীচুৱে উত্তৰ দিলে, “মই যি জনক এই পিঠা ডোখৰ ভাঙি জুবুৰিয়াই ভগাই দিম, তেৱেঁই সেই জন।” তেতিয়া তেওঁ পিঠা ডোখৰ জুবুৰিয়াই লৈ, ঈষ্কৰিয়োতীয়া চিমোনৰ পুতেক যিহূদাক দিলে।
27 Ni kogon bredi'a u ibrji a ri ni wu, u Yesu hla niwu, “Ikpe wa u son ti'a, uka ti gbagbla.”
২৭সেই পিঠা ডোখৰ পোৱাৰ পাছতেই, চয়তান তেওঁৰ ভিতৰ সোমাল। তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি যি কাম কৰিবলৈ লৈছা, সেই কাম বেগতে কৰা।”
28 Indrjori na la he ni tebru na, wa ani to ikpe wa yo'a hla niwu naki'a.
২৮কিন্তু তেওঁ কিয় এই কথা ক’লে, সেই বিষয়ে তেওঁৰ লগত মেজত ভোজন কৰিবলৈ বহা লোক সকলৰ কোনেও বুজি পোৱা নাছিল৷
29 Bari mba ba ya ndi, a Yahuda yi ni nji imbu nklen Yesu hla niwa, “Le ikpe wa ki son ti ndu niwu ni idin,” ko ka no ikpe ni bi wa ba kunyre'a.
২৯কিয়নো কিছুমানে ভাবিলে যে, যিহূদাৰ লগত ধনৰ জোলোঙা থকাৰ কাৰণে, ‘পৰ্বলৈ যি যি লাগে সেইবোৰ কিনিবলৈ নাইবা দৰিদ্ৰ সকলক কোনো বস্তু দিবলৈ’ যীচুৱে তেওঁক এই কথা ক’লে, ।
30 Ni kogon wa Yahuda a kpa bredi'a, wa rju gbagbla gbagbla me ni chu me.
৩০তাতে তেওঁ সেই পিঠা ডোখৰ গ্ৰহণ কৰি, তেতিয়াই বাহিৰলৈ গ’ল। সেই সময়, নিশাৰ সময় আছিল।
31 Ni kogon wa Yahuda hi'a, Yesu tre, zizan ba no Vren Indji ni kon, ngari ba no Irji ninkon ni mi ma.
৩১যেতিয়া সেই ঠাইৰ পৰা যিহূদা বাহিৰলৈ ওলাই গ’ল, যীচুৱে ক’লে, “এতিয়া মানুহৰ পুত্ৰ মহিমান্বিত হ’ল, ঈশ্বৰো তেওঁৰ যোগেদি মহিমান্বিত হ’ল৷
32 Irji ni no ninkon ni mi ma, ani no ninkon zizan zizan.
৩২ঈশ্বৰ যদি তেওঁৰ যোগেদি মহিমান্বিত হ’ল, তেতিয়া ঈশ্বৰেও পুত্ৰক নিজৰ যোগেদি মহিমান্বিত কৰিব, তেওঁ তৎক্ষণাৎতেই কৰিব।”
33 Imri bi tsitsa mi he ni yi ni vi ton tsa me, biwa me na wa mi hla Yahudawa, bubu wa me mi hi bi na ya hi na. Zizan mi hla wa yi ni yiwu.
৩৩মোৰ প্ৰিয় সন্তান সকল, তোমালোকৰ লগত মই অলপ সময়হে আছোঁ। তোমালোকে মোক বিচাৰিবা; কিন্তু ইহুদী সকলক যেনেকৈ কৈছিলোঁ যে, ‘মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা’, তেনেকৈ এতিয়া তোমালোককো কৈছোঁ।
34 Mi si no yi indu ri sama, son kpa mbi, na wa mi son yi, na bi ka son kpambi.
৩৪মই তোমালোকক এটা নতুন আজ্ঞা দিওঁ, তোমালোকে পৰস্পৰে প্ৰেম কৰিবা; মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।
35 Na ko nha ni to yi ndi bi almajire mu, inde bi son kpambi.”
৩৫তোমালোকৰ যদি পৰস্পৰৰ মাজত প্ৰেম থাকে, তেনেহলে তোমালোক যে মোৰ শিষ্য হয়, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”
36 Siman Bitrus tre niwu, Bachi, u hi ni ntsen?” Yesu hla ni wu, bubu wa mi si hi'a, una ya hina me zizan hi na, u wuka ye hu me ni kogon.”
৩৬চিমোন পিতৰে তেওঁক সুধিলে, “হে প্ৰভু, আপুনি ক’লৈ যায়?” যীচুৱে উত্তৰ দি ক’লে, “মই য’লৈ যাওঁ, তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা; কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা।”
37 Bitrus hla niwu, “Bachi, a ngyeri mba sa mi na hu zizan na? Mi no re (ivri) mu ni tu me.”
৩৭পিতৰে তেওঁক ক’লে, “হে প্ৰভু, এতিয়াই নো কি কাৰণে আপোনাৰ পাছে পাছে যাব নোৱাৰো? মই আপোনাৰ কাৰণে মোৰ প্ৰাণকো দিম।”
38 Yesu hla niwu, u ka re (ivri) me no ni tu mu? Gbigbi njanji, mi si hla niwu, u kame ni me ni kpatron ingyu tra ri ndu mble ndu kpan
৩৮যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে তোমাৰ প্ৰাণ দিবা নে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক দোকমোকালিতে কুকুৰাই ডাক দিয়াৰ আগেয়ে তিনি বাৰ অস্বীকাৰ কৰিবা।”