< Yohana 12 >
1 Ivi tanne hi ni vi u gan rugran'a (Idin ketere) Yesu ye ni Baitaya ni bubu wa Lazarus ahe'a, uwa Yesu a tawu shime rju ni be.
১নিস্তাৰ-পৰ্বৰ ছয় দিনৰ আগতে যীচু বৈথনিয়া গাওঁলৈ আহিল, সেই ঠাইত লাজাৰে বাস কৰিছিল৷ এই জন লাজাৰকে যীচুৱে মৃত্যুৰ পৰা তুলিছিল।
2 U ba tie birli wu ni ki u Marta ahe ni ndasi nno ba birli, u Lazarus ahe ni ba nda kakru ni tebur u rli ni Yesu.
২সেই ঠাইতে তেওঁলোকে যীচুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱা আহাৰ বাঢ়ি দিছিল, যীচুৰ লগত যি সকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল।
3 U Maryamu ka ban turare nard, nda nyuu za Yesu niwu nda se za Yesu ni nfutu ma. U turare ka vra whi shu ni koh'a wawu.
৩তেতিয়া মৰিয়মে বহুমুল্য বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেল আনি যীচুৰ চৰণত ঘঁহিলে আৰু নিজৰ চুলিৰে যীচুৰ চৰণ মচি সেই তেল সানি দিলে; তেতিয়া সেই তেলৰ সু-গন্ধই গোটেই ঘৰ জুৰিলে।
4 Yahuda Iskariyoti, iri nimi almajere ma, wa ani kawu le, a tre,
৪তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ যি জনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, সেই ঈষ্কৰিয়োতীয়া যিহূদাই মৰিয়মৰ এই কার্যক বিৰোধ কৰিলে আৰু ক’লে,
5 “Ahi ngyeri mba sa ba na le ni tulare dinari dari tra na ka ga bi na?”
৫“আমি এই তেল তিনি শ আধলিত বিক্ৰী কৰি, দৰিদ্ৰ সকলৰ মাজত কিয় দান নকৰিলোঁ?”
6 A tre naki ana ndi ahe niwu mi sron ma na, a wa'a ndahi ndji u yibi. A wawuyi ni zi imbu nklen'a, nda ni son ybi ni mi.
৬তেওঁ যে দৰিদ্ৰ সকললৈ চিন্তা কৰি এই কথা কৈছিল, এনে নহয়, কিন্তু তেওঁ চোৰ; তেওঁৰ হাতত ধনৰ জোলোঙা আছিল, সেই কাৰণে তাৰ ভিতৰত যি দিয়া যায়, তাকে তেওঁ চোৰ কৰে, এই কাৰণতে তেওঁ এনে কথা কৈছিল।
7 Yesu tre, bika chowo ni ndu ka kpye wa ahe wu'a zi ni fi wa baka rju me'a.
৭তেতিয়া যীচুৱে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া! মোক মৈদামত থোৱা দিনৰ কাৰণে তেওঁক এই সুগন্ধি ৰাখিবলৈ দিয়া হৈছিল৷
8 Biya ba he ni yi ko ni tanyi u me mi na he niyi chachuwu na.
৮কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো।”
9 U gbugbu Yahudawa ba wo andi Yesu a he ni kii u ba ye, ana nitu Yesu ni nkrji megyen na, baye son to Lazarus ngame wa Yesu tawu shime ni khwu'a.
৯ইহুদী সকলৰ বহুতে গম পালে যে, যীচু বৈথনিয়াতে আছে। তেতিয়া তেওঁলোক তালৈ আহিল, কিন্তু যীচুক চাবৰ কাৰণে যে আহিল এনে নহয়, যি জন লাজাৰক মৃত লোকৰ মাজৰ পৰা যীচুৱে তুলিছিল, সেই জন লাজাৰক চাবলৈহে তেওঁলোক আহিল।
10 U Firistoci bi ni kon, baka ka'nyu kabi nda wa nkon u wu'u Lazarus ngame.
১০সেয়েহে প্ৰধান পুৰোহিত সকলে লাজাৰক বধ কৰিবলৈ চক্ৰান্ত কৰিব ধৰিলে;
11 Nitu ma yi wa Yahudawa gbugbuwu ba ka kpa nyeme ni Yesu.
১১কিয়নো সেই কাৰণে বহুতো ইহুদী লোকে যীচুত বিশ্বাস কৰিছিল।
12 Ni vi rima indji gbugbuwu ba ye ni gan. Ni wa ba wo ndi Yesu ni ye ni Urushalima,
১২পাছদিনা নিস্তাৰপৰ্বলৈ অহা লোক সকলে শুনিবলৈ পালে যে, যীচু যিৰূচালেমলৈ আহিছে ৷
13 u ba vu ihran dabino nda rju ni gbu nda hi kpawu nda ni yo gbangban me nda ni tre, “Hosanna! Lulu ahi wu Indji wa ani ye ni mi nde Bachi, Ichu Israila.
১৩তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি-চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”
14 Yesu a ka fe ivren jaki (Aholaki), nda hon nitu ma, towa ba ngha'a,
১৪তেতিয়া যীচুৱে এটা গাধ পোৱালি দেখা পালে আৰু তেওঁ তাৰ ওপৰত বহিল, যেনেকৈ শাস্ত্ৰত লিখা আছে
15 “Na ti sissri na, Ivrenwa Sihiyona, yayi, ngye Ichu ni ye, a son nitu vren jaki.”
১৫“তোমালোকে ভয় নকৰিবা, হে চিয়োন জীয়ৰী; চোৱা তোমালোকৰ ৰজা আহিছে, তেওঁ গাধ পোৱালিৰ ওপৰত উঠি আহিছে৷”
16 Almajere ma bana to tu mana ni mumla, ni kogon wa ba gbyre Yesu san, baka tika, andi ba nha nda ni he to kima, u ba ti ba ni wu na kima.
১৬এই সকলো বিষয় তেওঁৰ শিষ্য সকলে প্ৰথমতে বুজি পোৱা নাছিল; কিন্তু যেতিয়া যীচু মহিমাম্বিত হৈ উত্তোলিত হ’ল, তেতিয়া তেওঁলোকৰ মনত পৰিল যে, শাস্ত্ৰত এই বিষয়ে লিখা আছিল আৰু তেওঁলোকে তেওঁৰ কাৰণে এনে কৰ্ম কৰিছিল।
17 Ij'bu ndji ba a hla ndi bana he niwu niwa a yo Lazarus rju ni mi be nda tawu shime ni khwu na.
১৭যেতিয়া যীচুৱে লাজাৰক মৈদামৰ পৰা উঠি আহিবলৈ কৈছিল আৰু তেওঁক মৃত লোকৰ মাজৰ পৰা জীৱিত কৰি তুলিছিল, সেই সময়ত যি সকল লোক তেওঁৰ লগত আছিল, তেওঁলোকে এই বিষয়ে আন লোকৰ আগত সাক্ষ্য দিবলৈ ধৰিলে।
18 Nitu kima, gbugbu indji ba ye ni ndu ba same niwu nitu wa ati gban (alama) yi.
১৮এই কাৰণে লোক সকলে তেওঁক দেখা কৰিবলৈ আহিল, কিয়নো তেওঁলোকে শুনিছিল যে, এই আচৰিত কার্যবোৰ তেওঁ কৰিছে।
19 Ni naki, se Farisawa bari bubu tre ni kpa mba andi, “Yayi, bi heni kpe u tina bi to, gbugbulu,'a ba hu wawu ye.
১৯তাতে ফৰীচী সকলে ইজনে সিজনৰ মাজত কোৱা-কুই কৰি ক’লে, “তোমালোকে দেখিলা, আমাৰ সকলো চেষ্টা ব্যর্থ হল৷ চোৱা, গোটেই জগত খনে তেওঁৰ পাছত গ’ল।”
20 Indji bi Helinawa bari ni mi bi wa ba hi ni sujada u idin.
২০সেই সময়ত নিস্তাৰ পর্ব উপলক্ষে উপাসনা কৰিবৰ বাবে লোক সকল যিৰূচালেমলৈ আহিছিল, তেওঁলোকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল।
21 Ba ki ba hi ni Filibu, igu u betsa ida wa ahe ni Galili, u ba tre niwu, “Mala, ki sun to Yesu.
২১তেওঁলোকে গালীল দেশৰ বৈৎ-চৈদা গাওঁৰ পৰা ফিলিপৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “হে মহাশয়, আমি যীচুক চাবলৈ ইচ্ছা কৰোঁ।”
22 Filibu ahi na ka hla ni Andarawus, u Andarawus ba hi mba Filibu, u ba hla ni Yesu.
২২ফিলিপে আহি আন্দ্ৰিয়ক এই কথা ক’লে; তেতিয়া আন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীচুক জনালে।
23 Yesu hla bawu, “Inton tsra ye wa ba shu ngbarju ni Vren Ndji.
২৩যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মানুহৰ পুত্ৰ মহিমান্বিত হ’বৰ সময় হৈছে।
24 Njanji, njanji, mi si hla yiwu, iwolo alkama ni ta na joku ni meme na kwu na, ani he ni ngrjima, u ani ta kwu, ani ti wolo gbugbuwu.
২৪মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি মৰি নাযায়, তাতে সি অকল এটা গুটি হৈয়েই থাকে; কিন্তু যদি মৰে, তেনেহলে তাত অনেক গুটি ধৰে।
25 Indji wa ani son ivri ma, ani wa wu hama, u indji wa ana son ivri ma na ni ngbungblu yi ani kiyaye wu nitu ivri ma u tuntru. (aiōnios )
২৫যি কোনোৱে নিজৰ জীৱনক প্ৰেম কৰে, তেওঁ তাক হেৰুৱাই আৰু যি কোনোৱে এই জগতত নিজৰ জীৱনক প্ৰেম নকৰে, তেওঁ অনন্ত জীৱনলৈ তাক ৰক্ষা কৰে। (aiōnios )
26 Indrjori nita ni shu ngbarju nimu, wa ka hume, ko ni ntsen wa mi he'a, ni mu igran ni sun. Indji wa a shu ngbarju nimu, Iti ni no ninkon.
২৬কোনোৱে যদি মোৰ পৰিচৰ্যা কৰিব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তাতে মই যি ঠাইত থাকোঁ, মোৰ সেৱক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
27 Zizan isron mu he ni mi mmren, u mi tre ngye? Iti u kpa me chuwo ni ton yi? Ani to kima yi me ye ni ton yi.
২৭এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক’ম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকে ক’ম নে? কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলোঁ।
28 Iti, shu ngburju ni tume.” U lantre ri ni tre, “Me shu ngbarju niwu, mila shu ngbarju niwu ngari.
২৮হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা৷” তেতিয়া স্বৰ্গৰ পৰা এটা বাণী আহিল আৰু ক’লে, “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম”।
29 U indji biwa ba ki na kima bawo lantre, na tre ahi zan bari ba ri ba tre ahi “Maleka mba tre niwu.”
২৯তেতিয়া তাতে লোক সকল থিয় হৈ আছিল আৰু তেওঁলোকে ইয়াক মেঘ-গর্জন বুলি কলে; কিছুমানে কলে, “স্বর্গৰ দূতে তেওঁৰ সৈতে কথা ক’লে।”
30 Yesu tre, “Andi lan tre yi na ye nitu mu na, a nitu mbi.”
৩০যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে এই বাণী হোৱা নাই, তোমালোকৰ কাৰণেহে এই বাণী হ’ল।
31 Zizan ba tron ni gbungblu'a: zizan ba zu Indji wa ani nji gbunglu'a.
৩১এতিয়া এই জগতৰ সোধ-বিচাৰ হৈছে; এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হ’ব;
32 U me, ba ta ba me lu ni gbunbglu'a, Mi gbron indji wawu ye ni kpamu.”
৩২আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ’লে, সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।”
33 A hla wayi ni tu iri kwu wa ani kwu'a.
৩৩তেওঁৰ মৃত্যু কেনে ধৰণে হব, সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা ক’লে।
34 Ijubu indji ba lu tre, “Ki wo ni mi tronandi Almasihu ni son hi ni tuntru. A nihe u tre, ba zun Vren Indji? Ahi nha mba hi Vren Ndji'a?” (aiōn )
৩৪তাতে লোক সকলে তেওঁক উত্তৰ দি কলে, “আমি বিধান-শাস্ত্ৰত শুনিছোঁ, খ্ৰীষ্ট চিৰকাল থাকিব; তেনেহলে এনে কথা আপুনি কেনেকৈ কৈছে যে, ‘মানুহৰ পুত্ৰ উত্তোলিত হব? মানুহৰ পুত্ৰ নো কোন’?” (aiōn )
35 Yesu hla bawu, “Zizan ni vi ton tsa me bi son ni ikpan. Bika zren ni kpan tu ka ari he ni yi ri, na ndu bu'u dun mren yi na. Indji wa ani zren ni mi bu'u'a ana to wurji u hi na.
৩৫তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পাছ নেপেলাই। যি জন আন্ধাৰত ফুৰে, তেওঁ ক’লৈ যায় সেই বিষয়ে নাজানে।
36 Bi kpa nyeme ni kpan tu wa ri he ni yi ri ni ndu kati imri ikpan.” Yesu hla tre biyi ri na ri tuma ni bawu.
৩৬যেতিয়ালৈ পোহৰ আছে, তেতিয়ালৈকে পোহৰৰ ওপৰত বিশ্বাস ৰাখা; যাতে তোমালোক পোহৰৰ সন্তান হোৱা।” যীচুৱে এই সকলো কথা কৈ তেওঁলোকৰ ওচৰৰ পৰা গৈ নিজক লুকুৱালে।
37 Ko naki me Yesu ti gban bi babran ni shishi mba, ni naki me bana kpa nyeme niwu na.
৩৭সেই কথা সিদ্ধ হ’বলৈ, তেওঁ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে;
38 Nitu itre Anabi Ishaya a a shu, wa a hla, “Bachi, ahi nha a kpa nyeme ni tre mbu? Ani nha iwo Bachi a hla tu ma?”
৩৮যাতে যিচয়া ভাববাদীৰ সেই কথাষাৰ যেন সম্পূর্ণ হয়, কিয়নো তেওঁ কৈছিল, “হে প্ৰভু, আমি কোৱা সংবাদ কোনে বিশ্বাস কৰিলে? আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ’ব?”
39 Nitu kima ba na kpa nyeme na, ni wa Ishaya ala tre andi,
৩৯কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যিচয়াই আকৌ তেওঁলোকক কৈছিল,
40 A ka ba tibi fyen, na lo sron gbangban me, ni ndu bana to ni shishi mba na. Naki nato toma ni mi sron mba, na k'ma ye ni me ni ndu mi den ba.
৪০“তেওঁ তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে, নহ’লে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন আৰু ঘুৰিলেহেঁতেন আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন।”
41 Ishaya hla kpi biyi ni wa a to ko shishi u shu ngbarju ni Yesu.
৪১এইদৰে যিচয়াই এই বিষয়ে ক’লে, কাৰণ যীচুৰ গৌৰৱ তেওঁ দেখিছিল আৰু সেয়েহে তেওঁ কৈছিল।
42 Ni naki me, gbugbuwu bakpa nyeme ni Yesu ni mi bi ninkon'a. U nitu Farisawa, bana ya hla wu rju ni rira na, ni ndu ba na zu ba rju ni mi Majamiya na.
৪২তথাপি শাসনকৰ্তা সকলৰ মাজৰ অনেকে যীচুত বিশ্বাস কৰিলে; কিন্তু তেওঁলোকক নাম-ঘৰৰ পৰা নিষিদ্ধ কৰাৰ ভয়তে ফৰীচী সকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে;
43 Ba son gbre san u indji zan gbre san wa ani rji ni Rji.
৪৩কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসা তকৈ মানুহৰ পৰা পোৱা প্ৰশংসাক বেছি প্ৰেম কৰিছিল।
44 Yesu tre gban gban me, na hla, indji wa a kpa nyeme ni me, ana me yi a kpa nyeme ni me kankle mu na, a kpa nyeme ni indji wa a ton me'a.
৪৪যীচুৱে অতি উচ্চস্বৰে ক’লে, “যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মোক নহয়, কিন্তু মোক পঠাৱা জনকহে বিশ্বাস কৰে।
45 Ngari indji wa asi to me, asi to Indji wa a ton me.
৪৫আৰু যি কোনোৱে মোক দেখে, তেওঁ মোক পঠোৱা জনকেই দেখে।
46 Ime mi ye nitu ikpan ni gbungblu'a, ni indji wa a kpa nyeme ni me a na zren ni mi bu'u na.
৪৬মই এই জগতলৈ পোহৰ হৈ আহিছোঁ, গতিকে যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ যেন আন্ধাৰত নাথাকে।
47 Indji wa awo tre mu nda na kpa nyeme na, mina hukunta ni wu na. Mina ye nitu hukunta indji na; ni ndu me kpa gbungblu'a chuwo.
৪৭কোনোৱে মোৰ কথা শুনিও যদি পালন নকৰে, তথাপি মই তেওঁৰ সোধ-বিচাৰ নকৰোঁ; কিয়নো মই জগতৰ সোধ-বিচাৰ কৰিবলৈ অহা নাই; কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলোঁ।
48 Indji wa a kama ni me, na kama kpa tre mu, indji ri he wa ni hukunta niwu ilan wa mi tre ni hukunta niwu ni chachu kekle.
৪৮যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।
49 Mi na tutu mu na, a Ti'a wa a ton Me, wa a yo Me ni ndu mi hla ni tre.
৪৯কিয়নো মই নিজৰ পৰা এই কথা কোৱা নাই; কিন্তু মোক পঠোৱা পিতৃয়ে মই কি কব লাগে, আৰু কেনেদৰে কব লাগিব, এই বিষয়ে মোক আজ্ঞা কৰিলে।
50 Mi to yo me u ma ahi re (iviri) u son tuntur, ni ndu ikpi wa mi tre, na wa Iti'a a ton Me naki mi tre.” (aiōnios )
৫০মই জানো যে, তেওঁৰ আজ্ঞাত অনন্ত জীৱন আছে; এই হেতুকে মই যি যি কথা কওঁ, পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।” (aiōnios )