< James 5 >

1 ye ziza be yi bi wo bi ka ta yi ni sa wonyu niyu ine shiji wa ani ye ni u gbugbuu
এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক।
2 iwo bi a gla ikulon bi immaran ni lri ba
আপোনালোকৰ ধন-সম্পত্তি গেলি পচি যাব ধৰিছে; আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ল।
3 zinariya ba azurfar bi ba kuklu kuklu a ani no shaida ni tu bi ani gon nmama kpabi na illu be vu ikpi u son bi kari nde ni gbe i vi u kaikle
আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলে।
4 yga ie bi ti ndu aniyi ide wa be kayu be wa ba ka chah ikpi ni irju ni yiwu u yi be chah ikpi a hi ito u irji ruduna
চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
5 bi son ni mi son ikpi u gbuuglu de yo tubi ni mi be yo isonron bi du wuloga ni gbi ivi u hha
আপোনালোকে পৃথিৱীত সুখভোগ আৰু ইন্দ্ৰিয়-সুখাভিলাষেৰে জীয়াই থাকিলে; হত্যাৰ দিনটো আপোনালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলে।
6 bi hukunta de wo idid dede u ana san nyu ni yi na
যিজনে আপোনালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্মিক লোকজনক আপোনালোকে দোষী কৰি বধ কৰিলে।
7 ni tu naki be ka vu sonran mrivayi khi gbie ye yesu na wa be ron ba gbie iga da cha ikpi mba ye niko ni vu sonron nda kpailu u mumla ni ilu u kaikle
এতেকে, হে ভাইসকল, প্ৰভুৰ আগমণলৈ ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপাই, তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে।
8 beyi me bi ka vu sonro be ka no gbegbele isonro bi i ye irji a ti hwiehwire
তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি।
9 na chaba gbugburu na mrivayimu ni kpa bu nde ndu mba na la yina ya ba u turon a khiri kutara.
হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
10 ban na ki mrivayi ni sha ya ni vu sonron annabawa be wa mba tre mba ni mi ide irji
১০হে ভাইসকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ’ল, তেখেত সকলক ‘ক্লেশ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে’ আৰ্হি বুলি মানিব।
11 ya khi yo be wa mba vu sonrona ba be ti lulu be wo be be vu sonron wa Ayuba a tia be ka toh nde a hi idu irji na wa a he ni lo sonro ni jikai
১১চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।
12 nituwawu mrivayimu na shidi ni me me mba ni shu ko ni meme ko ni ikpiri u shidi nitu naki e a hi e u be ta tre nde a du hi a a du yi na joku ni mi hukunci na?
১২কিন্তু, হে মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব; কিন্তু আপোনালোকে যেন সোধ-বিচাৰত নপৰে এই কাৰণে আপোনালোকৰ ‘হয়’ যেন ‘হয়’ হওক আৰু ‘নহয়’ যেন ‘নহয়’ হওক।
13 u irbi a si shaya kpukpome? du herai irji u idri a ni giri? wa ka yosai u gberesa
১৩আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ প্ৰশংসাৰ গীত গান কৰক।
14 iri ni lo ni mi bi? wa a ka yo be nikon u tra irji du mba bere irji ni a u da gbah iyee ni wu ni mi nde irji
১৪কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;
15 ibere u kponji ani den idi u liloirji ni zu lude wa ani ta latre irji a ni wuru kalle wu
১৫তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।
16 ni tu naki be kahla latre bi ni kpabi nde ta bere irji du no yi gbegble wawa bi ibere idi u dede a he ni gbegbele du u njaaji
১৬এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।
17 iliya a hi idime na khi ta a bere ni kpohji an de illu na juna i illuwa na ku ni gbula na ti isai tra ni hwatahne
১৭এলিয়া, আমাৰ নিচিনা অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল।
18 u illiya ka labere irji na ki u shulu ka du illu ku u meme ka no ikolo kugrua
১৮পাছত আকৌ প্ৰাৰ্থনা কৰাত, আকাশৰ পৰা বৰষুণ হ’ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে।
19 mrivayimu u iribi ni ta baude ni mi njaaji u idior ji u kwmaye
১৯হে মোৰ ভাইসকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে,
20 indi ki ka toh ande idi wa a kwhandi sanra ni latre ma ani kpa a chuwo ni ohu nda ka gbu gbu latre ma
২০তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হ’ব৷

< James 5 >