< 1 Yohana 5 >
1 Indi wa akpa yiem di yesu a kristi bagrji u rji ni Irji inde di wa a kpayiem ni ti'a naki ani yiem ni vre wa ba grji ni u.
১যীচু যে সেই অভিষিক্ত হয়, ইয়াক যিজনে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা; আৰু যিজনে জন্ম দিওঁতা পিতৃক প্ৰেম কৰে, তেওঁ পিতৃৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে।
2 Ahe naki ki toh di ki kpayiem mri Irji inde ki yiem ni Irji di zi tre ma.
২আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰোঁ, ইয়াকে জানো।
3 Naki wa yi a yiem u'Irji: wa ki yiem ni tre ma kuma itre ma ba na u' di'na.
৩কাৰণ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই, আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ; আৰু তেওঁৰ আজ্ঞাবোৰ ব’বলৈ গধুৰ নহয়৷
4 Du ndi wa ba grji rji ni Irji ani zan gbengbenlen gbugbulu. Nakima hi nasara wa a zan gbengbenlen gbugbulu wato jaji bu.
৪যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।
5 Ahi wu han wa a zan gbengbenlen gbugbulu'a? Ahi ndi wa a kpa yeim di yesu a vre Irji.
৫যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?
6 Wa yi i, hi wa aye ni ma mba yin Yesu kristi aye ni ma ni kangrji na, ama ni ma ba yin.
৬জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মা দিয়ে, কাৰণ আত্মা সত্য।
7 A baba tra wa ba kpa yiem:
৭আৰু সাক্ষ্য দিওঁতা তিনিটা;
8 Ni Ruhu ni ma u ni yin. Bi yi tra ba ti yaje jeniya ni kpa mba. Ifiift Greek bi sen ba han kpi didima.
৮আত্মা, জল, আৰু তেজ, এই তিনিওৰো সাক্ষ্য এক।
9 Inde ki kpa jaji u ndi, jaji u Irji a zan wayi hi testimony u' Irji wa a kpa yeim ni vre ma.
৯আমি যদি মানুহবোৰৰ সাক্ষ্য গ্ৰহন কৰোঁ, তেনেহলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ; কিয়নো এয়া ঈশ্বৰৰ সাক্ষ্য। তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে।
10 Du ndi wa a kpayeim ni vre Irji ahei ni testimony ni suron ma indi wa ana kpayeim ni Irji na a kma u'ti ndi u' che don ana kpayeim ni testimony wa Irji no nitu vre ma na.
১০যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; যিজনে ঈশ্বৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, সেই সাক্ষ্যত তেওঁ বিশ্বাস কৰা নাই।
11 Testimony a wa yi, Irji nota son u'tutrun u rei ki hei ni mi vre ma. (aiōnios )
১১সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। (aiōnios )
12 Indi wa ahei ni vre'a ahei ni rei. Indi wa ana hei ni vre Irji na ana hei ni rei na.
১২যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে; যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।
13 Mi han kpie bi i ni yu'u du yi toh di bi hei ni rei u' tutrun ni ndi wa kpa yeim ni de vre Irji. (aiōnios )
১৩ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ যে অনন্ত জীৱন আছে, সেই বিষয়ে আপোনালোকে জানিবৰ বাবে এইবোৰ কথা মই আপোনালোকলৈ লিখিলোঁ। (aiōnios )
14 Wa yi hi gbengbenlen wa ki hei ni u, du ikpie wa ki miye wa hei di di ni mere ma ani woh ta.
১৪এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
15 Naki inde ki toh dani wota ko ahi gye ki miye, ki ka toh di ikpie wa ki miye ki kpa ye.
১৫আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ৷
16 Inde ndi'a atoh vayi si ti latre wa ana tsra u' que na, wa ka bre Irji ni no rei, me gomace ni bi wa latre mba na kai u que na, Lahtre ri hei wa atsra u que, mina tre di du bre nitu kima na.
১৬কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে, তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি ঈশ্বৰে মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।
17 Dukikpie u' meme ma a lahtre na ki lahtre wa ana tsra'u que na.
১৭সকলো অধৰ্মই পাপ; কিন্তু মৃত্যুজনক নোহোৱা পাপো আছে।
18 Kitoh du ndi wa ba grji'u rji ni Irji ana ti lahtre na. Naki u wa ba grji rji ni Irji gyegyere u bi ibrji na iya da ti u meme na.
১৮আমি জানোঁ যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
19 Ki toh di kita ki rji ni Irji kuma kitoh di gbugbulu wawu ahei ni mi gbengbenlen bi brji.
১৯আমি জানোঁ যে, আমি ঈশ্বৰৰ সন্তান হওঁ আৰু গোটেই জগত মিছাকৈয়ে চয়তানৰ অধীনত আছে৷
20 Na ki ki to di ver Rji ye buh shishi ni ta u di wa yi hi jaji, ki hei ni wu wa wu hi hi jaji ni mi ver ma Yesu kristi. Iwayi yi a Rji u jaji u son kibo (tutrun). (aiōnios )
২০আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। (aiōnios )
21 Imir na cib hi ni bi birji na
২১তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে প্ৰিয় সন্তানসকল, মূৰ্তিবোৰৰ পৰা নিজক দূৰৈত ৰাখক৷