< Joan 20 >

1 Eta Sabbathoén lehen egunean Maria Magdalena ethorten da goicean, oraino ilhun celaric monumentera: eta ikusten du harria monumentetic aldaratua.
সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, আন্ধাৰ থাকোতেই, মগ্দলীনী মৰিয়মে মৈদামৰ ওচৰত গৈ, মৈদামৰ পৰা শিলচটা আতৰাই থোৱা দেখিলে।
2 Orduan laster eguiten du eta ethorten da Simon Pierrisgana, eta berce discipulu Iesusec maite çuenagana, eta dioste, Kendu duté Iauna monumentetic, eta eztaquigu non eçarri dutén.
তাতে তেওঁ দৌৰ মাৰি, চিমোন পিতৰ আৰু যীচুৰ প্ৰিয় সেই আন শিষ্যৰ ওচৰলৈ গৈ, তেওঁলোকক ক’লে, কোনোবাই প্ৰভুক মৈদামৰ পৰা নিলে; কিন্তু তেওঁক ক’ত থলে, সেই বিষয়ে আমি নাজানো।
3 Ilki cedin bada Pierris, eta berce discipulu hura, eta ethor citecen monumentera.
তাতে পিতৰ আৰু সেই আন শিষ্য সকল বাহিৰলৈ ওলাই আহি মৈদামৰ ওচৰলৈ গ’ল।
4 Eta lasterca cioacen biac elkarrequin: baina berce discipulu hura aitzin cequión Pierrisi, eta lehen ethor cedin monumentera.
তেওঁলোক দুয়ো একেলগে দৌৰি গ’ল, কিন্তু অন্য শিষ্য জন পিতৰক পাছ পেলাই আগত দৌৰি গৈ প্ৰথমে মৈদামৰ ওচৰ পালে;
5 Eta beheitituric ikus citzan oihalac aldaratuac: badaric-ere etzedin sar.
আৰু তেওঁলোকে চাপৰি চাই, পৰি থকা শণ সূতাৰ মিহি কাপোৰ দেখিলে, কিন্তু মৈদামৰ ভিতৰলৈ নোসোমাল।
6 Ethorten da orduan Simon Pierris hari darreicola, eta sar cedin monumentera, eta ikus citzan oihalac han eçarriac:
তাতে চিমোন পিতৰে তেওঁৰ পাছে পাছে আহি মৈদামত সোমাল, আৰু দেখিলে যে, শণ সূতাৰ মিহি কাপোৰ কেইখন সেই ঠাইতে পৰি আছে,
7 Eta haren buru gainean içan cen crobitcheta, ez oihalequin eçarria, baina appart biribilgatua leku batetara.
কিন্তু যি গামোচা তেওঁৰ মূৰত আছিল, সেই গামোচা সেইবোৰ কাপোৰৰ লগত নাই, সুকীয়াকৈ এঠাইত মেৰিয়াই থোৱা আছে।
8 Orduan bada sar cedin berce discipulu monumentera lehenic ethorri içan cen hura-ere, eta ikus ceçan, eta sinhets ceçan.
ইয়াৰ পাছত যি জন শিষ্য মৈদামলৈ প্ৰথমতে গৈছিলে তেওঁ ভিতৰলৈ সোমাই সকলো দেখি বিশ্বাস কৰিলে।
9 Ecen oraino etzaquiten Scripturá, ecen behar cela hura hiletaric resuscita ledin.
কাৰণ ধৰ্মশাস্ত্ৰত এই কথা কোৱা হৈছে যে ‘মৃত লোক সকলৰ মাজৰ পৰা তেওঁ পুনৰায় উঠিব’, শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে এতিয়ালৈকে বুজা নাছিল।
10 Itzul citecen bada discipuluac beretarat.
১০তাতে সেই দুজন শিষ্য পুনৰ নিজৰ ঘৰলৈ গুচি গ’ল।
11 Baina Maria cegoen monumentaren aldean campotic, nigarrez: bada nigarrez cegoela, beheiti cedin monumentera:
১১কিন্তু মৰিয়মে মৈদামৰ বাহিৰত থিয় হৈ কান্দি আছিল; আৰু কান্দি কান্দি মৈদামৰ ভিতৰলৈ মূৰ দোৱাই চকু ফুৰালে,
12 Eta ikus citzan bi Aingueru churiz veztituac, iarriric ceudela, bata burura eta bercea oinetara, Iesusen gorputza etzan içan cen lekuan.
১২যীচুৰ দেহ শুৱাই থোৱা ঠাইৰ মূৰ-শিতানত এজন আৰু ভৰি-পথানত এজন, এনেদৰে দুজন শুক্ল বস্ত্ৰ পৰিধান কৰা স্বৰ্গৰ দূতক বহি থকা দেখিলে।
13 Eta hec erran cieçoten, Emazteá, cergatic nigarrez ago? Dioste, Ceren kendu baitute ene Iauna, eta ezpaitaquit non eçarri dutén.
১৩তেতিয়া তেওঁলোকে মৰিয়মক সুধিলে, “হে নাৰী, কিয় কান্দিছা?” তেওঁ ক’লে, “কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক ক’ত থলে নাজানো।”
14 Eta haur erran çuenean itzul cedin guibelerat, eta ikus ceçan Iesus han cegoela, eta etzaquian Iesus cela.
১৪এই কথা কৈ, তেওঁ পাছফাললৈ মূখ ঘূৰাই, যীচুক থিয় হৈ থকা দেখিলে; কিন্তু তেৱেঁই যে যীচু, তেওঁ চিনি নাপালে।
15 Diotsa Iesusec, Emazteá, cergatic nigarrez ago? noren bilha abila? Harc vstez ecen baratzeçaina cela, diotsa, Iauna, baldin hic eraman baduc hura, erradac non eçarri duán: eta nic kenduren diat.
১৫তেতিয়া যীচুৱে তেওঁক সুধিলে, “হে নাৰী, তুমি কিয় কান্দিছা? কোন জনক নো বিচাৰিছা?” তেতিয়া তেওঁ বাৰীচোৱা বুলি ভাবি তেওঁক ক’লে, “হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেনেহলে ক’ত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম।”
16 Diotsa Iesusec, Mariá: Itzuliric harc diotsa, Rabboni, erran nahi baita, Magistrua.
১৬যীচুৱে তেওঁক ক’লে, “অ’, মৰিয়ম৷” তেতিয়া মৰিয়মে মূখ ঘূৰাই ইব্ৰী ভাষাৰে ক’লে “ৰব্বুণি” ইয়াৰ অৰ্থ, ‘হে গুৰু৷’
17 Diotsa Iesusec, Ezneçanala hunqui: ecen oraino eznaun igan neure Aitagana: baina habil ene anayetara, eta erran iecén, Igaiten naiz neure Aitagana, eta çuen Aitagana, eta neure Iaincoagana eta çuen Iaincoagana.
১৭যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷”
18 Ethor cedin Maria Magdalena contatzen cerauela discipuluey ecen ikussi çuela Iauna, eta harc gauça hec erran cerautzala.
১৮তেতিয়া মগ্দলীনী মৰিয়ম গ’ল আৰু শিষ্য সকলক এই সম্বাদ দিলে যে, “মই প্ৰভুক দেখিলোঁ৷” মৰিয়মে তেওঁলোকক জনালে যে ‘তেৱেঁই মোক এই কথা ক’বলৈ ক’লে’।
19 Eta arrastu cenean Sabbathoén asteco lehen egun hartan, eta borthác ertsiac ceudela, non bilduac baitziraden discipuluac Iuduén beldurrez, ethor cedin Iesus eta gueldi cedin hayén artean, eta dioste, Baquea dela çuequin.
১৯সেইদিনা সন্ধিয়া সময়, এই দিন সপ্তাহৰ প্ৰথম দিন আছিল, শিষ্য সকল এটা ঘৰত গোট খালে৷ তেওঁলোক থকা ঘৰৰ দুৱাৰবোৰ ইহুদী সকলৰ ভয়ত বন্ধ কৰি ল’লে, তেতিয়া যীচুৱে আহি তেওঁলোকৰ মাজত থিয় হৈ ক’লে “তোমালোকৰ শান্তি হওক”।
20 Eta haur erran çuenean, eracuts cietzén escuac eta bere seihetsa: eta aleguera citecen discipuluac ikussiric Iauna.
২০এই কথা কোৱাৰ পাছত তেওঁ তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্য সকলে প্ৰভুক দেখি আনন্দ কৰিলে।
21 Eta erran ciecén berriz, Baquea dela çuequin: ni Aitac igorri nauen beçala, nic-ere igorten çaituztet çuec.
২১এই কাৰণে যীচুৱে তেওঁলোকক পুনৰ ক’লে, “তোমালোকৰ শান্তি হওক, পিতৃয়ে যেনেকৈ মোক পঠালে, ময়ো তেনেকৈ তোমালোকক পঠিয়াই দিম”।
22 Eta haur erran çuenean, hats eman ciecén eta erran, Recebi eçaçue Spiritu saindua.
২২এই কথা কৈ তেওঁ তেওঁলোকৰ ওপৰত নিশ্বাস পেলাই ক’লে, “পবিত্ৰ আত্মা গ্ৰহণ কৰা।
23 Noren-ere bekatuac barkaturen baitituçue, barkatzen çaizte hæy: eta norenac-ere eduquiren baitituçue, eduquiac dirade.
২৩তোমালোকে যি সকলৰ পাপ ক্ষমা কৰিবা, তেওঁলোকৰ পাপ ক্ষমা কৰা হব; আৰু যি সকলৰ পাপ ক্ষমা নকৰা, তেওঁলোকৰ পাপ ক্ষমা কৰা নহব৷”
24 Eta Thomas, hamabietaric bat, Didymus deitzen dena, etzén hequin Iesus ethorri cenean.
২৪থোমা, বাৰ জনৰ মাজৰ যাক দিদুমো বোলে, তেওঁ যীচু অহা সময়ত তেওঁলোকৰ লগত নাছিল।
25 Erran cieçoten bada hari berce discipuluéc, Ikussi diagu Iauna. Eta harc erran ciecén, Baldin ikus ezpadeçat haren escuetan itzén seignalea, eta eçar ezpadeçat neure erhia itzén lekuan, eta eçar ezpadeçat neure escua haren seyhetsean, eztut sinhetsiren.
২৫এতেকে আন শিষ্য সকলে তেওঁক ক’লে, “আমি প্ৰভুক দেখিলোঁ”। কিন্তু তেওঁ তেওঁলোকক ক’লে, “তেওঁৰ হাতত গজালৰ চিন নেদেখিলে আৰু গজালৰ চিনত মোৰ আঙুলি নুসুমুৱালে, অাৰু তেওঁৰ কোষত হাত নুসুমুৱালে মই কোনোমতে বিশ্বাস নকৰোঁ।”
26 Eta çortzi egunen buruän berriz ciraden haren discipuluac barnean, eta Thomas hequin: ethor cedin Iesus borthác ertsiac ceudela, eta gueldi cedin hayén artean, eta erran ceçan, Baquea dela çuequin.
২৬আকৌ আঠ দিনৰ পাছত, তেওঁৰ শিষ্য সকল থোমাৰ সৈতে ভিতৰত থাকোঁতে, দুৱাৰ বন্ধ হৈ থকাতো, যীচুৱে আহি মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক”।
27 Guero diotsa Thomasi, Eçarrac eure erhia hemen, eta ikus itzac ene escuac: eta heda eçac eure escua, eta eçarrac ene seihetsean: eta ezaicela sinheste-gabe, baina sinheste-dun.
২৭তেতিয়া তেওঁ থোমাক ক’লে, “ইয়াত তোমাৰ আঙুলি দি, মোৰ হাত চোৱা; আৰু তোমাৰ হাত মেলি, মোৰ কোষত সুমুউৱা৷ অবিশ্বাসী নহৈ বিশ্বাসকাৰী হোৱা।”
28 Eta ihardets ceçan Thomasec: eta erran cieçón, Ene Iauna eta ene Iaincoá.
২৮থোমাই উত্তৰ দি তেওঁক ক’লে, “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!”
29 Diotsa Iesusec, Ceren ikussi bainauc, Thomas sinhesten duc: dohatsu dituc ikussi ez, eta sinhetsi dutenac.
২৯যীচুৱে তেওঁক ক’লে, “মোক দেখাৰ কাৰণেহে তুমি বিশ্বাস কৰিছা। যি সকলে নেদেখিও বিশ্বাস কৰে, তেওঁলোকেই ধন্য।”
30 Bada anhitz berce signoric-ere eguin ceçan Iesusec bere discipuluén aitzinean, cein ezpaitirade scribatuac liburu hunetan.
৩০যীচুৱে তেওঁৰ শিষ্য সকলৰ আগত ইয়াতকৈয়ো অনেক আচৰিত চিন দেখুৱাইছিল, যিবোৰ এই পুস্তকত লিখা নাই৷
31 Baina gauça hauc scribatu içan dirade, sinhets deçaçuençát ecen Iesus dela Christ Iaincoaren Semea, eta sinhesten duçuela vicitzea duçuençát haren icenean.
৩১কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা, বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই কাৰণে এইবোৰ কথা লিখা হ’ল।

< Joan 20 >