< Süleymanin Məsəlləri 6 >

1 Oğlum, qonşuna zamin durub, Yadlarla əlbir olub,
হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা,
2 Ağzından çıxan sözlərlə tələyə düşmüsənsə, Ağzından çıxan sözlərlə ələ keçmisənsə,
তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।
3 Demək bu qonşunun əlinə düşmüsən. Oğlum, çalış, özünü qurtar: Get onun ayağına düş, yalvar-yaxar.
হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা।
4 Qoy gözünə yuxu getməsin, Kirpiklərin ağırlaşmasın.
তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা।
5 Özünü ovçunun əlindən ceyran kimi, Quşbazın əlindən quş kimi qurtar.
হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।
6 Ey tənbəl, qarışqalara diqqət yetir, Onların həyatından ibrət götür.
হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।
7 Onların nə başçıları var, Nə nəzarətçiləri, nə də hökmdarları.
সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,
8 Yayda azuqələrini yığar, Biçin vaxtı özlərinə yem toplayarlar.
তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
9 Ey tənbəl, nə qədər yatacaqsan? Nə vaxt yuxudan oyanacaqsan?
হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা?
10 Bir az da uzanıb yuxuya dalsan, Əl-qolunu uzadaraq yatsan,
১০“আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”-
11 Yoxsulluq soyğunçu kimi üstünə gələr, Ehtiyac quldur kimi sənə hücum çəkər.
১১তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
12 Yaramaz adam – şər insan Əyri danışaraq dolanar,
১২এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
13 Göz vurar, ayaqları ilə işarə edər, Barmaqları ilə göstərər.
১৩তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে।
14 Qəlbinin məkrli niyyəti var, Həmişə şər qurar, nifaq salar.
১৪তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে,
15 Ona görə başına qəfildən bəla gələr, Birdən yıxılıb çarəsiz qalar.
১৫সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে।
16 Rəbbin zəhləsi altı şeydən gedir, Yeddi şey var, ondan ikrah edir:
১৬যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
17 Təkəbbürlə baxan gözlər; Yalan danışan dil; Nahaq qan tökən əllər;
১৭গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
18 Məqsədi şər olan ürək; Şərə çatmaq üçün qaçan ayaqlar;
১৮বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
19 Nəfəsini yalanla çıxaran yalançı şahid; Qardaşlar arasında nifaq salan şəxs.
১৯মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
20 Oğlum, atanın əmrini yerinə yetir, Ananın öyrətdiklərini atma.
২০হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
21 Onları qəlbinin başına yapışdır, Həmişə onları boynuna bağla.
২১সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
22 Gəzəndə onlar sənə yol göstərər, Yatanda səni hifz edər, Oyananda sənə məsləhət verər.
২২তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
23 Bu əmr çıraqdır, bu təlim nurdur, Tərbiyə üçün edilən məzəmmət həyat yoludur.
২৩কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।
24 Bunlar səni pozğun qadından, Şirindilli yad arvaddan qoruyar.
২৪অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে,
25 Onun gözəlliyinə aşiq olma, Onun kirpiklərinin əsiri olma.
২৫তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।
26 Fahişənin üzündən insan bir tikə çörəyə möhtac qalar, Kiminsə zinakar arvadı insanın qiymətli canını ovlar.
২৬বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে।
27 Bir kişi qoynuna od alanda Əyin-başı yanmazmı?
২৭কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত, জুই ৰাখিব পাৰে নে?
28 Köz üzərində gəzənin Ayaqları bişməzmi?
২৮কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ, জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে?
29 Qonşusunun arvadının yanına girənin də halı belədir, O qadına toxunan cəzasını çəkər.
২৯সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে।
30 Qarnını doydurmaq üçün ac oğru oğurlarsa, Kimsə onu qınamaz.
৩০চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে, লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে;
31 Amma onu tutsalar, yeddi qat ödəməlidir, Evinin var-yoxunu verməlidir.
৩১কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব, আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব।
32 Qadınla zina edən qanmazdır, Özünü məhv etmək istəyən belə edər.
৩২যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে।
33 Bu kişinin nəsibi kötək, şərəfsizlikdir, Biabırçılığı üzərindən silinməz.
৩৩তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব।
34 Çünki ərini qeyrət coşdurar, Ondan amansızcasına qisas alar.
৩৪কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।
35 Heç nə ilə ərinin qarşısını almaq olmaz, Nə verilsə belə, o razılaşmaz.
৩৫তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব; আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।

< Süleymanin Məsəlləri 6 >