< Süleymanin Məsəlləri 13 >
1 Hikmətli oğul ata tərbiyəsinə qulaq asar, Rişxəndçi iradı qulaq ardına vurar.
১জ্ঞানৱান সন্তানে নিজৰ পিতৃৰ কথা শুনে; কিন্তু নিন্দকে অনুযোগ নুশুনে।
2 İnsanın dilində yaxşı söz olsa, onun xeyrini yeyər, Xain zorakılıq istər.
২মানুহে নিজৰ মুখৰ ফলৰ দ্বাৰাই মঙ্গল ভোগ কৰে; কিন্তু বিশ্বাসঘাতকে অত্যাচাৰলৈ অভিলাষ কৰে।
3 Dilini saxlayan canını qoruyar, Boşboğaz başını bəlaya salar.
৩যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়।
4 Tənbəl arzuladığına çatmaz, Çalışqan bolluğa qovuşar.
৪এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়।
5 Saleh adam yalana nifrət edər, Şər insanın sözləri xəcalət və rüsvayçılıq gətirər.
৫সত্যতাত চলাজনে মিছা কথা ঘিণ কৰে; কিন্তু দুষ্টলোকে নিজকে বিৰক্ত কৰে আৰু তেওঁ লজ্জাজনক কাৰ্য কৰে।
6 Kamillik yolunda olanı salehlik qoruyar, Günahkarı şər yıxar.
৬যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যায়ৰ পথ সুৰক্ষিত কৰে। কিন্তু দুষ্ট লোকসকল তেওঁলোকৰ পাপৰ কাৰণে বিনষ্ট হয়।
7 Adam var ki, heç nəyi yoxdur, özünü varlı göstərir, Adam var ki, malı çoxdur, özünü yoxsul göstərir.
৭এনে লোক আছে, যিয়ে নিজকে ধনী দেখুৱাই, কিন্তু তেওঁৰ একো নাথাকে; আৰু এনে লোকো আছে যি সকলো দান কৰে, তথাপি তেওঁ প্রকৃততেই ধনৱান।
8 Sərvət insanın canını təhlükədən qurtarar, Yoxsul isə hədə-qorxu eşitməz.
৮এজন ধনী লোকে নিজৰ সম্পত্তিৰ দ্বাৰাই নিজৰ জীৱনৰ প্রায়শ্চিত কৰিব পাৰে, কিন্তু এজন দুখীয়া তেনেধৰণৰ ভীতিপ্রদৰ্শনৰ সন্মুখীন নহয়।
9 Saleh insanların işığı könlü sevindirər, Şər insanların çırağı sönər.
৯যিজনে সত্যতাত চলে, তেওঁৰ প্ৰদীপ প্রজ্বলিত হৈ থাকে; কিন্তু দুষ্টলোকৰ চাকি নুমাই যাব।
10 Təkəbbürdən ancaq münaqişə yaranar, Yaxşı nəsihətə qulaq asanın hikməti var.
১০অহঙ্কাৰে কেৱল বিবাদ জন্মায়; কিন্তু যিসকলে সুপৰামৰ্শ শুনে, তেওঁলোকৰ লগত প্রজ্ঞা থাকে।
11 Kələklə gələn sərvət azalar, Zəhmətlə qazanılan sərvət isə artar.
১১অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে; কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়।
12 Gecikən ümid ürəyi xəstələndirir, Arzuya çatmaq həyat ağacıdır.
১২যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে; কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে।
13 Öyüdə xor baxan öz canını həlak edər, Əmrə ehtiram edənlərə mükafat verilər.
১৩যি জনে নিৰ্দেশ অবজ্ঞা কৰে, তেওঁ তাৰ আলোচনাৰ বিষয় হ’ব; কিন্তু যি জনে আজ্ঞা সন্মান কৰে, তেওঁ পুৰস্কাৰ পায়।
14 Hikmətli adamın təlimi həyat qaynağıdır, İnsanı ölüm tələsinə düşməkdən geri qaytarır.
১৪জ্ঞানী লোকৰ শিক্ষা জীৱনৰ ভুমুকস্বৰূপ হয়। মৃত্যু ফান্দৰ পৰা তোমাক আঁতৰাই ৰাখিব।
15 Dərin ağlı olan lütf qazanır, Xainin yolu dolaşıqdır.
১৫ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে; কিন্তু বিশ্বাস-ঘাতকসকলৰ পথ দুৰ্গম।
16 Uzaqgörən hər gördüyü işi bilir, Axmaq öz səfehliyini hamıya göstərir.
১৬জ্ঞানে প্ৰতিটো সিদ্ধান্ত লওঁতে সুবিবেচনা কৰে; কিন্তু অজ্ঞানী লোকে মুৰ্খতা বিস্তাৰ কৰে।
17 Pis qasid bəlaya düşər, Etibarlı elçi şəfa verər.
১৭দুষ্ট বৰ্ত্তাবাহক সমস্যাত পৰে; কিন্তু এজন বিশ্বাসী দূতে পুনৰ মিলন কৰায়।
18 Tərbiyəni rədd edən yoxsullaşıb şərəfdən düşər, Məzəmməti qəbul edən şərəfə yetişər.
১৮যি জনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা গ্রহণ কৰে, তেওঁ সন্মান পায়।
19 Arzuya çatmaq qəlbə, cana şirin gələr, Axmaq pislikdən dönməyə ikrah edər.
১৯বাঞ্ছা সিদ্ধিয়ে আত্মা সন্তুষ্টি দিয়ে; কিন্তু অজ্ঞানীলোকে বেয়াৰ পৰা আঁতৰি আহিবলৈ ইচ্ছা নকৰে।
20 Hikmətli ilə oturub-duran hikmət qazanar, Axmaqlarla ayaqlaşan bədbəxt olar.
২০জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব।
21 Günahkarı şər qovar, Salehin yaxşı bir əvəzi var.
২১দুৰ্যোগে পাপীৰ পাছত দৌৰ মাৰে; কিন্তু যিসকলে সত্যতাত চলে, তেওঁলোকে উত্তম পুৰস্কাৰ পায়।
22 Yaxşı insan nəvələrinə də irs qoyar, Günahkarın yığdığı sərvət salehə qalar.
২২ভাল ব্যক্তিয়ে নিজৰ নাতি-নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়; কিন্তু পাপীৰ ধন সম্পত্তি সত্যতাত চলাজনৰ বাবে সংৰক্ষিত হয়।
23 Yoxsulların əkini bol bəhrə versə də, Ədalət olmayan yerdə bada gedər.
২৩দুখীয়াসকলে নতুন মাটিত চহালে বহুতো শস্য উৎপন্ন হয়; কিন্তু অন্যায়ৰ দ্বাৰাই ই নষ্ট হয়।
24 Oğlundan kötəyi əsirgəyən sanki ona nifrət edər, Oğlunu sevən ona düzgün tərbiyə verər.
২৪যি জনে নিজৰ সন্তানক নিয়মানুৱৰ্তিতাত নচলায়, তেওঁ তাক ঘিণ কৰে, কিন্তু যিজনে তাক প্ৰেম কৰে, তেওঁ উচিত সময়ত তাক শাস্তিও দিয়ে।
25 Saleh yeyib doyar, Şər adamsa ac qalar.
২৫যিসকলে সত্যতাত চলে, তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়; কিন্তু দুষ্টলোক সদায় ভোকত থাকে।