< Əyyub 16 >
1 Əyyub belə cavab verdi:
১তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,
2 «Bu cür sözləri çox eşitmişəm, Hamınız adamincidən təsəlliçilərsiniz.
২মই এইৰূপ অনেক কথা শুনিলো; তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী।
3 Bu boş söhbətləriniz qurtaracaqmı? Sizi nə vadar edir, belə danışırsınız?
৩বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়? বা উত্তৰ দিবলৈ তোমাক জানো উদগাইছে?
4 Siz mənim yerimdə olsaydınız, mən də belə deyərdim. Əleyhinizə yaxşı-yaxşı sözlər düzüb başımı yelləyərdim.
৪ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ; মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন, তেনেহলে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন, আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন।
5 Ağzım ürəkləndirici sözlər deyərdi, Dilimdən təsəlliverici sözlər çıxarardım, Mən sizi ovudardım.
৫অস্ মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন, আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশমহে হলহেঁতেন।
6 Danışmağımla dərdim azalmır, Susuram, nə dəyişir?
৬মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়, আৰু নিমাতে থাকিলে কি মোৰ দুখ গুচিব?
7 Ay Allah, məni taqətdən saldın, Bütün külfətimi darmadağın etdin.
৭কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে; তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা।
8 Sıxılıb əzilməyim buna şahiddir, Taqətsizliyim əleyhimə çıxıb şahidlik edir.
৮তুমি মোৰ শৰীৰ শীৰ্ণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে; মোৰ শৰীৰৰ দীনতাই মোৰ বিৰুদ্ধে উঠিছে, আৰু এয়ে মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে।
9 Allah məni qəzəbi ilə parçalayır, Mənə nifrət edir, dişlərini qıcıdır, Düşmənim gözlərini mənə dikir.
৯তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে; তেওঁ মোলৈ দাঁত কৰচিলে; মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে;
10 Mənə qarşı insanlar dodaq büzür, Həqarətlə üzümə şillə vurur, Mənə qarşı əlbir olur.
১০লোকে মোৰ বিৰুদ্ধে মুখ মেলে; সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; সিহঁতে মোৰ অহিতে গোট খায়।
11 Allah məni haqsızlara təslim etdi, Pislərin əlinə verdi.
১১ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে, আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে।
12 Rahat yaşayırdım, Allah məni pərən-pərən saldı, Boynumdan tutub yerə vurdu, məni Özünə hədəf etdi.
১২মই শান্তিৰে আছিলোঁ আৰু তেওঁ মোক ভাঙি পৃথক কৰিলে, এনে কি, মোৰ ডিঙিত ধৰি মোক থেকেচিলে; আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে।
13 Onun oxçuları ətrafımı aldı, Aman vermədən böyrəklərimi deşdilər, Ödümü yerə tökdülər.
১৩তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে; ঈশ্বৰে মোৰ বৃক্ক বিদাৰিলে আৰু মোক অতিৰিক্ত নকৰিলে, তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে।
14 Bədənimə yara üstündən yara vurulur, Cəngavər tək üzərimə yüyürürlər.
১৪তেওঁ মোৰ প্ৰাচীৰৰ যোগেদি বাৰে বাৰে ভাঙে; তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে।
15 Əynimə çul tikmişəm, Qürurumu yerə atmışam.
১৫মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ, আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ।
16 Ağlamaqdan üzüm qızardı, Kirpiklərimin altı-üstü kölgə saldı.
১৬যদিও মোৰ হাতত অত্যাচাৰ নাই, আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ,
17 Yenə də zalımlıq əlimdən gəlmir, Sənə səmimiyyətlə dua edirəm.
১৭তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ’ল, আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে।
18 Ey torpaq, qanımın üstünü örtmə, Qoy heç nə mənim naləmi saxlamasın.
১৮হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা, আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক।
19 Lap indidən şahidim göylərdədir, Himayədarım yüksəklərdədir.
১৯চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে, আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চস্থানত আছে।
20 Dostlarım məni ələ salır, Gözlərim Allaha baxıb ağlayır.
২০মোৰ চকুৱে যেতিয়া ঈশ্বৰৰ কাৰণে অশ্রু বিসৰ্জন কৰে, তেতিয়া মোৰ বন্ধুবোৰেই মোক নিন্দা কৰে;
21 Bəşər oğlu qonşusu üçün yalvardığı kimi Biri də mən insandan ötrü qoy Allaha yalvarsın.
২১যেনেদৰে এজন মানুহে নিজ চুবুৰীয়াৰ সৈতে কৰে, তেনেদৰে মই কওঁ সাক্ষ্যৰ বাবে এই মানুহে ঈশ্বৰৰ সৈতে তৰ্ক কৰে!
22 Çünki bir neçə il keçəndən sonra Gedər-gəlməz yola gedəcəyəm.
২২কিয়নো মাত্র কেইবছৰৰ ভিতৰতে মই সেই ঠাইলৈ যাম, যি ঠাইৰ পৰা মই পুনৰ উভতি আহিব নোৱাৰিম।