< Yeremya 26 >
1 Yəhuda padşahı Yoşiya oğlu Yehoyaqimin padşahlığının əvvəlində Rəbdən bu söz nazil oldu:
১যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ আৰম্ভণিত যিহোৱাৰ পৰা এই বাক্য আহিল আৰু ক’লে,
2 «Rəbb belə deyir: “Rəbbin məbədinin həyətində dur, ibadət etmək üçün Yəhuda şəhərlərindən oraya gələn hər kəsə müraciət et. Sənə buyurduğum hər şeyi onlara bildir, bir söz də əskiltmə.
২বোলে, “যিহোৱাই এইদৰে কৈছে: তুমি যিহোৱাৰ গৃহৰ চোতালত থিয় হোৱা, আৰু যিহোৱাৰ গৃহত প্ৰণিপাত কৰিবলৈ অহা যিহূদাৰ সকলো নগৰৰ লোকসকলক, মই তোওঁলোকক ক’বলৈ তোমাক আজ্ঞা দিয়া সকলো বাক্য কোৱা, এটি কথাও নোকোৱাকৈ নাথাকিবা।
3 Bəlkə qulaq asarlar, öz pis yollarından dönərlər. Mən də pis əməllərinə görə başlarına gətirəcəyim fəlakətdən vaz keçərəm”.
৩কিজানি তেওঁলোকে শুনি নিজ নিজ কু-পথৰ পৰা উলটিব; সেয়ে হ’লে, তেওঁলোকৰ দুষ্টতাৰ বাবে মই তেওঁলোকলৈ কৰিব খোজা অমঙ্গলৰ পৰা থামিম।
4 Onlara söylə ki, Rəbb belə deyir: “Əgər sizə verdiyim qanuna görə davranmasanız, Mənə qulaq asmasanız,
৪তুমি তেওঁলোকক কোৱা, ‘যিহোৱাই এই কথা কৈছে, যি ভাববাদীসকলক মই প্ৰভাতে উঠি তোমালোকৰ ওচৰলৈ পঠিয়াই থাকোঁ, কিন্তু তোমালোকে যদি নুশুনা,
5 dəfələrlə sizin yanınıza göndərdiyim qullarım olan peyğəmbərlərin sözlərinə qulaq asmasanız – necə ki qulaq asmırsınız – o zaman
৫মোৰ দাস সেই ভাববাদীসকলৰ বাক্য শুনিবলৈ, তোমালোকৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থামতে চলিবলৈ, যদি তোমালোকে মোলৈ কাণ নিদিয়া,
6 bu məbədi də Şilo kimi edəcəyəm, bu şəhəri yer üzünün bütün millətləri arasında lənətə düçar edəcəyəm”».
৬তেনেহ’লে মই এই গৃহক চীলোৰ দৰে কৰিম, আৰু এই নগৰক পৃথিৱীৰ আটাই জাতিৰ শাওৰ বিষয় কৰিম।
7 Kahinlər, peyğəmbərlər və bütün xalq Yeremyanın Rəbbin məbədində söylədiyi bu sözləri eşitdi.
৭যেতিয়া যিৰিমিয়াই যিহোৱাৰ গৃহত এই সকলো বাক্য কোৱাত ভাববাদী আৰু আটাই প্ৰজাসকলে শুনিলে।
8 Yeremya Rəbbin xalqa çatdırmasını buyurduğu sözləri deyib qurtaranda kahinlər, peyğəmbərlər və oradakı bütün xalq onu tutub söylədi: «Sən ölməlisən.
৮আৰু যিৰিমিয়াই সকলো লোকৰ আগত, যিহোৱাই আজ্ঞা কৰা সকলো কথা কৈ এটোৱাৰ পাছত, পুৰোহিত, ভাববাদী আৰু আটাই প্ৰজাসকলে তেওঁক ধৰি ক’লে, “তুমি নিশ্চয়ে মৰিবা!
9 Nə üçün “bu məbəd Şilo kimi olacaq, bu şəhər xaraba qalacaq, orada yaşayan olmayacaq” deyib Rəbbin adı ilə peyğəmbərlik edirsən?» Rəbbin məbədində olan bütün xalq Yeremyanın ətrafına yığıldı.
৯এই গৃহ চীলোৰ দৰে হ’ব আৰু এই নগৰ উচ্ছন্ন হৈ নিবাসী-শূন্য হ’ব বুলি কৈ, তুমি যিহোৱাৰ নামেৰে কিয় ভাববাণী প্ৰচাৰ কৰিছা?” সেই কাৰণে সকলো প্ৰজাই যিহোৱাৰ গৃহত যিৰিমিয়াৰ আগত গোট খালে।
10 Yəhuda başçıları bunları eşidən kimi padşah sarayından çıxıb Rəbbin məbədinə qalxdı və məbədin Yeni darvazasının girəcəyində oturdu.
১০তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে এই কথা শুনি ৰাজ গৃহৰ পৰা যিহোৱাৰ গৃহলৈ আহিল, আৰু তেওঁলোক যিহোৱাৰ গৃহত নতুন দুৱাৰৰ সোমোৱা ঠাইত বহিল।
11 O zaman kahinlər və peyğəmbərlər başçılara və bütün xalqa söylədi: «Bu adam ölümə layiqdir, çünki öz qulağınızla eşitdiyiniz kimi bu şəhərin əleyhinə peyğəmbərlik etdi».
১১পাছে পুৰোহিত আৰু ভাববাদীসকলে প্ৰধান লোকসকলক আৰু আটাই প্ৰজাসকলৰ আগত ক’লে, “এই মানুহ প্রাণদণ্ডৰ যোগ্য; কিয়নো তেওঁ এই নগৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিলে, তাক তোমালোকে নিজ কাণে শুনিলা!”
12 Onda Yeremya bütün başçılara və xalqa dedi: «Rəbb məni göndərdi ki, bu məbədin və şəhərin əleyhinə eşitdiyiniz bütün peyğəmbərlik sözlərini bildirim.
১২তেতিয়া যিৰিমিয়াই সকলো প্ৰধান লোক আৰু আটাই প্ৰজাৰ আগত ক’লে, “এই গৃহ আৰু নগৰৰ বিৰুদ্ধে তোমালোকে শুনা আটাইবোৰ ভাববাণী প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক পঠিয়ালে।
13 İndi yaşayışınızı və əməllərinizi islah edin. Allahınız Rəbbin sözünə qulaq asın. O zaman Rəbb başınıza gətirəcəyini bildirdiyi bəladan vaz keçəcək.
১৩এই হেতুকে এতিয়া তোমালোকে নিজ নিজ আচৰণ আৰু কৰ্ম শুদ্ধ কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা; তাতে যিহোৱাই তোমালোকৰ অহিতে কৰিব খোজা অমঙ্গলৰ পৰা থামিব।
14 Mən isə sizin ixtiyarınızdayam. Gözünüzdə nə yaxşı və düzdürsə, mənimlə eləcə də rəftar edin.
১৪কিন্তু চোৱা! মই হ’লে তোমালোকৰ হাততে আছোঁ। তোমালোকৰ দৃষ্টিত যি ভাল আৰু ন্যায়, তাকে মোলৈ কৰা।
15 Ancaq yaxşı bilin ki, məni öldürsəniz, günahsız qanın məsuliyyətini özünüzün, bu şəhərin və orada yaşayanların üzərinə götürmüş olursunuz. Çünki Rəbb, həqiqətən, məni yanınıza göndərdi ki, bütün bu sözləri sizə çatdırım».
১৫কিন্তু তোমালোকে নিশ্চয়ে জানিবা, যে, যদি তোমালোকে মোক বধ কৰা, তেন্তে তোমালোকৰ নিজৰ নিজৰ, এই নগৰৰ, আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ ঘটোৱাব। কিয়নো সঁচাকৈ সেই সকলো কথা তোমালোকৰ কাণত ক’বলৈ যিহোৱাই মোক তোমালোকৰ গুৰিলৈ পঠিয়ালে।”
16 Başçılar və bütün xalq kahinlərə və peyğəmbərlərə dedi: «Bu adama ölüm hökmü çıxarmaq olmaz, çünki bizimlə Allahımız Rəbbin adından danışdı».
১৬তেতিয়া প্ৰধান লোকসকল আৰু আটাই প্ৰজাই পুৰোহিত আৰু ভাববাদীসকলক ক’লে, “এই মানুহ প্ৰাণদণ্ডৰ যোগ্য নহয়; কিয়নো এওঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰে আমাক কথা ক’লে।”
17 Ölkə ağsaqqallarından bir neçəsi qalxıb toplaşmış bütün xalqa dedi:
১৭তাৰ পাছত দেশৰ বৃদ্ধসকলৰ মাজৰ কিছু লোকে উঠি প্ৰজাসকলৰ গোটেই সমাজক ক’লে।
18 «Yəhuda padşahı Xizqiyanın dövründə Moreşetli Mikeya peyğəmbərlik edib bütün Yəhuda xalqına söylədi ki, Ordular Rəbbi belə deyir: “Sion tarla kimi şumlanacaq, Yerusəlim daş qalağına dönəcək, Məbədin tikildiyi dağ Meşəli təpələrə çevriləcək”.
১৮তেওঁলোকে ক’লে, “যিহূদাৰ হিষ্কিয়া ৰজাৰ ৰাজত্বৰ কালত মোৰেষ্টিয়া মীখায়াই ভাববাণী প্ৰচাৰ কৰিছিল। তেওঁ যিহূদাৰ আটাই লোকক কৈছিল, ‘বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছিল: “চিয়োনক পথাৰৰ দৰে চহোৱা হ’ব, যিৰূচালেম ভগ্নৰাশি হ’ব আৰু গৃহটি থকা পৰ্ব্বতটো কাঠনিৰ ওখ ঠাইৰ দৰে হ’ব।”
19 Yəhuda padşahı Xizqiya yaxud Yəhuda xalqından biri onu öldürdümü? Əksinə, Xizqiya Rəbdən qorxub Ondan lütf istədi, Rəbb də onlara göndərəcəyini söylədiyi bəladan vaz keçdi. Biz isə özümüzə böyük pislik gətirmək təhlükəsindəyik».
১৯কোৱাচোন, যিহূদাৰ হিষ্কিয়া ৰজাই আৰু গোটেই যিহূদাই জানো তেওঁক বধ কৰিছিল? হিস্কিয়াই জানো যিহোৱালৈ ভয় কৰা নাছিল? আৰু তেওঁ জানো যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা নাছিল? তাতে যিহোৱাই তেওঁলোকলৈ কৰিব খোজা অমঙ্গলৰ পৰা জানো নাথামিল? তোমালোকে কোৱাৰ দৰে কৰিলে আৰু নিজ নিজ প্ৰাণৰ অহিতে মহা-অমঙ্গল ঘটাম।
20 Qiryat-Yearimli Şemaya oğlu Uriya adlı bir adam da Rəbbin adı ilə peyğəmbərlik edirdi. O da eynilə Yeremya kimi danışaraq bu şəhərin və ölkənin əleyhinə peyğəmbərlik edirdi.
২০যিহোৱাৰ নামেৰে ভাববাণী প্ৰচাৰ কৰা আৰু এজন লোক আছিল, তেওঁ কিৰিয়ৎ-যিয়াৰীম নিবাসী চমৰিয়াৰ পুত্ৰ ঊৰিয়া; তেওঁ যিৰিমিয়াৰ সকলো বাক্যৰ দৰে এই নগৰ আৰু এই দেশৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল।
21 Padşah Yehoyaqim, bütün cəngavərləri və başçıları onun sözlərini eşitdi. Padşah onu öldürmək istədi. Ancaq Uriya bunu eşidən kimi qorxub Misirə qaçdı.
২১কিন্তু যিহোয়াকীম ৰজা, তেওঁৰ বীৰসকলক আৰু সকলো প্ৰধান লোক তেওঁৰ কথা শুনিবলৈ পোৱাত, ৰজাই তেওঁক বধ কৰিবলৈ পুৰুষাৰ্থ কৰিলে; কিন্তু ঊৰিয়াই তাকে শুনি ভয় পাই পলাই মিচৰলৈ গ’ল।
22 Bundan sonra padşah Yehoyaqim öz adamlarını – Akbor oğlu Elnatanı və bir neçə nəfəri Misirə göndərdi.
২২তেতিয়া যিহোয়াকীম ৰজাই মিচৰলৈ মানুহ পঠিয়ালে, অৰ্থাৎ অকবোৰৰ পুত্ৰ ইলনাথনক আৰু তেওঁৰ লগত কেইজনমান লোকক মিচৰলৈ পঠিয়ালে।
23 Uriyanı Misirdən çıxarıb padşah Yehoyaqimin yanına gətirdilər. Padşah onu qılıncla öldürüb ümumi qəbiristanlığa atdırdı.
২৩পাছত তেওঁলোকে ঊৰিয়াক মিচৰৰ পৰা উলিয়াই যিহোয়াকীম ৰজাৰ গুৰিলৈ আনিলত, ৰজাই তৰোৱালৰ দ্বাৰাই তেওঁক বধ কৰি সামান্য লোকৰ মৈদামত তেওঁৰ শৱ পেলাই দিলে।
24 Ancaq Yeremya öldürülmək üçün xalqa təslim edilmədi, çünki Şafan oğlu Axiqam onu qorudu.
২৪কিন্তু চাফনৰ পুত্ৰ অহীকামৰ হাত যিৰিমিয়াৰ পক্ষে থকাত, বধ কৰিবৰ অৰ্থে লোকসকলৰ হাতত তেওঁক শোধাই দিয়া নহ’ল।