< Yaradiliş 9 >
1 Allah Nuha və onun oğullarına xeyir-dua verib dedi: «Törəyib çoxalın və yer üzünü bürüyün.
১ঈশ্বৰে নোহ আৰু তেওঁৰ পুত্ৰসকলক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হৈ বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা।
2 Qurudakı bütün heyvanlar, göydəki bütün quşlar, yerdə sürünən bütün canlılar və dənizdə olan bütün balıqlar sizdən qorxub dəhşətə gələcək. Onlar sizin ixtiyarınıza verilib.
২পৃথিৱীৰ সকলো জীৱ-জন্তু, আকাশৰ চৰাই, মাটিত বগাই ফুৰা সকলোবোৰ প্রাণী আৰু সমুদ্ৰৰ সকলো মাছে তোমালোকক ভয় কৰিব; সেইবোৰ তোমালোকৰ হাতত শোধাই দিয়া হৈছে।
3 Bütün canlılar da sizə qida olsun, onların hamısını bütün göy otlar kimi sizə verirəm.
৩সকলো চলা-ফুৰা কৰা প্রাণীয়েই তোমালোকৰ আহাৰ হ’ব; যি দৰে তোমালোকক সকলো সেউজীয়া শস্য আদি আহাৰ হিচাবে দিলোঁ, তেনেদৰে এতিয়া মই এই সকলোবোৰ তোমালোকক দিছোঁ।
4 Ancaq əti onun canı olan qanla birgə yeməyin.
৪কিন্তু প্রাণে সৈতে অৰ্থাৎ তেজেৰে সৈতে তোমালোকে মঙহ নাখাবা।
5 Sizin isə qanınız tökülərsə, əvəzini hökmən alacağam. Hər heyvandan hesabınızı alacağam. Həmçinin insandan – qardaşının canını alan hər kəsdən əvəzini alacağam.
৫কিন্তু তোমালোকক যদি কোনোবাই বধ কৰে, তোমালোকৰ সেই তেজৰ কাৰণে, যি তেজত তোমালোকৰ প্রাণ আছে তাৰ প্ৰতিকাৰ মই অৱশ্যেই সাধিম; সেয়ে পশুৱেই হওঁক বা মানুহেই হওঁক, প্ৰত্যেকৰে পৰা তাক সাধিম। এনেকি নিজ ভায়েকক হত্যা কৰা প্ৰত্যেক মানুহৰ পৰাও প্ৰাণৰ প্ৰতিকাৰ মই সাধিম।
6 Kim insan qanı töksə, Onun da qanı İnsan əli ilə töküləcək. Çünki Allah insanı Öz surətinə görə yaradıb.
৬ঈশ্বৰে মানুহক নিজ প্ৰতিমূৰ্ত্তিৰ দৰেই নিৰ্ম্মাণ কৰিলে। সেয়ে, কোনো মানুহে যদি কাৰোবাৰ ৰক্তপাত কৰে, তেন্তে মানুহৰ দ্বাৰাই তেওঁৰো ৰক্তপাত কৰা হ’ব;
7 Siz törəyib çoxalın, Yer üzünə yayılın, Orada çoxalın».
৭তোমালোক বহুবংশ হৈ বৃদ্ধি হোৱা; পৃথিবীৰ চৌদিশে বিয়পি পৰা আৰু প্ৰচুৰ পৰিমাণে সংখ্যাত বৃদ্ধি পাই যোৱা।”
8 Allah Nuha və yanında olan oğullarına dedi:
৮তাৰ পাছত ঈশ্বৰে নোহক আৰু তেওঁৰ লগত থকা তেওঁৰ পুত্ৰসকলক ক’লে,
9 «Mən sizinlə, sizdən sonrakı nəslinizlə Öz əhdimi bağlayıram,
৯“চোৱা! মই তোমালোকৰ আৰু তোমালোকৰ বংশধৰসকলৰ সৈতে আৰু
10 gəmidən çıxan yer üzündəki bütün canlı məxluqlarla – quşlar, ev heyvanları və bütün çöl heyvanları ilə əhdimi bağlayıram.
১০যি সকলো প্রাণী তোমালোকৰ লগত আছে অর্থাৎ চৰাই, ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত থকা যিমান জীৱ-জন্তু জাহাজৰ পৰা ওলাল, পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ।
11 Sizinlə Öz əhdimi qoyuram ki, bütün canlılar bir daha daşqınla məhv olmayacaq və heç vaxt yer üzünü viran edən daşqın baş verməyəcək».
১১মই তোমালোকৰ সৈতে মোৰ এই নিয়মটি স্থাপন কৰিলোঁ যে, জল-প্লাৱনৰ দ্বাৰাই কেতিয়াও কোনো প্ৰাণীকে আৰু বিনষ্ট কৰা নহব; পৃথিৱী ধ্বংস কৰাৰ দৰে জল-প্লাৱনো আৰু কেতিয়াও নহ’ব।”
12 Allah yenə dedi: «Mənim sizinlə və sizinlə olan bütün canlılarla nəsillər boyu əbədi olaraq bağladığım əhdin əlaməti budur:
১২ঈশ্বৰে আৰু ক’লে, “মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে সৈতে ভৱিষ্যতৰ সকলো বংশৰ কাৰণে যি নিয়ম স্থাপন কৰিলোঁ, তাৰ চিন এই:
13 buludda Öz göy qurşağımı qoyuram ki, Mənimlə yer üzü arasında olan əhdin əlaməti olsun.
১৩মেঘত মই মোৰ ধনু থৈছো; এই মেঘধনুয়েই হ’ব মোৰ আৰু পৃথিৱীৰ মাজত হোৱা প্রতিজ্ঞাৰ চিন।
14 Mən yer üzünə bulud gətirdiyim zaman buludda göy qurşağı görünəcək.
১৪যেতিয়া মই পৃথিৱীৰ ওপৰলৈ মেঘ আনিম, তেতিয়া তোমালোকে সেই মেঘৰ মাজত মেঘধনু দেখা পাবা;
15 Onda Mən sizinlə və bütün canlı məxluqlarla bağladığım əhdi yada salacağam. Sular bir daha daşqına çevrilib bütün canlıları məhv etməyəcək.
১৫তেতিয়া মোৰ আৰু তোমালোকৰ মাজত আৰু তোমালোকৰ লগত যি সকলো জীৱিত প্রাণী আছে, সেই সকলোৰে বাবে কৰা মোৰ নিয়মৰ কথা মই সুঁৱৰিম; তাতে পানীয়ে সকলো প্ৰাণী ধ্বংস কৰাকৈ কেতিয়াও আৰু জলপ্লাৱন নহ’ব।
16 Buludda göy qurşağı olacaq. Mən Allah onu görüb yer üzündə yaşayan bütün canlı məxluqlarla bağladığım əbədi əhdi yada salacağam».
১৬মেঘত যেতিয়া মেঘধনু ওলাব, তেতিয়া মই তাক দেখি পৃথিৱীৰ সকলো প্ৰাণীৰ কাৰণে মোৰ এই চিৰস্থায়ী নিয়মৰ কথা মই সোঁৱৰণ কৰিম।”
17 Allah yenə Nuha dedi: «Mənim yer üzündə yaşayan bütün canlılarla bağladığım əhdin əlaməti budur».
১৭ঈশ্বৰে নোহক ক’লে, “মোৰ আৰু পৃথিবীত থকা সকলো প্ৰাণীৰে মাজত মই যি নিয়ম স্থাপন কৰিছোঁ, ইয়েই হৈছে তাৰ চিন।
18 Gəmidən çıxan Nuhun oğulları bunlardır: Sam, Ham və Yafəs. Hamdan Kənan törədi.
১৮জাহাজৰ পৰা নোহৰ পুত্ৰ চেম, হাম আৰু যেফৎ বাহিৰলৈ ওলাই আহিল। পাছত কনান নামেৰে হামৰ এটি পুত্র জন্মিল।
19 Nuhun üç oğlu bunlardır və yer üzündə yayılan bütün insanlar onlardan törədi.
১৯গোটেই পৃথিৱীতে নোহৰ এই তিনি জন পুত্ৰৰ বংশধৰসকল বিয়পি পৰিল।
20 Nuh torpağı becərməyə başladı və bir üzüm bağı saldı.
২০নোহ এজন কৃষক হ’ল আৰু তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে।
21 O, şərab içib sərxoş oldu və öz çadırında çılpaq uzandı.
২১তেওঁ এদিন দ্রাক্ষাৰস খাই মতলীয়া হ’ল আৰু নিজৰ তম্বুৰ ভিতৰত বিবস্ত্ৰ হৈ পৰি আছিল।
22 Kənanın atası Ham atasının çılpaq olduğunu gördü və bunu bayırda iki qardaşına söylədi.
২২তেতিয়া কনানৰ পিতৃ হামে নিজৰ দেউতাকক বিবস্ত্ৰ অৱস্থাত দেখিলে আৰু বাহিৰলৈ আহি সেই কথা তেওঁৰ দুজন ভাই-ককাইক ক’লে।
23 Sam və Yafəs bir paltar götürüb öz çiyinlərinə saldılar və dal-dalı içəri girib, atalarının çılpaq bədənini örtdülər. Onlar üzlərini əks tərəfə çevirmişdilər ki, atalarının çılpaqlığını görməsinlər.
২৩তাতে চেম আৰু যেফতে এখন কাপোৰ তেওঁলোকৰ কান্ধত তুলি ল’লে আৰু পাছ হুঁহকি হুঁহকি গৈ বাপেকৰ বিবস্ত্ৰতা ঢাকিলে। তেওঁলোকৰ মুখ বিপৰীত দিশত আছিল বাবে বাপেকৰ নগ্নতা তেওঁলোকে দেখা নাপালে।
24 Nuh öz sərxoşluğundan ayıldı və kiçik oğlunun əməlini bilib dedi:
২৪পাছত নোহৰ চেতনা অহাত তেওঁৰ সৰু পুতেকে তেওঁলৈ যি কৰিলে, তাক জানিবলৈ পালে।
25 «Kənana lənət olsun, Öz qardaşlarının qullarına qul olsun».
২৫তেতিয়া তেওঁ ক’লে, “কনানৰ ওপৰত অভিশাপ আহঁক; সি তাৰ ভাতৃসকলৰ দাসবোৰৰো দাস হওক।”
26 Yenə dedi: «Samın Allahı Rəbbə alqış olsun, Kənan ona qul olsun.
২৬তেওঁ পুনৰ ক’লে, “চেমৰ ঈশ্বৰ যিহোৱা ধন্য; কনান চেমৰ দাস হওক।
27 Allah Yafəsə genişlik versin, Samın çadırlarında yaşasın. Kənan ona qul olsun».
২৭ঈশ্বৰে যেফতক যেন বিস্তাৰিত কৰে, সি চেমৰ তম্বুত বসতি কৰক, আৰু কনান তাৰ দাস হওঁক।”
28 Nuh daşqından sonra üç yüz əlli il yaşadı.
২৮জল-প্লাৱনৰ পাছত নোহ পুনৰ তিনিশ পঞ্চাশ বছৰ জীয়াই থাকিল।
29 O, doqquz yüz əlli il ömür sürüb öldü.
২৯পাছত নোহৰ সৰ্ব্বমুঠ ন শ পঞ্চাশ বছৰ বয়সত তেওঁৰ মৃত্যু হ’ল।