< Ezra 9 >
1 Bu işlər qurtarandan sonra rəhbərlər mənə yaxınlaşıb dedilər: «Kahinlərlə Levililər daxil olmaqla İsrail xalqı ətraflarındakı xalqların – Kənanlıların, Xetlilərin, Perizlilərin, Yevusluların, Ammonluların, Moavlıların, Misirlilərin, Emorluların iyrənc adətlərinə uyub özlərini onlardan fərqləndirməyiblər.
১সেই সকলো কাৰ্য যেতিয়া সমাপ্ত হ’ল, তেতিয়া কৰ্মচাৰীসকলে মোৰ ওচৰলৈ আহি ক’লে, “ইস্ৰায়েল লোকসকলে, পুৰোহিতসকলে, আৰু লেবীয়াসকলে আন দেশীয় ঘিণলগীয়া কাৰ্য ত্যাগ কৰা নাই; যেনে কনানীয়া, হিত্তীয়া, পৰিজ্জীয়া, যিবুচীয়া, অম্মোনীয়া, মোৱাবীয়া, মিচৰীয়া, আৰু ইমোৰীয়া লোকসকলৰ অতিশয় ঘিণলগা কাৰ্যৰ পৰা নিজকে পৃথকে ৰখা নাই।
2 Belə ki onlar özlərinə və oğullarına ətraflarındakı xalqların qızlarından alıblar. Bununla müqəddəs xalq başqa xalqlarla qarışıb. Rəhbərlərlə məmurlar bu xəyanətə ilk yol açmışlar».
২কাৰণ পবিত্র লোকসকলে তেওঁলোকৰ কিছুমান ল’ৰা-ছোৱালীৰ বিবাহত এনেদৰে আন দেশৰ লোকসকলৰ সৈতে সম্বন্ধ স্থাপন কৰে। এই অৱিশ্বাসী কাৰ্যত কৰ্মচাৰী আৰু মূখ্য লোকসকলে আগভাগ লয়।”
3 Mən bu sözü eşidəndə paltarımla cübbəmi cırıb saç-saqqalımı yolaraq çarəsiz oturdum.
৩মই এই কথা শুনি মোৰ কাপোৰ আৰু চোলা ফালিলোঁ, আৰু মোৰ মুৰৰ চুলি ও দাঢ়ি ছিঙি যোৱাকৈ টানিলোঁ। তাৰ পাছত লাজত বহি পৰিলোঁ।
4 Sürgündən qayıdanların bu xəyanətinə görə İsrail Allahının sözlərindən lərzəyə gələnlərin hamısı yanıma yığıldı. Mən axşam qurbanı təqdim edilənə qədər çaşqın-çaşqın oturdum.
৪অবিশ্ৱাসী কাৰ্যৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰে কোৱা কথাত যিসকল লোক ভয়ত কঁপিছিল তেওঁলোকে মই গধূলিৰ বলিদানৰ সময়লৈকে বহি থকা ঠাইত গোট খালে।
5 Axşam qurbanı vaxtı pərişan halda ayağa qalxdım. Paltarım və cübbəm cırıq idi. Dizüstü oturub əllərimi Allahım Rəbbə açıb
৫কিন্তু গধূলিৰ বলিদানৰ সময়ত, মই লজ্জিত অৱস্থাৰ পৰা ফটা কাপোৰ আৰু চোলাৰ সৈতে থিয় হৈ মোৰ হাত ওপৰ কৰি ঈশ্বৰ যিহোৱাৰ আগত আঁঠুকাঢ়িলোঁ।
6 belə dua etdim: «Ey Allahım, utanıram! Üzümü Sənə – Allahıma qaldırmağa xəcalət çəkirəm, çünki təqsirlərimiz başımızdan aşıb, günahlarımız böyüyərək göylərə çatıb.
৬মই কলোঁ, “হে মোৰ ঈশ্বৰ, মই আপোনাৰ সন্মুখত মুখ তুলিবলৈ অতি লজ্জিত আৰু দুখিত হৈছোঁ। কিয়নো আমাৰ অপৰাধবোৰ বৃদ্ধি পাই সীমা চেৰাই গৈছে, আৰু আমাৰ দোষবোৰ বাঢ়ি গৈ আকাশ স্পৰ্শ কৰিছে।
7 Atalarımızın dövründən bu günə qədər böyük günah içindəyik. Ona görə də hər zaman bugünkü kimi biz, padşahlarımız, kahinlərimiz təqsirlərimiz üzündən yadelli padşahlara təslim edilib qılınca, əsirliyə, talana, rüsvayçılığa düçar olduq.
৭আমাৰ পুৰ্ব্ব-পুৰুষৰ দিনৰে পৰা আজি পৰ্য্যন্ত আমি অতিদোষী হৈ আছোঁ। আমাৰ নানা অপৰাধৰ কাৰণে আমাক, আমাৰ ৰজাসকলক, আৰু আমাৰ পুৰোহিতসকলক এই পৃথিৱীৰ ৰজাসকলে তেওঁলোকৰ তৰোৱালেৰে বন্দীত্ৱ লৈ নি আমাক লুটদ্রব্যৰ দৰে কৰিলে আৰু আমাৰ মূখ বিৱৰ্ণ হ’বলৈ শোধাই দিলে।
8 İndi isə bizə Allahımız Rəbb tərəfindən ani olaraq mərhəmət göstərildi. Əsirlikdən qurtulub sağ qalan bir neçə adamı Allahımız bizim üçün saxladı. Müqəddəs məkanında bizə möhkəm bir yer verdi ki, gözümüzə nur versin, bizi köləlikdən qurtarıb bir az həyata qovuşdursun.
৮তথাপিও এতিয়া কিছু সময়ৰ কাৰণে, আমাৰ কিছুমান জীৱিত লোকৰ ওপৰত ঈশ্ৱৰ যিহোৱাৰ অনুগ্রহ অৱস্থিত হ’ল আৰু তেওঁৰ পবিত্র স্থানত নিৰাপদে আমাৰ ভৰি স্থিৰ কৰিলে। ঈশ্বৰে আমাৰ চকু দিপ্তিময় কৰা বাবে আৰু আমাক বন্দীত্বৰ পৰা অলপ সকাহ দিয়াৰ কাৰণে এই সকলো হ’ল।
9 Axı biz köləyik, lakin Allahımız bizi köləlikdə qoymadı. Bizi Allahımızın məbədini bərpa etmək, onun xarabalıqlarını abad etmək üçün Yəhuda ilə Yerusəlimdə özümüzə divar çəkməyə ruhlandırdı. Ona görə də Fars padşahlarının gözündə bizə qarşı lütf yaratdı.
৯আমি বন্দী হৈ আছিলোঁ, কিন্তু আমাৰ ঈশ্বৰে আমাক নাপাহৰিলে, তেওঁ আমাৰ বাবে বিশ্ৱাসৰ গুৰুত্বপূৰ্ণ প্রতিশ্রুতি আগবঢ়ালে। আমি ধংস হৈ যোৱা আমাৰ ঈশ্ৱৰৰ গৃহ যাতে পুনৰ নিৰ্ম্মাণ কৰিব পাৰোঁ, তাৰ বাবে পাৰস্যৰ ৰজাৰ দৃষ্টিত তেওঁ আমাক নতুন শক্তি দিলে। তেওঁ এইদৰে কৰিলে, তাতে আমি যিহূদা আৰু যিৰূচালেমত আমাৰ সুৰক্ষাৰ বাবে দেৱাল দিব পাতিলোঁ।
10 Ey Allahımız, daha nə deyə bilərik? Çünki Sənin əmrlərini tərk etmişdik.
১০এতিয়া হে আমাৰ ঈশ্বৰ, ইয়াৰ পাছত আমি কি কব পাৰোঁ? কাৰণ আমি আপোনাৰ আজ্ঞাবোৰ এতিয়াও পাহৰি আছোঁ।
11 Sən əmrlərini qulların peyğəmbərlər vasitəsilə verib dedin: “Mülk olaraq almaq üçün getdiyiniz ölkə öz əhalisinin pozğunluğu ilə, oranı başdan-başa dolduran iyrənc adətləri və murdarlıqları ilə çirkaba batan ölkədir.
১১আপুনি আপোনাৰ ভাববাদী দাস সকলক আজ্ঞা দি যেতিয়া কৈছিল যে, এই যি দেশ তোমালোকে অধিকাৰ কৰিবলৈ প্রবেশ কৰিছা, সেইয়া অশুচি দেশ। তেওঁলোকৰ অশুচি আৰু ঘিণলগা কাৰ্যৰ দ্ৱাৰাই লোকসকলে ইমুৰৰ পৰা সিমুৰলৈকে সমগ্র দেশ দূষিত কৰি তুলিছে।
12 Buna görə də nə qızlarınızı onların oğullarına verin, nə də qızlarından oğullarınıza alın. Əgər qüvvətli olmaq, bu torpağın nemətlərini yemək istəyirsinizsə, heç vaxt onların salamatlığı və firavanlığı üçün çalışmayın. Onda bu torpağı övladlarınıza irs olaraq əbədi saxlayarsınız”.
১২সেয়ে এতিয়া, তোমালোকৰ ছোৱালীক তেওঁলোকৰ পুত্রসকলৰ লগত বিবাহ নিদিবা, আৰু তেওঁলোকৰ ছোৱালীক তোমালোকৰ পুত্ৰলৈ নানিবা। আৰু তেওঁলোকৰ মঙ্গল আৰু উন্নতি নিবিচাৰিবা। সেয়ে তোমালোক বলৱন্ত হোৱা আৰু দেশৰ উত্তম বস্তু ভোগ কৰা, আৰু তোমালোকৰ সন্তান সকলে সদাকালৰ বাবে আধিপত্য লাভ কৰিবলৈ এইদৰে কৰা।
13 Hər şey pis işlərimizdən və böyük günahlarımızdan ötrü başımıza gəldi, lakin, ey Allahımız, Sən bizi təqsirlərimizin layiq olduğundan az cəzalandırdın. Əsirlikdən qurtulub sağ qalan bir neçə adamı – bunları bizə verdin.
১৩আমাৰ কু-ক্ৰিয়াবোৰৰ আৰু মহাদোষৰ কাৰণে আমালৈ ঘটা সকলো অমঙ্গলৰ পাছত, আমাৰ ঈশ্বৰ যি আপুনি, আপুনি আমাৰ অপৰাধৰ পাবলগা দণ্ড কম কৰি, আমাক জীৱিত কৰি ৰাখিলে।
14 Bundan sonra yenə əmrlərinimi pozaq? Belə iyrənc işlər görən xalqlarla qohummu olaq? Biz qurtarana, sağ qalıb qurtula bilməyənə qədər bizə qəzəblənməyəcəksənmi?
১৪আমি পুনৰ আপোনাৰ আজ্ঞা-লঙ্ঘন কৰিম, আৰু ঘিণলগা কাম কৰা লোকসকলৰ সৈতে বিবাহ কৰিম নে? আমাৰ মাজত অৱশিষ্ট আৰু পলাবলৈ কোনো এজনো নথকাকৈ আপুনি আমাক ক্রোধ আৰু সম্পূৰ্ণ ধংস নকৰিব নে?
15 Ey İsrailin Allahı Rəbb, Sən adilsən! Bugünkü kimi biz kiçik bir dəstə halında sağ qalmışıq. Budur, Sənin qarşında günah içindəyik və buna görə heç birimiz Sənin qarşında dayana bilmirik».
১৫হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি ধৰ্মপৰায়ণ, কাৰণ আজি আমি অতি কম সংখ্যক ৰক্ষা পোৱা লোকহে অৱশিষ্ট আছোঁ। চাওক! আমি আমাৰ দোষেৰে সৈতে আপোনাৰ সাক্ষাতে আছোঁ, ইয়াৰ ফলত আমি কোনেও কোনে এজনো আপোনাৰ সাক্ষাতে থিয় হ’ব নোৱাৰোঁ।”