< Yezekel 4 >
1 Sən ey bəşər oğlu, özün üçün bir kərpic götür və onu qarşına qoyub üstündə Yerusəlim şəhərini təsvir et.
১হে মনুষ্য সন্তান, তুমি এটা ইটা লোৱা আৰু নিজৰ সন্মুখত ৰাখা। তাৰ পাছত সেই ইটাটোৰ ওপৰত যিৰূচালেম নগৰৰ নক্সা আঁকা।
2 Onu mühasirəyə al, önündə mühasirə divarı tik, qarşısında torpaq qalağı düzəlt, ətrafında ordugahlar qur və ona qarşı hər tərəfdən qoçbaşı alətləri qoy.
২আৰু তাক অৱৰোধ কৰা, তাৰ বিপৰীতে কোঁঠ সাজা, তাৰ বিপৰীতে হাদাম বান্ধা, তাৰ বিপৰীতে চাৰিওফালে ছাউনি পাতা আৰু তাৰ বিপৰীতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা।
3 Bir dəmir sac götürüb onu dəmir divar olmaq üçün özünlə şəhərin arasına qoy və üzünü ona çevir. Şəhər mühasirədə olacaq və sən onu mühasirəyə al. Bu, İsrail nəslinə bir əlamət olacaq.
৩আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা। আৰু তালৈ কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ কাৰণে এয়ে চিন হ’ব।
4 Sən sol yanın üstünə uzan və İsrail nəslinin cəzasını öz üzərinə götür, o tərəfə uzandığın günlərin sayına görə onların cəzasını çəkəcəksən.
৪তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইস্ৰায়েল-বংশৰ অপৰাধৰ ভাৰ ৰাখা; তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁলোকৰ অপৰাধ ববা।
5 Mən onların cəza illərinin sayı qədər sənin üçün gün ayırdım. Beləcə üç yüz doxsan gün İsrail nəslinin cəzasını çəkəcəksən.
৫কিয়নো মই তেওঁলোকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ কাৰণে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ তিনিশ নব্বৈ দিন কৰিলোঁ; এইদৰে তুমি ইস্ৰায়েল বংশৰ অপৰাধ ববা।
6 Bunu etdikdən sonra bu dəfə sağ yanın üstündə uzan və Yəhuda nəslinin cəzasını çək. Sənin üçün qırx gün – hər il üçün bir gün ayırdım.
৬যেতিয়া তুমি এইদৰে এই দিনবোৰ সম্পূৰ্ণ কৰিবা, তাৰ পাছত দ্বিতীয় বাৰৰ বাবে আকৌ সোঁকাষে শুবা আৰু চল্লিশ দিনলৈকে যিহূদা-বংশৰ অপৰাধ ববা; মই এক এক বছৰ তোমাৰ কাৰণে এক এক দিন কৰিলোঁ।
7 Üzünü Yerusəlimin mühasirəsinə çevir, çılpaq qolunu qaldırıb ona qarşı peyğəmbərlik et.
৭তুমি বাহু উদং কৰি যিৰূচালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিবা।
8 Bax Mən səni kəndirlə bağlayacağam və təsvir etdiyin mühasirə günləri qurtarmayınca bir yanından o biri yanın üstünə çevrilə bilməyəcəksən.
৮কাৰণ চোৱা! মই ৰছীৰে তোমাক বান্ধিম; তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিবা।
9 Sən buğda, arpa, paxla, mərci, darı və pərinc götürüb onları bir qaba qoy. Onlardan özünə çörək yap. Bir yanın üstünə uzandığın üç yüz doxsan gün ərzində onu ye.
৯আৰু তুমি নিজৰ বাবে ঘেঁহু, যৱ, মাহ, মচুৰ বজৰা আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা; তুমি কাতি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে তিনিশ নব্বৈ দিন তাক ভোজন কৰিবা।
10 Gündəlik yeməyinin çəkisi iyirmi şekel olacaq, onu müəyyən vaxtlarda ye.
১০ভোজনৰ আহাৰ তুমি ভোজন কৰিবা আৰু প্ৰতিদিনে বিশ চেকল জোখৰ আহাৰ খাবা। তুমি সময়ে সময়ে ইয়াক ভোজন কৰিবা।
11 Həmçinin suyu da ölçü ilə – bir hinin altıda biri qədər iç, onu da müəyyən vaxtlarda iç.
১১আৰু তুমি পানী জোখ কৰি লৈ এক হীনৰ ছয় ভাগৰ এভাগ পানী পান কৰিবা।
12 Ondan arpa kökəsi düzəldərək hamının gözü qabağında insan nəcisinə od vurub üstündə bişirib ye».
১২আৰু তুমি যৱৰ পিঠাৰ দৰে তাক তৈয়াৰ কৰি ভোজন কৰিবা; আৰু তেওঁলোকৰ চকুৰ আগতে, মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা।
13 Rəbb yenə dedi: «Bax İsrail övladları da aralarına sürgün edəcəyim millətlərin içində beləcə murdar yemək yeyəcək».
১৩যিহোৱাই পুনৰ ক’লে, “যি জাতিবোৰৰ মাজলৈ মই এই ইস্ৰায়েল সন্তান সকলক খেদিম, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।”
14 Mən dedim: «Aman, ya Xudavənd Rəbb! Mən heç vaxt murdar olmamışam. Cavanlığımdan indiyə qədər nə leş, nə də heyvan parçalamış ət yemişəm, bir murdar ət mənim ağzıma dəyməyib».
১৪তেতিয়া মই ক’লোঁ, “হায় হায় প্ৰভু যিহোৱা! চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই! কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।”
15 O mənə dedi: «Yaxşı, Mən insan nəcisini mal təzəyi ilə əvəz edirəm. Çörəyini onun üstündə bişir».
১৫তেতিয়া তেওঁ মোক ক’লে, “মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ দিলোঁ; তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা।
16 Yenə mənə dedi: «Ey bəşər oğlu, Mən Yerusəlimdən çörəyin kökünü kəsəcəyəm. Çörəyi dərd içində çəki ilə yeyəcəklər, suyu da çaşqınlıq içində ölçü ilə içəcəklər.
১৬ইয়াৰ উপৰিও তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, চোৱা! মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে,
17 Çünki çörəyə və suya möhtac olacaqlar. Hər kəs çaşqınlığa düşərək öz təqsiri içində əriyib yox olacaq.
১৭তেওঁলোকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।