< Birinci Padşahlar 5 >
1 Sur padşahı Xiram atasının yerinə Süleymanın padşah olmaq üçün məsh edildiyini eşidəndə öz adamlarını onun yanına göndərdi, çünki Xiram Davudla bütün ömrü boyu dost olmuşdu.
১যেতিয়া তূৰৰ ৰজা হীৰমে চলোমনক তেওঁৰ পিতৃৰ সলনি ৰজা অভিষেক কৰাৰ কথা শুনিলে, তেতিয়া তেওঁ চলোমনৰ ওচৰলৈ নিজৰ দাসবোৰক পঠিয়াই দিলে; কিয়নো চলোমনৰ পিতৃ দায়ূদৰ সৈতে তূৰৰ ৰজা হীৰমৰ সদায় বন্ধুত্ব আছিল।
2 Süleyman Xirama xəbər göndərib dedi:
২তেতিয়া চলোমনে হীৰমলৈ কৈ পঠিয়ালে,
3 «Sən bilirsən ki, atam Davud Allahı Rəbbin adına bir məbəd tikə bilmədi. Çünki Rəbb düşmənlərini onun ayaqları altına atana qədər ətrafında müharibələr gedirdi.
৩“আপুনি জানে যে, মোৰ পিতৃ দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশে গৃহ নিৰ্ম্মাণ কৰিব নোৱাৰিলে; কিয়নো যেতিয়ালৈকে যিহোৱাই তেওঁৰ শত্ৰুবোৰক ভৰিৰ তল নকৰিলে, তেতিয়ালৈকে তেওঁৰ চাৰিওফালে যুদ্ধ হৈ আছিল।
4 Ancaq indi Allahım Rəbb mənə hər tərəfdən əmin-amanlıq verib: nə bir düşmən var, nə də bir əngəl.
৪কিন্তু এতিয়া মোৰ ঈশ্বৰ যিহোৱাই সকলো ফালে মোক বিশ্ৰাম দিছে৷ এতিয়া কোনো শত্ৰুও নাই আৰু কোনো ধৰণৰ আপদ ঘটা নাই।
5 Mən Allahım Rəbbin adına bir məbəd tikmək niyyətindəyəm; necə ki Rəbb atam Davuda demişdi: “Sənin yerinə taxtında oturdacağım oğlun Mənim adıma məbəd tikəcək”.
৫গতিকে মই মোৰ ঈশ্বৰ যিহোৱাৰ নামৰ উদ্দেশ্যে এটি গৃহ সাজিবলৈ মন কৰিছোঁ, মোৰ পিতৃ দায়ূদৰ আগত যিহোৱাই এইদৰে কৈছিল, ‘মই তোমাৰ পদত তোমাৰ যিজন পুত্ৰক সিংহাসনত বহুৱাম, তেৱেঁই মোৰ নামৰ উদ্দেশ্যে গৃহ নিৰ্ম্মাণ কৰিব।’
6 İndi əmr et ki, mənim üçün Livan dağlarından sidr ağacları kəsilsin. Adamlarım da sənin adamlarınla birgə olacaq və mən sənin adamların üçün nə qədər desən, o qədər zəhmət haqqı verəcəyəm. Çünki bilirsən ki, bizdə Sidonlular kimi ağac kəsməyi bilən adamlar yoxdur».
৬এই হেতুকে আপুনি এতিয়া আপোনাৰ লোকসকলক মোৰ বাবে লিবানোনৰ পৰা এৰচ কাঠ কাটি আনিবলৈ আজ্ঞা কৰক৷ মোৰ দাসবোৰ আপোনাৰ দাসবোৰৰ লগত যোগদান কৰিব আৰু আপুনি যি ক’ব, সেইদৰেই মই আপোনাৰ দাসবোৰৰ দিবলগীয়া বেচ আপোনাক দিম। কিয়নো আপুনি জানে যে, চীদোনীয়াসকলৰ দৰে কাঠ কাটিব জনা মানুহ আমাৰ মাজত নাই।”
7 Xiram Süleymanın sözlərini eşidəndə çox sevindi və dedi: «Bu gün Rəbbə alqış olsun ki, bu böyük xalqı idarə etmək üçün Davuda belə müdrik oğul verdi!»
৭তেতিয়া হীৰমে চলোমনৰ এই কথা শুনি বৰ আনন্দিত হৈ ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সেই মহান জাতিৰ ওপৰত ৰাজত্ব কৰিবলৈ দায়ূদক এজন জ্ঞানী পুত্ৰ দান কৰিলে, আজি সেই যিহোৱা ধন্য।”
8 O, Süleymana xəbər göndərib dedi: «Mənə göndərdiyin sözü eşitdim. Mən sənin sidr və şam ağacları barədə hər istəyini yerinə yetirəcəyəm:
৮পাছত হীৰমে চলোমনৰ ওচৰলৈ কৈ পঠিয়ালে, “আপুনি মোলৈ পঠিউৱা বাৰ্তা মই শুনিলোঁ৷ মই এৰচ কাঠ আৰু দেৱদাৰু কাঠৰ বিষয়ে আপোনাৰ মনৰ সকলো বাঞ্ছা সিদ্ধ কৰিম।
9 mənim adamlarım onları Livandan dənizə endirərlər və mən bu ağaclardan sallar düzəldərəm, dəniz yolu ilə təyin edəcəyin yerə apararam və onları orada ayırıb yığaram, sən isə götürərsən. Ancaq sən də mənim istəyimi yerinə yetirib evimi ərzaqla təmin et».
৯মোৰ দাসবোৰে লিবানোনৰ পৰা সেইবোৰ নমাই সাগৰলৈ আনিব আৰু মই ভূৰ বান্ধি সমূদ্ৰপথে আপুনি নিৰ্দেশ দিয়া ঠাইলৈ পঠিয়াই দিম৷ সেই ঠাইত ভূৰ মেলিলে আপুনি সেইবোৰ লৈ যাব৷ আৰু মোৰো বাঞ্ছা সিদ্ধ কৰিবলৈ আপুনি মোৰ লোকসকলৰ বাবে খোৱা বস্তুৰ যোগান ধৰিব৷”
10 Xiram Süleymana istədiyi qədər sidr və şam ağacları verirdi.
১০এইদৰে হীৰমে চলোমনৰ মনৰ বাঞ্ছাৰ দৰে সকলো এৰচ আৰু দেৱদাৰু কাঠ দিলে।
11 Süleyman isə hər il Xiramın evi üçün ərzaq olaraq iyirmi min kor buğda və iyirmi kor xalis zeytun yağı verirdi.
১১চলোমনে হীৰমৰ লোকসকলৰ বাবে আহাৰৰ যোগান ধৰিবলৈ তেওঁক বিশ হাজাৰ কোৰ ঘেঁহু ধান আৰু বিশ কোৰ শুদ্ধ তেল দিলে৷ এইদৰে চলোমনে বছৰে বছৰে হীৰমক দিলে।
12 Rəbb vəd etdiyi kimi Süleymana hikmət verdi. Xiramla Süleyman arasında sülh var idi və onlar bir-biri ilə saziş bağlamışdılar.
১২যিহোৱাই নিজ প্ৰতিজ্ঞা অনুসাৰে চলোমনক জ্ঞান দিলে৷ হীৰম আৰু চলোমন, দুয়োৰে মাজত এক শান্তিপ্ৰিয় ভাব আছিল আৰু তেওঁলোক দুয়োজনে এটি নিয়ম স্থাপন কৰিছিল।
13 Padşah Süleyman bütün İsraillilər üzərinə əmək mükəlləfiyyəti qoydu. Mükəlləfiyyətçilər otuz min nəfər idi.
১৩পাছত চলোমন ৰজাই গোটেই ইস্ৰায়েলৰ মাজৰ পৰা বাধ্যতামূলকভাৱে বন্দী-কাম কৰিবলৈ মানুহ গোটালে; সেই গোট খোৱা লোক ত্ৰিশ হাজাৰ হ’ল।
14 Hər ay onların on min nəfərini növbə ilə Livana göndərirdi; bir ay Livanda, iki ay evlərində qalırdılar. Onların üzərində Adoniram nəzarət edirdi.
১৪তেওঁ মাহেকীয়া পালক্ৰমে সিহঁতৰ দহ হাজাৰ লোকক লিবানোনলৈ পঠিয়ায়৷ সিহঁত এমাহ এমাহ লিবানোনত থাকে আৰু দুমাহ নিজ ঠাইত থাকে৷
15 Süleymanın yük daşıyan yetmiş min və dağlarda daş yonan səksən min adamı var idi.
১৫চলোমনৰ সত্তৰ হাজাৰ ভাৰ বোৱা আৰু আশী হাজাৰ শিল-কটিয়া লোক পৰ্ব্বতত আছিল।
16 Bunlardan başqa, Süleyman işə nəzarət etmək üçün üç min üç yüz nəfər məmur qoymuşdu. Onlar adamlara hökm edir və iş görürdülər.
১৬তাৰ বাহিৰেও কাম কৰা লোকসকলক তদাৰক কৰিবলৈ তেওঁলোকৰ ওপৰত চলোমনৰ তিনি হাজাৰ তিনি শ প্ৰধান বিষয়া আছিল।
17 Padşahın əmrinə görə işçilər məbədin bünövrəsini yonulmuş daşdan qoymaq üçün böyük və dəyərli daşlar kəsib gətirdilər.
১৭ৰজাৰ আজ্ঞা অনুসাৰে গৃহৰ ভিত্তিমূল স্থাপন কৰিবলৈ শিলৰ খনিৰ পৰা তেওঁলোকে কটা বৰ বৰ উন্নত প্ৰকাৰৰ শিলবোৰ কাটি আনিছিল।
18 Süleymanın və Xiramın ustaları Gevallılarla birgə məbədi tikmək üçün taxtalar və daşlar yonub hazırladılar.
১৮চলোমন আৰু হীৰমৰ ঘৰ-সজীয়া লোকসকল আৰু গিবলীয়া লোকসকলে সেইবোৰ শিল কাটিলে, আৰু এইদৰে সিহঁতে গৃহ নিৰ্ম্মাণ কৰিবলৈ কাঠ আৰু শিলো যুগুত কৰিলে।